ইতিহাস

ইতিহাস (গ্ৰীক: ἱστορία - historia, অৰ্থ অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান) হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ য'ত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়। ইতিহাসবিদসকলৰ মাজত ইতিহাসৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক ইতিহাসমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে। একো বাহ্যিক উৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে ইতিহাসৰ নাম দিয়াৰ সলনি সাংস্কৃতিক ঐতিহ্য বুলি শ্ৰেণীবদ্ধ কৰা হয়। লিখিত নমুনা থকাৰ আগৰ ঘটনাক প্ৰাক-ইতিহাস বুলি কোৱা হয়।

ইতিহাস
নিক'লাছ গাইচিছৰ (১৮৯২)
Historia (Historyৰ ৰূপক)

Those who cannot remember the past are condemned to repeat it.

পশ্চিমীয়া সংস্কৃতিত খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ গ্ৰীক ইতিহাসবিদ হিৰ'ড'টাছক "ইতিহাসৰ জনক" বুলি অভিহিত কৰা হয়। তেওঁ সমসাময়িক থুচিডাইডিছৰ সৈতে ইতিহাসৰ আধুনিক অধ্যয়নৰ ভেঁটি গঢ়ি তুলিছিল। বিশ্বৰ আন ঠাইৰ ইতিহাসমূলক পৰম্পৰাসমূহ আৰু তেওঁলোকৰ প্ৰভাৱ ইতিহাসৰ প্ৰকৃতিৰ বিভিন্ন ব্যাখ্যাত সাঙোৰ খাই আছে আৰু সেইবোৰ সদায় সলনি হৈ আছে। ইতিহাসৰ আধুনিক অধ্যয়নৰ বিভিন্ন ভাগ আছে; যেনে- কোনো নিৰ্দিষ্ট অঞ্চলক গুৰুত্ব দিয়া অধ্যয়ন, কোনো নিৰ্দিষ্ট বিষয় প্ৰসঙ্গ বিচাৰ কৰা অধ্যয়ন আদি। প্ৰাথমিক অৰু মাধ্যমিক শিক্ষাৰ অংশ হিচাপে বিদ্যালয়সমূহত ইতিহাস পঢ়োৱা হয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াক এটা মূল বিষয়ৰূপে বিবেচনা কৰা হয়।

টোকা

তথ্যসূত্ৰ

Tags:

প্ৰাক-ইতিহাস

🔥 Trending searches on Wiki অসমীয়া:

বাণীকান্ত কাকতিপূৰবী বৰমুদৈদেওপাহাৰদৌল গোবিন্দ মন্দিৰঅনুৰাধা শৰ্মা পূজাৰীঅসমীয়া ভাষাসৰস্বতী পূজাঢুলীয়া ভাওনাসংক্ৰমণসংস্কৃত ভাষাৰামচাৰি কুমাৰঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহবৰহমথুৰিসত্যনাথ বৰামিচিং জনগোষ্ঠীমল্লিকা ফুলশোণিত কুঁৱৰীবিহু নৃত্যমালিতাআউনীআটী সত্ৰসত্ৰপাচনমৰমৰ দেউতাপিম্পৰা গুচোৱাপদাৰ্থৰ অৱস্থাপাৰিজাত হৰণ নাটজ্বৰদেৱব্ৰত দাসভাৰতৰ প্ৰধানমন্ত্ৰীমুদ্ৰাস্ফীতিমিডিয়াৱিকিদ্বীপেন বৰুৱাশব্দপ্ৰব্ৰজনআত্মজীৱনীৱিকিপিডিয়াহাজোনামচিংআহোম ৰাজবংশআনন্দ চন্দ্ৰ আগৰৱালাশাল গছএছ এছ ৰাজামৌলীৰজনীকান্ত বৰদলৈমাটিৰ হিচাপশ্ৰীমন্ত শংকৰদেৱইন্দিৰা গান্ধীগুৱাহাটী তেল শোধনাগাৰসূৰ্যজোনবিল মেলাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাৰাভা জনগোষ্ঠীঅসমপুঁজিবাদধৰিত্ৰী দিৱসপীযুষ হাজৰিকাঅংগৰাগ মহন্তকলাখাৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমীয়া সাহিত্যহেমাংগ কুমাৰ দত্তদেৱকান্ত বৰুৱাঅসমৰ কাঁহ শিল্পতথ্য জনাৰ অধিকাৰ আইন, ২০০৫সাহিত্য অকাডেমি বঁটাবেদভাৰতৰ উচ্চতম ন্যায়ালয়জেতুকাসমাৰ্থক শব্দআলুচৰকাৰবগেজাৰী গীতমৃত্যুঞ্জয়কলিতা জনগোষ্ঠী🡆 More