হেনটাই

হেনটাই (ইংৰাজী: Hentai) হৈছে জাপানীজ পৰ্ণগ্ৰাফিক এনিমে আৰু মাংগাৰ এক শৈলী। জাপানী মূলৰ এই শব্দটোৱে (変態) প্ৰচাৰ মাধ্যমৰ কোনো ধাৰাক বৰ্ণনা নকৰে, বৰঞ্চ ই এটা অস্বাভাৱিক যৌন ইচ্ছা বা কাৰ্য্যক প্ৰতিনিধিত্ব কৰে। 'Hentai seiyoku' (変態性欲, যৌন বিকৃতি)ৰ সংক্ষিপ্ত ৰূপ হিচাপে এই শব্দটো এনে বিকৃত যৌন ইচ্ছা আৰু কাৰ্য্য ধাৰণ কৰা বা কৰা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এনিমে আৰু মাংগাৰ উপৰিও হেনটাইৰ প্ৰভাৱ বিভিন্ন মাধ্যমত বিদ্যমান, য'ত আৰ্টৱৰ্ক আৰু ভিডিঅ' গেম (সাধাৰণতে ইৰ'জে বুলি জনা যায়)কে ধৰি বিভিন্ন মাধ্যমত এই শৈলী ব্যৱহাৰ হয়।

হেনটাই
হেনটাই শৈলীৰ এক প্ৰসংগ উদাহৰণ

যৌনতাৰ প্ৰতি জাপানীজ সাংস্কৃতিক আৰু ঐতিহাসিক মনোভাৱৰ দ্বাৰা হেনটাইৰ বিকাশ প্ৰভাৱিত হৈছে। স্ব-প্ৰকাশিত হেনটাইৰ সৃষ্টিসমূহে ডৌজিনছিকে ধৰি ডৌজিন ৰচনাৰ বজাৰৰ এক উল্লেখযোগ্য অংশ গঠন কৰে। আনকি বিভিন্ন ধৰণৰ যৌন কাৰ্য্য আৰু সম্পৰ্কৰ লগতে নতুন ফেটিছৰ চিত্ৰণ কৰা অসংখ্য উপশৈলীৰ অস্তিত্বও বিদ্যমান।

ইতিহাস

যিকোনো কামুক চিত্ৰণ হিচাপে হেনটাইৰ ব্যৱহাৰৰ লগে লগে এই চিত্ৰকল্পৰ ব্যৱহাৰ জাপানী মিডিয়াত বিয়পি পৰে। ১৯৭৯ চনত আজুমা হিদেওচ চাইবেল প্ৰকাশৰ পিছত এই আইকনিক শৈলীক প্ৰতিনিধিত্ব কৰিবলৈ জাপানী শিল্পকৰ্ম আৰু কমিকছে হেনটাই শৈলীৰ ব্যৱহাৰ আৰম্ভ কৰে। ১৯৩২ চনত হাকুছান কিমুৰাৰ চুজুমি-বুনে ছবিত হেনটাই এনিমেচন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল, এই ছবিখনৰ কাম আধা সম্পূৰ্ণ হোৱাৰ পিছতে আৰক্ষীয়ে জব্দ কৰে। ছবিখনৰ অৱশিষ্ট অংশ একবিংশ শতিকাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ কেন্দ্ৰক দান কৰা হৈছিল। অৱশ্যে জনসাধাৰণে চাবপৰাকৈ ছবিখনে মুক্তি লাভকৰা নাই। ১৯৬৯ চনৰ ৱান থাউজেণ্ড এণ্ড ৱান আৰবিয়ান নাইটছৰ কামোদ্দীপক আৰু যৌন চিত্ৰণ আৰু ১৯৭০ চনৰ ক্লিওপেট্ৰা ছবিৰ উদং বুকুৰ ক্লিওপেট্ৰাক উপেক্ষা কৰিলে ১৯৮৪ চনত মুক্তি পোৱা ৱাণ্ডাৰকিডৰ ল'লিটা এনিমেখনেই হৈছে প্ৰথমখন প্ৰকাশিত হেনটাই। ইৰ’টিক গেমছ হৈছে এই শৈলীৰ আন এক বিতৰ্কৰ ক্ষেত্ৰ, ১৯৮৫ চনৰ টেনশ্বিটাচি ন’ গগোত যৌন কাৰ্য্যক চিত্ৰিত কৰা শিল্প শৈলীৰ প্ৰথমটো ক্ষেত্ৰ উপলব্ধ। এই প্ৰতিটো মাধ্যমতে শব্দটোৰ ভিন্ন সংজ্ঞা আৰু বহুল ব্যৱহাৰে ইয়াৰ ঐতিহাসিক সমীক্ষাক জটিল কৰি তোলে।

শ্ৰেণীবিভাজন

হেনটাই 
পুৰুষ সমকামী চিত্ৰণ য়াওই

হেনটাই ধাৰাটোক বিভিন্ন উপশৈলী আছে, ইয়াৰে বহুল ব্যৱহৃত শৈলীটোৱে বিপৰীতকামী আৰু সমকামী কাৰ্য্যক সামৰি লৈছে। মূলতঃ বিপৰীতকামী যৌনতাক প্ৰকাশ কৰা হেনটাইৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ সমূহত পুৰুষ-মহিলা উভয়কে প্ৰভাৱিত কৰিব পৰা বৈশিষ্ট্য থাকে। ইয়াৰোপৰি ইয়াত সমকামী পাৰস্পৰিক ক্ৰিয়াৰ বৈশিষ্ট্যও থাকে, সেইবোৰক য়াওই বা বয়ছ লাভ (পুৰুষ–পুৰুষ) আৰু ইউৰি (মহিলা–মহিলা) বুলি জনা যায়। সাধাৰণতে ইয়াওই আৰু কম পৰিমাণে ইউৰি দুয়োটাৰে চিত্ৰিত চৰিত্ৰসমূহেৰে বিপৰীত লিংগক লক্ষ্য কৰি লোৱা হয়। ইয়াওইৰ পৰ্ণগ্ৰাফিক ব্যৱহাৰ ফেনফিকচনৰ জৰিয়তে পাঠ্য ৰূপত বহুল সমাদৃত। ইউৰিৰ সাধাৰণ সংজ্ঞাৰ সলনি "লেচবিয়ান-থিমযুক্ত এনিমেচন বা কমিকছ"ৰ ব্যৱহাৰ বেছি।

হেনটাইক যৌন ফেটিছৰ ওপৰত "আধাৰিত" বুলি ধৰা হয়। ইয়াৰ ভিতৰত বিভিন্ন ফেটিছ আৰু পেৰাফিলিয়া সম্পৰ্কীয় উপশৈলী অন্তৰ্ভুক্ত হৈ আছে।

এই শৈলীৰ বেছিভাগ ৰচনাই যিমানেই কল্পনাপ্ৰসূত নহওক কিয়, প্ৰতিটো কল্পনাযোগ্য কাৰ্য্য আৰু পৰিস্থিতিৰ মাজেৰে অলৌকিক আৰু অসম্ভৱক চিত্ৰিত কৰাত গুৰুত্ব দিয়ে। হেনটাইৰ এটা উপশৈলী হৈছে ফুটানাৰী (হাৰ্মাফ্ৰডিটিজম), এই চৰিত্ৰবিধক সাধাৰণতে স্ত্ৰী যোনিৰ বিপৰীতে পুৰুষ লিংগ ধাৰণ কৰা মহিলাৰ ৰূপত চিত্ৰণ কৰা হয়। এই চৰিত্ৰসমূহক প্ৰায়ে আন মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বুলি চিত্ৰিত কৰা হয়, অৱশ্যে আন বহুতো ৰচনাত পুৰুষৰ সৈতেও যৌন সম্পৰ্ক বা এনাল জাষ্টিছৰ দৰে দুয়োপ্ৰকাৰৰ লিংগৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাও দেখুওৱা হয়। ফুটানাৰী প্ৰভাৱশালী, বশৱৰ্তী বা একেখন ছবিতে দুয়োটা ভূমিকা পালন কৰাও দেখুওৱা হ'ব পাৰে।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষাএনিমে

🔥 Trending searches on Wiki অসমীয়া:

তাল (বাদ্যযন্ত্ৰ)ৰাসোৎসৱজ্যোতিপ্ৰসাদ আগৰৱালাব্যষ্টিবাদী অৰ্থনীতিকৰতথ্যভাৰতৰ সংবিধানশ্ৰী সূৰ্য পাহাৰম'হৰ শিঙৰ পেঁপাহুঁচৰিইন্দিৰা মিৰিবিয়া নামমৌখিক ইতিহাসসিংহঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাচি++নলবাৰীনীলমণি ফুকন (জ্যেষ্ঠ)বায়ু প্ৰদূষণঅসমৰ নদীসমূহৰ তালিকাজোনবিল মেলামামণি ৰয়ছম গোস্বামীৰ উপন্যাসমৌখিক পৰম্পৰাঁ (চন্দ্ৰবিন্দু)থাই ভাষাজ'মাট'শোণিতপুৰ জিলাভাৰতৰ জাতীয় পতাকাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫২৬ এপ্ৰিলমোগল সাম্ৰাজ্যকমলাবাৰী সত্ৰচৰকাৰডিব্ৰুগড় জিলাভাৰত ত্যাগ আন্দোলনআওৰাজ্যোতিপ্ৰসাদ ৰচনাৱলীচিপাহী বিদ্ৰোহ ১৮৫৭বেটুপাতঅসমীয়া লিপিৰ বুৰঞ্জীউমানন্দমনোবিজ্ঞানউপভাষামাটিৰ হিচাপঅলিম্পিকভঠেলিঅসমীয়া ব্যাকৰণনগাঁও (লোকসভা সমষ্টি)জৱাহৰলাল নেহৰুভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাদিল্লীএলবাৰ্ট আইনষ্টাইনবিহুৰ বাদ্যযন্ত্ৰবাংলাদেশত্ৰিভুজপৃথুমিৰি জীয়ৰীত্ৰিপিটকচিলাৰায়অসমীয়া সাহিত্যৰ অৰুণোদয় যুগউদ্বিগ্নতাঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভাৰতীয় জনতা পাৰ্টিঅণুবীক্ষণ যন্ত্ৰদৰ্শনমণিৰাম দেৱান (চলচ্চিত্ৰ)সাম্যবাদগঙ্গা নদীপাইক প্ৰথালভিতানিৰুপমা বৰগোহাঞিকৃত্ৰিম বুদ্ধিমত্তাসেউজ গৃহ প্ৰভাৱ🡆 More