মেকুৰী: পোহনীয়া স্তন্যপায়ী জন্তু

পোহনীয়া মেকুৰী (ইংৰাজী: domestic cat) (Felis catus বা Felis silvestris catus) হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান মাংসভোজী পোহনীয়া স্তন্যপায়ী জন্তু। সাধাৰণতে ঘৰুৱাভাৱে পলা অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু আন মেকুৰীজাতীয় প্ৰাণীৰ পৰা বেলেগকৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নাথাকে। ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে বৰ গুৰুত্ব দিয়ে।

পোহনীয়া মেকুৰী
মেকুৰী: পোহনীয়া স্তন্যপায়ী জন্তু
ছয় ধৰণৰ মেকুৰী
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
উপবৰ্গ: Feliformia
পৰিয়াল: Felidae
উপপৰিয়াল: Felinae
গণ: Felis
প্ৰজাতি: F. catus
বৈজ্ঞানিক নাম
Felis catus
Linnaeus, 1758
সমাৰ্থক

Felis silvestris catus (subjective synonym)
Felis catus domestica (invalid junior synonym)

মেকুৰী: পোহনীয়া স্তন্যপায়ী জন্তু
অসমত পোৱা মেকুৰী। তিনিটা পোৱালিৰে সৈতে মাক

মেকুৰীৰ শক্তিশালী গা, আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। ইহঁতে প্ৰতিক্ৰিয়া বৰ খৰ। ইহঁতে নিগনি বা আন সৰু প্ৰাণীৰ উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। বেছিভাগ আন স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ শুঙা শক্তি বেছি কাঢ়া।

২০০৭ চনৰ জিনীয় অধ্যয়ন এটাৰ মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ চনতে পশ্চিম এছিয়াত আফ্ৰিকীয় বনমেকুৰীৰ (Felis silvestris lybica) পৰা ৰূপান্তৰিত হৈছিল। মেকুৰী পৃথিৱীৰ বৰ জনপ্ৰিয় পোহনীয়া জন্তু, আৰু বৰ্তমান মানুহ থকা প্ৰায় সকলো ঠাইতে ইহঁতক পোৱা যায়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাঘৰুৱাকৰণমানুহস্তন্যপায়ী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

ভট্টদেৱৰ গদ্যশৈলীখোলশিক্ষাআইৰিন পাৰ্লবিগোলকীয় উষ্ণতা বৃদ্ধিবহুভাষাবাদগদ্যবিয়া নামকাৰ্ল মাৰ্ক্সডাকৰ বচনপৰ্যটনগ্ৰীক শ্ৰুতিকথাচুতীয়া ৰাজ্যনাৰীবাদ আৰু সমতাপ্ৰথম বিশ্বযুদ্ধচৰকাৰী ভাষা আন্দোলন (অসম)ব’হাগবাঁহী (আলোচনী)টুক্ৰেশ্বৰী দেৱালয়যুগ্ম সংখ্যাএকচেটীয়া বজাৰৰামমোহন ৰায়ডিব্ৰুগড়জুৰী বৰা বৰগোহাঞিলক্ষ্মীনাথ বেজবৰুৱাশব্দবিহুগীতজাপানৰ নাৰীসৰ্বানন্দ সোণোৱালশকুন্তলাএৰিষ্ট'টললীলা গগৈতিৱা জনগোষ্ঠীহয়গ্ৰীৱ মাধৱ মন্দিৰঅসমৰ গামোচাঅসমীয়া ভাষাসুঁৱৰিশ্ৰীমন্ত শংকৰদেৱমল্লিকা ফুলভাষাপয়ছনৰ অনুপাততিব্বত২০২৩অসম জাতীয় পৰিষদবুলু ফিল্মপাৰ্ৱতি প্ৰসাদ বৰুৱাচিৰ চেনেহী মোৰ ভাষা জননীচ্যু-লিক-ফাআলবেনিয়ান লোকবিশ্বাসকলিমাৱিকিমেনিয়াবিশ্ব থিয়েটাৰ দিৱসখাজুৰাহোছক্ৰেটিছঅৰ্ণৱ, আস্থা আৰু JECনাগাৰা নামচৰক সংহিতায়ুৰি গেগেৰিনবড়ো জনগোষ্ঠীএছিয়াত নাৰী মুক্তি আন্দোলনইছলামবনলতা সেন (কবিতা)মাটিঢোপ খেলচুখাংফাভীমৰাও ৰামজী আম্বেদকাৰফুলগুৰি ধেৱানামচিংড়যোৰহাটঅসমীয়া সাহিত্যত মালিতাভাৰত-আৰ্য ভাষা পৰিয়ালইজৰাইলৰ নাৰীধূমকেতু২০২২🡆 More