ইলহা দা কুইমাদা গ্ৰাণ্ডে

ইলহা দা কুইমাদা গ্ৰাণ্ডে বা সৰ্পদ্বীপ (পৰ্তুগীজ: Ilha da Queimada Grande) ব্ৰাজিলৰ ছাও পাওলো চহৰৰ পৰা ৯৩ মাইল দক্ষিণে অৱস্থিত এটা সাগৰীয় দ্বীপ, যিটো দ্বীপক পৃথিৱীৰ ভয়ংকৰ আৰু মাৰাত্মক দ্বীপ বুলি কোৱা হয়। কিয়নো এই দ্বীপত কেৱল বিষাক্ত সাপহে পোৱা যায়। ইলহা দা কুইমাদা গ্ৰাণ্ডে ব্ৰাজিলৰ চাওপাওলো চহৰৰ পৰা ৩৩ কিলোমিটাৰ দূৰত অৱস্থিত। প্ৰায় এঘাৰ হাজাৰ বছৰ আগতে সাগৰ পৃষ্ঠৰ উত্থানে ব্ৰাজিলৰ মূল ভূ-ভাগৰ পৰা আতঁৰাই ইয়াক এক দ্বীপলৈ পৰিণত কৰে। ইলহা দা কুইমাদা গ্ৰাণ্ডেত পোৱা বিভিন্ন প্ৰজাতিৰ সাপৰ ভিতৰত পিট ভাইপাৰ (গল্ডেন লাঞ্চহেড) অন্যতম। এই সাপবিধ পৃথিৱীৰ বিষাক্ত সাপবোৰৰ ভিতৰত অন্যতম আৰু এই দ্বীপেই হৈছে এই সাপবিধৰ প্ৰধান আৱাসস্থলী। পৃথিৱীৰ অন্যান্য বিষাক্ত সাপবোৰো হাজাৰ হাজাৰ সংখ্যাত ইয়াত আছে।

ইলহা দা কুইমাদা গ্ৰাণ্ডে
ইলহা দা কুইমাদা গ্ৰাণ্ডে দ্বীপৰ আকাশমাৰ্গৰ পৰা লোৱা এক আলোকচিত্ৰ

১৯২০ চনত ইলহা দা কুইমাদা গ্ৰাণ্ডেত লাইটহাউচৰ ৰখীয়াজন আৰু তেওঁ পৰিয়ালৰ সকলো সদস্যক সাপে দংশন কৰাৰ পিছত ব্ৰাজিল চৰকাৰে এই ঠাইলৈ মানুহ যাবলৈ অনুমতি নিদিয়া হ'ল। হাজাৰ হাজাৰ পিট ভাইপাৰ থকা এই দ্বীপত স্থলচৰ প্ৰাণী একেবাৰে নাই বুলিব পাৰি। পৰিভ্ৰমী চৰাই আৰু সাগৰীয় পক্ষীসমূহ ইয়াত অৱতৰণ হ'লেই সাপবোৰৰ খাদ্য হৈ পৰে‌।

নৌবাহিনীৰ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি কেতিয়াবা লাইটহাউচলৈ গৈ ওপৰৰ পৰা নিৰীক্ষণ কৰে যাতে কোনো ব্যক্তিয়ে অভিযান বা এডভেঞ্চাৰৰ বাবে এই দ্বীপত উপস্থিত হ'ব নোৱাৰে। সাধাৰণ মানুহৰ ইলহা দা কুইমাদা গ্ৰাণ্ডেলৈ যোৱাৰ অনুমতি নাই যদিও জীৱবিজ্ঞানী আৰু গৱেষকসকলে বহুত কষ্ট কৰি ব্ৰাজিল চৰকাৰৰ পৰা অনুমতি লাভ কৰি কেতিয়াবা যায়।

তথ্যসূত্ৰ

Tags:

ব্ৰাজিল

🔥 Trending searches on Wiki অসমীয়া:

মনোবিজ্ঞানপৰিসংখ্যাসাহিত্যৰ সমাজতত্ত্বনীলপৱন বৰুৱাগাঁওবুঢ়া (নাটক)অসমৰ তেল শোধনাগাৰগঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)বিষ্ণুপ্ৰসাদ ৰাভানৱকান্ত বৰুৱাঈয়াৰুইঙ্গমভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যনগেন শইকীয়ামানৰ অসম আক্ৰমণনীতি আয়োগভট্টদেৱসংখ্যাকুলিপুনা চুক্তিলখিমপুৰ (লোকসভা সমষ্টি)ভূপাল দুৰ্ঘটনাউপনিষদৰুবুল মাউতঅসমৰ ৰাজ্যপালসকলৰ তালিকাপোলেণ্ডলখিমপুৰ জিলাৰাজ্যসভাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালফিফা বিশ্বকাপব্ৰহ্মপুত্ৰ নদযৌন সংগমঅসমৰ অৰ্থনীতিৰোমান সাম্ৰাজ্যপাইক প্ৰথাভাৰতৰ ৰাষ্ট্ৰপতিমান ভাষামানুহগঙ্গা নদীচৌদি আৰৱগোলকীয় নাগৰিকত্বমৃণাল কলিতাগদ্যঅসমৰ পুৰণি স্থাপত্যঅশোকৰ অনুশাসনসিন্ধু সভ্যতাচীনমহাভাৰতযোগাসনমাৰ্টিন লুথাৰ কিং, কনিষ্ঠঅম্বিকাগিৰি ৰায়চৌধুৰী২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনউৎসৱসমাজতত্ত্বনামঘৰবিহু নৃত্যনিউয়ৰ্ক মহানগৰঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰঅসমৰ বৰষুণগাঁও পঞ্চায়তশিশু সাহিত্যহোমেন বৰগোহাঞিহেমকোষচন্দ্ৰগুপ্ত মৌৰ্যআই এম ডি টি আইন, ১৯৮৩আহোম ৰাজবংশকৃষ্ণবানপানীশদিয়ামহআৰুবাফিজিৰ শ্ৰুতিকথাশ্ৰীমন্ত শংকৰদেৱঅশ্বঘোষনুমলীগড় তেল শোধনাগাৰমহা মৃত্যুঞ্জয় মন্দিৰচ'ত🡆 More