নেটফ্লিক্স

নেটফ্লিক্স (ইংৰাজী: Netflix, Inc) হৈছে এটি আমেৰিকান কনটেণ্ট সেৱা আৰু প্ৰযোজনা উদ্যোগ। প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ লছ গেটোছত অৱস্থিত। ১৯৯৭ চনত ৰিড হেষ্টিংগছ আৰু মাৰ্ক ৰেণ্ডোলফৰ দ্বাৰা নেটফ্লিক্স কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত প্ৰতিষ্ঠিত হয়। উদ্যোগটিৰ মুখ্য ব্যৱসায় হৈছে একধৰণৰ ছাবস্ক্ৰিপছন-নিৰ্ভৰ ভিডিঅ' ষ্ট্ৰিমিং সেৱা। তেওঁলোকে ছবি আৰু ছিৰিজ অনলাইনযোগে সম্প্ৰচাৰিত কৰে। তাৰে কিছুমান তেওঁলোকে নিজাকৈও প্ৰযোজনা কৰে। ২০২১ চনৰ জানুৱাৰী পৰ্যন্ত নেটফ্লিক্সৰ গ্ৰাহক-সংখ্যা হৈছেগৈ প্ৰায় ২০ কোটি ৭০ লাখ (২০৩.৭ মিলিয়ন)। ইয়াৰে ৭ কোটি ৩০ লাখ সদস্য আমেৰিকাৰ। ২০২১ চনৰ এপ্ৰিলত, নেটফ্লিক্সৰ সদস্য সংখ্যাই ২০ কোটি ৮০ লাখ স্পৰ্শ কৰে আৰু আমেৰিকাৰ সদস্য সংখ্যাই ৭ কোটি ৪০ লাখৰ ঘৰ চুৱে। নেটফ্লিক্সৰ সেৱা সমগ্ৰ বিশ্বজুৰি উপলব্ধ। কেৱল চীন দেশ (স্থানীয় নিষিদ্ধকৰণৰ বাবে), ছিৰিয়া, উত্তৰ কোৰিয়া আৰু ক্ৰামিয়াতহে (আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে) এই সেৱা অনুপলব্ধ। ২০২০ চনৰ তথ্য মতে, নেটফ্লিক্সৰ আয় হৈছে ১.২ বিলিয়ন ডলাৰ (প্ৰায় ১২০ কোটি ডলাৰ) উদ্যোগটোৰ কাৰ্যালয় ফ্ৰান্স, ব্ৰাজিল, ভাৰত, নেডাৰলেণ্ডছ, দক্ষিণ কোৰিয়া, জাপান, আৰু যুক্তৰাজ্যত আছে। নেটফ্লিক্স মশ্যন পিকছাৰ্ছ এছ'ছিয়েছন (MPA)-ৰ সদস্য, যিয়ে গোলকীয় পৰ্যায়ত কনটেণ্টৰ প্ৰযোজনা আৰু বিতৰণ কৰিব পাৰে।

নেটফ্লিক্স
প্ৰকাৰ ৰাজহুৱা
প্ৰতিষ্ঠা ২৯ আগষ্ট ১৯৯৭; ২৬ বছৰ আগত (1997-08-29), কেলিফৰ্ণিয়াৰ স্কটচ ভেলিত
প্ৰতিষ্ঠাপক
  • ৰিড হেষ্টিংগছ
  • মাৰ্ক ৰেণ্ডোল্ফ
মূখ্য কাৰ্যালয় লছ গেটোছ, কেলিফৰ্ণিয়া
কৰ্মৰ এলেকা বিশ্বজুৰি (চীন, ছিৰিয়া, উত্তৰ কোৰিয়া, আৰু ক্ৰাইমিয়াৰ বাহিৰে)

নেটফ্লিক্সৰ ব্যৱসায় আৰম্ভ হয় ডিভিডি বিক্ৰীৰে। ইয়াৰ লগতে তেওঁলোকে মেইলযোগেও ডিভিডি বিক্ৰী কৰিবলৈ লয়। কিন্তু সহ-প্ৰতিষ্ঠাতা হেষ্টিংগছে ডিভিডি বিক্ৰী এবছৰৰ পাছতেই বন্ধ কৰি দিয়ে। ২০০৭ চনত নেটফ্লিক্সে ষ্ট্ৰিমিং সেৱাৰ প্ৰৱৰ্তন কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায়েও ব্যাপ্তি লাভ কৰে। তেওঁলোকে ডিভিডি আৰু ব্লু-ৰেৰ ব্যৱসায়ো চলাই থাকে। ২০১০ চনত নেটফ্লিক্সে আন্তৰ্জাতিক পৰ্যায়ত কানাডাত ষ্ট্ৰিমিং সেৱা উপলব্ধ কৰোৱায়।পৰৱৰ্তী সময়ত তেওঁলোকৰ সেৱাই লেটিন আমেৰিকা আৰু কেৰিবিয়ানক সামৰি লয়। ২০১৩ চনত নেটফ্লিক্সে কনটেণ্ট-প্ৰযোজনা উদ্যোগ হিচাপে যাত্ৰাৰম্ভ কৰে। তেওঁলোকৰ প্ৰথমখন ছিৰিজ হাউছ অৱ কাৰ্ডছ এইটো বৰ্ষতে মুকলি হয়।

নেটফ্লিক্স
মাৰ্ক ৰেণ্ডলফ্, নেটফ্লিক্সৰ সহ-প্ৰতিষ্ঠাতা আৰু উদ্যোগটোৰ প্ৰথমজন মুখ্য কাৰ্যবাহী বিষয়া
নেটফ্লিক্স
ৰীড হেষ্টিংগছ, সহ-প্ৰতিষ্ঠাতা আৰু উদ্যোগটোৰ বৰ্তমানৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া

২০১২ চনৰ পৰা, নেটফ্লিক্সে প্ৰযোজক আৰু বিতৰক হিচাপে অধিক সক্ৰিয় হৈ পৰে। তেওঁলোকে ছবি আৰু টেলিভিছন ছিৰিজৰ ক্ষেত্ৰত দৃঢ়তাৰে প্ৰৱেশ কৰে। পৰিণতিস্বৰূপে তেওঁলোকৰ অনলাইন লাইব্ৰেৰীত নেটফ্লিক্স অৰিজিনেলৰ তালিকা দৃশ্যমান হয়। ২০১৬ চনৰ জানুৱাৰী পৰ্যন্ত, নেটফ্লিক্সৰ সেৱা ১৯০খনতকৈও অধিক দেশলৈ প্ৰসাৰিত হয়। নেটফ্লিক্সে ২০১৬ চনত ১২৬খন অৰিজিনেল ছিৰিজ আৰু ছবি মুকলি কৰে। এই সংখ্যাটো যিকোনো নেটৱৰ্ক আৰু কেবল চেনেলতকৈ অধিক।

নেটফ্লিক্স
নেটফ্লিক্সৰ এটা লেফাফাৰ ভিতৰত কোছ কাৰ্টাৰৰ ডিস্ক
নেটফ্লিক্স
প্ৰথমটো লগ', ১৯৯৭-২০০০
নেটফ্লিক্স
দ্বিতীয়টো লগো, (২০০০-২০০১)
নেটফ্লিক্স
২০০১ চনৰ পৰা ২০১৫ চনলৈকে ব্যৱহাৰ হোৱা ল'গ'
নেটফ্লিক্স
২০১৫ চনৰ পৰা নেটফ্লিক্সে ব্যৱহাৰ কৰি অহা N আখৰযুক্ত আইকনটো

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

Tags:

আমেৰিকাইংৰাজী ভাষাচীনজাপানদক্ষিণ কোৰিয়াফ্ৰান্সব্ৰাজিলভাৰতযুক্তৰাজ্য

🔥 Trending searches on Wiki অসমীয়া:

ভঠেলিঈয়াৰুইঙ্গমবকুল ফুলৰ দৰে (গ্ৰন্থ)ৰুদ্ৰেশ্বৰ দেৱালয়অসমীয়া উপন্যাসশ্ৰীমন্ত শংকৰদেৱ বঁটামহাভৈৰৱ মন্দিৰচুতীয়া জনগোষ্ঠীঅসমীয়া খাদ্যাভ্যাসবিহুৰ সাজ-পোচাক আৰু অলংকাৰইতিহাসশ্ৰীমদ্ভগৱতগীতাচৰাইনগাঁও (লোকসভা সমষ্টি)বানপানীবসন্ত ঋতুবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যপৰ্যাবৃত্ত তালিকাগোলকীকৰণদীপলিনা ডেকামহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেডলিঅ'নাৰ্ড' দা ভিন্সিঘৰ শালিকাজ্ঞানপীঠ বঁটাপূৰ্ণ স্বৰাজসমকামিতা২০ এপ্ৰিলপ্ৰজ্ঞাৰামধেনুনেপালী জনগোষ্ঠীজণ্ডিছটকা (বাদ্য)দুৰ্যোগকীৰ্তন-ঘোষাবতৰআলেকজেণ্ডাৰ গ্ৰাহাম বে'লশিৱসাগৰ জিলাঅনাভেদী যৌনক্ৰিয়াঅম্বিকাগিৰি ৰায়চৌধুৰীশ্ৰী শ্ৰী বটদ্ৰৱা থানৰাজ্যসভাঅসমৰ জাতীয় গীতভাৰত ৰত্নশৰাইঘাট দলংমিঠু বৰুৱাসত্ৰঅসমীয়া ভাষা উন্নতি সাধিনী সভাবহুভাষাবাদবিশ্ব ঘৰচিৰিকা দিৱসপ্ৰাকৃতিক পৰিৱেশৰাধাগোবিন্দ বৰুৱাইন্দ্ৰেশ্বৰ বৰঠাকুৰএৰিষ্ট'টলভূগোলসৌৰজগতনাগালেণ্ডজোনবিল মেলাপাচন তন্ত্ৰঅসমৰ বয়ন শিল্পৰাজিয়া চুলতানামে ডাম মে ফিচিপাহী বিদ্ৰোহ ১৮৫৭নৰকাসুৰবামুণী পাহাৰভাৰতৰ নিৰ্বাচন আয়োগগমধৰ কোঁৱৰশোণিত কুঁৱৰীনিচুকনি গীতলিংগ স্তম্ভনভাৰতৰ প্ৰধানমন্ত্ৰীৰামযোৰহাটকোচ ৰাজবংশীকাৰ্বি জনগোষ্ঠীমুঠিখাৰু🡆 More