কৃষি হ'ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ-জন্তু, পক্ষী, উদ্ভিদ তথা অন্যান্য জীৱ ভিত্তিক খাদ্য নাইবা পণ্যৰ উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বন্য জীৱ প্ৰজাতিৰ ঘৰচীয়াকৰণ আৰু খেতিয়ে সৃষ্টি কৰা খাদ্য-শস্য-পণ্যৰ ৰাহিয়ে সভ্যতাৰ বিকাশত সাৰপানী দিছিল। কৃষিৰ বিজ্ঞানসন্মত অধ্যয়ন তথা গৱেষণা বিদ্যাৰ সুঁতিটোক কৃষি বিজ্ঞান বোলা হয়।
কৃষিকাৰ্য বা কৃষি মানবজাতিৰ আদিমতম পেচা হিচাপে চিহ্নিত। মানুহৰ জীবনধাৰণৰ বাবে শষ্য উৎপাদন বা গৃহপালিত পশু ৰক্ষণাবেক্ষণৰ বাবে যথোচিত খাদ্য আৰু প্ৰয়োজনীয় কেঁচামাল উৎপাদন আৰু সৰবৰাহৰ লগতে অন্য বহু উদ্দেশ্যত প্ৰতিপালনৰ অৰ্থে কৃষিকাৰ্য কৰা হয়। কৃষি কাৰ্য কৰাজনক কৃষক বোলে।
কৃষিকাৰ্যৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। আধুনিক কালত কৃষিৰ উন্নয়ন আৰু উত্তৰণ বহুমুখী জলবায়ু, সংস্কৃতি আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ কৃষিকাৰ্যত উপযুক্ত কলা-কৌশল প্ৰয়োগ আৰু ভূমিৰ উপযুক্ততা নিৰূপণপূৰ্বক ব্যৱহাৰ উপযোগী উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰয়োজন সাপেক্ষে উৎপাাাদন বৃদ্ধিৰ বাবে সময়ে সময়ে প্ৰয়োজনীয় জলসিঞ্চন কৰিবলগীয়া হয়।
কৃষিজাত সামগ্ৰী বৃদ্ধিৰ বাবে আধুনিক কালত কীটনাশক, উদ্ভিদৰ পৰাগণ, সাৰ প্ৰয়োগ আৰু প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান উন্নয়নৰ মাজেৰে ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ প্ৰয়াস চালোৱা হৈছে। ফলত, পৰিৱেশৰ ভাৰসাম্যহীনতাসহ জীববৈচিত্ৰ্যৰ ধ্বংস যজ্ঞ দ্ৰুত হাৰে বৃদ্ধি পাইছে আৰু মানব স্বাস্থ্যৰ ওপৰ নেতিবাচক আৰু বিৰূপ প্ৰভাব পৰিছে।
উৎপাদিত কৃষি পণ্যক কেইবাটাও প্ৰধান ভাগত ভাগ কৰা হৈছে। ইয়াৰ ভিতৰত খাদ্য, তন্তুজাত পদাৰ্থ, ইন্ধন আৰু কেঁচামাল সামগ্ৰী অন্যতম। একবিংশ শতাব্দীত উদ্ভিদৰ পৰা জৈৱইন্ধন, জৈৱঔষধ, জৈৱপ্লাষ্টিকজাত পণ্য উৎপাদনসহ ঔষধ শিল্পত ব্যৱহাৰ কৰা হৈছে। নিৰ্দিষ্ট খাদ্যসামগ্ৰীৰ ভিতৰত আঁহজাতীয় শষ্য, শাক−পাচলি, ফলমূল আৰু মাংস; তন্তুজাত দ্ৰব্যৰ ভিতৰত তুলা, উণ, ৰেচম আদি; কেঁচামালৰ ভিতৰত কাঠ আৰু বাঁহ অন্যতম। অন্যান্য প্ৰয়োজনীয় উদ্ভিদজাত পণ্যৰ ভিতৰত ৰেজিনে গুৰুত্বপূৰ্ণ স্থান দখল কৰে আছে। জৈৱইন্ধন হিচাপে মিথেন, ইথানল আৰু বায়োডিজেল আদি। ইয়াৰোপৰি, ফুল, পোহনীয়া প্ৰাণী, বিশেষ প্ৰজাতিৰ মাছ, চৰাই কৃষি পণ্য হিচাপে বিবেচিত। বিশ্ববেংকৰ নিৰ্দেশনা আৰু লক্ষ্যমাত্ৰা অনুসৰি খাদ্য উৎপাদন বৃদ্ধি আৰু জল ব্যবস্থাপনাৰ ওপৰত বিশ্বব্যাপী সচেতনতা বৃদ্ধিৰ লগতে বিতৰ্কৰ পৰিবেশ সৃষ্টি হৈছে।
২০০৭ চনত বিশ্বৰ এক-তৃতীয়াংশ লোক কৃষিৰ সৈতে জড়িত আছিল। কিন্তু ইমান বিশাল কৰ্মক্ষেত্ৰতা, কৃষিজাত পণ্য উৎপাদন প্ৰভৃতি বিষয় থকা সত্ত্বেও বৈশ্বিক মুঠ উৎপাদনত ইয়াৰ অৱদান ৫%-তকৈও কম।
১৯৪০-ৰ দশক পৰা কৃষি উৎপাদন অত্যন্ত নাটকীয়ভাবে বৃদ্ধি পাইছিল। ইয়াৰ প্ৰধান কাৰণ আছিল ইন্ধন নিৰ্ভৰ যান্ত্ৰিক পৰিবহণ, সাৰ আৰু কীটনাশকৰ ব্যাপক ব্যৱহাৰ। ইয়াৰে বেছিভাগ হৈছে জীবাশ্ম বা কয়লাজাত ইন্ধন।
কৃষি নীতিৰ যোগেদি কৃষিজাত পণ্য উৎপাদন, বিপণন, সৰবৰাহ পদ্ধতিৰ ওপৰত কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। সচৰাচৰ কৃষিকাৰ্যৰ নীতিসমূহ প্ৰণয়নৰ সময় নিম্নোক্ত প্ৰধান বিষয়সমূহ আলোকপাত কৰা হয় -
ৱিকিভাৰ্চিটিত Agriculture at বিষয় সংক্ৰান্তিয় শিক্ষন সামগ্ৰী আছে। |
Farmer Power: The Continuing Confrontation between Subsistence Farmers আৰু Development Bureaucrats by Tony Waters at Ethnography.com [1]
This article uses material from the Wikipedia অসমীয়া article কৃষি, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.