কামৰূপ পীঠ

কামৰূপ পীঠ হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ পীঠ বা ভৌগোলিক বিভাজন। কামৰূপ ৰাজ্যক চাৰিখন পীঠত ভাগ কৰা হৈছিল। এই পীঠসমূহৰ বিভাজন বিভিন্ন উৎসত সামঞ্জস্যপূৰ্ণ নহয় কিন্তু সকলো উৎসতে চাৰিখন পীঠৰ উল্লেখ পোৱা যায়। এই পীঠসমূহৰ বিষয়ে সমসাময়িক কালৰ কোনো কামৰূপ শিলালিপিত উল্লেখ কৰা হোৱা নাই। ইয়াতকৈ বহু পিছত অৰ্থাৎ মধ্যযুগীয় গ্ৰন্থসমূহত হে এইসমূহৰ উল্লেখ পোৱা যায়। সেয়ে কিছুমান পণ্ডিতৰ মতে কামৰূপ ৰাজ্যৰ এই বিভাজনবোৰ পৰৱৰ্তী সময়ত মধ্যযুগৰ গ্ৰন্থকাৰ সকলৰ নিজা সৃষ্টি। ষোড়শ-সপ্তদশ শতিকাৰ যোগিনী তন্ত্ৰত কামৰূপ পীঠৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াত প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে।

পীঠসমূহ

কামৰূপ ৰাজ্যক মুঠ চাৰিখন পীঠত ভাগ কৰা হৈছিল। যদিও কিছুমান উৎসত মাত্ৰ তিনিখন পীঠৰ উল্লেখ আছে।

এই চাৰিখন পীঠ হৈছে:

  • ৰত্নপীঠ: কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে আৰু বৰ্তমানৰ পশ্চিম অসমৰ গোৱালপাৰা অঞ্চল,
  • কামপীঠ: সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ আৰু বৰ্তমানৰ নামনি অসমৰ কামৰূপ অঞ্চল,
  • স্বৰ্ণপীঠ: ৰূপহী নদীৰ পৰা ভৈৰৱী নদীলৈকে বৰ্তমান মধ্য অসম অঞ্চল, আৰু
  • সৌমাৰপীঠ: ভৈৰৱী নদীৰ পৰা দিকৰাই নদীলৈ আৰু বৰ্তমানৰ উজনি অসমৰ পূব অঞ্চল।

আনহাতে কামৰূপৰ বুৰঞ্জীৰ অনুসৰি কামৰূপ ৰাজ্যৰ বিভাজন বা পীঠ সমূহ হৈছে:

  • ৰত্নপীঠ: মৌৰং ৰাজ্যৰ পৰা সোণকোষ নদীলৈ,
  • কামপীঠ: সোণকোষ নদীৰ পৰা দুইমুনিচিলালৈ,
  • ভদ্ৰপীঠ: কলং নদীৰ পৰা কৈলাস নদীলৈ, আৰু
  • সৌমাৰপীঠ: দুইমুনিচিলাৰ পৰা দিক্কৰবাসিনীলৈ

বুৰঞ্জীবিদ ডি চি চিৰকাৰে কামৰূপ পীঠৰ তিনিটা পৃথক সংস্কৰণ প্ৰদান কৰিছে। সেইকেইটা ৰ ভিতৰত প্ৰথমটো হৈছে কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ কামপীঠ, সোণকোষৰ পৰা ৰূপহী নদীলৈ ৰত্নপীঠ, ৰূপহীৰ পৰা ভৰলী নদীলৈ সোৱৰ্ণপীঠ, আৰু শদিয়া ওচৰৰ দিবাং নদীৰ পৰা ভৰলীনদীলৈ সৌমাৰপীঠ। দ্বিতীয় সংস্কৰণ অনুসৰি কৰতোৱা নদীৰ পৰা মানস নদীলৈ ৰত্নপীঠ, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত মানসৰ পৰা শিলঘাটলৈ কামপীঠ, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ তথা কামপীঠৰ দক্ষিণে ভদ্ৰপীঠ আৰু ৰাজ্যৰ পূব দিশত সৌমাৰপীঠ। তৃতীয় তথা অন্তিম সংস্কৰণটো হেম সৰস্বতীৰ 'হৰগৌৰী সংবাদ'ৰ পৰা লোৱা হৈছে। ইয়াৰ মতে কৰতোৱাৰ পৰা সোণকোষলৈ ৰত্নপীঠ, সোণকোষৰ পৰা কপিলী নদীলৈ কামপীঠ, ৰূপিকাৰ পৰা ভৈৰৱী নদীলৈ সোৱৰ্ণপীঠ আৰু ভৈৰৱীৰ পৰা দিবাং নদীলৈ সৌমাৰপীঠ।

তথ্য উৎস

গ্ৰন্থৰাজি

Tags:

কামৰূপ ৰাজ্যযোগিনী তন্ত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

কনকলতা বৰুৱাপাকস্থলীশক্তিকলিমাপদুমতেজঅসম বিধানসভাৰংগুৰু আসনভাৰতৰ স্বাধীনতা আন্দোলনহৰপ্পাঢোলব্যষ্টিবাদী অৰ্থনীতিআহোম-মোগলৰ সংঘৰ্ষমিকী মাউছঅসমীয়া কবিতাইলিয়াডপঞ্চায়তী ৰাজক্ৰা দাদি জিলাকানাই বৰশী বোৱা শিলালিপিপৰিমেয় সংখ্যাঅসমৰ সমস্যানাৰীডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়অসমৰ জাতীয় গীতঅসমৰ তেল শোধনাগাৰছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)প্ৰকৃতিভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাৰতৰ সংবিধানদিনকবিৰত্ন সৰস্বতীসংস্কৃতিচান্দ সদাগৰঅসমৰ ইতিহাসঋণাত্মক অখণ্ড সংখ্যাসাপপ্ৰথম বিশ্বযুদ্ধআহোম ৰাজ্যমহাসাগৰমূৰাৰা, ৰঙিয়াবিচূৰ্ণীভৱনজোৰোণথমাছ আলভা এডিচনপালি ভাষাসংঘাতবিৰিঞ্চি কুমাৰ বৰুৱাসংগীত নাটকচন্দ্ৰকুমাৰ আগৰৱালাভূপেন হাজৰিকাদুৰ্গা পূজাবাঁহীশব্দ (অভিধান)ভূমি প্ৰদূষণমৰিগাঁও জিলাফুলসংগীতমনোবিজ্ঞানঅসম আন্দোলনমানৱ ভূগোলঅসম চাহঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাজামুগুৰিহাটহাঁচতিমোৱামৰীয়া বিদ্ৰোহবিজ্ঞাপনতৎসমআধুনিকতাবাদকছাৰী ৰাজ্যহৰিবৰ বিপ্ৰকৰ্কট ক্ৰান্তিধানঅশোকৰ অনুশাসনঅসমীয়া ভাষামোগল সাম্ৰাজ্য🡆 More