পুষ্পৰাম দাস

পুষ্পৰাম দাস (ইংৰাজী: Pushparam Das) কামৰূপ জিলাৰ হাজো অঞ্চলৰ এজন মুক্তি যুঁজাৰু৷ তেখেতে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস পৰ্যন্ত খাটিছিল৷

পৰিচয়

তেখেতৰ জন্ম হয় ১৯০৪ চনত কামৰূপ জিলাৰ হাজোৰ মনাহকুছি অঞ্চলত৷৷ পিতৃৰ নাম ৰজত দাস আৰু মাতৃৰ নাম বানশ্বৰী দাস ৷ দাসৰ ভাতৃৰ নাম নন্দৰাম দাস আৰু পত্নীৰ নাম লাভেশ্বৰী দাস৷ লাভেশ্বৰী দাসৰ সৈতে তেখতেৰ বিবাহ সম্পন্ন হয় ১৯৫২ চনৰ ২৬ মাৰ্চ তাৰিখে৷ ১৯৪২ চনত দাসৰ সৈতে কাৰাবাস খটা এজন বন্ধুৰ নাম আছিল বলোৰাম দাস৷

স্বাধীনতা যুঁজ

তেখেতে ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামৰ ‘ভাৰত ত্যাগ আন্দোলৰ সময়ছোৱাত কাৰাবাস খাটিছিল৷ তেখেতে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ নিজৰ উচ্চ শিক্ষা পৰ্যন্ত বাদ দিছিল৷ বিষ্ণুৰাম মেধি দাসৰ মোমায়েক আছিল আৰু তেখেতেই দাসক কটন কলেজিয়েট স্কুল, বি. বৰুৱা কলেজ আদিত পঢ়ুৱাইছিল৷ তেখেত কংগ্ৰেছ দলৰ সেৱক ৰূপে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিবলগা হৈছিল৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত কাৰাগাৰত থাকোতে দাসে চৰকাৰী আইন অমান্য কৰিবলৈকে কাৰাগাৰৰ ভিতৰত থকা এজোপা বেলগছত উঠি আইন অমান্য কৰিছিল৷ মুক্তি যুজাৰু ৰূপে তেখেতে পোৱা তাম্ৰপত্ৰ পায়ো সেয়া প্ৰত্যাখ্যান কৰিছিল৷

সামাজিক কৰ্ম

তেখেতে গাঁৱত পানীৰ অসুবিধা হোৱাত নিজৰ মাটি দি পুখুৰী খন্দাই দিছিল৷ এখন এম.ভি স্কুল প্ৰতিষ্ঠা কৰিছিল৷ শিক্ষক ৰূপে সেৱা আগবঢ়াইছিল৷ শেষলৈ তেখেতে গুৱাহাটীৰ যোগান বিভাগত চাকৰি কৰিছিল৷

মৃত্যু

১৯৯২ চনৰ ২১ জুন তাৰিখে ৪.৩০ বজাত ছাত্ৰীবাৰী মিছন হাস্পতালত তেখেতৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেখেতে তিনিজন পুত্ৰ, একমাত্ৰ কন্যা আৰু পত্নীক এৰি থৈ যায়৷

তথ্য সূত্ৰ

Tags:

পুষ্পৰাম দাস পৰিচয়পুষ্পৰাম দাস স্বাধীনতা যুঁজপুষ্পৰাম দাস সামাজিক কৰ্মপুষ্পৰাম দাস মৃত্যুপুষ্পৰাম দাস তথ্য সূত্ৰপুষ্পৰাম দাসইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কৃত্ৰিম বুদ্ধিমত্তাৰাতি বিহুবাণীকান্ত কাকতিনলিনীবালা দেৱীনেপোলিয়ন বোনাপাৰ্টপ্ৰথম বিশ্বযুদ্ধগড়গাঁওথমাছ আলভা এডিচনঅসমীয়া ভাষাঅসমীয়া গীতি সাহিত্যফাকে জনগোষ্ঠীমামণি ৰয়ছম গোস্বামীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসমৰ কাঁহ শিল্পপৰ্যাবৃত্ত তালিকাশ্ৰীকৃষ্ণকীৰ্তনবৰপেটাজাতনামশোণিত কুঁৱৰীভাৰতত মহিলা শিক্ষাসমাজলক্ষ্মীনাথ বেজবৰুৱামৈদামঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰস্বামী বিবেকানন্দভূমি প্ৰদূষণঅসমীয়া ব্যাকৰণবিহুৰ বাদ্যযন্ত্ৰখ্ৰীষ্টান ধৰ্মভঠেলিদেওপাহাৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমদন কামদেৱ দেৱালয়অৰ্জুন ভঞ্জনসদৌ অসম ছাত্ৰ সন্থাকলাখাৰস্বদেশী আন্দোলনসম্পাদনানিৰ্মলপ্ৰভা বৰদলৈমৌখিক ইতিহাসআউনীআটী সত্ৰনগাঁও (লোকসভা সমষ্টি)নীলকণ্ঠী ব্ৰজযোৰানামআমেৰিকা যুক্তৰাষ্ট্ৰবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণম'হৰ শিঙৰ পেঁপাসংক্ৰমণদিনপাইক প্ৰথাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাভাওনাহিন্দী ভাষাএলবাৰ্ট আইনষ্টাইনঅসমৰ জনগোষ্ঠীকালিদাসবায়ু প্ৰদূষণঅস্বাভাৱিক মনোবিজ্ঞানজুবিন গাৰ্গস্বৰাজৰাসোৎসৱদশাৱতাৰৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাএ পি জে আব্দুল কালামশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘসমাৰ্থক শব্দভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহসংঘাতযোৰহাটবিহু নৃত্যমে ডাম মে ফিব্ৰহ্মপুত্ৰ নদৰোমাণ্টিক কবিতাযৌন সংগমপায়ু সংগম🡆 More