লেবাননৰ নাৰী

লেবাননত মহিলাৰ ভূমিকা বিগত সময়ত বিকশিত হৈছে। আৰব অঞ্চলত লেবানন সক্ৰিয় নাৰীবাদী আন্দোলনৰ বাবে পৰিচিত।ব্যক্তিগত মৰ্যাদা আইনত সন্নিৱিষ্ট হৈ থকা আইনী আৰু আৰ্থ-ৰাজনৈতিক বৈষম্য দূৰ কৰাটো তেওঁলোকৰ প্ৰধান লক্ষ্য হিচাপে প্ৰায়েই নিৰ্ণীত হয়।১৭ অক্টোবৰ বিপ্লৱত বিশেষকৈ মহিলাসকলে লেবাননৰ সাম্প্ৰদায়িক ব্যৱস্থাৰ সংস্কাৰৰ আহ্বান জনায়; যাতে নাগৰিকত্ব, উত্তৰাধিকাৰ আৰু ঘৰুৱা হিংসাৰ বিৰুদ্ধে সুৰক্ষাৰ ক্ষেত্ৰত সম অধিকাৰ লাভ কৰিব পৰা যায়।

লেবাননৰ নাৰী
দক্ষিণ লেবাননৰ জেফটাত কেইগৰাকীমান লেবাননৰ নাৰী

১৯৫৩ চনৰ ৮ ফেব্ৰুৱাৰীত লেবাননৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে। সেই সময়ৰ পৰাই লেবাননৰ মহিলাসকলে বহনক্ষম সৱলীকৰণৰ দিশত যথেষ্ট অগ্ৰগতি দেখুৱাবলৈ সক্ষম হৈছিল।১৯৯৭ চনত লেবাননে মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ সন্ধি (Convention on the Elimination of All Forms of Discrimination Against Women, CEDAW)ত যোগদান কৰে। ১৯৯৮ চনত লেবাননে লেবানন মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (NCLW,National Commission for Lebanese Women) গঠন কৰে।

'হিউমেন ৰাইটছ ৱাটচ'ৰ মতে লেবাননৰ কৰ্তৃপক্ষই মহিলাসকলক হিংসাৰ পৰা ৰক্ষা কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে হোৱা বৈষম্যৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত নিজৰ আইনী দায়িত্ব পালন কৰাত ব্যৰ্থ হয়। ট্ৰেন্স মহিলা, মহিলা যৌনকৰ্মী, শৰণাৰ্থী আৰু আশ্ৰয়প্ৰাৰ্থীসকলে লেবাননৰ ডিটেনচন চেণ্টাৰত ধৰ্ষণকে ধৰি ব্যৱস্থাগত হিংসা সহ্য কৰিছে। কাফালা ব্যৱস্থাৰ অধীনত মহিলা প্ৰব্ৰজিত শ্ৰমিকসকলে, তেওঁলোকক সুৰক্ষা দিবলৈ কোনো শ্ৰম আইন নথকা, বিশেষকৈ কভিড-১৯ৰ সংক্ৰমণৰ পিছত, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ হোৱা অৰ্থনৈতিক সংকট আৰু ২০২০ চনৰ আগষ্ট মাহত বেইৰুট বন্দৰ বিস্ফোৰণৰ পিছত নিয়োগকৰ্তাৰ নিৰ্যাতন আৰু গাফিলতিৰ সন্মুখীন হৈছে।

২০২১ চনৰ ১৮ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ সৈতে হোৱা এক অধিবেশনৰ সময়ত লেবাননৰ ইউনিভাৰ্চেল পিৰিয়ডিকেল ৰিভিউ (ইউপিআৰ)-এ লেবাননত মানৱ অধিকাৰৰ ব্যৱস্থা আৰু সুৰক্ষা বৃদ্ধিৰ বাবে ডিজাইন কৰা পৰামৰ্শ দাখিল কৰে। এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ মতে লেবানন চৰকাৰে মহিলাৰ নাগৰিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰৰ সম্পৰ্কীয় মূল বিষয়সমূহৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় হেঁচাত নতশিৰ হ'ব লাগে, বিশেষকৈ ২০১৫ চনত ইয়াৰ শেষ পৰ্যালোচনাৰ পিছত মাত্ৰ কম মাত্ৰাতহে উন্নতি হৈছে। ইউ পি আৰ ৱৰ্কিং গ্ৰুপৰ অধিৱেশনত ৪৭খন চৰকাৰে দিয়া পৰামৰ্শৰ ভিতৰত আছিল কৰ্তৃপক্ষৰ ব্যক্তিৰ জৰিয়তে নিৰ্যাতনৰ অন্ত পেলোৱা আৰু তেওঁলোকৰ শাস্তিমুক্ততা, মানহানি অপৰাধমুক্ত কৰা, কাফালা ব্যৱস্থাক নিৰ্মূল কৰা, আৰু নাগৰিকৰ প্ৰতিবাদ, একত্ৰীকৰণ আৰু বাক স্বাধীনতাৰ অধিকাৰ বৃদ্ধি কৰা।

লেবাননৰ সমাজৰ এক বৃহৎ অংশই এতিয়াও বিবাহৰ পূৰ্বে যৌন সম্পৰ্কৰ বিৰোধিতা কৰে বা একক মাতৃত্বক অস্বীকাৰ কৰে৷ বহু ক্ষেত্ৰত লেবাননৰ মহিলাসকলক বিবাহৰ পূৰ্বে গৰ্ভৱতী হোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ পৰা 'ব্লেকলিষ্ট' কৰা হৈছে।আনকি কিছুমান মানুহে বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক থকাৰ অভিযোগত ভনীয়েক বা কন্যাক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে৷ ইয়াক "সন্মান অপৰাধ" (honor crime) বুলি অভিহিত কৰা হৈছে।

লেবাননত এই পৰিস্থিতিত প্ৰথমাৱস্থাত পিতৃ-মাতৃয়ে পুৰুষজনক নিজৰ ছোৱালীৰ সৈতে বিয়া কৰাই দিবলৈ চেষ্টা কৰে। দ্বিতীয় প্ৰয়াসত মহিলাসকলক গৰ্ভপাত কৰিবলৈ পতিয়ন নিওৱা হয়।

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

শাক-পাচলিজামুগুৰিহাটৰুবুল মাউতআলোচনীদশাৱতাৰমৌৰ্য সাম্ৰাজ্যবিল গেট্‌ছকছাৰী ৰাজ্যৰাছিয়াপায়ু সংগমকেতেকীঅসমৰ লোকগীতশিৱসৌৰ শক্তিধুবুৰী (লোকসভা সমষ্টি)মাজুলীবাণীকান্ত কাকতিউইলিয়াম শ্বেইকছপীয়েৰৰঙিয়া ৰাইজমেলউঁইপৰুৱাঅসমত দেখা পোৱা সাপবোৰমৌখিক ইতিহাসপৰিৱেশ বিজ্ঞানদামোদৰ দেৱতিৱা জনগোষ্ঠীগণৰাজ্য দিৱস (ভাৰত)যোৰহাট জিলাকুমাৰ ভাস্কৰ বৰ্মাছক্ৰেটিছবেদপৰম্পৰাফণী শৰ্মাবৃত্তমুনীন বৰকটকী বঁটাশোণিতপুৰ জিলাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাইউৰোপিয়ান ইউনিয়নচিৰ চেনেহী মোৰ ভাষা জননীবৰ্মণ ৰাজবংশভাৰতীয় মহাকাশ গৱেষণা সংস্থাপাছিঘাটঅনুৰাধা শৰ্মা পূজাৰীহস্তীবিদ্যাৰ্ণৱজৈৱিক কৃষিভাষাচিপাহী বিদ্ৰোহ ১৮৫৭বিত্তীয় ব্যৱস্থাসুভাষ চন্দ্ৰ বসুখনিকৰ (নাট)ইজৰাইলঅসম আৰক্ষীঅসমৰ বাঁহ-বেতৰ শিল্পজেহিৰুল হুছেইনসপ্তকাণ্ড ৰামায়ণশৰাইঘাট দলংঅপভ্ৰংশঅসমীয়া কবিতাদেওধনী নৃত্যগান্ধীবাদপাঠ্যক্ৰমসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ৰাজহুৱা ক্ষেত্ৰশ্ৰী সূৰ্য পাহাৰঅসমৰ মহকুমাসমূহৰ তালিকাবাণীকান্ত ৰচনাৱলীগুণাভিৰাম বৰুৱাবিজ্ঞাপনমধুপুৰ সত্ৰমীৰাবাঈস্বাভাৱিক সংখ্যাঅসমীয়া উপন্যাসঅসমৰ জনগোষ্ঠীহাড়🡆 More