আফ্ৰিকা (ইংৰাজী: Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত। এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।
মাটিকালি | 30,221,532 km2 (11,668,599 sq mi) |
---|---|
জনসংখ্যা | 1,022,234,000 (2010, 2nd) |
জনঘনত্ব | 30.51/km2 (about 80/sq mi) |
বাসিন্দা | আফ্ৰিকান |
দেশসমূহ | 56 তালিকা |
অধীনস্থ অঞ্চলসমূহ | তালিকা |
ভাষাসমূহ | তালিকা |
সময় অঞ্চলসমূহ | UTC-1 ৰ পৰা UTC+4 লৈ |
ৱিকিমিডিয়া কমন্সত আফ্ৰিকা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
This article uses material from the Wikipedia অসমীয়া article আফ্ৰিকা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.