খিলঞ্জীয়া লোক: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা

খিলঞ্জীয়া লোকসকল (অৰ্থ:পুৰণিকলীয়া আহোম শব্দ খি-লন-জি ৰ পৰা অহা; ইংৰাজী: Indigenous peoples) হৈছে এনে নৃগোষ্ঠীয় লোক যিসকল কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা। আন কোনো লোক যিসকলে শেহতীয়াকৈ কোনো অঞ্চলত বসবাস, দখল বা উপনিবেশ স্থাপন কৰিছে তেওঁলোকক খিলঞ্জীয়া লোক বোলা নহয়। খিলঞ্জীয়া লোকসকল ভূমিপুত্ৰ, থলুৱা লোক, প্ৰথম জনগণ, প্ৰথম জাতি আদি নামেৰেও জনা যায়। সাধাৰণতে কোনো গোটক খিলঞ্জীয়া হিচাপে বৰ্ণনা কৰা হয় যেতিয়া তেওঁলোকে পৰম্পৰাগত সংস্কৃতি বা আন কোনো প্ৰাৰম্ভিক সংস্কৃতিৰ সৈতে সম্পৰ্কিত দৃষ্টিভঙ্গিসমূহ মানি চলে। সকলো খিলঞ্জীয়া লোকেই এনে বৈশিষ্ট্য মানি নচলিবও পাৰে, কাৰণ বহুতো ক্ষেত্ৰত তেওঁলোক ঔপনিবেশিক সংস্কৃতি যেনে সাজপাৰ, ধৰ্ম বা ভাষা আঁকোৱালি ল'ব পাৰে। খিলঞ্জীয়া লোকসকলে কোনো নিৰ্দিষ্ট অঞ্চলত বাস কৰিব পাৰে বা এক বিশাল অঞ্চলজুৰি যাযাবৰ জীৱন-যাপন কৰিব পাৰে, কিন্তু তেওঁলোক সাধাৰণতে ঐতিহাসিকভাবে এক নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত বা নিৰ্ভৰশীল। খিলঞ্জীয়া সমাজসমূহ পৃথিৱীৰ প্ৰতিটো জলবায়ু অঞ্চল আৰু মহাদেশতে পোৱা যায়।

খিলঞ্জীয়া লোক: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা
ব্ৰাজিল আৰু পাৰাগুৱেৰ খিলঞ্জীয়া গুৰানি লোক
খিলঞ্জীয়া লোক: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা
কানাডাৰ খিলঞ্জীয়া ইনুইট লোক

ব্যুৎপত্তি

খিলঞ্জীয়া শব্দটো টাই-আহোম ভাষাৰ শব্দ খি-লন-জিৰ পৰা আহিছে যাৰ অৰ্থ হৈছে পুৰণিকলীয়া। ইয়াক অসম ৰাজ্যৰ থলুৱা বাসিন্দা সকলক বুজাবলৈ ব্যবহাৰ কৰা হৈছিল। ইয়াৰ উপৰি ডফলা সকলক বুজাবলৈ খি-লি-মি শব্দ ব্যবহাৰ কৰা হৈছিল।

সুৰক্ষা

খিলঞ্জীয়া লোকসকল সচৰাচৰ তেওঁলোকৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক সুস্থতা আৰু তেওঁলোকৰ সংস্কৃতি নিৰ্ভৰশীল সম্পদসমূহৰ প্ৰতি ভাবুকিৰ সন্মুখীন হয়। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ যেনে ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা, বিশ্ব বেংক আদিয়ে তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ দ্বাৰা ৰাজনৈতিক অধিকাৰ নিৰ্ধাৰণ কৰিছে। ২০০৭ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় নীতি পৰিচালনাৰ বাবে "খিলঞ্জীয়া লোকৰ অধিকাৰৰ ঘোষণাপত্ৰ" (Declaration on the Rights of Indigenous Peoples; UNDRIP) জাৰি কৰে য'ত খিলঞ্জীয়া লোকৰ সংস্কৃতি, পৰিচয়, ভাষা আৰু কৰ্মসংস্থান, স্বাস্থ্য, শিক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি অধিকাৰ কথা উল্লেখ কৰা হয়। এক সমীক্ষা অনুসৰি খিলঞ্জীয়া লোকৰ মুঠ জনসংখ্যা ২২ৰ পৰা ৩৫ কোটি বুলি অনুমান কৰা হৈছে।

বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস প্ৰতিবছৰৰ ৯ আগষ্টত পালন কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

আহোম ভাষাইংৰাজী ভাষামহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

পদুমশামুকহিতেশ্বৰ শইকীয়াঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাচুতীয়া ৰাজ্যশিক্ষাৰ অধিকাৰওজাপালিপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰহেমচন্দ্ৰ বৰুৱাযুগ্ম সংখ্যাআহোম জনগোষ্ঠীলোকসভাৰ অধ্যক্ষবৰ্মণ ৰাজবংশপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যসিন্ধু সভ্যতাচিংফৌ জনগোষ্ঠীঅসমীয়া বান্দৰমুখমৈথুনঔষধি উদ্ভিদমল্লিকা ফুললোনাগৰিকত্বকাতি বিহুবহনক্ষম উন্নয়নৰ লক্ষ্যনৱ-বৈষ্ণৱ ধৰ্মৰাভা ভাষাৰংঘৰঅসমৰ সাধুকথাআত্মসহায়ক গোটআনন্দৰাম বৰুৱামানুহভাৰতৰ উচ্চতম ন্যায়ালয়ঔপনিৱেশিক অসমগদ্যব'হাগ বিহুভাষাহেমাংগ কুমাৰ দত্তনাটকবিহু নৃত্যবাথৌ পূজাকামৰূপ জিলামৌ-মাখিহাড়মামণি ৰয়ছম গোস্বামীপাৰিজাত হৰণ নাটঅসমৰ শাক-পাচলিৰ তালিকাউচ্চ ৰক্তচাপভূপেন হাজৰিকাধেমাজি জিলাজুৰি দত্তযোগ দৰ্শনপঞ্চভুজঅসমত দেখা চৰাইবোৰবৃক্ষঅসমৰ গামোচাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমানচিত্ৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীসাধুকথাহিমন্ত বিশ্ব শৰ্মাদেউৰী জনগোষ্ঠীআহোম ৰাজবংশইতিহাসশৰাইঘাটৰ যুদ্ধভাৰতীয় জনতা পাৰ্টিঋকবেদহীৰেন গোহাঁইহাবুংকবিতাশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰবীন্দ্ৰনাথ ঠাকুৰএইচ টি এম এলকলাখাৰবিহুকামাখ্যা দেৱীলভিতা🡆 More