ইউটিউব

ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভূতপূৰ্ব পে'-পাল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ' বিতৰণ (video-sharing) কৰিব পৰা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ'সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে। এই কোম্পানীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান ব্ৰুন নামৰ ঠাইত অৱস্থিত আৰু ই বহু উপভোক্তাৰ দ্বাৰা নিৰ্মিত ভিডিঅ' (user-generated), যেনে কথাছবিৰ অংশবিশেষ বা দূৰদৰ্শনৰ অংশবিশেষ আৰু সঙ্গীতৰ ভিডিঅ'ৰ লগতে কিছুমান চৌখিন বিষয় যেনে video blogging আৰু ক্ষুদ্ৰ প্ৰাৰম্ভিক ভিডিঅ'ৰ প্ৰদৰ্শন কৰিবলৈ Adobe Flash Video আৰু HTML5 প্ৰযুক্তি ব্যৱহাৰ কৰে। ইউটিউবৰ বেছিভাগ বিষয় ব্যক্তিবিশেষৰ দ্বাৰা আপ-লোড কৰা হয় যদিও চি-বি-এচ (CBS), বি-বি-চি (BBC), ৱিৱ' (VEVO), হুলু (Hulu) আৰু আন কিছুমান সংস্থাৰ নিচিনা মিডিয়া কৰ্প'ৰেচনবোৰে ইউটিউব পাৰ্টনাৰশ্বিপ প্ৰ'গ্ৰামৰ (YouTube partnership program) অংশ হিচাপে তেওঁলোকৰ কিছু সামগ্ৰী ইউটিউবলৈ হস্তান্তৰ কৰে।

ইউটিউব, এলএলচি
প্ৰকাৰ পৰিপূৰক (Subsidiary) ,
limited liability company
প্ৰতিষ্ঠা ১৪ ফেব্ৰুৱাৰী ২০০৫
প্ৰতিষ্ঠাপক ষ্টিভ চেন
চাড হাৰ্লে
জাৱেদ কৰিম
মূখ্য কাৰ্যালয় 901 Cherry Ave,
চেন ব্ৰুন’, কেলিফৰ্ণিয়া
, আমেৰিকা যুক্তৰাষ্ট্ৰ
কৰ্মৰ এলেকা বিশ্বব্যাপী
উল্লেখযোগ্য ব্যক্তি Salar Kamangar, CEO
চাড হাৰ্লে, উপদেষ্টা
গৰাকী স্বাধীন (২০০৫–২০০৬)
গুগল ইনকৰ্পোৰেটেড (২০০৬–বৰ্তমান)
শ্লোগান Broadcast Yourself
ৱেবছাইট youtube.com
এলেক্সা তালিকাত স্থান steady 3 (January 2016)
ৱেবছাইটৰ প্ৰকাৰ ভিডিঅ’ বিতৰণ
বিজ্ঞাপন গুগল এডচেঞ্চ
পঞ্জীকৰণ ঐচ্ছিক (কিছুমান বিশেষ কাম, যেনে মন্তব্য দিয়া, ভিডিঅ' আপলোড কৰা আদিৰ বাবে প্ৰয়োজন)
উপলব্ধ ভাষা ৫১টা ভাষাৰ সংস্কৰণ
প্ৰচলন হয় ১৪ ফেব্ৰুৱাৰী ২০০৫
বৰ্তমানৰ স্থিতি সক্ৰিয়

অপঞ্জীভুক্ত সদস্যসকলে ভিডিঅ' চাব পাৰে আৰু পঞ্জীভুক্ত সদস্যসকলে অসীম সংখ্যক ভিডিঅ' আপ-লোড কৰিব পাৰে। ইয়াতে আক্ৰমণাত্মক, অৰুচিকৰ বা অশ্লীল বিষয়ক ভিডিঅ'সমূহ অকল ১৮ বছৰ বা তাতোকৈ বেছি বয়সৰ পঞ্জীভুক্ত সদস্যসকলেহে চাব পাৰে।

২০০৬ চনৰ নৱেম্বৰ মাহত ইউটিউবক, YouTube LLC গুগলে (Google Inc.) ১.৬৫ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত কিনি লয় আৰু ই এতিয়া গুগলৰ পৰিপূৰক (subsidiary) হিচাপে পৰিচালিত হৈ আছে।

কোম্পানীৰ ইতিহাস

ইউটিউব 
চিত্ৰত বাওফালৰ পৰা সোফাললৈ ক্ৰমান্বয়ে চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম

ইউটিউব তিনিজন ভুতপুৰ্ব PayPal কৰ্মচাৰী চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম ৰ দ্বাৰা স্থাপন কৰা হৈছিল। হাৰ্লেই পেনিচেলভিনিয়াৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অভিকল্প (design) অধ্যয়ন কৰিছিল। আনহাতে চেন আৰু কৰিমে আৰ্বানা-চেম্পিয়েনৰ ইলিঅনচ্ বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰিছিল। মাধ্যম(media) সমূহত সঘনাই পোৱা এক কাহিনী অনুসৰি [[চান ফ্ৰান্সিচক'ত থকা চেনৰ বাসগৃহত হোৱা এটা নৈশ ভোজৰ ভিডিঅ' কিছুমানৰ বিতৰণত অসুবিধাৰ সৃষ্টি হওঁতে হাৰ্লি আৰু চেনে ২০০৫ চনৰ প্ৰথম ভাগত ইউটিউবৰ ধাৰণা কৰিছিল। কৰিম সেইদিনাৰ ভোজত উপস্থিত নাছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছিল।

ইউটিউব 
কেৰ্লিফোনিয়াৰ চান ব্ৰুণত থকা ইউটিউবৰ মুখ্য কাৰ্যালয়

ইউটিউব প্ৰথমে আৰম্ভ কৰিছিল Sequoia Capitalএ ২০০৫ৰ নৱেম্বৰৰ পৰা ২০০৬ৰ এপ্ৰিলৰ মাজভাগত। ইয়াৰ প্ৰথম মুখ্য কাৰ্য্যালয় আছিল কেলিফ'ৰ্ণিয়াৰ সান মাতেওত থকা পিজ্জাৰিয়া আৰু জাপানিজ চৰাইখানা এখনৰ ওপৰত। ইয়াৰ ডোমেইন নাম www.youtube.com ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সক্ৰিয় কৰা হৈছিল আৰু পৰৱৰ্ত্তী মাহবোৰত জালস্থানটোৰ উন্নতি সাধন কৰা হৈছিল।

প্ৰথম ইউটিউব ভিডিঅ'টোৰ নাম আছিল "মি এট দ্য জু" (Me at the zoo), য’ত উদ্ভাৱক জাৱেদ কৰিমক দেখা গৈছিল চেন ডিয়েগ' চিৰিয়াখানাত। এই ভিডিঅ'টো ২০০৫ চনৰ ২৩ এপ্ৰিলত আপলোড কৰা হৈছিল আৰু এতিয়াও ই ৱেবছাইটটোত উপলব্ধ।

বিশেষত্ব সমূহ

ভিডিঅ' প্ৰযুক্তিবিদ্যা

প্লে-বেক

ইউটিউবৰ ভিডিঅ' চাবলৈ ব্যক্তিগত কম্পিউটাৰ এটাৰ ব্ৰাউজাৰত Adobe Flash Player plug-in স্থাপন কৰাটো প্ৰয়োজনীয়।

আপ-লোড

সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ'বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ' আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউণ্ট সাধাৰণতে ম’বাইল ফোনৰ সহায়ত সত্যাপন কৰিব লাগে। ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ'ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ' আপ-লোড কৰা হৈছিলে। ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়। সাধাৰণতে ইউটিউবত আপ-লোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও জাভা আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপ-লোড কৰিব পৰা যায়।

ইউটিউবত বিভিন্ন ক’ণ্টেইনাৰ ফ’ৰমেটৰ (container format) ভিডিঅ' আপ-লোড কৰিব পাৰি যেনে ডট এভিআই (.AVI), ডট এমকেভি (.MKV), ডট এমঅ'ভি (.MOV), ডট এমপিফ’ৰ (.MP4), ডট ডিভএক্স (.DivX), ডট এফএলভি (.FLV), ডট অ'জিজি (.ogg), ডট ওজিভি (.ogv) ইত্যাদি। এইবিলাকৰ ভিডিঅ' ফ্’ৰমেট সমূহ এনে ধৰণৰ এমপিইজি (MPEG), এমপিইজি-ফ’ৰ (MPEG-4), ভঅ'বি (VOB), আৰু ডাব্লিউএমভি (WMV). ম’বাইল ফোনৰ পৰা ইয়াত থ্ৰীজিপি (3GP) ভিডিঅ'ও আপ-লোড কৰিব পাৰি। সকলো ইউটিউব ভিডিঅ'ই প্ৰ’গ্ৰেছিভ স্কেনিঙ (progressive scanning) পদ্ধতি ব্যৱহাৰ কৰে।

থ্ৰী-ডি ভিডিঅ' সমূহ

২০০৯ চনৰ ২১ জুলাইত আপ-লোড কৰা এক ভিডিঅ'ত ইউটিউবৰ চফ্টৱেৰ অভিযন্তা পিটাৰ ব্ৰ্যেডস্বয়ে ইউটিউবত থ্ৰীডি ভিডিঅ' আপ-লোড কৰিব পাৰিব বুলি ঘোষণা কৰে। এই ভিডিঅ' সমূহ বিভিন্ন উপায়েৰে চাব পাৰি যাৰ ভিতৰত এনাগ্লিফ (anaglyph) পদ্ধতিয়ে সাধাৰণতে প্ৰযোয্য য’ত থ্ৰীডিৰ প্ৰভাৱ উপলব্ধি কৰিবলৈ উপভোক্তাই বিতচকু পৰিধান কৰি লয়।

বিষয়বস্তুৰ উপলব্ধতা

ইউটিউবৰ ভিডিঅ' সমূহ জালস্থানটোৰ বাহিৰতো উপলভ্য হোৱাটোৱে ইয়াৰ বিশেষত্ব। প্ৰত্যেকটো ইউটিউবৰ চলচ্চিত্ৰৰ লগতে HTMLৰ এটা টুকুৰা গাঁঠি থোৱা থাকে যাৰ সহায়ত ইয়াক জালস্থানৰ বাহিৰৰ আন বেলেগ পৃষ্ঠাৰ সতে যোৰা দিব (embedding) পাৰি।

ইউটিউবে সাধাৰণতে ইয়াৰ চলচ্চিত্ৰ এটাৰ ডাউনলোড লিংক নিদিয়ে আৰু ইয়াক অকল জালস্থানটোৰ ভিতৰতহে চাব পাৰি। কিন্তু বিভিন্ন ধৰণৰ বেলেগ বেলেগ জালস্থান নাইবা সঁজুলিৰ (application) সহায়ত চলচ্চিত্ৰ এটা ইউটিউবৰ পৰা ডাইনলোড কৰিব পাৰি।

প্লে'টফ’ৰ্ম

কিছুমান স্মাৰ্ট ফোনঅত ইউটিউবৰ ভিডিঅ' চাব পাৰি কিন্তু সেইটো নিৰ্ভৰ কৰিব তাৰ চাৰ্ভিচ প্ৰ’ভাইদাৰ আৰু ডাটা প্লেনৰ ওপৰত। প্ৰথম ইউটিউব ম’বাইল ২০০৭ চনৰ জুলাই মাহত মুকলি কৰা হৈছিল আৰু ই RTSP পদ্ধতি ব্যৱহাৰ কৰিছিল। সকলো ইউটিউব ভিডিঅ' জালস্থানটোৰ ম’বাইল ভাৰ্ছনত উপলভ্যনহয়।

অসমীয়া ইউটিউব চেনেল

দেশ-বিদেশৰ লগতে সমগ্ৰ অসমতো ইউটিউবে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। অসমৰ অতি জনপ্ৰিয় ইউটিউব চেনেল এটি হৈছে ভইচ আছাম

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ইউটিউব কোম্পানীৰ ইতিহাসইউটিউব বিশেষত্ব সমূহইউটিউব তথ্যসূত্ৰইউটিউব বাহ্যিক সংযোগইউটিউবআমেৰিকা যুক্তৰাষ্ট্ৰচলচ্চিত্ৰচিবিএচফেব্ৰুৱাৰী

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া জাতিকলৰাধা কৃষ্ণউটউত্তৰ প্ৰদেশবড়ো জনগোষ্ঠীস্বদেশী আন্দোলনঁ (চন্দ্ৰবিন্দু)গোলকীয় উষ্ণতা বৃদ্ধিৰজনীকান্ত বৰদলৈভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপাল ৰাজবংশ (কামৰূপ)ঈদ-উল-ফিটৰকোচ ৰাজবংশী ভাষাআৰ্যভট্টডাকৰ বচনফেইচবুকবিদ্যুৎদেওহাঁহইছলামভাৰতীয় জনতা পাৰ্টিঅৰ্জুন ভঞ্জনব্ৰহ্মপুত্ৰ উপত্যকাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)লিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকৃষ্ণ পক্ষভাৰতীয় নাগৰিকত্ব আইননাৰীচাহেবপুৰাৰ বৰষুণবেটুপাতহেম বৰুৱাপ্ৰথম বিশ্বযুদ্ধবাংলাদেশঅৰুণোদয় আঁচনিবুলু ফিল্মঈয়াৰুইঙ্গম২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনবিল্বেশ্বৰ দেৱালয়ভাৰতীয় শিল্পকলাগাৰো জনগোষ্ঠীসিন্ধু সভ্যতাকাৰ্বি জনগোষ্ঠীপ্ৰাক-ইতিহাসঅসমীয়া সাহিত্যঅসমৰ গামোচা২০২৪মুহাম্মাদদ্বিতীয় বিশ্বযুদ্ধনলিনীবালা দেৱীকমলাবাৰী সত্ৰভাৰতত মহিলা শিক্ষাইন্দিৰা গান্ধীবাথৌ পূজাঅব্যয় পদপথৰুঘাটৰ ৰণপ্ৰতিমানহীনতাস্বামী বিবেকানন্দৰঙিয়া (বিধানসভা সমষ্টি)মেখেলা চাদৰগৰুচলচ্চিত্ৰৰবীন্দ্ৰনাথ ঠাকুৰহেমচন্দ্ৰ গোস্বামীচন্দ্ৰ গ্ৰহণআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাফলৰ তালিকাছুনামিঅসমঅষ্ট্ৰেলিয়াসংঘাতলালকিল্লা🡆 More