দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি.চি.ৰ কেপিটল হিলত (Capitol Hill) অৱস্থিত লাইব্ৰেৰী অব্ কংগ্ৰেছ (ইংৰাজী: Library of Congress) পুথিভঁৰালৰ মজিয়াৰ কালি ২৬.১৪ হেক্টৰ (৬৪.৬ একৰ) আৰু ইয়াত থকা কিতাপৰ ৰেকবোৰ লগ লগালে দৈৰ্ঘ্য হ'বগৈ ৮৬০ কিলোমিটাৰ (৫৩৫ মাইল)। আমেৰিকাৰ তত্‍কালীন ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ (Thomas Jefferson) হাতত এই পুথিভঁৰালটোৰ সূচনা হৈছিল। জেফাৰছনে পাঁচ হাজাৰ ডলাৰ ব্যয় কৰি কেপিটল প্ৰসাদৰ (আমেৰিকাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান কৰ্মকেন্দ্ৰ) এটা অংশত ১৮০০ চনৰ ২৪ এপ্ৰিলত এটা সৰু পুথিভঁৰাল আৰম্ভ কৰে। কেৱল কংগ্ৰেছৰ লোকেহে ব্যৱহাৰ কৰিব পাৰিছিল বাবে তাক 'লাইব্ৰেৰী অব্ কংগ্ৰেছ' নামেৰে জনা গৈছিল। ১৮১৪ চনত ইংৰাজ সৈন্যই কেপিটল প্ৰাসাদ অধিকাৰ কৰে আৰু এই পুথিভঁৰালটো পুৰি নিশ্চিহ্ন কৰি দিয়ে। অৱসৰ গ্ৰহণৰ পাচত জেফাৰছনে আকৌ এই পুথিভঁৰাল স্থাপন কৰাত আগভাগ লয় আৰু ১৮৯৭ চনত কংগ্ৰেছৰ সহযোগিতাত নতুনকৈ এই পুথিভঁৰালটো স্থাপন কৰা হয়।

দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ
পুথিভঁৰালটোৰ মূল অধ্যয়ন কোঠা

'লাইব্ৰেৰী অব্ কংগ্ৰেছ'ত ২ কোটি ৯০ লাখৰো অধিক কিতাপ আছে (১৯৯৮ চনৰ পৰিসংখ্যা অনুসৰি)। সভ্যতাৰ আদি পৰ্বৰ পৰা অত্যাধুনিক প্ৰযুক্তিযুক্ত ('পেপিৰাছ'ত লিখা কিতাপৰ পৰা মাইক্ৰোফিল্ম) সকলো গ্ৰন্থই তাত সুৰক্ষিত হৈ আছে। অতি বিজ্ঞানসন্মতভাৱে সজাই ৰখা বাবে যেতিয়াই, যাৰ যি প্ৰয়োজন, তেওঁ মুহূৰ্ততে সেইটো পাব পাৰে। দৈনিক ইয়াত কিতাপৰ সংখ্যা বাঢ়িয়েই আছে। এই পুথিভঁৰালত চাৰে তিনি কোটি পাণ্ডুলিপি আৰু লিখিত দলিল সংৰক্ষণ কৰা হৈছে। তাৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ কাগছ-পত্ৰ, শিল্পীৰ পাণ্ডুলিপি আৰু ছবি, বিজ্ঞানীসকলৰ আৱিষ্কাৰৰ খচৰাও আছে। তদুপৰি আছে চল্লিশ লাখ মেপ, ষাঠি লাখ গানৰ স্বৰলিপি, চিঠিপত্ৰ, বাদ্যযন্ত্ৰ, ৰেকৰ্ড, টেপ, কেছেট। এক কোটি ঐতিহাসিক ফটো আৰু ছবিয়েও ইয়াত স্থান পাইছে। দৈনিক বাৰশখন বিভিন্ন ভাষাৰ বাতৰিকাকত এই পুথিভঁৰালত ৰখা হয়। পুথিভঁৰালটোৰ অমূল্য সংগ্ৰহৰ ভিতৰত আছে গুটেনবাৰ্গে ছপা কৰা প্ৰথম বাইবেল। আমেৰিকা যুক্তৰাষ্ট্ৰত যিমানবোৰ কিতাপ প্ৰকাশিত হয়, তাৰ গ্ৰন্থস্বত্ব অনুমোদন কৰাৰ ভাৰ 'লাইব্ৰেৰী অব্ কংগ্ৰেছৰ' ওপৰত। বৰদিনৰ ছুটী আৰু ১ জানুৱাৰীৰ বাহিৰে বছৰৰ আন আটাইকেইটা দিনত এই লাইব্ৰেৰী খোলা থাকে। ইয়াৰ অধ্যয়ন কোঠা ২৩ টা।

উত্‍স

  • সংক্ষিপ্ত অসমীয়া বিশ্বকোষ
  • www.loc.gov

Tags:

আমেৰিকা যুক্তৰাষ্ট্ৰইংৰাজী ভাষাৱাশ্বিংটন ডি.চি.

🔥 Trending searches on Wiki অসমীয়া:

ডুবি তাম্ৰলিপি আৰু ছীলআয়ুৰ্বেদভাষামেলেৰিয়াভাৰতীয় মহাকাশ গৱেষণা সংস্থাঅসমসোণোৱাল কছাৰীকৰ'নাভাইৰাছ ৰোগ ২০১৯আইজাক নিউটনআমেৰিকা যুক্তৰাষ্ট্ৰঅসীমত যাৰ হেৰাল সীমাচিপাহী বিদ্ৰোহ ১৮৫৭বতৰপদাৰ্থৰ অৱস্থালিখন পদ্ধতিঅসমীয়া উপন্যাসস্বামী বিবেকানন্দচিত্ৰা মণ্ডলনাৰী সবলীকৰণকাৰেঙৰ লিগিৰীজাতনামডাকৰ বচনকৃষ্ণচূড়াঅসমৰ নদীসমূহৰ তালিকানামনি অসমগান্ধীবাদহনুমানঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমীয়া ভাষা আন্দোলনগণৰাজ্য দিৱস (ভাৰত)ভাৰতৰ ইতিহাসঅনুৰাধা শৰ্মা পূজাৰীব্ৰহ্মগুপ্তউৎপাদন (অৰ্থনীতি)সংবিধান দিৱস (ভাৰত)অব্যয় পদচ্যু-কা-ফাকামৰূপ জিলাশাল গছঔষধি উদ্ভিদহয়গ্ৰীৱ মাধৱ মন্দিৰইংৰাজী ভাষাহিউমাছশুৱালকুছিবেণুধৰ শৰ্মাটুক্ৰেশ্বৰী দেৱালয়ডিগবৈবাঁহীফাকে জনগোষ্ঠীহস্তীবিদ্যাৰ্ণৱকথা কবিতাশিক্ষাআৰবী ভাষাঅপৰিমেয় সংখ্যাসাম্যবাদী সমাজপ্ৰাক-ইতিহাসচন্দ্ৰকুমাৰ আগৰৱালামৃত্যুঞ্জয়বাৰেচহৰীয়া ভাওনা মহোৎসৱঅসম আন্দোলনগঙ্গা নদীভাৰতত মহিলা শিক্ষানীলমণি ফুকনৰ সম্পূৰ্ণ কবিতামোৰ জীৱন সোঁৱৰণপৰম্পৰাহাজোসাপনেপালৱিকিপিডিয়াৱিকিমিডিয়া ফাউণ্ডেশ্যনদশাৱতাৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহিমন্ত বিশ্ব শৰ্মাবিহু নৃত্যসতী সাধনী🡆 More