জাতীয়তাবাদ

জাতীয়তাবাদ হৈছে একপ্ৰকাৰ ৰাজনৈতিক চিন্তাধাৰা। ই জাতি বুলি চিহ্নিত কৰা কোনো প্ৰতীক বা ধাৰণাৰ লগত কোনো ব্যক্তি বা সমূহৰ গভীৰ সম্পৰ্ক সূচিত কৰে। জাতিৰ 'আধুনিকতাবাদী' ধাৰণা অনুসৰি জাতীয়তাবাদে এক জাতীয় অস্তিত্বৰ সৃষ্টি কৰে। জাতিৰ বিভিন্ন সংজ্ঞা অনুসৰি জাতিয়তাবাদৰো ভিন ভিন ৰূপ নিৰ্ণীত হয়। জাতিৰ কোনো সংজ্ঞামতে ৰাষ্ট্ৰৰ নাগৰিকত্ব কেৱল এক নিৰ্দিষ্ট গোষ্ঠীগত, ভাষাভিত্তিক বা কোনো বিশেষ পৰিচয়তে সীমাবদ্ধ থকা উচিত। অন্যহাতে কোনো ক্ষেত্ৰত এখন ৰাষ্ট্ৰৰ ভিতৰতে বিভিন্ন জাতিৰ মানুহৰ জাতিগত স্বকীয়তা বজাই ৰাখি সকলোৱে এক ৰাষ্ট্ৰীয় পৰিচয় বহন কৰিব পাৰে।

ৰাষ্ট্ৰৰ প্ৰাধান্যতা বা অন্য ৰাষ্ট্ৰতকৈ উন্নত বুলি ভবা ধাৰণাও "জাতীয়তাবাদ" হ'ব পাৰে। কোনো গোষ্ঠীয়ে নিজৰ 'গৃহভূমি' (সাধাৰণতে কোনো স্বায়ত্ত্ব শাসিত স্থান)-ৰ স্থাপনা বা প্ৰতিৰক্ষাৰ কাৰণে চলোৱা সংগ্ৰামকো 'জাতীয়তাবাদ' বুলিব পাৰি। কেতিয়াবা কোনো জাতিৰ নিজস্ব জাতীয় সত্তাৰ গৌৰৱৰ লগতে অন্য জাতি বা সংস্কৃতিৰ প্ৰতি থকা নীচাত্মক দৃষ্টিভংগীও সন্নিহিত হৈ পৰে।


জাতীয়তাবাদ কোনো কাল্পনিক সত্তা (en:imagined communities)-ৰ লগত সংলগ্ন এক সামূহিক পৰিচয়ৰ ধাৰণাও হ'ব পাৰে। এনে সত্তা সাধাৰণভাবে ভাষা, জাতি বা ধৰ্মকেন্দ্ৰিক নহৈ সংশ্লিষ্ট জাতিটোৰ সদস্যসকলৰ দ্বাৰা সামাজিকভাৱে প্ৰৱৰ্তিতও হ'ব পাৰে। . জাতিৰ এনে ধৰণৰ পৰিচায়ক বোৰ সাধাৰণতে স্বাভাৱিক তথা দীৰ্ঘস্থায়ী হয়। বুৰঞ্জীবিদ ই. জে. হব্‌চবান-এ ইয়াক সংকলিত ঐতিহ্য (en:invented traditions) আখ্যা দিছে। কোনো ক্ষেত্ৰত জাতীয়তাবাদ প্ৰতিক্ৰিয়াশীল হয়। এনে জাতীয়তাবাদে পুৰণি জাতীয় গৌৰবৰ পুনৰুদ্ধাৰ, কেতিয়াবা কোনো অবাঞ্ছিত জাতিৰ বিতাড়ন, আদি কৰিবলৈ আহ্বান জনায়। বৈপ্লৱিক জাতীয়তাবাদে কোনো উপেক্ষিত জনগোষ্ঠীৰ নিজস্ব স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ উদগণি দিয়ে।


জাতীয়তাবাদে এক সামূহিক পৰিচয় সূচায় - একীভূত আৰু একে জাতীয় সংস্কৃতিৰে পৰিচিত এক স্বতন্ত্ৰ 'জনতা'। সংযুক্ট জাতীয়তাবাদত জাতীক সামাজিক গঠন, বিভিন্ন সামাজিক গোটৰ পৰস্পৰ সহযোগিতা আৰু উমৈহতীয়া ৰাজনৈতীক উদ্দেশ্যৰে সৈতে এক অংগৰ দৰে ভবা হয়। অন্যহাতে |মুক্ত জাতীয়তাবাদ মতে ব্যক্তি স্বতন্ত্ৰতাকো জাতীয় পৰিচয়ৰ এক গুৰুত্ত্বপূৰ্ণ অংগ বুলি ধৰা হয়।

জাতিসত্তাৰ লগত জড়িত জাতীয় পতাকা, জাতীয় সংগীত আদি বিভিন্ন প্ৰতীকক ৰাজনৈতীক চিহ্নতকৈ ধাৰ্মিক প্ৰতীকৰ দৰে পৱিত্ৰ বুলি গণ্য কৰা হয়। এইবোৰৰ লগত গভীৰ আৱেগ জড়িত হৈ থাকে।

Notes

General

  • Anderson, Benedict. 1983. Imagined Communities: Reflections on the Origin and Spread of Nationalism. New York: Verso.
  • Breuilly, John. 1994. Nationalism and the State. 2nd ed. Chicago: Chicago University Press. ISBN 0-226-07414-5 .
  • Brubaker, Rogers. 1996. Nationalism Reframed: Nationhood and the National Question in the New Europe. Cambridge University Press. ISBN 0-521-57224-X .
  • Greenfeld, Liah. 1992. Nationalism: Five Roads to Modernity Cambridge: Harvard University Press. ISBN 0-674-60319-2
  • Hobsbawm, Eric J. 1992. Nations and Nationalism Since 1780: Programme, Myth, Reality. 2nd ed. Cambridge University Press. ISBN 0-521-43961-2 .
  • Jusdanis, Gregory. 2001. The Necessary Nation. Princeton University Press.
  • Malesevic, Sinisa 2006. Identity as Ideology: Understanding Ethnicity and Nationalism. New York: Palgrave, ISBN 1-4039-8786-6.
  • Ozkirimli, Umut 2010. Theories of Nationalism: A Critical Introduction. New York: Palgrave.
  • Royce, Mathias O. 2010. The Rise and Propagation of Political Right-Wing Extremism: The Identification and Assessment of Common Sovereign Economic and Socio-Demographic Determinants SMC - Swiss Management Center, Working Paper Series, August 5, 2010, Available at SSRN [1]
  • Harvard Asia Pacific Review, 2010. "Nations and Nationalism." ISSN 1522-1113

Reference works

বহিঃ সংযোগ

Tags:

জাতীয়তাবাদ অধিক পঢ়কজাতীয়তাবাদ বহিঃ সংযোগজাতীয়তাবাদ

🔥 Trending searches on Wiki অসমীয়া:

বৰ্মণ ৰাজবংশআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅসমৰ বনৌষধিচানডুবি বিলবসন্ত ৰোগএচিদ বৰষুণইয়াণ্ডাবু সন্ধি১২ জুনসত্ৰীয়া নৃত্যবন্দে মাতৰম্‌কামৰূপ পীঠভাৰতৰ উচ্চতম ন্যায়ালয়শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকামহাভাৰতবাদুলিঅসমত দেখা পোৱা সাপবোৰভাৰত ত্যাগ আন্দোলনঅসম আৰক্ষীমৰীচিকাভাৰতীয় শিল্পকলাআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জগঙ্গা নদীসৰোজিনী নাইডুভাৰতীয় ৰেলকছাৰী ৰাজ্যপদ (ব্যাকৰণ)অসমৰ পৰ্যটনস্থলসমূহৰ তালিকাজৱাহৰলাল নেহৰুনিৰুপমা বৰগোহাঞিঅসমৰ পৰম্পৰাগত খেল-ধেমালিনগেন বৰাঅণুবীক্ষণ যন্ত্ৰশিশু সাহিত্যভাৰতীয় দণ্ড বিধিকৈকেয়ীত্ৰৈলোক্য নাথ গোস্বামীকৃষ্ণকান্ত সন্দিকৈৰাষ্ট্ৰসংঘসৰ্বেপল্লী ৰাধাকৃষ্ণণএইচ টি এম এলমৰুভূমিকবিতাকাৰ্ল মাৰ্ক্সমায়ামৰা সত্ৰবিঘাৰাজ্যসভাজাতীয়তাবাদচীনপদাৰ্থৰ অৱস্থাসৌৰজগতঘোঁৰা নিদান (গ্ৰন্থ)শক্তিমানৱ ভূগোলভাৰতঅসমৰ লোকগীতঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহহস্তীবিদ্যাৰ্ণৱমূলা গাভৰুনেপালী জনগোষ্ঠীগোপালচৰণ দ্বিজআউনীআটী সত্ৰযতি-চিনবেক্টেৰিয়াঅসমীয়া ভাষাৰ শব্দসম্ভাৰজোনাকী (আলোচনী)যুগ্ম সংখ্যাবায়ু প্ৰদূষণবাগ্‌ধ্বনিৰুক্মিণীফুলগুৰি ধেৱাকোচ ৰাজবংশবুৰঞ্জী সাহিত্যঅতুল চন্দ্ৰ বৰুৱাআঁহতমিচিং জনগোষ্ঠীতাজমহল🡆 More