অভিনেতা উৎপল দত্ত: অভিনেতা

উৎপল দত্ত (ইংৰাজী: Utpal Dutt) এজন ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ আছিল। তেওঁ মুলতঃ বঙালী থিয়েটাৰৰ এজন অভিনেতা আৰু আধুনিক ভাৰতীয় থিয়েটাৰৰ এজন অগ্ৰণী ব্যক্তি আছিল। তেওঁ ১৯৪৯ চনত লিটল থিয়েটাৰ গ্ৰুপ প্ৰতিষ্ঠা কৰে। এই নাট্যদলটোৱে নিজকে সম্পূৰ্ণৰূপে ৰাজনৈতিক আৰু কঠোৰপন্থী থিয়েটাৰলৈ ৰূপান্তৰিক কৰাৰ পূৰ্বে ই বহুতো ইংৰাজী, শ্বেইক্সপীয়েৰিয়ান আৰু ব্ৰেখটীয় নাটক মঞ্চস্থ কৰিছিল; যি সময়চোৱাক এতিয়া এপিক থিয়েটাৰ বুলি উল্লেখ কৰা হয়।

উৎপল দত্ত
অভিনেতা উৎপল দত্ত: অভিনেতা
উৎপল দত্তৰ সন্মানত ভাৰতীয় ডাকবিভাগে ২০১৩ চনত মুকলি কৰা ডাকটিকট
জন্ম ২৯ মাৰ্চ, ১৯২৯
বৰিশাল, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ বাংলাদেশ)
মৃত্যু ১৯ আগষ্ট, ১৯৯৩ (৬৪ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
পেচা অভিনেতা, পৰিচালক, নাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৪৭-১৯৯৩
দাম্পত্যসঙ্গী শোভা সেন (১৯৬০-১৯৯৩)
সন্তান বিষ্ণুপ্ৰিয়া দত্ত
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
সংগীত নাটক একাডেমী বঁটা

দত্তৰ নাটকসমূহ তেওঁৰ মাৰ্ক্সবাদী মতাদৰ্শ প্ৰকাশৰ এক উপযুক্ত বাহন হৈ পৰিছিল, যি মতাদৰ্শ কল্লোল (১৯৬৫), মানুষেৰ অধিকাৰ, লৌহা মানৱ (১৯৬৪), টিনেৰ তলোৱাৰ আৰু মহা-বিদ্ৰোহ আদিৰ দৰে সামাজিক-ৰাজনৈতিক নাটকত দৃশ্যমান হৈছিল। তেওঁ ৪০ বছৰীয়া কৰ্মজীৱনত ১০০খনতকৈও অধিক বাংলা আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। মৃণাল সেনভুৱন সোম (১৯৬৯), সত্যজিৎ ৰায়আগন্তুক (১৯৯১), গৌতম ঘোষৰ পদ্মা নদীৰ মাঝি (১৯৯৩) আৰু হৃষীকেশ মুখাৰ্জীৰ গোলমাল (১৯৭৯) আৰু ৰং বিৰংগীৰ (১৯৮৩) দৰে চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত। মৃত্যুৰ মাত্ৰ কিছুদিন আগতে ১৯৯৩ চনত দূৰদৰ্শন ধাৰাবাহিক ব্যোমকেশ বক্সীৰ ‘সীমান্ত হীৰা’ খণ্ডত তেওঁ ছাৰ দিগেন্দ্ৰ নাৰায়ণ নামৰ এজন ভাস্কৰ্যশিল্পীৰ চৰিত্ৰতো অভিনয় কৰিছিল।

১৯৭০ চনত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও তিনিটাকৈ শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। নাট্যজগতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ১৯৯০ চনত সংগীত নাটক একাডেমীয়ে তেওঁক ফেলোশ্বিপ প্ৰদান কৰে।

বঁটা আৰু স্বীকৃতি

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাশ্বেইক্সপীয়েৰ

🔥 Trending searches on Wiki অসমীয়া:

বিহুৰ সাজ-পোচাক আৰু অলংকাৰশাল গছপদ্মনাথ গোহাঞি বৰুৱাসাধুস্বামী বিবেকানন্দঐনিতমখাজুৰাহোনাৰায়ণদেৱডিগবৈ তেল শোধনাগাৰপাণিনিইছলামগোলকীয় নাগৰিকত্বশ্ৰীকৃষ্ণকীৰ্তনয়ুৰি গেগেৰিনভাৰতৰ জাতীয় পতাকানিউটনৰ গতিৰ সূত্ৰভাৰত-চীন যুদ্ধFale sootagaপুৰাণহীৰেন গোহাঁইমোৰ জীৱন সোঁৱৰণআৰতি ছাৰিনআজান পীৰৰ দৰগাহসংখ্যাপুথিভঁৰালঅসমৰ পৰম্পৰাগত সাজ-পাৰমৌন ওঁঠ মুখৰ হৃদয়ৰাম গগৈৱিকিলেখকজালিয়ানৱালাবাগৰ হত্যাকাণ্ডসংগীতকলমানৰ অসম আক্ৰমণবিঘাউষ্ণতাডাকৰ বচনভৌতিক সংস্কৃতিঅসমৰ চলচ্চিত্ৰজুবিন গাৰ্গমিৰি জীয়ৰীঅসমীয়া গালি-গালাজপ্ৰাকৃতিক সম্পদবনলতা সেন (কবিতা)গঙ্গা নদীঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলজৈৱ বৈচিত্ৰ্যভাৰত ত্যাগ আন্দোলনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকুমাৰ ভাস্কৰ বৰ্মাভূপেন হাজৰিকাৰ সাহিত্যগৱেষণাগামোচাচিত্ৰ-ভাগৱতধাতুঅসমীয়া ভাষা আন্দোলনবাৰ্ট্ৰেণ্ড ৰাছেলৰোমান সাম্ৰাজ্যজন গণ মনপ্ৰদূষণইউকো বেংকঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবগীবিল দলংৰমা দাশচ্যু-কা-ফামাটিঅসমৰ পৰম্পৰাগত খেল-ধেমালিকবিতাঅৰুণ শৰ্মাৰমজানচন্দ্ৰপ্ৰভা শইকীয়ানীচন্দ্ৰগুপ্ত মৌৰ্যনিৰ্ম্মল ভকতপঞ্জাবী ভাষা🡆 More