আব্দুল মজিদ: অসমীয়া ছবি পৰিচালক, অভিনেতা

আব্দুল মজিদ (ইংৰাজী: Abdul Majid; জন্ম: ১৬ নৱেম্বৰ, ১৯৩১ - মৃত্যু: ২৪ ছেপ্টেম্বৰ, ২০১৭ ) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা। নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ (১৯৫৮) নামৰ বোলছবিত অভিনয়ৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। অভিনেতা হিচাপে তেখেত প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰি আহিছে। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ চামেলি মেমচা'বে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল, উক্ত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। ২০১৭ চনৰ ২৪ ছেপ্টেম্বৰৰ পুৱা ৯-৩০ বজাত আব্দুল মজিদৰ মৃত্যু হয়।

আব্দুল মজিদ
জন্ম ১৬ নৱেম্বৰ ১৯৩১
পুৰণি বালিবাট, যোৰহাট, অসম
মৃত্যু ২৪ ছেপ্টেম্বৰ ২০১৭ (বয়স ৮৫)
GNRC, গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, অভিনেতা
দাম্পত্যসঙ্গী অকুমা
সন্তান নেচিমুল, কাজু, ওমৰ

জীৱন আৰু কৰ্ম

১৯৩১ চনৰ ১৬ নবেম্বৰত যোৰহাটৰ পুৰণি বালিবাটত আব্দুল মজিদৰ জন্ম হয়। পিতৃ আছিল আব্দুল মোনাফ আৰু মাতৃ নুৰ বিবি (লখিমী)। প্ৰাথমিক শিক্ষা যোৰহাট মোক্তাৱ স্কুলত, সপ্তম শ্ৰেণীলৈ যোৰহাট বেজবৰুৱা হাইস্কুলত পঢ়ি তেখেতে যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা ১৯৫০ চনত প্ৰৱেশিকা উত্তীৰ্ণ হয়। উচ্চশিক্ষাৰ বাবে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ভৰ্তি হয় যদিও শিক্ষা আধৰুৱা হৈ থাকে। বহুকেইটা বিভাগত অস্থায়ী চাকৰি কৰাৰ অন্তত ১৯৫৫ চনত বিদ্যুৎ পৰিষদত নিম্নবৰ্গ সহায়কৰ লাভ কৰে। ১৯৮১ চনত বিদ্যুৎ পৰিষদে স্পেচিয়েল অফিচাৰ কালচাৰেল এণ্ড ডকুমেণ্টেচন নামৰ পদ এটাৰ সৃষ্টি কৰি গুৱাহাটীত নিযুক্তি দিয়ে। ১৯৯০ৰ এপ্ৰিলত তেখেতৰ কাৰ্যকাল শেষ হয় যদিও ১৯৯১ৰ ১১ জুলাইলৈ চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হয়।

চলচ্চিত্ৰপঞ্জী

আব্দুল মজিদে মুঠতে ৭খন ছবি পৰিচালনা কৰিছিল।

ছবিৰ নাম বৰ্ষ টোকা
মৰম তৃষ্ণা ১৯৬৮
চামেলী মেমচাব ১৯৭৫ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ
বনহংস ১৯৭৭
বনজুই ১৯৭৮
পোনাকণ ১৯৮১
উত্তৰ কাল ১৯৯০
সাত নম্বৰৰ সন্ধানত ২০১৬

১৯৫৭ চনত ৰঙা পুলিচ ছবিৰ যোগেদি তেখেতে চলচ্চিত্ৰ অভিনেতা ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতে নিজে পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চামেলি মেমচা'বত মংলু নামৰ এটা সৰু চৰিত্ৰত অভিনয় কৰে। প্ৰায় অৰ্ধশতাধিক ছবিত অভিনয় কৰা মজিদৰ কেইখনমান উল্লেখযোগ্য ছবি হ'ল- পূজা, সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, বোৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন, অপেক্ষা, (হিন্দী) ইত্যাদি। ৰঙা পুলিচ ছবিত তেখেতে এটা ঋণাত্মক চৰিত্ৰত অভিনয় কৰি যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল; যাৰবাবে ছবি নিৰ্মাতাসকলে তেখেতেক খলনায়কৰ চৰিত্ৰৰ বাবে অধিক পচন্দ কৰিছিল। অৱশ্যে পিছলৈ তেখেতে মন, মমতাজ আদি ছবিত ভাল মানুহৰ চৰিত্ৰতো অভিনয় কৰে।

পৰিচালিত ধাৰাবাহিক আৰু তথ্যচিত্ৰ

“নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোণ” (২টা খণ্ড), “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম-ৰহিম”, “ৰোমন্থন” ইত্যাদি।

অন্যান্য বঁটা / সন্মান

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

আব্দুল মজিদ জীৱন আৰু কৰ্মআব্দুল মজিদ চলচ্চিত্ৰপঞ্জীআব্দুল মজিদ পৰিচালিত ধাৰাবাহিক আৰু তথ্যচিত্ৰআব্দুল মজিদ অন্যান্য বঁটা সন্মানআব্দুল মজিদ তথ্য সংগ্ৰহআব্দুল মজিদ বাহ্যিক সংযোগআব্দুল মজিদঅসমঅসমীয়া চলচ্চিত্ৰইংৰাজী ভাষাচলচ্চিত্ৰচামেলি মেমচা'বনিপ বৰুৱাভূপেন হাজৰিকাৰঙা পুলিচ

🔥 Trending searches on Wiki অসমীয়া:

পৰ্যটনমণিৰাম দেৱান (চলচ্চিত্ৰ)জতুৱা ঠাঁচউপভাষাচীনবেদান্তমায়ংহেমচন্দ্ৰ গোস্বামীশৰৎচন্দ্ৰ গোস্বামীমানস ৰাষ্ট্ৰীয় উদ্যানপথেৰ পাঁচালীকাৰেংঘৰকলৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছশিল্প বিপ্লৱবুঢ়ী আইৰ সাধুকাঞ্চন (উপন্যাস)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅসমত দেখা পোৱা মাছৰ তালিকাভাৰতৰ উপৰাষ্ট্ৰপতিৰাভা জনগোষ্ঠীবাংলাদেশবাঁহী (আলোচনী)চাণক্যউদাৰনৈতিকতাবাদহিমা দাসভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমৰ চিত্ৰকলাৰ ইতিহাসফুলগুৰি ধেৱাকলীয়াভোমোৰা সেতুতোলনি বিয়া২৮ মাৰ্চচীনা সাম্যবাদী বিপ্লৱমুহাম্মাদপিয়লি ফুকনউমাচল শিলালিপিধ্বনিবিজ্ঞানমনকৰফলৰ তালিকাঅসম আৰক্ষীপ্ৰযুক্তিকেন্দ্ৰীয় শাসিত অঞ্চলসৰ্থেবাৰীপঞ্জাবী ভাষাদেওধনী নৃত্যইয়াণ্ডাবু সন্ধিসন্ধিউজনি অসমছক্ৰেটিছবাঁহঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাসত্ৰদশম স্কন্ধৰ আদিছোৱাঅসমীয়া লোকসাহিত্যচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াবৰদলৈ ট্ৰফীবেণুধৰ শৰ্মাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভৌতিক সংস্কৃতিযোৰহাট জিলাসাংখ্য দৰ্শনঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিসংগীত নাটক একাডেমী বঁটামোৱামৰীয়া বিদ্ৰোহআনন্দৰাম ঢেকিয়াল ফুকনচন্দ্ৰকুমাৰ আগৰৱালাপানীচৈয়দ আব্দুল মালিকঅসমীয়া সাহিত্যডিব্ৰুগড় জিলাভ্ৰাম্যমাণ থিয়েটাৰসতীদাহ প্ৰথাভাৰতীয় ৰেলশিক্ষা মনোবিজ্ঞানচলচ্চিত্ৰআৰতি ছাৰিন🡆 More