লিঅ'নাৰ্ড' দা ভিন্সি

লিঅ'নাৰ্ড' দি চেৰ পিয়েৰ' দা ভিন্সি ( উচ্চাৰণ (সহায়·তথ্য); ১৫ এপ্ৰিল ১৪৫২ – ২ মে' ১৫১৯) আছিল ইটালীয়ান নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি: একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক। জিনিয়াছ আখ্যা দিয়া এইজন ব্যক্তিয়ে সম্ভৱ সমসাময়িক আন সকলো ব্যক্তিতকৈ বেছি নৱজাগৰণৰ মানৱতাবাদী আদৰ্শক দাঙি ধৰিছিল। লিঅ'নাৰ্ড'ক প্ৰায়েই অদম্য অনুসন্ধিৎসু মন আৰু অসম্ভৱ কল্পনাশক্তি সমৃদ্ধ বহুমুখী দক্ষতাৰ প্ৰতিভূৰূপে অভিহিত কৰা হয়। তেওঁক সৰ্বকালৰ এজন মহান চিত্ৰশিল্পী হিছাপে আৰু সম্ভৱতঃ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলোতকৈ প্ৰতিভাশালী ব্যক্তি হিছাপে গণ্য কৰা হয়। চিত্ৰ ইতিহাসবিদ হেলেন গাৰ্ডনাৰৰ মতে তেওঁৰ আগ্ৰহৰ পৰিসীমা আছিল নজিৰবিহীন আৰু তেওঁৰ মন আৰু ব্যক্তিত্ব আমাৰ বাবে অতিমানৱীয় যেন লাগে। মাৰ্ক' ৰচিয়ে অৱশ্যে আঙুলিয়াই দিছে যে লিঅ'নাৰ্ডক লৈ অতি চৰ্চা হ'লেও তেওঁৰ বিশ্বদৰ্শন ৰহস্যজনক হোৱাৰ বিপৰীতে যুক্তিসম্পন্ন আছিল, আৰু তেওঁ অৱলম্বন কৰা পৰীক্ষা-লব্ধ পদ্ধতিবোৰ সেই সময়ৰ হিছাপত অসাধাৰণ আছিল।

লিঅ'নাৰ্ড' দা ভিন্সি
লিঅ'নাৰ্ড' দা ভিন্সি
ৰঙা চকেৰে অঁকা আত্ম-প্ৰতিকৃতি, আনুমানিক ১৫১২-১৫১৫ ৰয়েল লাইব্ৰেৰী অৱ টুৰিন
নাম লিঅ'নাৰ্ড' দি চেৰ পিয়েৰ' দা ভিন্সি
জন্ম ১৫ এপ্ৰিল, ১৪৫২
ভিন্সি, ইটালী, ফ্ল'ৰেঞ্চৰ ওচৰত
মৃত্যু ২ মে', ১৫১৯ (৬৭ বছৰ)
এম্‌ব্ৰ'ইচ, ফ্ৰান্স
দেশ ইটালীয়ান
পেচা কলা, বিজ্ঞান আৰু বহুতো ক্ষেত্ৰ
বিপ্লৱ উচ্চ নৱজাগৰণ
কৰ্মৰাজী ম'না লিছা, দা লাষ্ট চাপাৰ, দা ভিট্ৰুভিয়ান মেন

এজন আইনৰ বিষয়া পিয়েৰ' দা ভিন্সি আৰু কৃষক মহিলা কেটেৰিনাৰ বিবাহৰ পূৰ্বেই ইটালীৰ ফ্ল'ৰেঞ্চ প্ৰদেশৰ ভিন্সিত লিঅ'নাৰ্ড'ৰ জন্ম হৈছিল। ফ্ল'ৰেঞ্চৰ বিখ্যাত চিত্ৰকৰ ভেৰ'চ্চিঅ'ৰ ষ্টুডিঅ'ত লিঅ'নাৰ্ড'ই শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক কৰ্ম জীৱনৰ বেছিভাগ সময় মিলানৰ লুড'ভিক' ইল ম'ৰ'ৰ সেৱাত পাৰ হৈছিল। জীৱনৰ শেষ সময় তেওঁ ফ্ৰান্সত ফ্ৰান্সিছ প্ৰথমে দিয়া এটা ঘৰত পাৰ কৰিছিল।

লিঅ'নাৰ্ড ঘাইকৈ চিত্ৰশিল্পীৰূপে প্ৰসিদ্ধ। তেওঁৰ চিত্ৰকৰ্মৰ ভিতৰত "ম'না লিছা" হৈছে সকলোতকৈ বিখ্যাত আৰু দা লাষ্ট চাপাৰ হৈছে সকলোতকৈ বেছি পুনঃঅঙ্কিত ধৰ্মীয় চিত্ৰ। কেৱল মাইকেলেঞ্জেল'দা ক্ৰিয়েচন অৱ আডামএহে সেই যশ স্পৰ্শ কৰিব পাৰিছে। লিঅ'নাৰ্ড'ৰ দা ভিট্ৰুভিয়ান মেনৰ অংকনকো এক সাংস্কৃতিক প্ৰতীক হিছাপে গণ্য কৰা হয়, ইউৰ', পাঠ্যপুথি আৰু টি-ছাৰ্টৰ দৰে সামগ্ৰীত ই স্থান পাইছে। তেওঁৰ পোন্ধৰখন ছবি এতিয়া পোৱা যায়; সম্ভৱ তেওঁৰ নিৰন্তৰ নতুন কৌশলৰ পৰীক্ষা আৰু কাম পিছলৈ পেলাই থোৱা অভ্যাস এই কম সংখ্যাৰ বাবে দায়ী। এইখিনি আৰু তেওঁৰ নক্সা, বৈজ্ঞানিক চিত্ৰ, ছবি সম্পৰ্কে তেওঁৰ ধাৰণা সম্বিলিত টোকাবহীবোৰে পিছৰ প্ৰজন্মৰ শিল্পীসকলক বাৰুকৈ প্ৰভাৱিত কৰিছে যাৰ প্ৰতিদ্বন্দ্ব্বিতা কেৱল তেওঁৰ সমসাময়িক মাইকেলেঞ্জেল'ইহে কৰিব পাৰিছে।

লিঅ'নাৰ্ড'ৰ প্ৰযুক্তিমূলক উদ্ভাৱনবোৰো আছিল অসাধাৰণ। তেওঁ হেলিকপ্টাৰ, টেংক, সৌৰ শক্তি. কেলকুলেটৰ, আৰু প্লেট টেক্‌টনিক্‌ছৰ ধাৰণা আগবঢ়াইছিল। তেওঁৰ ৰূপাঙ্কনসমূহৰ অতি কম সংখ্যকহে সেই কালত সজা হৈছিল। কিন্তু তেওঁৰ সৰু কিছুমান উদ্ভাৱন যেনে স্বয়ংক্ৰিয় ববিন ৱাইণ্ডাৰ আৰু তাঁৰৰ শক্তি পৰীক্ষা কৰা সঁজুলি সহজেই বাণিজ্যিক জগতত প্ৰবেশ কৰিছিল। এনাটমী, অসামৰিক অভিযান্ত্ৰিক বিদ্যা, আলোকবিদ্যা আৰু হাইড্ৰ'ডাইনামিক্‌ছ বিষয়তো তেওঁ কিছুমান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল যদিও সেইবোৰ প্ৰকাশ কৰা নাছিল আৰু সেইবোৰে পিছৰ কালৰ বিজ্ঞানত কোনো প্ৰভাৱ পেলোৱা নাছিল।

পাদটীকা

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

বহিঃসংযোগ

Tags:

লিঅ'নাৰ্ড' দা ভিন্সি পাদটীকালিঅ'নাৰ্ড' দা ভিন্সি তথ্যসূত্ৰলিঅ'নাৰ্ড' দা ভিন্সি গ্ৰন্থপঞ্জীলিঅ'নাৰ্ড' দা ভিন্সি বহিঃসংযোগলিঅ'নাৰ্ড' দা ভিন্সিIt-Leonardo di ser Piero da Vinci.oggen:Helen Gardner (art historian)এই শব্দটোৰ বিষয়েচিত্ৰ:It-Leonardo di ser Piero da Vinci.oggৱিকিপিডিয়া:Media help

🔥 Trending searches on Wiki অসমীয়া:

কল্পনা চাওলাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯গৰুঅসমীয়া খবৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাকীৰ্তন ঘোষা সংকলনআৱাহন (আলোচনী)কৃষ্ণচূড়াঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকামহামায়া ধামৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)মণিপুৰকানাই বৰশী বোৱা শিলালিপিসপ্তকাণ্ড ৰামায়ণব্ৰহ্মপুত্ৰ নদঅসমৰ সমস্যাসাধুকথাশক্তিজোনবিল মেলাকলশিৱসাগৰ জিলাগণতন্ত্ৰতামোলমহাকাব্যবাঁহী (আলোচনী)টকা (বাদ্য)নক্ষত্ৰহীৰেন গোহাঁইসমাজতত্ত্বএশিঙীয়া গঁড়শচীন তেণ্ডুলকাৰমৰাণ জনগোষ্ঠীপ্ৰাকৃতিক দুৰ্যোগনৰকাসুৰৰাতি বিহুচিকিৎসা বিজ্ঞানহনুমানআল্লাহলোকসভাহিন্দু ধৰ্মঅসমৰ সাহিত্যিকসকলৰ তালিকাকামৰূপ ৰাজ্যঅসম আন্দোলনমামণি ৰয়ছম গোস্বামীযৌন সংগমগোলকীয় উষ্ণতা বৃদ্ধিপ্ৰদূষণভাৰতৰ ৰাষ্ট্ৰপতিআমাৰ অসমঅংকীয়া নাটভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅনুৰাধা শৰ্মা পূজাৰীনুৰ জাহান (মোগল সম্ৰাজ্ঞী)অসমৰ জনগোষ্ঠীআহোম জনগোষ্ঠীঅণুবীক্ষণ যন্ত্ৰলোকভাষাকাল সংহতি২৩ এপ্ৰিলদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰভট্টদেৱযুগ্ম সংখ্যাদুৰ্গা পূজাবায়ু প্ৰদূষণজাভাদীৰ্ঘেশ্বৰী দেৱালয়মণিৰাম দেৱানবতাহচন্দ্ৰসূৰ্যকুমাৰ ভূঞাঅৰ্থনীতিআঁহতমৌখিক পৰম্পৰাদিহানামনগাঁও (লোকসভা সমষ্টি)অসমহাতীপটি🡆 More