ঝুমুৰা ভূমি লেটোৱা

মাধৱদেৱৰ ভূমি লেটোৱা ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। মাধৱদেৱৰ নাটকবোৰ ঝুমুৰা হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে মাধৱদেৱে সুন্দৰীদিয়াত বাস কৰাৰ সময়ত অনুমাণিক ১৫৭৩ৰ পৰা ১৫৮০ খ্ৰীষ্টাব্দৰ ভিতৰত ভূমি লেটোৱা ঝুমুৰাখন ৰচনা কৰে। নাটকখনিৰ মূল বিল্বমঙ্গলৰ 'কৃষ্ণকৰ্ণামৃত'ৰ এটা শ্লোকৰ আধাৰ হিচাপে লৈ মাধৱদেৱে এই ঝুমুৰাখনিৰ কাহিনীভাগত এটি নাটকীয় ৰূপ দিছে। ভূমি লেটোৱা ঝুমুৰাখনৰ কাহিনীৰ কোনো বিকাশ নাই। শ্ৰীকৃষ্ণই মাটিত বাগৰি কন্দাৰ কথা আছে বুলিয়েই ঝুমুৰাখনিক ভূমি লেটোৱা ঝুমুৰা বোলা হৈছে। ঝুমুৰাখনিত বিভিন্ন ৰাগ তালযুক্ত পাঁচটি গীত সংযোজিত কৰা হৈছে।

ভূমি লেটোৱা
ঝুমুৰা ভূমি লেটোৱা
লিখক মাধৱদেৱ
চৰিত্ৰসমূহ কৃষ্ণ
যশোদা
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

ভূমি লেটোৱা ঝুমুৰাৰ কাহিনী

এদিনাখন শিশু কৃষ্ণই ঘৰত গাখীৰ লৱণু চুৰি কৰি খাই থাকোঁতে মাতৃ যশোদাই দেখা পালে। যশোদাৰ ভয়ত কানাইয়ে মাকক ফাঁকি দিবলৈ হাতৰ বাঁহীটো লুকাই গাখীৰৰ পাত্ৰটো একাষৰীয়াকৈ থৈ মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে। তাকে দেখি মাতৃ যশোদাই স্নেহেৰে কানাইয়ে কিয় মাটিত বাগৰি কান্দিছে তাকে সুধিছে। কানাইয়ে কান্দি কান্দি মাকক সুধিছে যে ভাণ্ডত লুকাই থোৱা লৱণুবোৰ কোনে খালে বুলি। শিশু কৃষ্ণৰ অভিমান দেখি মাকৰ হৃদয় পুত্ৰস্নেহত পমি গ'ল। কৃষ্ণক সান্তনা দিবলৈ বান্দৰে সকলো লৱণু খালে বুলি কৈ পুত্ৰৰ গাৰ ধূলি পৰিষ্কাৰ কৰি কোলাত তুলি ল'লে। যশোদাৰ ঘৰত গাখীৰ লৱণুৰ কি অভাৱ, সেয়ে পুত্ৰক কৈছে যে যিমান ইচ্ছা সিমান লৱণু খাবলৈ। কৃষ্ণই যশোদাৰ ওচৰত আদৰ দেখুৱাই কৈছে যে সি বৰকৈ ভোকত কাতৰ হৈছে। মাতৃ যশোদায়ো গোৱালসকলে নতুন গাখীৰ আনিলে নতুনকৈ লৱণু মথি কৃষ্ণক দিব বুলি বুজনি দিলে। যশোদাৰ কথাত মান্তি হৈ মাকৰ কোলাত উঠি স্তনপান কৰিলে। ক্ষন্তেক পিছতেই দুষ্ট কৃষ্ণই পুনৰ মাতৃ যশোদাৰ পৰা লৱণু খুজি আমনি কৰিবলৈ ধৰিলে। উপায়হীন হৈ যশোদাই হৰিৰ পূদাৰ বাবে ৰখা নতুন লৱণু পুত্ৰ কৃষ্ণক দিছে খাবলৈ। তাকে খাই শ্ৰীকৃষ্ণই আনন্দত মতলীয়া হৈ নৃত্য কৰিবলৈ ধৰিলে।

নাট্যকাৰৰ চমু পৰিচয়

মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। ১৪৮৯ চনত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা। প্ৰথমতে শাক্ত আছিল যদিও শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হয়। মাধৱদেৱ আছিল এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল। শংকৰদেৱৰ পিছত মাধৱদেৱ ধৰ্মাধিকাৰীৰূপে মনোনীত হয় আৰু একাণপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে। চিৰকুমাৰ মাধৱদেৱৰ ১৫৯৬ চনত মৃত্যু হয়। "শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত" নামৰ গ্ৰন্থত মাধৱদেৱৰ ৰচনাৰাজি তলত দিয়া ধৰণৰ:-

  • নামঘোষা
  • ভক্তি ৰত্নাৱলী
  • জন্ম ৰহস্য
  • ৰামায়ণ (আদি কাণ্ড)
  • নাম মালিকা
  • ৰাজসূয়
  • অৰ্জুন ভঞ্জন
  • ভোজন বিহাৰ
  • চোৰ-ধৰা
  • ভূমি লোটোৱা
  • পিম্পৰা গুচোৱা
  • বৰগীত
  • ভটিমা

চৰিত্ৰসমূহ

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

ঝুমুৰা ভূমি লেটোৱা ভূমি লেটোৱা ঝুমুৰাৰ কাহিনীঝুমুৰা ভূমি লেটোৱা নাট্যকাৰৰ চমু পৰিচয়ঝুমুৰা ভূমি লেটোৱা চৰিত্ৰসমূহঝুমুৰা ভূমি লেটোৱা লগতে চাওকঝুমুৰা ভূমি লেটোৱা তথ্য সংগ্ৰহঝুমুৰা ভূমি লেটোৱামাধৱদেৱ

🔥 Trending searches on Wiki অসমীয়া:

অসমত মহাত্মাভাৰতত বনাঞ্চল ধ্বংসওৰাং ৰাষ্ট্ৰীয় উদ্যানঅসমৰ পৰম্পৰাগত খেল-ধেমালিছট পূজাসত্যাগ্ৰহব্যৱস্থাপনাতুলাপাতব্যাকৰণসত্ৰশুৱালকুছিঅসমীয়া উপন্যাসসালোক সংশ্লেষণমণিপুৰ সংঘৰ্ষ ২০২৩মৌখিক ইতিহাসআত্মজীৱনীপ্ৰাকৃতিক পৰিৱেশদধীচিপাইথেগাৰাছমৌলিক সংখ্যাবুলু ফিল্মপাচন তন্ত্ৰৰফিকুল হুছেইনবিত্তীয় ব্যৱস্থাহোমেন বৰগোহাঞিৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসমহাদেশঅন্নপ্ৰাশনপ্ৰাক-ইতিহাসবৌদ্ধ ধৰ্মজ্ঞানপীঠ বঁটাবাঁহীএ পি জে আব্দুল কালামফেইচবুকঅসমীয়া লোকসাহিত্যঅসমীয়া বৰ্ণমালামণিপুৰআল্লাহহিমন্ত বিশ্ব শৰ্মাৰাষ্ট্ৰসংঘশ্ৰীকৃষ্ণকীৰ্তননাহৰৰ গীতউৎসৱঅৰুণোদইনুৰ জাহান (মোগল সম্ৰাজ্ঞী)বিহুগীতডিব্ৰুগড় বিশ্ববিদ্যালয়গোলকীয় উষ্ণতা বৃদ্ধিৰাইমনা ৰাষ্ট্ৰীয় উদ্যানহস্তীবিদ্যাৰ্ণৱকুলিঅসম বিধানসভাপাৰিপাৰ্শ্বিক সংঘাতপূৰবী বৰমুদৈআহোম-মোগলৰ সংঘৰ্ষজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অসমৰ ৰাজ্যিক প্ৰতীকসমূহজৈৱ বৈচিত্ৰ্যমামণি ৰয়ছম গোস্বামীৰ উপন্যাসজৈৱিক কৃষিঅংকীয়া নাটআলি আঃয়ে লৃগাংআনন্দ চন্দ্ৰ আগৰৱালাপৃথিৱীৰ বায়ুমণ্ডলবন্দে মাতৰম্‌প্ৰাগজ্যোতিষপুৰচুতীয়া ৰাজ্যগোপীনাথ বৰদলৈআহোম ৰাজ্যনিৰ্মলপ্ৰভা বৰদলৈলোকসভাৰ অধ্যক্ষমুগা (ৰেচম)ভাৰতীয় জনতা পাৰ্টিশাল গছ🡆 More