হৰ্ণবিল উৎসৱ

হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ডত প্ৰতিবছৰে ১-১০ ডিচেম্বৰলৈ উদযাপন কৰা এটি উৎসৱ৷ নাগালেণ্ড ৰাজ্যক এই উৎসৱক মহোৎসৱ ('Festival of Festivals') বুলিও আখ্যা দিয়া হয়৷

হৰ্ণবিল উৎসৱ
{{{holiday_name}}}
হৰ্ণবিল উৎসৱত নাগালেণ্ডৰ নাগাসকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্য কৰি থকা মূহুৰ্তত
সম্পূৰ্ণ নাম হৰ্ণবিল উৎসৱ
পালন কৰে নাগা মানুহ
প্ৰকাৰ সাংস্কৃতিক
মহত্ব নাগা ঐতিহ্য পুনৰজ্জীৱিত তথা ৰক্ষা কৰা আৰু ইয়াৰ চহকী পৰম্পৰা জনপ্ৰিয় কৰা
তাৰিখ ১ - ১০ ডিচেম্বৰ
সংঘটন বাৰ্ষিক

পটভূমি

নাগালেণ্ড ৰাজ্য ভালেসংখ্যক নগা জনজাতিৰ বাসভূমি৷ এই প্ৰতিটো জনজাতিৰে নিজা উৎসৱ আছে৷ যিহেতু ৬০% ৰো অধিক নগা লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে উদযাপন কৰা প্ৰায়ভাগ উৎসৱেই কৃষিৰ লগত জড়িত৷

নাগালেণ্ডৰ এই বিভিন্ন জনজাতিৰ মাজত ভাৱবিনিময়ৰ বিকাশ আৰু নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰৰ বাবে, নাগালেণ্ড চৰকাৰে ২০০০ চনৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহটোত হৰ্ণবিল উৎসৱ পালন কৰি আহিছে৷

এই উৎসৱক ভাৰতীয় ধনেশ পক্ষী (Indian hornbill) ৰ নামৰ পৰা হৰ্ণবিল উৎসৱ নামেৰে অভিহিত কৰা হয়৷ ধনেশ পক্ষীৰ স্থান নগা জনজাতিসমূহৰ সংস্কৃতি আৰু লোকসাহিত্যত অতি গুৰুত্বপূৰ্ণ৷

উদযাপন

ভাৰতীয় ধনেশ পক্ষীৰ নামত উৎসৱটোৰ নাম ৰখা হৈছে
নাগালেণ্ডৰ হৰ্ণবিল উৎসৱত জনগোষ্ঠীয় লোক
নাগাসকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্য কৰি থকা মূহুৰ্তত
২০১৪ চনৰ হৰ্ণবিল উৎসৱৰ উদ্বোধনী অনুষ্ঠানত নৰেন্দ্ৰ মোদী

হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগে অনুষ্ঠিত কৰে৷ এই উৎসৱত সকলো নগা জনজাতিৰ কলা-সংস্কৃতি একেটা উৎসৱতে উদযাপন কৰাৰ এক প্ৰচেষ্টা৷ এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে ১-১০ ডিচেম্বৰলৈ ক’হিমাত অনুষ্ঠিত হয়৷

উৎসৱটোৰ মূল থলী ক’হিমা চহৰৰ পৰা ১২ কিমি দূৰত্বত অৱস্থিত নগা হেৰিটেজ গাওঁ কিছামা (Kisama)৷ সকলো নগা জনজাতিয়েই এই উৎসৱত অংশগ্ৰহণ কৰে৷

উৎসৱৰ দৰ্শকসকলে নগা খাদ্য, সংগীত-নৃত্য আৰু ৰীতি নীতিকে ধৰি নগা সংস্কৃতিক ওচৰৰ পৰা জনাৰ আৰু অভিজ্ঞতা লোৱাৰ এক সুযোগ লাভ কৰে৷

উৎসৱৰ বিভিন্ন অংশ

এই উৎসৱত জাকজমকাতৰে বিভিন্ন নৃত্য পৰিবেশন, নগা পাৰম্পৰিক খেলধেমালি, নগা খাদ্যৰ পৰিবেশন ইত্যাদি হয়৷ তাৰোপৰি পৰম্পৰাগত নগা কলা যেনে বিভিন্ন চিত্ৰ, কাঠৰ কাৰুকাৰ্য্য ইত্যাদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়৷

এই উৎসৱত পৰম্পৰাগত নগা মৰুংসমূহৰ (Naga Morungs) প্ৰদৰ্শন হয়৷ উৎসৱটোৰ বিশেষ আকৰ্ষণসমূহ হৈছে কলা আৰু কাৰুকাৰ্য্যৰ প্ৰদৰ্শনী, নগা খাদ্যৰ ষ্টলসমূহ, ফুলৰ প্ৰদৰ্শনী, নৃত্য আৰু গীত পৰিবেশন, ফেশ্বন শ্ব’, মিছ নাগালেণ্ড সুন্দৰী প্ৰতিযোগীতা, পৰম্পৰাগত আৰ্চাৰী (traditional archery), নগা মল্লযুঁজ, পৰম্পৰাগত খেলধেমালি আৰু সংগীত অনুষ্ঠানসমূহ৷

অৰ্থনৈতিক বিকাশ

এই উৎসৱে নাগালেণ্ড ৰাজ্যৰ পৰ্য্যটনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এই উৎসৱে পৰ্য্যটকসকলক নগা কৃষ্টি আৰু সংস্কৃতিৰ বিষয়ে জনাৰ আৰু অভিজ্ঞতা লোৱাৰ সুবিধা দি আহিছে৷

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

হৰ্ণবিল উৎসৱ পটভূমিহৰ্ণবিল উৎসৱ উদযাপনহৰ্ণবিল উৎসৱ উৎসৱৰ বিভিন্ন অংশহৰ্ণবিল উৎসৱ অৰ্থনৈতিক বিকাশহৰ্ণবিল উৎসৱ তথ্যসূত্ৰহৰ্ণবিল উৎসৱ বাহ্যিক সংযোগহৰ্ণবিল উৎসৱউত্তৰ-পূব ভাৰত

🔥 Trending searches on Wiki অসমীয়া:

দেৱতা (হিন্দু ধৰ্ম)কৰবী ডেকা হাজৰিকাঅংগনবাদীশৰাইঘাট দলংচ্যু-কা-ফাকোষ (জীৱবিজ্ঞান)কথা কবিতাগান্ধীবাদকলিমাকবিতাবিজয় (অভিনেতা)ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰাষ্ট্ৰসংঘবৰগীতহিউৱেন-চাংকাতি বিহুআৰ্যভট্টহেমাঙ্গ বিশ্বাসদেওধনী নৃত্যপৰিমেয় সংখ্যাশ্ৰীমন্ত শংকৰদেৱমই আৰু নেফাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকানেঘেৰিটিং শিৱদৌল১ মে'পাচন নলীশৰাইঘাটৰ যুদ্ধতেজহৰিশংকৰ ব্ৰহ্মঅসমীয়া বৰ্ণমালাভাৰতত নাৰীবাদখামটি জনগোষ্ঠীঅসমীয়া ভাষাতেজপুৰখ্ৰীষ্টান ধৰ্মপাচন তন্ত্ৰপাৰ চৰাইজম্মু আৰু কাশ্মীৰহাজং জনগোষ্ঠীজ্যোতিৰেখা হাজৰিকাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লকাকৈজানা সংৰক্ষিত বনাঞ্চলৰামকৃষ্ণ পৰমহংসফাকুৱামাজুলীৰ মৃৎ শিল্পসংস্কৃত ভাষাক্ষগুণাভিৰাম বৰুৱাভূপেন হাজৰিকা সেতুনিমএলবাৰ্ট আইনষ্টাইনফাকে জনগোষ্ঠীএইড্‌ছবৰপেটা জিলাকৃষ্ণবিহুৰ সাজ-পোচাক আৰু অলংকাৰমাঘনোৱা দ’লবড়ো জনগোষ্ঠীবাথৌ ধৰ্মসৰ্বশিক্ষা অভিযানঅভয়াপুৰীমহাভাৰতপৰীক্ষামূলক মনোবিজ্ঞানকীৰ্তন-ঘোষাডাকৰ বচনআজান পীৰৰ দৰগাহআগালমাকাভাষাযতীন্দ্ৰ নাথ দুৱৰাচি (প্ৰগ্ৰামিং লেংগুৱেজ)বহুভাষাবাদবেউলাগ্ৰহএমিবাদেৱকান্ত বৰুৱাৰামধেনু (আলোচনী)ভাৰতৰ উপৰাষ্ট্ৰপতি🡆 More