ৱিক্স্যনেৰী

ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ। ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰে ৱিক্স্যনেৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পৰিচালনা কৰে আৰু স্বেচ্ছাসেৱীসকলে সহযোগিতাৰে লিখে। ইয়াৰ ৱিকি ছফ্টৱেৰ মিডিয়াৱিকিৰ জৰিয়তে ইণ্টাৰনেট সংযোগ থকা যিকোনো লোকে ৱিক্স্যনেৰীত সৃষ্টি আৰু সম্পাদনা কৰিব পাৰে।

ৱিক্স্যনেৰী
Wiki অসমীয়াWiktionary logoWiki অসমীয়াWiktionary logo soft2i
ইউ আৰ এল www.wiktionary.org
শ্লোগান মুক্ত অভিধান
বাণিজ্যক নহয়
প্ৰকাৰ অনলাইন অভিধান
পঞ্জীয়ন বৈকল্পিক
ভাষা বহুভাষিক (১৭০ৰো বেছি) es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সমাজ
মুকলি ১২ ডিচেম্বৰ ২০০২; ২১ বছৰ আগত (2002-12-12)
এলেক্সা স্থান positive decrease ৫২৬ (July 2017)
বৰ্তমান স্থিতি সক্ৰিয়

ছপা মাধ্যমৰ সীমাবদ্ধতা নথকাৰ বাবে ৱিক্স্যনেৰীৰ বেছিভাগ ভাষাৰ সংকলনত বহু ভাষাৰ শব্দৰ সংজ্ঞা আৰু অনুবাদ অন্তৰ্ভুক্ত কৰা হয়। কিছুমান সংকলনত Thesaurus আৰু lexicon-ত পোৱা অতিৰিক্ত তথ্যও সন্নিৱিষ্ট কৰা হয়।

ইতিহাস আৰু বিকাশ

ডেনিয়েল এষ্টনৰ প্ৰস্তাৱ আৰু ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ এটা ধাৰণাৰ আঁত ধৰি ২০০২ চনৰ ১২ ডিচেম্বৰত ৱিক্স্যনেৰীৰ আৰম্ভণি হয়। ২০০৪ চনৰ ২৮ মাৰ্চত ফৰাচী আৰু প'লিচ ভাষাত ৱিক্স্যনেৰীৰ কাম আৰম্ভ হয়। তাৰ পাছত বহু ভাষাত ৱিক্স্যনেৰী আৰম্ভ কৰা হৈছে। ২০০৪ চনৰ ১ মে'লৈকে এটা অস্থায়ী ড'মেইন নামত (wiktionary.wikipedia.org) ৱিক্স্যনেৰীৰ কাম চলোৱা হৈছিল আৰু ইয়াক বৰ্তমানৰ ড'মেইন নামলৈ অনা হয়। ২০১৬ চনৰ নৱেম্বৰৰ তথ্য অনুসৰি ৱিক্স্যনেৰীত ২.৫৯ কোটি অন্তৰ্ভুক্তি আছে। ৬৬ লাখৰো অধিক অন্তৰ্ভুক্তিৰে ইংৰাজী ৱিক্স্যনেৰীয়েই সকলোতকৈ ডাঙৰ সংকলন। বৰ্তমান ৪১খন ৱিক্স্যনেৰী সংকলনত এক লাখৰো বেছি অন্তৰ্ভুক্তি আছে।

টোকা

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ৱিক্স্যনেৰী ইতিহাস আৰু বিকাশৱিক্স্যনেৰী টোকাৱিক্স্যনেৰী তথ্য সংগ্ৰহৱিক্স্যনেৰী বাহ্যিক সংযোগৱিক্স্যনেৰীঅভিধানমিডিয়াৱিকিৱিকিৱিকিপিডিয়াৱিকিমিডিয়া ফাউণ্ডেশ্যনৱৰ্ল্ড ৱাইড ৱেব

🔥 Trending searches on Wiki অসমীয়া:

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবিজ্ঞানউমাচল শিলালিপি১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনহিউৱেন-চাংজোনাকী (আলোচনী)অষ্টাংগিক আৰ্য মাৰ্গভাৰতীয় নাগৰিকত্ব আইনজুবিন গাৰ্গবিষ্ণুৰবীন্দ্ৰনাথ ঠাকুৰমহাভৈৰৱ মন্দিৰকাৰেংঘৰপিয়লী ফুকন (চলচ্চিত্ৰ)পৰিৱেশ বিজ্ঞানঘড়ীজৈন ধৰ্মসৌৰভ কুমাৰ চলিহাঅসমৰ মাছ ধৰা সঁজুলিহেম বৰুৱামৌৰ্য সাম্ৰাজ্যনৃত্যযোৰহাট (লোকসভা সমষ্টি)ক্ষসাহিত্য অকাডেমি বঁটাফাট বিহুভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনতগৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিছক্ৰেটিছভাৰতৰ সংসদ ভৱনসপ্তকাণ্ড ৰামায়ণইতিহাসআন্তৰ্জাতিক মাতৃভাষা দিৱসচুতীয়া ৰাজ্যপায়ু সংগম১৮ এপ্ৰিললক্ষ্মীধৰ শৰ্মালখিমপুৰ (লোকসভা সমষ্টি)মাটিৰ হিচাপনিধানপুৰ তাম্ৰলিপিপুথিভঁৰালসত্ৰজিকিৰব্ৰহ্মপুত্ৰ উপত্যকাঅসম বৈভৱ বঁটাহাইদাংচিপাহী বিদ্ৰোহ ১৮৫৭আত্মজীৱনীঅব্যয় পদঅসহযোগ আন্দোলনভাওনাৰামশাল গছনলিনীবালা দেৱীঅসমৰ বাঁহ-বেতৰ শিল্পমামণি ৰয়ছম গোস্বামীআজান পীৰৰ দৰগাহভটিমাফুলগুৰি ধেৱাৰাৱণবগা বালিমাহীলখিমপুৰ জিলাঅসমীয়া সাহিত্যঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাভাৰতৰ সংবিধানগোলকীয় উষ্ণতা বৃদ্ধিঅনিৰুদ্ধবৰপেটা সত্ৰজোনবিল মেলাগোলকীকৰণদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাসাপ🡆 More