দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকা (ইংৰাজী: South Africa), আনুষ্ঠানিক নাম দক্ষিণ আফ্ৰিকা গণৰাজ্য (ইংৰাজী: Republic of South Africa, চমুকৈ আৰএচএ), হৈছে আফ্ৰিকা মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ চাৰিসীমাৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰে ২,৭৯৮ কিলোমিটাৰ বিস্তৃত দক্ষিণ আফ্ৰিকাৰ উপকূল অঞ্চলৰ সৃষ্টি কৰিছে। দেশখনৰ উত্তৰে প্ৰতিবেশী দেশ নামিবিয়া, ব'তছোৱানা আৰু জিম্বাবুৱে অৱস্থিত; উত্তৰ আৰু উত্তৰ-পূব দিশত মোজাম্বিক আৰু এস্বাটিনি দেশ। ল'চ'থ' দেশখনক দক্ষিণ আফ্ৰিকাৰ ভূখণ্ডই সম্পূৰ্ণভাৱে আৱৰি ৰাখিছে। দক্ষিণ আফ্ৰিকা মাটিকালৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ দক্ষিণাঞ্চলৰ বৃহত্তম দেশ আৰু পৃথিৱীৰ ২৪তম বৃহত্তম দেশ, আনহাতে ৫.৮ কোটি জনসংখ্যাৰে ই পৃথিৱীৰ ২৪তম জনবহুল দেশ। দক্ষিণ আফ্ৰিকা পুৰণা বিশ্ব বা পূব গোলাৰ্ধৰ মূল ভূখণ্ডৰ দক্ষিণতম দেশ আৰু বিষুৱ ৰেখাৰ সম্পূৰ্ণ দক্ষিণে অৱস্থিত সৰ্বাধিক জনবহুল দেশ। দক্ষিণ আফ্ৰিকাৰ প্ৰায় ৮০% বাণ্টু জনগোষ্ঠীৰ বংশোদ্ভোৱৰ, যিসকল বিভিন্ন আফ্ৰিকান ভাষাৰ ভাষিকৰ মাজত বিভক্ত। এনে ৯টা ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। দক্ষিণ আফ্ৰিকা বাকী জনসংখ্যাৰ ভিতৰত ইউৰোপীয় লোক, এছীয় তথা ভাৰতীয় লোক, আৰু বহুজাতীয় লোক উল্লেখযোগ্য।

দক্ষিণ আফ্ৰিকা এখন বহু সংস্কৃতি, ভাষা আৰু ধৰ্মৰ সমন্বিত সমাজ। দেশখনৰ সংবিধানে ১১টা ভাষাক চৰকাৰী ভাষাৰ স্বীকৃতি দিছে, যি পৃথিৱীৰ চতুৰ্থ সৰ্বাধিক সংখ্যা। ইয়াৰ মাজতে দুটা ভাষা ইউৰোপীয় বংশোদ্ভূত: ওলন্দাজ ভাষাৰ পৰা বিকাশ হোৱা আফ্ৰিকান্স ভাষা হৈছে বেছিভাগ বহুজাতীয় তথা শ্বেতাংগ দক্ষিণ আফ্ৰিকানসকলৰ প্ৰথম ভাষা; ইংৰাজী ভাষাই ব্ৰিটিছ উপনিবেশক প্ৰতিফলিত কৰে, যাক চৰকাৰী আৰু বাণিজ্যিকভাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ স্থান প্ৰথম কথিত ভাষা হিচাপে চতুৰ্থ। দেশখন আফ্ৰিকাৰ কেইবাখনো দেশৰ মাজত এখন, যাৰ কেতিয়াও অভ্যুত্থান হোৱা নাই আৰু প্ৰায় এক শতিকাৰ পূৰ্বৰে পৰাই নিয়মিত নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। পিছে ১৯৯৪ চনলৈকে দক্ষিণ আফ্ৰিকাৰ গৰিষ্ঠসংখ্যক কৃষ্ণাঙ্গলোকক ভোটদানৰ ক্ষমতা দিয়া হোৱা নাছিল। বিংশ শতাব্দীত, দেশখনৰ কৃষ্ণাঙ্গ সংখ্যাগৰিষ্ঠলোকসকলে প্ৰভাবশালী শ্বেতাংগ সংখ্যালঘুসকলৰ পৰা ৰাজনৈতিক অধিকাৰ দাবি কৰি সংগ্ৰাম কৰিছিল, এই সংগ্ৰামে দেশখনৰ সাম্প্ৰতিক ইতিহাস আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শাসক দল নেশ্বনেল পাৰ্টিয়ে ১৯৪৮ চনত বৰ্ণবৈষম্য নীতি প্ৰৱৰ্তন কৰে, যিয়ে পূৰ্বৰে পৰা চলি অহা বৰ্ণবৈষম্যক আনুষ্ঠানিক বৈধতা দিয়ে। আফ্ৰিকান নেশ্বনেল কংগ্ৰেছ (এএনচি) আৰু আন বৰ্ণবৈষম্যবিৰোধী দল-সংগঠনে দেশখনৰ ভিতৰে-বাহিৰে দীৰ্ঘদিন ধৰি কৰা সংগ্ৰামৰ পাছত ১৯৮০ দশকৰ মাজভাগৰ পৰা বৰ্ণবৈষম্য নীতিক বাতিল কৰা আৰম্ভ হয়।

তথ্য সংগ্ৰহ

Tags:

আটলাণ্টিক মহাসাগৰআফ্ৰিকাইংৰাজী ভাষানামিবিয়াব'তছোৱানাবিষুৱ ৰেখাভাৰত মহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

শীতল যুদ্ধচুটিগল্পসাহিত্য অকাডেমি বঁটামাইলছ ব্ৰনছনয়েছে দৰজে ঠংচিমহাকাব্যভাৰতীয় সাহিত্যগাৰো জনগোষ্ঠীএচিদ বৰষুণচ'মাংকানলেটিন ভাষাদুৰ্যোগম'হৰ শিঙৰ পেঁপাডিম্বেশ্বৰ নেওগমাটিৰ হিচাপ২২ এপ্ৰিলঋণাত্মক অখণ্ড সংখ্যামণিকুন্তলা ভট্টাচাৰ্যসত্যাগ্ৰহবিনন্দ চন্দ্ৰ বৰুৱাদ্বিতীয় বিশ্বযুদ্ধসত্ৰযতীন্দ্ৰ নাথ দুৱৰাকেতেকী ফুলশ্ৰীমন্ত শংকৰদেৱ বঁটাবেণুধৰ শৰ্মাঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅসমীয়া সাহিত্যইয়াণ্ডাবু সন্ধিশিক্ষা মনোবিজ্ঞানতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অসম লোকসেৱা আয়োগসংযুক্ত মুক্তি বাহিনী, অসমবাল্য বিবাহআধুনিকতাবাদশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাঅসমত দেখা পোৱা মাছৰ তালিকাহিন্দু ধৰ্মগোলকীকৰণনগাঁও জিলাকেশৱ মহন্তজাতীয়তাবাদআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডভাৰতৰ স্বাধীনতা আন্দোলনবড়ো ভাষাপতঞ্জলিৰ যোগসূত্ৰহৰিদেৱভটিমাবুলু ফিল্মদেৱব্ৰত দাসকাৰ্বি আংলং জিলাশিশু সাহিত্যজেং বিহুঢ়বিষুৱ ৰেখাভাৰত চৰকাৰদশাৱতাৰলংকাঅব্যয় পদপাঠ্যক্ৰমবৃক্ষবাৰেচহৰীয়া ভাওনা মহোৎসৱঘৰচিৰিকামণিপুৰী নৃত্যঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ছট পূজাপূৰ্ণ স্বৰাজৰাজ্যসভাপিঠাজৱাহৰলাল নেহৰুতেজীমলাবায়ু প্ৰদূষণডাকৰ বচনকলৱিকিপিডিয়াছক্ৰেটিছলক্ষ্মীনাথ বেজবৰুৱা🡆 More