পীতাম্বৰ কবি

পীতাম্বৰ কবি এজন কবি সাহিত্যিক আছিল। তেওঁ চিলাৰায় আৰু শংকৰদেৱৰ সমসাময়িক আছিল যদিও পীতাম্বৰ কবি আনুমানিক শংকৰদেৱতকৈ বয়সত ডাঙৰ আছিল। পীতাম্বৰ কবিৰ জন্মৰ তাৰিখ সম্পৰ্কে নিৰ্দিষ্ট তথ্য পোৱা নাযায়। তেওঁ কবি মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পিছৰ কবি। তেওঁ ৰজা বিশ্বসিংহৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল। খাঁ চৌধুৰী আমানত উল্লা আহম্মদ আৰু ড॰ শশীভূষণ দাস গুপ্তৰ মতে তেওঁৰ অন্যনাম আছিল পীতাম্বৰ সিদ্ধান্ত বাগীশ যি নৰনাৰায়ণৰ সভা পণ্ডিত আৰু ৰাজগুৰু আছিল। সমুদ্ৰ নাৰায়ণৰ বংশাৱলীৰ মতে পীতাম্বৰ সিদ্ধান্ত বাগীশ প্ৰতাপ ভূঞাৰ গুৰু আছিল। চৰিত পুথিৰ মতে তেওঁ পশ্চিম গোৱালপাৰা অঞ্চল অৰ্থাৎ কমতা অঞ্চলৰ লোক।

পীতাম্বৰ কবি
জন্ম ১৫ শতিকা বা তাৰ পূৰ্বৰ
কামৰূপ
মৃত্যু ১৬ শতিকা
পেচা বৈষ্ণৱী কবি
ভাষা গোৱালপৰীয়া
উল্লেখনীয় কৰ্মৰাজি মাৰ্কণ্ডেয় চণ্ডী, ঊষা-পৰিণয়, ভাগৱত দশম স্কন্ধ আৰু নল-দময়ন্তী।

ৰচনাৱলী

পীতাম্বৰ কবিৰ ৰচনাৱলীৰ ভিতৰত মাত্ৰ চাৰিখনৰ বিষয়েহে তথ্য পোৱা যায়। সেই কেইখন হ'ল-

  1. মাৰ্কণ্ডেয় চণ্ডী
  2. ঊষা-পৰিণয়
  3. ভাগৱত দশম স্কন্ধ আৰু
  4. নল-দময়ন্তী।

পীতাম্বৰ আৰু দুৰ্গাবৰে নিজকে নাৰায়ণ বা শ্ৰীৰামৰ চৰণ সেৱক বুলিলেও বা ঠায়ে ঠায়ে ‘নামৰ মাহাত্ম্য’ ঘোষণা কৰিলেও নৱ-বৈষ্ণৱ সাহিত্যৰ একশৰণৰ একাগ্ৰতা আৰু প্ৰচাৰৰ মনোভাৱ তেওঁলোকৰ দেখা নাযায়। পীতাম্বৰ কবিয়ে ‘উষা-পৰিণয়’ত আদি ৰসাত্মক বৰ্ণনা বা তেনে ৰসৰ আভাস দিও যেন সন্তুষ্টি পোৱা নাই, তেওঁ এইবুলি আক্ষেপ কৰিছে -‘ৰতিৰস নিশেষ কহিতে নযুৱায়। পঢ়িব পাঞ্চালী গুৰু-গৌৰৱ সভায়।।”

মাৰ্কণ্ডেয় চণ্ডী

মাৰ্কণ্ডেয় চণ্ডী মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত 'দেৱী মাহাত্ম্য'ৰ অনুবাদ। আনুমানিক এইখনেই কবিজনাৰ প্ৰথম কাব্য। ইয়াত কবি জনাই ৰজা বিশ্বসিংহৰ নাম উল্লেখ কৰিছে। কাব্য খনৰ উক্তিৰ পৰা স্পষ্ট হয় যে, বিশ্বসিংহ জীৱিত অৱস্থাতেই বিশ্বসিংহৰ পুত্ৰ সমৰ সিংহৰ অনুৰোধত এই গ্ৰন্থ খনৰ ৰচনা কৰা হৈছিল। গ্ৰন্থখনৰ কাহিনী সমূহ পয়াৰ আৰু ত্ৰিপদী ছন্দত অনুবাদ কৰা।

ঊষা-পৰিণয়

ঊষা-পৰিণয় কবি জনাৰ দ্বিতীয় ৰচনা। কাব্য খনৰ ৰচনাৰ সময় ১৪৫৫ শক, অৰ্থাৎ ১৫৩৩ চন। কবিজনাই এই কাব্য গ্ৰন্থখনক কাব্য নুবুলি গীতহে আখ্যা দিছে। গ্ৰন্থখনৰ মুঠ গীতৰ সংখ্যা ৩৭টা আৰু এই সমূহ মুঠ ১৪টা ৰাগ-ৰাগিণীত আৱদ্ধ। পীতাম্বৰ কবিয়ে এই কাব্য খনক পাঁচালী আখ্যা দিছে। কাব্যখনৰ বিষয় বস্তু হৰিবংশৰ 'বিষ্ণু পৰ্ব'ৰ ১১৬ শ অধ্যায়ৰ পৰা ১২৮ শ অধ্যায়ৰ অন্তৰ্গত।

ভাগৱত-পুৰাণ

এইখন পীতাম্বৰ কবিৰ তৃতীয় ৰচনা বুলি কোৱা হয়। পুথিখনৰ ৰচনাৰ সময় সম্পৰ্কে একো তথ্য পোৱা নাযায়। অৱশ্যে তেওঁ পুথিখনত শুক্লধ্বজ বা চিলাৰায়ৰ যশ গাইছে। কবিজনাই কাব্য খনত নিজৰ মৌলিকতাৰ প্ৰৱেশ ঘটাই মূলক বিকৃত নকৰাকৈ ভাগৱত-পুৰাণ ৰ কাহিনী বৰ্ণনা কৰিছে।

নল-দময়ন্তী

নল-দময়ন্তী পীতাম্বৰ কবিৰ চতুৰ্থ ৰচনা। তেওঁ ১৪৫৬ শকত অৰ্থাৎ ১৫৩৪ চনত তেওঁ এই কাব্যখনৰ সৃষ্টি কৰে। কেইখনো কবি জনাৰ পাঁচালী কাব্য।

তথ্যসূত্ৰ

Tags:

পীতাম্বৰ কবি ৰচনাৱলীপীতাম্বৰ কবি তথ্যসূত্ৰপীতাম্বৰ কবিচিলাৰায়দুৰ্গাবৰ কায়স্থনৰনাৰায়ণবিশ্বসিংহমনকৰশংকৰদেৱ

🔥 Trending searches on Wiki অসমীয়া:

যুধিষ্ঠিৰজাতীয়তাবাদজোনবিল মেলাদুৰ্গাকাকৈজানা সংৰক্ষিত বনাঞ্চলঅসমৰ পৰম্পৰাগত সাজ-পাৰব্ৰিটিছ ৰাজকামৰূপ ৰাজ্যশকুন্তলাবাণীকান্ত কাকতিজৈৱ বৈচিত্ৰ্যৰামমোহন ৰায়অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাশ্ৰীনিবাস ৰামানুজনআইদেউ সন্দিকৈসাহিত্য অকাডেমি বঁটাভিটামিনশব্দ (অভিধান)অসমৰ ৰেচম শিল্পইয়াত এখন অৰণ্য আছিলনাৰীবিষুৱ ৰেখাৰাধাগোবিন্দ বৰুৱাঅসমৰ জনগোষ্ঠীঅৰুণ শৰ্মামানৱ উন্নয়ন সূচক২৪ এপ্ৰিলমৃত্যুঞ্জয়ওৰাং ৰাষ্ট্ৰীয় উদ্যানবিচূৰ্ণীভৱনমনালিছাসংবিধান দিৱস (ভাৰত)কোচ ৰাজবংশমিকী মাউছৰবীন্দ্ৰনাথ ঠাকুৰইংৰাজী ভাষাতাল (বাদ্যযন্ত্ৰ)বিল গেট্‌ছচৰিত পুথিশ্ৰী শ্ৰী বটদ্ৰৱা থানসাগৰ দেখিছা (কবিতা সংকলন)আহোম ৰাজ্যৰাম বিজয়বিহুৰ খাদ্যভূপেন হাজৰিকাৰ সাহিত্যভগৱানএডৱাৰ্ড জেনাৰবাথৌ পূজাঅসম আৰক্ষীনামঘৰঅসমীয়া লিপিৰ বুৰঞ্জীৰংঘৰভটিমাআলোচনীধৰিত্ৰী দিৱসপুতলা নাচঅসমৰ পৰম্পৰাগত সাজ- পাৰহাড়বৃত্তভাৰত ৰত্নঅসমৰ মাছ ধৰা সঁজুলিভাৰতৰ জাতীয় পতাকাএককোষী জীৱলোকাচাৰসংখ্যাআহোম-মোগলৰ সংঘৰ্ষঅসমৰ পুৰণি স্থাপত্যগাঁও পঞ্চায়তবড়োলেণ্ডমই আৰু নেফাওজাপালিজন গণ মনপাচনসাঁচিপাতভেঁকুৰপ্ৰবীণা শইকীয়াপঞ্চভুজহেমচন্দ্ৰ গোস্বামী🡆 More