আমৰ সৈতে আঠাজাতীয় চাউল

আমৰ সৈতে আঠাজাতীয় চাউল (ইংৰাজী: Mango sticky rice) হৈছে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ এবিধ পৰম্পৰাগত মিঠা খাদ্য। এই মিঠা খাদ্যবিধ বৰা চাউল, আম আৰু নাৰিকলৰ গাখীৰেৰে ৰন্ধা হয়। ইয়াক চামুচ বা হাতেৰে খোৱা হয়।

আমৰ সৈতে আঠাজাতীয় চাউল
আমৰ সৈতে আঠাজাতীয় চাউল
আম দিয়া বৰা চাউল
অন্য নাম আম দিয়া বৰা চাউল
প্ৰকাৰ মিঠা খাদ্য
অঞ্চল দক্ষিণ-পূব এচিয়া আৰু দক্ষিণ এচিয়া
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন কম্বোডিয়া, লাওছ, ফিলিপাইনছ, থাই, ভিয়েটনাম
মুখ্য উপাদান আঠাজাতীয় চাউল, আম, নাৰিকলৰ গাখীৰ

ৰন্ধন প্ৰণালী

সাধাৰণতে এই মিঠা ব্যঞ্জন বিধ বৰা চাউলৰ (আঠা থকা চাউল) লগত তাল গুটিৰ চেনি বা গুড়, নাৰিকলৰ গাখীৰ আৰু নাৰিকলৰ সৰু টোকোৰাৰে মিহলাই কল পাতত বান্ধি ভাপত দিয়া হয় নাইবা ইয়াক এটা বাঁহৰ চুঙাত ভৰাই কাঠ বা কয়লাৰ জুইত সেকি চুঙাত দিয়া চাউলৰ দৰে ৰন্ধা হয়। পাছত বাঁহৰ চুঙাটো কাটি তাৰপৰা ভাত উলিওৱা হয়।ইয়াৰ প্ৰধান উপাদান সমূহ হৈছে বৰা বা আঠা থকা চাউল, নাৰিকলৰ গাখীৰ, নিমখ, তাল গুটি বা খেজুৰৰ চেনি আৰু আম। এই মিঠা ভাত বনাবলৈ প্ৰথমে চাউলখিনি পানীত তিয়াই থোৱা হয়, তাৰপাছত ভাপত দি নাইবা কুকাৰত ৰান্ধি ল'ব লাগে। একেলগে আনফালে নাৰিকলৰ গাখীৰৰ লগত অলপ নিমখ আৰু চেনি মিহলাই উতলি নোযোৱাকৈ গৰম কৰিব লাগে। ভাতখিনি ভালকৈ হোৱাৰ পাছত, মিঠা কৈ তৈয়াৰ কৰি থোৱা নাৰিকলৰ গাখীৰৰ লগত ভাত(একে পৰিমাণৰ) মিহলাই লৈ গাখীৰখিনি ভাতৰ লগত ভালদৰে শুহি যোৱাকৈ ৰ'ব লাগে। তাৰপাচত আমখিনিৰ বাকলি গুচাই কাটি লব লাগে। পৰিবেশন কৰিবৰ বাবে এক হেতা মিঠা ভাত কাঁহীখনত লৈ আমৰ টুকুৰাকেইটা কাষত দি সজাই দি আৰু বাকী থকা নাৰিকলৰ গাখীৰখিনি লাহেকৈ ওপৰত সুন্দৰকৈ ঢালি দি সজাই দিব লাগে। কেতিয়াবা মিঠা ভাতখিনিৰ ওপৰত ধুৱা মগু দাইলো তেলত কৰকৰিয়াকৈ ভাজি পৰিবেশন কৰা হয়।

আমৰ সৈতে আঠাজাতীয় চাউল 
আমৰ সৈতে আঠাজাতীয় চাউল

বৈচিত্ৰ্য

এই তলত দিয়া কেইটা হৈছে মিঠা ভাতৰ বিভিন্নতা, যিটোৱে বগা আঠা ভাতৰ ঠাইত ক'লা আঠা ভাতে ঠাই লৈছে আৰু যাৰ ফলত ভাতখিনি বেঙুনীয়া ৰঙৰ দেখা যায়।

থাইলেণ্ডত

থাইলেণ্ডত সাধাৰণতে আম আৰু আঠা থকা মিঠা ভাত এপ্ৰিল বা মে মাহত যেতিয়া আমৰ ভৰপক সময় আৰু প্ৰচুৰ পৰিমাণে আম পোৱা যায় তেতিয়া খোৱা হয়। সাধাৰণ মিঠা আমৰ প্ৰজাতি যেনে নাম ডাউক মাই নাইবা অ'কে লং একেলগে আঠা থকা চাউল আৰু নাৰিকলৰ লগত মিঠাকৈ ৰান্ধি গৰমে গৰমে পৰিবেশন কৰা হয়।

আমৰ সৈতে আঠাজাতীয় চাউল 
আমৰ সৈতে ক'লা আঠাজাতীয় চাউল

লাওছত

আমৰ সৈতে আঠাজাতীয় চাউল বৃহত্তৰ মেকং উপ- অঞ্চলৰ লাওছ সকলৰ বাবে এটি সৰ্বসাধাৰণ মিঠা খাদ্য য'ত বহুতো পুৰণি কালৰ পৰাই আঠাজাতীয় ধানৰ খেতি কৰা হৈছে।


ফিলিপিনছত

ফিলিপিনছত নাৰিকলৰ গাখীৰ আৰু কেতিয়াবা আদা দি আঠাজাতীয় চাউলৰ জলপান ৰন্ধা হয়। ইয়াক পুতঅ মায়া বুলা হয়। এই জলপান ভিষায়াণ লোকসকলৰ মাজত অতি প্ৰিয়।

তথ্য সংগ্ৰহ

Tags:

আমৰ সৈতে আঠাজাতীয় চাউল ৰন্ধন প্ৰণালীআমৰ সৈতে আঠাজাতীয় চাউল বৈচিত্ৰ্যআমৰ সৈতে আঠাজাতীয় চাউল তথ্য সংগ্ৰহআমৰ সৈতে আঠাজাতীয় চাউলইংৰাজী ভাষাবৰা চাউল

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষা উন্নতি সাধিনী সভাজিকিৰবকুল ফুলৰ দৰে (গ্ৰন্থ)২৫ এপ্ৰিলকৰ্কট ক্ৰান্তিআলেকজেণ্ডাৰইছলামবাইখো পূজাউপন্যাসৰবীন্দ্ৰনাথ ঠাকুৰতোলনি বিয়ামংগোলিয়াভাৰতীয় জাতীয় কংগ্ৰেছঅসমৰ সাহিত্যিকসকলৰ তালিকাউপভাষাফুলগুৰি ধেৱাঅতুল চন্দ্ৰ হাজৰিকাৰুদ্ৰেশ্বৰ দেৱালয়মাছশিক্ষকঅসমত দেখা পোৱা মাছৰ তালিকাউপনিষদলোকাচাৰকাৰ্বি ভাষাহেমকোষইন্দিৰা মিৰিডিগবৈ তেল শোধনাগাৰঅসমৰ মহকুমাসমূহৰ তালিকা৭ ফেব্ৰুৱাৰীমিচিং জনগোষ্ঠীৰ সাজপাৰগঙ্গা নদীবিশেষ শিক্ষাত্ৰিভুজশ্ৰীমন্ত শংকৰদেৱতলাতল ঘৰভিটামিনচাইকেলঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগদিল্লীজ্যোতিপ্ৰসাদ ৰচনাৱলীব্লগবিত্তীয় ব্যৱস্থাকামৰূপ ৰাজ্যৰাজনীতিপোৱামক্কাভূগোলগড়মূৰ সত্ৰঅসমৰ জাতীয় গীতআত্মজীৱনীনগেন শইকীয়াচৰাইদেউ জিলাদীৰ্ঘেশ্বৰী দেৱালয়হিমাংশু প্ৰসাদ দাসচিত্ৰা মণ্ডলকোণঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকামৌ-মাখিসাহিত্যনৱ-বৈষ্ণৱ ধৰ্মবিহুৰ সাজ-পোচাক আৰু অলংকাৰমহাদেশঅৰুণাচল প্ৰদেশভাৰতত মহিলা শিক্ষাপতঞ্জলিৰ যোগসূত্ৰসংস্কৃত ভাষাঅপভ্ৰংশআৰবী ভাষাযোৰহাটযোগেশ দাসবহনক্ষম উন্নয়নৰ লক্ষ্যবাণীকান্ত কাকতিকোচ ৰাজবংশীজুবিন গাৰ্গভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅব্যয় পদ🡆 More