অতনু ভট্টাচাৰ্য

অতনু ভট্টাচাৰ্য (জন্ম: ১৯৬৭- ) (ইংৰাজী: Atanu Bhattacharyya) একাধাৰে কবি, গল্পকাৰ, সম্পাদক আৰু গল্পকথক। শিক্ষকতা বৃত্তিৰ পৰা স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰৰ সৈতে জড়িত হোৱা ভট্টাচাৰ্যই বৰ্তমান সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। ভট্টাচাৰ্য একবিংশ শতিকাৰ এজন উল্লেখযোগ্য কবি আৰু গল্পকাৰ। বৰ্তমানলৈকে তেখেতৰ ৪খন কবিতাৰ পুথি, ৪খন গল্পপুথিৰ উপৰিও অন্যান্য সৃষ্টিশীলমূলক প্ৰবন্ধ সংকলন, সাক্ষাৎকাৰমূলক গ্ৰন্থ প্ৰকাশ হৈছে। ‘বাৰ্তালাপ’ শীৰ্ষক সাক্ষাৎকাৰসমূহ (সাতসৰী আলোচনীত প্ৰকাশিত)ৰ তিনিটা সংকলন তেওঁ যুগুতাই উলিয়াইছে ২০১৯ চনত। তেখেতে ২০০৭ চনত আৰম্ভ কৰে গল্পকথা নামৰ এটি গল্প পাঠৰ অনুষ্ঠান। গল্পকথন আৰু গল্পপঠনৰ এই অনুষ্ঠানটোৰ সংগীত আৰু কথনত (২০১৪ চনৰপৰা) সহযোগ কৰে বিশিষ্ট কণ্ঠশিল্পী মিতালী দেই।

অতনু ভট্টাচাৰ্য
অতনু ভট্টাচাৰ্য
পেচা সম্পাদক, সাংবাদিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'Journalism and Mass Communication' বিভাগৰপৰা মাষ্টাৰ ডিগ্ৰী
বিষয় কবি, গল্পকাৰ, সম্পাদক, গল্পকথক

জন্ম

তেখেতৰ জন্ম হৈছিল ১৪ জুন, ১৯৬৭ চনত। জন্ম স্থান- শ্বিলং। পিতৃৰ নাম- শ্যামাবল্লভ ভট্টাচাৰ্য আৰু মাতৃৰ নাম গীতা দেৱী।

শিক্ষা

তেওঁ গোৱালপাৰাৰ পৃথ্বিৰাম চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। হায়াৰছেকেণ্ডৰী পৰীক্ষাত উত্তীৰ্ণ হয় কটন কলেজৰ পৰা আৰু গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে গোৱালপাৰা কলেজৰপৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল যদিও চৰকাৰী চাকৰি লাভ কৰাত সেই শিক্ষা আধৰুৱা হৈ ৰয়। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'Journalism and Mass Communication' বিভাগৰপৰা মাষ্টাৰ ডিগ্ৰী গ্ৰহণ কৰে।

সামাজিক জীৱন

গোৱালপাৰাত প্ৰায় বিশ বছৰকাল চৰকাৰী হাইস্কুলৰ চাকৰি কৰি পৰৱৰ্তী সময়ত স্বেচ্ছা-অৱসৰ লৈ সাংবাদিকতাৰ সৈতে জড়িত হয়। পৰৱৰ্তী সময়ত তেওঁ আছাম স্কুল অৱ জাৰ্ণেলিজিমত Academic Consultant হিচাপে কাম কৰে। এবছৰ আছাম স্কুল অৱ জাৰ্ণেলিজিমত কাম কৰাৰ পাছত বৰ্তমান তেওঁ প্ৰতিদিন গোষ্ঠীৰপৰা প্ৰকাশিত ‘সাতসৰী’ আলোচনীৰ কাৰ্যকৰী সম্পাদক হিচাপে কৰ্মৰত।

সাহিত্যৰাজি

কবিতাৰ পুথি

  • সহযোদ্ধা, ১৯৯১
  • অশ্লীল ৰাতিৰ কবিতা, ১৯৯৫
  • জীৱনৰ ভগ্নাংশ, ২০০১
  • প্ৰাপ্তি-অপ্ৰাপ্তি, ২০০৮

গল্প সংকলন

  • ওভতনি যাত্ৰা আৰু অন্যান্য গল্প, ২০০৪
  • নীলাৰ কাৰণে অলপ ভালপোৱা, ২০০৬
  • বৰষুণৰ চেতাৰ, ২০০৮
  • চেঁকুৰ, ২০১৩
  • ৰধুনাথ,কাপোৰ পিন্ধা,২০২১

ব্যক্তিগত ৰচনা

  • জীৱন আজীৱন, ২০১০

প্ৰবন্ধ সংকলন

  • সৃজনীমূলক সাহিত্য: প্ৰেৰণা আৰু আৰ্হি, প্ৰকাশ-২০১৫

সাক্ষাৎকাৰমূলক গ্ৰন্থ

  • বাৰ্তালাপ-১, প্ৰকাশ- নৱেম্বৰ, ২০১৯
  • বাৰ্তালাপ-২, প্ৰকাশ- নৱেম্বৰ, ২০১৯
  • বাৰ্তালাপ-৩, (সহযোগী- মিতালী দে), প্ৰকাশ- নৱেম্বৰ, ২০১৯

বঁটা আৰু সন্মান

  • অন্তৰ্লিপি সাহিত্য সন্মান, ২০১৩

তথ্যসূত্ৰ

Tags:

অতনু ভট্টাচাৰ্য জন্মঅতনু ভট্টাচাৰ্য শিক্ষাঅতনু ভট্টাচাৰ্য সামাজিক জীৱনঅতনু ভট্টাচাৰ্য সাহিত্যৰাজিঅতনু ভট্টাচাৰ্য বঁটা আৰু সন্মানঅতনু ভট্টাচাৰ্য তথ্যসূত্ৰঅতনু ভট্টাচাৰ্যইংৰাজী ভাষাসাতসৰী

🔥 Trending searches on Wiki অসমীয়া:

ডাকৰ বচনচ্যু-লিক-ফাঅৰ্থনীতি২০২৩ জি-২০ নতুন দিল্লী সন্মিলনপদ (ব্যাকৰণ)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাশিশুৰ খেল-ধেমালিমুগা (ৰেচম)হাবুংভেদাই লতাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাতথ্যব্যৱস্থাপনাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপদাৰ্থৰ অৱস্থাগোৱালপাৰা জিলাঅন্নপ্ৰাশনৰেখাবিয়া নামঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমীয়া ব্যাকৰণডিমাছা জনগোষ্ঠীভাৰতীয় ভাষাউইলিয়াম শ্বেইকছপীয়েৰমূলা গাভৰুপাঁচালীঢোলমোহনদাস কৰমচান্দ গান্ধীহেমচন্দ্ৰ বৰুৱাহাজোবিহুঅষ্ট্ৰেলিয়াউদ্ভিদবিজ্ঞাপনকিতাপশব্দ (অভিধান)অসমীয়া পুৰণি সাহিত্যস্বদেশী আন্দোলনপৰিয়ালশেৱালি ফুলঅণুজীৱশ্ৰীমন্ত শংকৰদেৱৰসায়ন বিজ্ঞানকৃষিইণ্টাৰনেটপৃথুভাৰতৰ জাতীয় পতাকাৱিকিপিডিয়াশ্ৰীকৃষ্ণকীৰ্তনগোলকীয় উষ্ণতা বৃদ্ধিঅসমীয়া জাতিভাৰতত মহিলা শিক্ষাখামটি জনগোষ্ঠীশিৱসাগৰআলোচনীদুৰ্যোগপাৰ চৰাইকলাআধা লেখা দস্তাবেজলোকবিশ্বাসপাঠ্যক্ৰমপোৱামক্কাবুৰঞ্জীঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰহিউৱেন-চাংচৰাইছিৰিমাভো বন্দৰনাইকেআহোম ৰাজ্যঅপৰিমেয় সংখ্যা🡆 More