উদজান বা হাইড্ৰ'জেন (ইংৰাজী: Hydrogen) এটা ৰাসায়নিক মৌল। আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়। হাইড্ৰ'জেনৰ ৰাসায়নিক চিহ্ন হ'ল H। ইয়াৰ আণৱিক সংকেত H2 আৰু পাৰমাণৱিক সংখ্যা ১। হাইড্ৰ'জেন বিশ্বত সকলোতকৈ বেছিকৈ পোৱা মৌলসমূহৰ ভিতৰত অন্যতম। হাইড্ৰ'জেনৰ সচৰাচৰ পোৱা আইছ'টপটো হৈছে 'প্ৰটিয়াম'।
হাইড্ৰ'জেন গেছ পোণপ্ৰথমে হেনৰি কেভেণ্ডিছ নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে ১৭৮১ চনত আৱিষ্কাৰ কৰিছিল। তেওঁ এই গেছ আৱিষ্কাৰ কৰাৰ সময়ত নাম ৰাখিছিল 'দাহ্য বায়ু'। পাছত ফৰাচী ৰসায়নবিদ এণ্টোয়ান লৰেণ্ট লেভয়ছিয়াৰে এই দাহ্য বায়ুক 'জল উৎপাদক' বুলি নামকৰণ কৰে। বায়ুৰ সংস্পৰ্শত জ্বলিলে পানী উৎপন্ন হোৱাৰ ধৰ্মটোৰ বাবে ইয়াক এই নামেৰে নামকৰণ কৰা হয়। পানীৰ ৰাসায়নিক সংকেত H2O। পানী দুটা H ৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু থাকে।
H2 গেছ বৰ্ণহীন,গন্ধহীন আৰু স্বাদহীন। পানীৰ লগত ইয়াৰ দ্ৰৱণতাৰ মাত্ৰা কম। হাইড্ৰ'জেনৰ এটা অণুত দুটা পৰমাণু থাকে। এই গেছ দাহ্য,কিন্তু দহনত সহায় নকৰে। অক্সিজেন গেছ জ্বলালে হাইড্ৰ'জেন গেছৰ নীলা শিখা আৰু পানী উৎপন্ন হয়। সেই কাৰণে ইয়াক 'জল উৎপাদক' বুলি কোৱা হয়।
হাইড্ৰ'জেন গেছ মুক্ত অৱস্থাত নিচেই কম পৰিমাণে পোৱা যায় যদিও যৌগ হিচাপে প্ৰচুৰ পৰিমাণে পোৱা যায়। হাইড্ৰ'জেনৰ মূল উৎস হ'ল পানী। অম্ল, ক্ষাৰ আৰু অন্যান্য বহুতো জৈৱ যৌগত হাইড্ৰ'জেন থাকে।
সাধাৰণতে, এচিড,খাৰ আৰু পানীৰ পৰা এই গেছ প্ৰস্তুত কৰা হয়। পৰীক্ষাগাৰত জিংক ছালফেট আৰু পনীয়া ছালফিউৰিক এচিডৰ লগত সাধাৰণ উষ্ণতাত বিক্ৰিয়া ঘটাই হাইড্ৰ'জেন গেছ প্ৰস্তুত কৰা হয়। অলপ পৰিমাণৰ H2 উৎপন্ন কৰিবৰ বাবে পৰীক্ষাগাৰত উলফ বটল ব্যৱহাৰ কৰা হয়। পানী অপসাৰণৰ দ্বাৰা ইয়াক সংগ্ৰহ কৰা হয়। প্ৰয়োজনমতে বা নিয়মিতভাৱে হাইড্ৰ'জেন পাবৰ বাবে 'কিপৰ যন্ত্ৰ' ব্যৱহাৰ কৰা দৰকাৰ। বিশুদ্ধ হাইড্ৰ'জেন গেছৰ পাবৰ বাবে 'u' আকৃতিৰ টিউবত বেৰিয়াৰ হাইড্ৰ'জেনৰ পালত আৰু গৰম জলীয় দ্ৰৱণ নিকেল তড়িৎ বিশ্লেষণ কৰিলে কেথডদ্বাৰত H2 গেছ উৎপন্ন হয়। পনীয়া ছালফিউৰিক এচিড বা পনীয়া হাইড্ৰ'ক্লৰিক এচিডৰ লগত লো,এলুমিনিয়াম,মেগনেছিয়াম আদি ধাতুৰ বিক্ৰিয়া ঘটালে H2 উৎপন্ন হয়। উত্তপ্ত আৰু গাঢ় কষ্টিক বা কষ্টিক পটাছৰ দ্ৰৱনৰ লগত জিংক,এলুমিনিয়াম ধাতুৰ বিক্ৰিয়া ঘটাইও H2 উৎপন্ন কৰিব পৰা যায়।
হাইড্ৰ'জেন এবিধ উৎকৃষ্ট বিজাৰক। পেলাডিয়াম প্লাটিয়াম,নিকেল,কোবাল্ট আদি ধাতুৱে উত্তপ্ত অৱস্থাত হাইড্ৰ'জেন গেছ শোষণ কৰিব পাৰে। ধাতুৱে এনেদৰে গেছ শোষণ কৰা প্ৰক্ৰিয়াক অন্তৰ্ধৃতি বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰে শোষিত হাইড্ৰ'জেনক 'অন্তৰ্ধৃত হাইড্ৰ'জেন' নামেৰে জনা যায়। কোনো যৌগৰ পৰা উৎপন্ন হোৱা মুহূৰ্ততে হাইড্ৰ'জেনক 'জাইমান হাইড্ৰ'জেন' নামেৰে জনা যায়। সাধাৰণ হাইড্ৰ'জেনতকৈ জায়মান হাইড্ৰ'জেন অধিক শক্তিশালী বিজাৰক পদাৰ্থ। সাধাৰণ উষ্ণাতাত হাইড্ৰ'জেন 'অৰ্থ' আৰু 'পেৰা' হাইড্ৰ'জেন হিচাপে ৩.১ অনুপাত সাম্যৱস্থাত মিশ্ৰণ হৈ থাকে।
This article uses material from the Wikipedia অসমীয়া article উদজান, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.