ৰোমান সাম্ৰাজ্য

ৰোমান সাম্ৰাজ্য (ইংৰাজী: Roman Empire) (লেটিন: Imperium Rōmānum , সাঁচ:IPA-la পৌৰাণিক আৰু মধ্যযুগীয় গ্ৰীক ভাষা: Βασιλεία τῶν Ῥωμαίων Basileia tōn Rhōmaiōn) হৈছে ৰোমান স্বৰাজোত্তৰ কালৰ সভ্যতা। ৰোমান সাম্ৰাজ্যখন এজন সম্ৰাটৰ নেতৃত্বত থকা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ শাসনাধীন অঞ্চলসমূহ মেডিটেৰেনিয়ান সাগৰৰ চাৰিওফালে ইউৰোপ, আফ্ৰিকা আৰু এচিয়ালৈকে বিস্তৃত আছিল। ইয়াৰ আগেয়ে গৃহযুদ্ধ আৰু ৰাজনৈতিক সংঘাতৰ ফলত ৰোমত বিৰাজমান ৫০০ বছৰীয়া ৰোমান প্ৰজাতন্ত্ৰত প্ৰবল অস্থিৰতাৰ সৃষ্টি হয়। এই কালছোৱাত জুলিয়াচ ছীজাৰক স্থায়ী ডিক্টেটৰ বা ন্যায়পালিকা হিচাপে নিযুক্তি দিয়া হয়। খ্ৰী:পূ: ৪৪-ত তেওঁক কেইজনমান ষড়যন্ত্ৰকাৰীয়ে হত্যা কৰে। ফলস্বৰূপে গৃহযুদ্ধ আৰু হত্যালীলা অব্যাহত থাকে। ছীজাৰৰ তোলনীয়া পুত্ৰ অক্টাভিয়ানে খ্ৰী:পূ: ৩১-ত এক্টিয়ামৰ যুদ্ধত মাৰ্ক এণ্টনী আৰু ক্লিঅ’পেট্ৰাক পৰাজিত কৰে। ইয়াৰ পিছত অক্টেভিয়ান অদমনীয় হৈ উঠে আৰু খ্ৰী:পূ: ২৭ ত ৰোমান ছিনেটে তেওঁক আনুষ্ঠানিকভাৱে অসীম ক্ষমতা দিয়াৰ লগতে অগষ্টাছ উপাধি প্ৰ্দান কৰে। ইয়াৰ লগে লগে ৰোমান প্ৰজাতন্ত্ৰৰো যৱনিকা পৰে।

ৰোমান সাম্ৰাজ্য
  • Imperium Romanum  (Latin)
  • Senatus populusque Romanus (SPQR)
    Senate and People of Rome
  • Βασιλεία Ῥωμαίων  (language?)
    Basileía Rhōmaíōn
সাম্ৰাজ্য
ৰোমান সাম্ৰাজ্য
27 BC – 285/395 AD (Whole)
285 – 476 (Western)
প্ৰায় 330 – 1453 (Eastern)
ৰোমান সাম্ৰাজ্য

ৰোমান সাম্ৰাজ্য

Aureus of Augustus, the first Roman Emperor.

ৰোমান সাম্ৰাজ্য
Location of ৰোমান সাম্ৰাজ্য (Roman Empire)
১১৭ চনৰ ৰোমান সাম্ৰাজ্য
ৰাজধানী
  • 27 BC – 293 AD: Rome
  • 293–330: Rome (nominal)
  • Western Empire only (in consort with Constantinople) (402–480)
     Ravenna
  • Whole Empire (330–1453)
     Constantinople
ভাষা(সমূহ)
  • লেটিন (official until 610)
  • গ্ৰীক ভাষা (official after 610)
  • Regional / local languages
ধৰ্ম
  • line-height:1.1em
  • From AD 380: Christianity
চৰকাৰ মিশ্ৰ চৰকাৰ, কাৰ্যক্ষেত্ৰত পূৰ্ণ ৰাজতন্ত্ৰ
সম্ৰাট
 - 27 BC – AD 14 অগষ্টাছ (first)
 - 98–117 ৰ্ট্ৰাজান
 - 284–305 ডিঅ’ক্লেটিয়ান
 - 306–337 প্ৰথম কনষ্টেণ্টাইন
 - 379–395 প্ৰথম থিয়’ড’চিয়াছ
 - 474–480 জুলিয়াচ নেপ'ছa
Legislature ৰোমান ছিনেট
কাল ধ্ৰুপদী কালৰ পৰা শেষকালীন মধ্য যুগলৈ
 - ৰোমান প্ৰজাতন্ত্ৰৰ অন্তিম যুদ্ধ খ্ৰী:পূ: ৩২–৩০
 - সাম্ৰাজ্য প্ৰতিষ্ঠা 30–2 BC
 - সাম্ৰাজ্যৰ
চৰম শিখৰত
১১৭
 - কনষ্টাণ্টিন'পল
ৰাজধানী ঘোষিত হয়
৩৩০
 - Final East West divide ৩৯৫
 - সাম্ৰাজ্যৰ পশ্চিম অংশৰ পতন ৪৭৬
 - কনষ্টাণ্টিন'পলৰ পতন ২৯ মে' 1453
Area
 - খ্ৰী:পূ: ২৫ 27,50,000 km2 (10,61,781 sq mi)
 - ১১৭ চন 50,00,000 km2 (19,30,511 sq mi)
 - 390 AD 44,00,000 km2 (16,98,849 sq mi)
Population
 - খ্ৰী:পূ: ২৫ est. 5,68,00,000 
     Density 20.7 /km2  (53.5 /sq mi)
Currency চেষ্টাৰচিয়াছ, অ'ৰেচাছ, চ'লিডাছ, ন'মিস্মাc
বৰ্তমানৰ অৱস্থিতি
54 countries
  • a Officially the final emperor of the Western empire.
  • b Last emperor of the Eastern (Byzantine) empire.
  • line-height:0.95em
Warning: Value specified for "continent" does not comply

ৰোমান প্ৰজাতন্ত্ৰ প্ৰায় ৫০০ বছৰ ধৰি প্ৰচলিত আছিল। ইয়াৰে প্ৰথম দুটা শতিকা ৰাজনৈতিক সুস্থিৰতা আৰু সমৃদ্ধিৰ কাৰণে জনাজাত। এই কালছোৱাক ৰোমান শান্তিৰ যুগ হিচাপে অভিহিত কৰা হয়। অক্টেভিয়ানৰ বিজয়ৰ পিছৰ কালছোৱাত ৰোমান সাম্ৰাজ্যৰ পৰিসৰৰ নাটকীয় পৰিৱৰ্তন ঘটে। ৪১ চনত কেলিগুলাৰ হত্যাৰ পিছত ছিনেটে পুনৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ কথা বিবেচনা কৰে। কিন্তু ইতিমধ্যে প্ৰেইট’ৰিয়ান দেহৰক্ষী বাহিনীয়ে ক্ল’ডিয়াচক সম্ৰাট ঘোষণা কৰে। ক্ল’ডিয়াচৰ নেতৃত্বত ৰোমানসকলে ব্ৰিটানিয়াক নিজ সাম্ৰাজ্যৰ ভিতৰুৱা কৰে। অক্টেভিয়ানৰ পিছত এইটোৱে আছিল সৰ্ববৃহৎ ৰাজ্য বিস্তাৰৰ ঘটনা। ক্ল’ডিয়াচৰ পৰৱৰ্তী সম্ৰাট নীৰোৱে ৬৮ চনত আত্মহত্যা কৰাৰ লগে লগে পুনৰ ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ হয়। গৃহযুদ্ধ আৰু বিদ্ৰোহৰ (ইহুদী-ৰোমান যুদ্ধ) লগতে চাৰিজন সেনাধ্যক্ষক সম্ৰাট ঘোষণা কৰা হয়। ৬৯ চনত ইয়াৰে ভেচপাছিয়ানে বিজয় সাব্যস্ত কৰে আৰু ফ্লেভিয়ান ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰ পৰৱৰ্তী সম্ৰাট টাইটাছে ৰোমৰ বিখ্যাত ক’ল’চিয়াম নিৰ্মাণ কৰে। টাইটাছৰ পিছত ভ্ৰাতৃ ড’মিটিয়ান ৰোমান সিংহাসনত বহে আৰু দীৰ্ঘকাল ৰাজত্বৰ পিছত হত্যাৰ বলি হয়। ইয়াৰ পিছত ছিনেটে পাঁচজন সম্ৰাটক বাছনি কৰে। ইয়াৰে দ্বিতীয়জন সম্ৰাট ট্ৰাজানৰ শাসনকালতে ৰোমান সাম্ৰাজ্যই সৰ্বোচ্চ শিখৰ লাভ কৰে।

ক’ম’ডাছৰ ৰাজত্বকালত অস্থিৰতা আৰু পতনোন্মুখ গতি পুনৰ আৰম্ভ হয় আৰু ১৯২ চনত তেওঁ হত্যাৰ বলি হয়। ইয়াৰ পিছত ছেপ্টিমাচ চেভেৰাছ সম্ৰাট হয়। আলেকজেণ্ডাৰ চেভেৰাছৰ হত্যাৰ পিছত ৰোমান ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰবল অস্থিৰতাৰ সৃষ্টি হয় আৰু ৰোমান ছিনেটে মাত্ৰ ৫০ বছৰৰ ভিতৰত ২৬ জন লোকক সম্ৰাট ঘোষণা কৰে। ডিঅ’ক্লেটিয়ানৰ শাসনকালত দেশখন চাৰিতা ভাগত ভাগ কৰি প্ৰত্যেকটো ভাগতে একোজন নিৰ্দিষ্ট শাসনকৰ্তা নিয়োগ কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে দেশলৈ পুনৰ সুস্থিৰতা ঘূৰি আহে। প্ৰথম কনষ্টেণ্টাইনৰ শাসনকালত গৃহযুদ্ধ নিৰ্মূল কৰা হয় আৰু প্ৰতিদ্বন্দ্ব্ব্বীসকলক পৰাভূত কৰি তেওঁ একচ্ছত্ৰী সম্ৰাট হিচাপে অধিষ্ঠিত হয়। কনষ্টেণ্টাইনে ৰোমান ৰাজধানী বিজেণ্টাইনলৈ স্থানান্তৰ কৰে আৰু তেওঁৰ সন্মানাৰ্থে কনষ্টাণ্টিন’পল হিচাপে ঠাইখনৰ নতুন নামকৰণ কৰা হয়। তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে যি পিছলৈ ৰাষ্ট্ৰধৰ্ম হিচাপে থিতাপি লয়। সাম্ৰাজ্যৰ পূৰ্বীয় অঞ্চলটো বিশ্বৰ এক অগ্ৰণী শক্তি হিচাপে পৰিগণিত হয়। একত্ৰ ৰোমান সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট প্ৰথম থিয়’ড’চিয়াছৰ মৃত্যুৰ পিছত ক্ষমতাৰ অপব্যৱহাৰ, গৃহযুদ্ধ, বহিৰাগতৰ আগ্ৰাসন, অৰ্থনৈতিক মন্দাৱস্থা আদি কাৰণত ৰোমান সাম্ৰাজ্যৰ আধিপত্য ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ৪৮০ চন মানতে সাম্ৰাজ্যৰ পশ্চিম অংশৰ পতন হোৱাৰ বিপৰীতে ১৪৫৩ চনত ইয়াৰ পূব প্ৰান্তৰো পতন ঘটে।

ৰোমান সাম্ৰাজ্য অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰত সেই সময়ৰ আটাইতকৈ শক্তিশালী আৰু সমৃদ্ধিশালী সাম্ৰাজ্যসমূহৰ অন্যতম আছিল। ই আছিল ধ্ৰুপদী কালৰ বৃহত্তম সাম্ৰাজ্যসমূহৰ এখন। চৰম শিখৰত থকা কালত ইয়াৰ মাটিকালি আছিল ৫০ লাখ বৰ্গ কিলোমিটাৰ আৰু প্ৰায় ৭ কোটি লোকেৰে ই বিশ্বৰ জনসংখ্যাৰ ২১% ক ধাৰণ কৰি আছিল। ৰোমান সাম্ৰাজ্যৰ বিস্তৃতি আৰু স্থায়িত্বই লেটিন আৰু গ্ৰীক ভাষা, সংস্কৃতি, ধৰ্ম, আৱিষ্কাৰ, স্থাপত্য, দৰ্শন, আইন আৰু চৰকাৰ গাঁথনিৰো বিস্তৃতি আৰু স্থায়িত্ব নিশ্চিত কৰিছিল।

শিল্পকলা

শিল্পকলাৰ দিশত ৰোমানসকল যথেষ্ট আগবঢ়া আছিল। ৰোমান স্থাপত্য, বিজয় স্মাৰক বা মুদ্ৰাসমূহত খোদিত চিত্ৰসমূহ সম্ৰাটসকলৰ দৰ্শনৰ এক প্ৰতিফলন হিচাপে নাইবা ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ বুলি সততে বিশ্লেষণ কৰা হয়। সৰ্বজনীন স্নানাগাৰসমূহত উচ্চখাপৰ প্ৰাচীৰ চিত্ৰ, ৰোমান মোজাইক, ভাস্কৰ্য আৰু আভ্যন্তৰীন সাজ-সজ্জা দেখিবলৈ পোৱা গৈছিল। ধৰ্মীয় কাম-কাজ, সৎকাৰ কৰ্ম, বেপাৰ-বণিজ আৰু ঘৰুৱাভাৱে ব্যৱহাৰ্য সামগ্ৰীসমূহত বিভিন্নধৰণৰ কলাত্মক কৌশলৰ পয়োভৰ দেখা যায়। কলা অনুৰাগী আধ্যৱন্ত লোকসকলে নিজ নিজ ঘৰত চিত্ৰ, ভাস্কৰ্য আৰু অন্যান্য আলংকৰিক আচবাব ৰাখিছিল। ৰোমানসকলৰ ওপৰত পৌৰাণিক গ্ৰীক শিল্পকলাৰ স্পষ্ট প্ৰভাৱ বিদ্যমান।

কলাৰ যথেষ্ট আদৰ থকা স্বত্বেও প্ৰখ্যাত ৰোমান আৰু গ্ৰীক শিল্পীসকলৰ সামাজিক মৰ্যাদা উচ্চখাপৰ নাছিল। তেওঁলোকে শিল্পীসকলক সাধাৰণ বনুৱাৰ দৰেই গণ্য কৰিছিল। একে সময়তে আকৌ উচ্চ মানবিশিষ্ট কৰ্মৰ বাবে প্ৰয়োজন হোৱা কৌশলক দৈৱ-উপহাৰ হিচাপে গণ্য কৰা হৈছিল।

টোকা

তথ্য সংগ্ৰহ

  • Frank Frost Abbott (1901). A History and Description of Roman Political Institutions. Elibron Classics. ISBN 0-543-92749-0. 
  • J. A. Crook, Law and Life of Rome, 90 BC–AD 212, 1967 (ISBN 0-8014-9273-4).
  • Arther Ferrill, The Fall of the Roman Empire: The Military Explanation, Thames and Hudson, 1988 (ISBN 0-500-27495-9).
  • Goldsworthy, Adrian. The Complete Roman Army, Thames and Hudson, 2003 (ISBN 0-500-05124-0).
  • Benjamin Isaac, "The Limits of Empire: the Roman Army in the East" Oxford University Press, 1992 (ISBN 0-19-814926-3).
  • Andrew Lintott, Imperium Romanum: Politics and administration, 1993 (ISBN 0-415-09375-9).
  • Edward Luttwak, The Grand Strategy of the Roman Empire, Johns Hopkins University Press, 1976/1979 (ISBN 0-8018-2158-4).
  • Ritti, Tullia; Grewe, Klaus; Kessener, Paul (2007), "A Relief of a Water-powered Stone Saw Mill on a Sarcophagus at Hierapolis and its Implications", Journal of Roman Archaeology খণ্ড 20: 138–163 
  • Schnitter, Niklaus (1978), "Römische Talsperren", Antike Welt খণ্ড 8 (2): 25–32 
  • Smith, Norman (1970), "The Roman Dams of Subiaco", Technology and Culture খণ্ড 11 (1): 58–68, doi:10.2307/3102810 
  • Smith, Norman (1971), A History of Dams, প্ৰকাশক London: Peter Davies, pp. 25–49, ISBN 0-432-15090-0 

Tags:

ৰোমান সাম্ৰাজ্য শিল্পকলাৰোমান সাম্ৰাজ্য টোকাৰোমান সাম্ৰাজ্য তথ্য সংগ্ৰহৰোমান সাম্ৰাজ্য উৎসৰোমান সাম্ৰাজ্যআফ্ৰিকাইংৰাজী ভাষাইউৰোপএচিয়াক্লিঅ’পেট্ৰালেটিন ভাষা

🔥 Trending searches on Wiki অসমীয়া:

শীতল যুদ্ধআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবৃক্ষমৌলিক সংখ্যাপুৰাণকলাসিন্ধু নদীমূলা গাভৰু১৭ এপ্ৰিলএছিয়াবঙালী ভাষাৰজনীকান্ত বৰদলৈআনন্দ চন্দ্ৰ আগৰৱালাবাগৰুম্বাকাৰেংঘৰপ্ৰথম বিশ্বযুদ্ধনৃত্যবৰদৈচিলাজোঙাল বলহুসতী সাধনীঠেঙ্গাল কছাৰী জনগোষ্ঠীৰমন্যাসবাদভাৰতৰ স্বাধীনতা আন্দোলনহুঁচৰিমহাভৈৰৱ মন্দিৰঅপৰূপাবেংকসৌৰ শক্তিঅৰ্থনীতিঅসমীয়া লোকসাহিত্যগোলকীকৰণউদবাইখো পূজাকামিনী কাঞ্চনঘৰপঞ্চায়তী ৰাজশব্দকীৰ্তন ঘোষা সংকলনযুক্তৰাজ্যঅসমীয়া ভাষানবীনচন্দ্ৰ বৰদলৈদেওহাঁহৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমকুটিল লিপিমিডিয়াৱিকিজেং বিহুবিশ্বনন্দকথা কবিতামানৱ ভূগোলউদাৰনৈতিকতাবাদকাৰ্ল মাৰ্ক্সভবেন্দ্ৰ নাথ শইকীয়াপৰিৱেশ অধ্যয়নবট গছপাঁচালীচৈয়দ আব্দুল মালিকঅসমৰ পৰম্পৰাগত সাজ- পাৰভাৰত ৰত্নঅসমৰ গামোচাপুথিভঁৰালগুৱাহাটী উচ্চ ন্যায়ালয়সৰস্বতী পূজাআহোম ৰাজ্যউদ্ভিদঅব্যয় পদপ্ৰাঞ্জল শইকীয়াবিয়া নামৰাজিয়া চুলতানানাটকঅন্তৰীপ (উপন্যাস)যতি-চিনফুলগুৰি ধেৱাঅৰুণ শৰ্মাআহোম-মোগলৰ সংঘৰ্ষ🡆 More