স্থানাংক জ্যামিতি

স্থানাংক জ্যামিতি হ'ল জ্যামিতিৰ এটা শাখা, য'ত সমতলত অৱস্থান কৰা এটা বিন্দুৰ স্থানক এযোৰ সংখ্যাৰ সহায়ত উপস্থাপন কৰা হয়। এই সংখ্যাযোৰক স্থানাংক বুলি কোৱা হয়। সমতলত এটা বিন্দুৰ অৱস্থান জানিবলৈ এযোৰ অক্ষ ব্যৱহাৰ কৰা হয়। y-অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক x-স্থানাংক বা ভুজ বুলি কোৱা হয়। x-অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক y-স্থানাংক বা কোটি বুলি কোৱা হয়। x-অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংকৰ আৰ্হি (x, 0) আৰু y-অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংকৰ আৰ্হি (0, y)।

স্থানাংক জ্যামিতি
চাৰিটা বিভিন্ন বিন্দুক স্থানাংক জ্যামিতিৰ সহায়ত উপস্থাপন। স্থানাংক হিচাপত (2,3) সেউজিয়া, (−3,1) ৰঙা (−1.5,−2.5) নীলা আৰু মূল বিন্দু (0,0) বেঙুনীয়া

স্থানাংক জ্যামিতিৰ উপাদান সমূহৰ ধাৰণা

স্থানাংক জ্যামিতিৰ ক্ষেত্ৰখনত সাধাৰণতে ব্যৱহাৰ হৈ থকা উপাদান সমূহৰ ভিতৰত,

  • x-অক্ষ আৰু y-অক্ষই পৰস্পৰক কটা-কটি কৰা বিন্দুৰ স্থানাংক (0, 0)
  • x-অক্ষৰ সোঁ-পক্ষৰ মান ধণাত্মক আৰু x-অক্ষৰ বাওঁ-পক্ষৰ মান ঋণাত্মক।
  • একেদৰে y-অক্ষৰ ওপৰলৈ ধনাত্মক মান পোৱা যায় আৰু y-অক্ষৰ তললৈ ঋণাত্মক মান সমূহ আহে।
  • x-অক্ষ আৰু y-অক্ষই পৰস্পৰক চেদ কৰি মুঠ চাৰিটা চোক সৃষ্টি কৰে এই চোক সমূহৰ বিন্দু সমূহৰ মান (+, +), (-, +), (-, -), (+, -)হয়।
স্থানাংক জ্যামিতি 
বিন্দুৰ মাজত দূৰত্বক উপস্থাপন

পৰিসৰ

স্থানাংক জ্যামিতিৰ পৰিসৰ যথেষ্ট প্ৰভাৱশালী। বীজগণিত, পদাৰ্থবিজ্ঞান, মহাকাশ বিজ্ঞান, অভিযান্ত্ৰিক, নৌ বিদ্যা, ভূকম্প বিজ্ঞান কাল আদি ক্ষেত্ৰ সমূহত স্থানাংক জ্যামিতিৰ বহুল প্ৰয়োগ কৰা হয়। যদিহে আমি এযোৰ বিন্দুৰ স্থানাংক জানোঁ তেন্তে স্থানাংক জ্যামিতিক আমি বিভিন্ন দিশত ব্যৱহাৰ কৰিব পাৰোঁ।

  • বিন্দু সমূহৰ মাজত দূৰত্ব নিৰ্ণয় কৰিব পৰা যায়।

সমতলত থকা দুটা বিন্দু (x1, y1) আৰু (x2, y2)ৰ মাজৰ দূৰত্বক তলৰ সূত্ৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

    স্থানাংক জ্যামিতি 

আৰু ইয়ে হৈছে পাইথাগোৰাছৰ সূত্ৰ। স্থানাংক জ্যামিতিত ইয়াক 'দূৰত্ব সূত্ৰ' বুলি কোৱা হয়। ইয়াৰ দ্বাৰা এডাল ৰেখাই ভূমিৰ সৈতে উৎপন্ন কৰা কোণৰ মানো নিৰ্ণয় কৰা হয়। মূলবিন্দু (0,0)ৰ পৰা কোনো এটা বিন্দু (x, y)ৰ দূৰত্ব হ'ব-

    স্থানাংক জ্যামিতি 
  • কোনো ৰেখা খণ্ডৰ বাবে সমীকৰণ, মধ্যমান, নটি আদি নিৰ্ণয় কৰিব পাৰি।
  • কোনো এডাল ৰেখা উলম্ব নে সমান্তৰাল নিৰ্ণয় কৰিব পাৰি।
  • সমতলত বিন্দু সমূহে সৃষ্টি কৰা বহুভুজ সমূহৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰিব পৰা যায়।
  • কোনো এটা আকৃতিক প্ৰতিবিম্বিত কৰিবলৈ স্থানান্তৰিত তথা আৱৰ্তন কৰিবলৈ আৰু ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
  • উপবৃত্ত, বক্ৰ, আৰু বৃত্তৰ সমীকৰণ নিৰ্ণয় কৰিবলৈ।

ইতিহাস

গ্ৰীক গণিতবিদ মেনেচমাচে কিছুমান গাণিতিক সমস্যা সমাধান আৰু তত্ত্বসমূহ প্ৰমাণৰ বাবে এটা বিশেষ পদ্ধতি ব্যবহাৰ কৰিছিল যিটো স্থানাংক জ্যামিতিৰ সৈতে বিশেষভাৱে সম্পৰ্কীয়। সেয়ে কেতিয়াবা কোনো কোনোৱে তেওঁকো বিশ্লেষণাত্মক জ্যামিতি বা স্থানাংক জ্যামিতিৰ প্ৰৱৰ্তন কৰিছিল বুলি বিশ্বাস কৰে। সমতলত বিন্দুৰ অৱস্থান বৰ্ণনা কৰাৰ পদ্ধতিটি ফৰাছী গণিতবিদ ৰেনা ডেকাৰ্টচ (১৫৯৬ - ১৬৫০) আৰু পিয়েৰ ডি ফাৰ্মাট ৰ দ্বাৰা প্ৰস্তাৱিত হৈছিল। সেই হ'লেও ৰেনা ডেকাৰ্টচৰ হে বহু সময়ত অকলে নাম লোৱা হয়। ডেকাৰ্টচৰ নাম অনুসৰি সেয়ে স্থানাংক জ্যামিতিক কাৰ্টেচিয়ান জ্যামিতি বুলি কোৱা হয়। ১১শতিকাত পাৰস্যৰ গণিতজ্ঞ ওমৰ খেয়ামে জ্যামিতি আৰু বিজগণিতৰ মাজত এক দৃঢ় সম্পৰ্ক উপস্থাপন কৰিছিল। তেওঁ জ্যামিতিক সমাধানৰ দ্বাৰা সাধাৰণ বৰ্গীয় সমীকৰণ নিৰ্ণয়ৰে সাংখ্যিক আৰু জ্যামিতিক বিজগণিতৰ মাজত থকা দূৰত্ব নোহোৱা কৰিছিল। অৱশ্যে ডেকাৰ্টচৰ দ্বাৰা হে প্ৰকৃত সিদ্ধান্ত এটাত উপনীত হোৱা হয়।

তথ্যসূত্ৰ

Tags:

স্থানাংক জ্যামিতি ৰ উপাদান সমূহৰ ধাৰণাস্থানাংক জ্যামিতি পৰিসৰস্থানাংক জ্যামিতি ইতিহাসস্থানাংক জ্যামিতি তথ্যসূত্ৰস্থানাংক জ্যামিতি

🔥 Trending searches on Wiki অসমীয়া:

ঢোলকলাযোৰানামফাট বিহুৰাইমনা ৰাষ্ট্ৰীয় উদ্যানএলবাৰ্ট আইনষ্টাইনঋতুভূপেন হাজৰিকাহেমাঙ্গ বিশ্বাসমাজুলীভাৰতীয় জাতীয় কংগ্ৰেছমাছনিমতাল (বাদ্যযন্ত্ৰ)পদ্মনাথ গোহাঞি বৰুৱাবৰপেটাআগালমাকাভাওনাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাসূত্ৰধাৰ নৃত্যমাতৃভাষাবাঁহ পূজাঅমিতাজনপ্ৰব্ৰজনদূৰবীক্ষণ যন্ত্ৰবহুৱা নাচলোকসভাৰ অধ্যক্ষমুহাম্মাদঅসম সাহিত্য সভাতলাতল ঘৰবেণুধৰ শৰ্মাবিশ্ব পশু চিকিৎসা দিৱসবৌদ্ধ ধৰ্মভট্টদেৱৰ গদ্যশৈলীজৈৱ বৈচিত্ৰ্যঅসমৰ নদীসমূহৰ তালিকাযক্ষ্মাভূপেন হাজৰিকাৰ সাহিত্যপ্ৰাচীন গ্ৰীচলাভলীনা বৰগোহাঁইঅষ্ট্ৰেলিয়াম'হৰ শিঙৰ পেঁপাশিক্ষাৰ অধিকাৰজাপিবিলএশিঙীয়া গঁড়কৃষ্ণগায়ত্ৰী মহন্তউৰ্দু ভাষাগাঁও পঞ্চায়তচীনৰংবং তেৰাংপূৰবী বৰমুদৈঅৰ্জুনফণী শৰ্মাচিত্ৰলেখা উদ্যান৩০ এপ্ৰিলবাসুদেৱ থানঅম্বিকাগিৰি ৰায়চৌধুৰীকাৰ্বি ভাষাভৌতিক সংস্কৃতিশব্দমুদ্ৰাঅসম বিধানসভাসাহিত্যঅনুভৱ তুলসীঈদ-উল-ফিটৰঅৰুণাচল প্ৰদেশটাই সংস্কৃতিৰ ৰূপৰেখাসাক্ষৰতাঘৰচিৰিকাঅসীমত যাৰ হেৰাল সীমাসালোক সংশ্লেষণবৰগীততীৰ্থনাথ শৰ্মাবাঢ়ৈটোকা🡆 More