ঘুমৰ নৃত্য

ঘুমৰ নৃত্য (ইংৰাজী: Ghoomar) ভাৰতৰ ৰাজস্থানত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য। আৰম্ভণিতে ভিল জনজাতিৰ লোকসকলে দেৱী সৰস্বতীক উপাসনা কৰিবলৈ এই নৃত্য কৰিছিল। পিছলৈ আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও ইয়াক গ্ৰহণ কৰে। ঘাঘৰা নামৰ প্ৰবাহিত পাৰম্পৰিক পোছাক পিন্ধি ওৰণিলোৱা মহিলাসকলে ঘুমৰ নৃত্য প্ৰদৰ্শন কৰে। ২০১৩ চনত বিশ্বৰ শীৰ্ষ ১০টা স্থানীয় নৃত্যৰ তালিকাত ঘুমৰ নৃত্যক চতুৰ্থ স্থান ৰখা হৈছিল। এই নৃত্যত সাধাৰণতে প্ৰদৰ্শকসকলে এক বিস্তৃত বৃত্তৰ ভিতৰত আৰু বাহিৰলৈ যোৱাৰ সময়ত টাকুৰী ঘুৰাৰ দৰে ঘূৰি নৃত্য কৰে। হিন্দীৰ 'ঘুমনা' শব্দটোৱে নৃত্যশিল্পীসকলৰ ঘূৰি ঘূৰি নৃত্য কৰা অৱস্থাক বৰ্ণনা কৰে আৰু ই হৈছে ঘুমৰ শব্দটোৰ আধাৰ।

ঘুমৰ নৃত্য
ঘুমৰ নৃত্য
নাৰী ঘুমৰ নৃত্যশিল্পী
শৈলী লোকনৃত্য
উৎপত্তিমূল ৰাজস্থান, ভাৰত

পৰম্পৰাগত ৰীতি-নীতি অনুসৰি নৱ বিবাহিত কইনাই তেওঁৰ নতুন বৈবাহিক জীৱনৰ আৰম্ভণিত আদৰণি জনোৱা পৰ্বত ঘুমৰ নৃত্য কৰিব লাগে। প্ৰায়ে বিশেষ অনুষ্ঠান যেনে বিবাহ, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানত ঘুমাৰ নৃত্য প্ৰদৰ্শন কৰা হয়। এই নৃত্য কেতিয়াবা কেইবাঘণ্টাৰ জুৰি অব্যাহত থকা দেখা যায়।

১৯৮৬ চনত সন্তৰামপুৰৰ মহাৰাণী ৰাজমাতা গোবৰ্ধন কুমাৰীয়ে ঘুমাৰ লোকনৃত্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে 'গংগৌৰ ঘুমৰ নৃত্য একাডেমী' স্থাপন কৰিছিল। ভাৰত চৰকাৰে তেওঁক তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৭ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

উৎপত্তি

ঘুমৰ নৃত্য দেৱী সৰস্বতীৰ উপাসনা কৰিবলৈ ভিল জনজাতিৰ এক পৰম্পৰাগত লোক নৃত্য। পিছলৈ ইয়াক আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও গ্ৰহণ কৰিছিল। বিশেষকৈ ৰাজপুত ৰজাসকলৰ শাসনকালত ৰাজস্থানত ঘুমৰ নৃত্য জনপ্ৰিয় হৈ পৰে। জয়পুৰ শাসন কৰা ৰাজপুতসকলৰ কচ্ছৱা ফৈদে ভিলসকলক পৰাজিত কৰিছিল আৰু পিছত এক শান্তিপূৰ্ণভাবে একেলগে থাকিবলৈ লৈছিল। সেয়ে ৰাজপুত ৰাজ্যত কিছুমান ভিলসকলৰ পৰম্পৰা আৰু অনুশীলন গ্ৰহণ কৰা হৈছিল। তেতিয়াৰে পৰা ই জয়পুৰৰ ৰাজপৰিয়ালৰ মহিলাসকলৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁলোকে ইয়াক কিছুমান শুভ অনুষ্ঠানত প্ৰদৰ্শন কৰে। এই নৃত্য সাধাৰণতে সমবেত হোৱাৰ সময়ত মহিলাসকলে প্ৰদৰ্শন কৰে। মহিলাসকলে মুখ ঢাকি মূৰত ওৰণিৰ সৈতে ঘুৰ্ণন গতিত এই নৃত্য প্ৰদৰ্শন কৰে।

ঘুমৰক কেতিয়াবা ঝুমৰ বুলিও কোৱা হয়। যিকোনো বয়সৰ মহিলাসকলে আনন্দেৰে ঘুমৰ নৃত্য কৰিব পাৰে কিয়নো ইয়াৰ সৰল গতি আছে। ইয়াৰ বিশেষত্ব হৈছে ইয়াৰ বিশেষ প্ৰকাৰৰ পদচালনা। এই লোক নৃত্যৰ কোনো সময় সীমা নাই। ই কেইবাঘণ্টা বা গোটেই ৰাতি অব্যাহত থাকিব পাৰে।

ঘুমৰ প্ৰদৰ্শন কৰা নৃত্যশিল্পীসকলে ঘড়ী কাঁটাৰ দিশত আৰু বিপৰীত দিশত পদছচালনাৰ সৈতে আৰু প্ৰদৰ্শকসকলৰ মাজত কেতিয়াবা তেওঁলোকৰ হাত একত্ৰিত কৰে আৰু আনকি চাপৰি মাৰি ওলোৱাৰ সৈতে এটা বৃত্তাকাৰ দিশত আগবাঢ়ে। গীতবোৰৰ স্পন্দনৰ সৈতে পদচালনা একঁকালবৰ্তীকৰণ গুৰুত্বপূৰ্ণ আৰু নৃত্যৰ লয় বৃদ্ধি হোৱাৰ লগে লগে নৃত্যশিল্পীসকলেৰ নৃত্যৰ গতি বৃদ্ধি পায়।

ঘুমৰ গীত

পৰম্পৰাগত নৃত্য হিচাপে, ঘুমৰ নৃত্য প্ৰায়ে "গৰবেণ্ড", "পুদিনা", "ৰুমাল" আৰু "মৰ বোলে ৰে"ৰ দৰে পৰম্পৰাগত গীতত প্ৰদৰ্শন কৰা হয়। ঘুমৰ গীত সমূহত ৰাজকীয় কিংবদন্তি বা তেওঁলোকৰ পৰম্পৰাৰ ওপৰত কেন্দ্ৰিত হ'ব পাৰে। উল্লেখযোগ্য কিছুমান পৰম্পৰাগত ঘুমৰ গীত হৈছে:

  • "জয়পুৰ জাও তো"
  • "চিৰমি মাহৰি চিৰমালী"
  • "আৱে হিচকি"
  • "মাহৰি ঘুমৰ চয়ে নখৰালী"
  • "জৱাই জী পওনা"
  • "তাৰা ৰি চুনদাদি"
  • "মহৰো গৰবন্দ নখৰালো"
  • "নাইনা ৰা লৱহী"
  • "অৰ ৰং দে"

চিত্ৰমালা

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ঘুমৰ নৃত্য উৎপত্তিঘুমৰ নৃত্য ঘুমৰ গীতঘুমৰ নৃত্য চিত্ৰমালাঘুমৰ নৃত্য তথ্য উৎসঘুমৰ নৃত্য বাহ্যিক সংযোগঘুমৰ নৃত্যইংৰাজী ভাষাভাৰতভিল জনজাতিসৰস্বতীৰাজস্থান

🔥 Trending searches on Wiki অসমীয়া:

এ পি জে আব্দুল কালামঅসমীয়া লোকসাহিত্যগড়গাঁওসূৰ্যবংগ বিভাজন (১৯০৫)ফুটবলঅতুল চন্দ্ৰ হাজৰিকাঋণাত্মক অখণ্ড সংখ্যাভাৰতীয় টকাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ভটিমাসত্যাগ্ৰহএকচেটীয়া বজাৰসৌৰজগতৰজনীকান্ত বৰদলৈছাইমন কমিশ্যনউদাৰনৈতিকতাবাদচন্দ্ৰকুমাৰ আগৰৱালাভাৰতীয় জাতীয় কংগ্ৰেছপায়ু সংগমইংৰাজী ভাষাঅসমৰ শাক-পাচলিৰ তালিকামাইলছ ব্ৰনছনগুণাভিৰাম বৰুৱাগুৱাহাটী বিশ্ববিদ্যালয়চৰ্যাপদশাল গছঅসমৰ লোকবাদ্যমদন কামদেৱ দেৱালয়চ্যু-কা-ফামৌখিক ইতিহাসঅৰূপা পটংগীয়া কলিতাসাঁচিপাতপৰিৱেশ তন্ত্ৰকপৌ ফুলঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমৰ গামোচাখনিকৰ (নাট)চলচ্চিত্ৰকালিকা পুৰাণটকা (বাদ্য)লোকভাষাঢ়ৰাম বিজয়বৰষুণবৰ্মণ ৰাজবংশযোগাসনতলাতল ঘৰৰবীন্দ্ৰনাথ ঠাকুৰভাৰত-চীন যুদ্ধসেউজ গৃহ প্ৰভাৱঅশোকৰ অনুশাসনপ্ৰাকৃতিক দুৰ্যোগফাকুৱানাট্য শাস্ত্ৰআৱাহন (আলোচনী)কাৰ্বি ভাষাইন্দিৰা মিৰিপুঁজিবাদঅৰ্থনীতিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানভাৰত ত্যাগ আন্দোলনঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅসম চুক্তিবৌদ্ধ ধৰ্মপৰিমেয় সংখ্যাঅনুৰাধা শৰ্মা পূজাৰীপালি ভাষাগুৰু আসনবানপানীনৱগ্ৰহ মন্দিৰ, গুৱাহাটীব'হাগ বিহু🡆 More