ৰাউতা বড়ো

ৰাউতা বড়ো বা ৰাউতাৰাম বড়ো বা ৰাউতা কোচ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ শ্বহীদ৷ তেওঁৰ পিতৃৰ নাম আছিল, কেহোঁৰাম আৰু মাতৃ হাবেবালা৷ ৰাউতাৰামৰ জন্ম ১৯১৪ চনৰ ১২ এপ্ৰিলত৷ তেওঁ এগৰাকী খেতিয়ক আছিল৷ পাঠশালাৰ বজালী অঞ্চলৰ সাদেৰীৰ কৃষক আছিল ৰাউতা বড়ো৷ ১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত পাটাছাৰকুছি আৰক্ষী থানাৰ তদানীন্তন দাৰোগা তুলামাৰ কেওঁট আৰু চিপাহী চালামৎ আলীৰ গুলীত বজালীৰ ৰিহাবাৰীত দেশৰ হ’কে আত্মাহুতি দি ছহিদ হৈছিল মদন বৰ্মণ আৰু ৰাউতা ৰাম কোচ৷ মদন বৰ্মন ছাত্ৰ আৰু ৰাউতা বড়ো খেতিয়ক আছিল৷ সেই সময়ত অসমত ছাদুল্লা মন্ত্ৰীসভা আছিল৷ চতুৰ্থবাৰৰ বাবে ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰাৰ দিনাই বজালী অঞ্চলৰ বিভিন্ন ঠাইত স্বাধীনতাকামী জনতাৰ ওপৰত পুলিচৰ গুলীবৰ্ষণ হৈছিল৷ ১৯৪২ চনৰ উক্ত গুলীচালনাত মদন বৰ্মনৰ লগতে ৰাউতা বড়োৰ মৃত্যু হৈছিল৷ ২৫ ছেপ্তেম্বৰত নগাঁৱৰ বঢ়মপুৰত হোৱা পুলিচৰ গুলীচালনাৰ প্ৰতিবাদত পাটাছাৰকুছিত সভা হৈছিল৷ স্থান আছিল নিত্যানন্দ, জালাহ, চৌখুটি আৰু বামুণকুছি, চাৰিখন সভা হৈছিল৷ সেই সভাবোৰ চলি থকাকালতে জালাহৰ সভাত তুলাৰাম কেওঁটৰ নিৰ্দেশত সভা ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰা হয়৷ সভাপতি গিৰিশ চন্দ্ৰ চৌধুৰী, বক্তাদ্বয় ক্ৰমে ৰজনীকান্ত শৰ্মা আৰু ভদ্ৰেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰি লৈ যায়৷ এই খবৰ পোৱাৰ লগে লগে বাকী সভাবোৰত সমবেত হোৱা ৰাইজ সদলবলে জালাহৰ ফালে আগবাঢ়ি “তুলাৰামৰ তেজ পিম’’, “তুলাৰামৰ মাথা লাগে’’ আদি ধ্বনি দি যাবলৈ ধৰে৷ উত্তেজিত জনতা ৰিহাবাৰী নামে ঠাইত তুলাৰামৰ মুখামুখী হয় আৰু ৰাইজে বন্দীক মুকলি কৰি দিবলৈ দাবী জনায়৷ তুলাৰাম এই কথাত সৈমান নোহোৱাত তৰ্কাতৰ্কি হয় আৰু উত্তেজিত জনতাক কাবু কৰিবলৈ গুলী চলায়৷১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয় আৰু মৃত্যুৰ সময়ত বিবাহিত ৰাউতা বড়োৰ এটি তিনিমহীয়া সন্তান আছিল৷

তথ্য সূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

একলব্যনলিনীবালা দেৱীগৱেষণাযোগ দৰ্শনঅসমৰ চাহ জনগোষ্ঠীকৃষ্ণনামচিংতথ্যআহোম-মোগলৰ সংঘৰ্ষঅসহযোগ আন্দোলননগাঁও (লোকসভা সমষ্টি)চ'মাংকানগ্ৰহনিৰুপমা বৰগোহাঞিঅসমৰ ৰাজ্যপালসকলৰ তালিকাএৰী ৰেচমআধুনিকতাবাদমহাদেশঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫পৃথিৱীকাৰেংঘৰহিমাংশু প্ৰসাদ দাসঅসমৰ গামোচাঅসমীয়া পুৰণি সাহিত্যপোৱামক্কাঅংকব্ৰিটিছ ৰাজপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যনুৰ জাহান (মোগল সম্ৰাজ্ঞী)বড়ো ভাষামানুহবিশ্ব স্বাস্থ্য সংস্থালভিতাহিন্দী ভাষাৰেৱতী মোহন দত্তচৌধুৰীমনোমতীছ'ভিয়েট সংঘঔষধি উদ্ভিদসাঁথৰগায়ন-বায়নপিঠাব্যৱস্থাপনানীলকণ্ঠী ব্ৰজবহল ব্যাকৰণশৰাইঘাট দলংচ্যু-লিক-ফামণিকৰ্ণেশ্বৰ দেৱালয়বিশ্ব বেংকপথেৰ পাঁচালীআলি আঃয়ে লৃগাংবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণইণ্টাৰনেটঅসমৰ সমস্যাভাষাবিজ্ঞানগুগলৰজনীকান্ত বৰদলৈঅসমৰ মহকুমাসমূহৰ তালিকাএচিদ বৰষুণপিম্পৰা গুচোৱাৰঙিয়া ৰেলৱে সংমণ্ডলহাবুংৰামায়ণদীৰ্ঘেশ্বৰী দেৱালয়উইলিয়াম শ্বেইকছপীয়েৰভগদত্তঅনুবাদবহুকোষী জীৱচ্যু-কা-ফাবেদছুনামিঘৰচিৰিকাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহিউমাছআলেকজেণ্ডাৰ🡆 More