ভগৎ সিং

ভগৎ সিং (পঞ্জাবী: ਭਗਤ ਸਿੰਘ, بھگت سنگھ; ২৭ ছেপ্টেম্বৰ, ১৯০৭ – ২৩ মাৰ্চ, ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।

ভগৎ সিং
ভগৎ সিং
২১ বছৰ বয়সত ভগৎ সিং
জন্ম ২৭ ছেপ্টেম্বৰ, ১৯০৭
লায়ালপুৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
মৃত্যু ২৩ মাৰ্চ, ১৯৩১ (২৩ বছৰ)
লাহোৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
সংস্থা নজোৱান ভাৰত সভা, কীৰ্তি কিছান পাৰ্টি আৰু হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন
ধৰ্ম শিখ ধৰ্ম

ভগৎ সিঙৰ জন্ম হৈছিল জাট নামৰ এক শিখ পৰিয়ালত। তেওঁৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুনা কৰিছিল আৰু নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল। ইয়াৰোপৰি তেওঁ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেওঁ অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচনলৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেওঁ আৰু তেওঁৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেওঁ ক্ষুৰধাৰ যুক্তিৰে তাক খণ্ডন কৰিছিল। জে'লত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবীত তেওঁ ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেওঁক ফাঁচী দিয়া হয়। তেওঁৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ভগৎ সিঙৰ জন্ম পঞ্জাবৰ লায়ালপুৰ জিলাৰ বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁৱৰ এক সান্ধু জাট পৰিয়ালত হৈছিল। পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল। ভগৎৰ নামৰ অৰ্থ "ভক্ত"। তেওঁ যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য মহাৰাজ ৰঞ্জিত সিঙৰ সেনাবাহিনীত কাম কৰিছিল। ভগৎৰ ঠাকুৰদাদা অৰ্জুন সিং দয়ানন্দ সৰস্বতীৰ হিন্দু সমাজ সংস্কাৰ আন্দোলন আৰ্যসমাজৰ সৈতে জড়িত আছিল। ভগৎৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল। ভগৎৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল আৰু হৰদয়াল নেতৃত্বাধীন গদৰ পাৰ্টিৰ সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেঁও পাৰস্যলৈ পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ কাকোৰি ট্ৰেন ডকাইটি ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচী দিয়া হৈছিল।

আলোকচিত্ৰ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ভগৎ সিং প্ৰাৰম্ভিক জীৱনভগৎ সিং আলোকচিত্ৰভগৎ সিং তথ্য সংগ্ৰহভগৎ সিং বাহ্যিক সংযোগভগৎ সিংপঞ্জাবী ভাষাভাৰতীয় উপমহাদেশ২৩ মাৰ্চ২৭ ছেপ্টেম্বৰ

🔥 Trending searches on Wiki অসমীয়া:

ব্ৰাহ্ম সমাজতাল (বাদ্যযন্ত্ৰ)ভট্টদেৱৰ গদ্যশৈলীইণ্ডিয়ান বেংকঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকামুহাম্মাদবৰদৈচিলালেছবিয়ানমাৰ্ক্সবাদজোনাকী (আলোচনী)অসম দিৱসআইনামভিটামিনঅভিধানডিম্বেশ্বৰ নেওগপাণিনিভাৰতীয় জনতা পাৰ্টিউমানন্দমোগল সাম্ৰাজ্যঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাপালি ভাষাকানাই বৰশী বোৱা শিলালিপিপিঠাঅসমৰ মহকুমাসমূহৰ তালিকাসমাজতত্ত্বঅসমৰ ইতিহাসছাকিৰাভিয়েটনামদুৰ্গাবৰ কায়স্থচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ভাৰতীয় সংবিধানৰূপনাথ ব্ৰহ্মড়অসমীয়া গালি-গালাজগৰু বিহুৰাজেন্দ্ৰ প্ৰসাদপ্ৰাচীন গ্ৰীচঅসমৰ জিলাসমূহগীতাৱলী ৰাজকুমাৰীমইনা পাৰিজাতআৰ্লিং হালান্ডবিশ্ব বাণিজ্য সংস্থাঋতুৰেখাৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘগোলাঘাটপুৰাণভ্ৰাম্যমাণ থিয়েটাৰমাটিসন্ধ্যাৰাগ (চলচ্চিত্ৰ)অভিজ্ঞানম শকুন্তলমভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচাণক্যভবেন্দ্ৰ নাথ শইকীয়াসাধুকপিলীপৰীয়া সাধুবৃশ্চিক (ৰাশি)অসমৰ সাহিত্যিকসকলৰ তালিকাএৰিষ্ট'টলৰামচৰণ ঠাকুৰনৰনাৰায়ণ সেতুমাজুলীমৌলানা আব্দুল হামিদ খান ভাসানীহেম বৰুৱাঅসমীয়া গীতি সাহিত্যমাৰিয়া মণ্টেছৰীজিজিয়াশ্ৰীনিবাস ৰামানুজনভগ্নাংশনৱকান্ত বৰুৱাভাৰত-আৰ্য ভাষা পৰিয়ালউত্তৰ-পূব ভাৰতসময়অসমৰ ছপাশালঁ (চন্দ্ৰবিন্দু)🡆 More