এলক'হল

এলক'হল (ইংৰাজী: Alcohol) হৈছে একপ্ৰকাৰৰ জৈৱ যৌগ। ইহঁতৰ হাইড্ৰ'ক্সিল কাৰ্যকৰী গোটটো এটা এলকাইল বা এৰাইল গোটৰ কাৰ্বনৰ সৈতে এটা বন্ধনত আবদ্ধ হৈ থাকে। সাধাৰণভাৱে এলক'হলক CnH2n+1OH এই সাধাৰণ সূত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়।

এলক'হল
বান্ধনি কোণৰ সৈতে হাইড্ৰ'ক্সিল কাৰ্যকৰী গোট (-OH)

এলক'হল শব্দটো আৰবি শব্দ "আল-কুহ"ৰ পৰা আহিছে যাৰ অৰ্থ সাধাৰণভাৱে ইথানল। ইথানল এবিধ বৰণহীন উদ্বায়ী তৰল যাক কিন্বনৰ মাধ্যমত শৰ্কৰাৰ পৰা তৈয়াৰ কৰা হয়।

শ্ৰেণীকৰণ

এলক'হলক সাধাৰণতে প্ৰাথমিক (১ ডিগ্ৰী), গৌণ (২ ডিগ্ৰী) আৰু টাৰছিয়াৰি তৃতীয় পৰ্যায়ৰ, ৩ ডিগ্ৰী) এই তিনভাগত ভাগ কৰা হয়। ইথানল, আইচ'প্ৰপাইল এলক'হল, টাৰছিয়াৰি বিউটাইল এলক'হল যথাক্ৰমে প্ৰাথমিক, গৌণ আৰু টাৰছিয়াৰি এলক'হলৰ সৰল উদাহৰণ। একমাত্ৰ ব্যতিক্ৰম হৈছে ফিনল (কাৰ্বলিক এচিড)। ফিনলৰ হাইড্ৰ'ক্সিল কাৰ্যকৰী গোট ফিনাইল (এৰাইল) গোটৰ লগত সাধাৰণ এলক'হলৰ দৰেই এটা বন্ধনেৰে যুক্ত, কিন্তু ইয়াৰ ৰাসায়নিক ধৰ্ম সাধাৰণ এলক'হলতকৈ সম্পূৰ্ণৰূপে পৃথক। সেয়ে ফিনলক এলক'হলৰ সমগোত্ৰীয় বুলি ধৰা নহয়।

সাধাৰণ এলক'হল

সকলোতকৈ সৰল আৰু বহুল ব্যৱহৃত এলক'হলৰ ভিতৰত মিথানল আৰু ইথানল উল্লেখযোগ্য।

নামকৰণ

IUPAC নিময় অনুসৰি এলকেনৰ নামৰ শেষৰ "e"ৰ পৰিৱৰ্তে "ol" বহুৱাই এলক'হলৰ নামকৰণ কৰা হয়। যেনে মিথেন আৰু ইথেনৰ (Methane, Ethane) শেষৰ "e"ৰ পৰিৱৰ্তে "ol" বহুৱাই যথাক্ৰমে মিথানল আৰু ইথানল (Methanol, Ethanol) নামকৰণ কৰা হয়। হাইড্ৰ'ক্সিল কাৰ্যকৰী গোটৰ অৱস্থান বুজাবলৈ "e"ৰ পৰিৱৰ্তে "ol" বহুৱাৰ আগেয়ে সংখ্যা ব্যবহাৰ কৰা হয়। যেনে CH3+CH2+CH2+OH ক প্ৰ'পান-ৱান-অল (propan-1-ol), CH3+CH+OH+CH3ক প্ৰ'পান-টু-অল (propan-2-ol) বুলি কোৱা হয় (দুয়োটাকে প্ৰ'পানল আৰু প্ৰ'পাইল এলক'হল বুলিও কোৱা হয়)। আন প্ৰকাৰে এলকাইল গোট বা অন্য কোনো কাৰ্বন শৃংখলৰ নামৰ শেষত "এলক'হল" বহুৱাইও নামকৰণ কৰা হয়। যেনে মিথেন আৰু ইথেনৰ পৰা যথাক্ৰমে মিথাইল আৰু ইথাইল গোট আহে আৰু ইহঁতৰ সংশ্লিষ্ট এলক'হলক যথাক্ৰমে মিথাইল এলক'হল আৰু ইথাইল এলক'হল বুলি নামকৰণ কৰা হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

এলক'হল শ্ৰেণীকৰণএলক'হল সাধাৰণ এলকহলএলক'হল নামকৰণএলক'হল তথ্য সংগ্ৰহএলক'হল বাহ্যিক সংযোগএলক'হলইংৰাজী ভাষাকাৰ্বন

🔥 Trending searches on Wiki অসমীয়া:

কলাজীৱনীৰজনীকান্ত বৰদলৈ২২ এপ্ৰিলব্ৰিটিছ ৰাজলক্ষ্মীনাথ বেজবৰুৱাভাৰতৰ ৰাষ্ট্ৰপতিভাৰতীয় জনতা পাৰ্টিমহাসাগৰৰাজিয়া চুলতানাপুৰুষৰুক্মিণী হৰণ নাটবিদ্যুৎকেশৱ মহন্তজলবিদ্যুৎমহেন্দ্ৰ বৰাহৰপ্পানামঘোষাকেওঁট জনগোষ্ঠীকাঠনিবাৰী ঘাটগৌতম বুদ্ধপ্ৰদূষণবানপানীপৃথিৱীৰমন্যাসবাদদধীচিকছাৰী ৰাজ্যৰাম মন্দিৰ, অযোধ্যাউমাকান্ত শৰ্মাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰশ্ৰীমদ্ভগৱতগীতামূলা গাভৰুশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লদ্বিতীয় বিশ্বযুদ্ধদিহানামবসন্ত ৰোগবহনক্ষম উন্নয়নৰ লক্ষ্যচ্যু-লিক-ফাঁ (চন্দ্ৰবিন্দু)ফলসৰ্বশিক্ষা অভিযানইন্দিৰা মিৰিঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলজন গণ মনদৰিদ্ৰতাকিতাপ পঢ়াৰ আনন্দনামদাঙৰ শিলৰ সাঁকোঅসম সাহিত্য সভাবিহু নৃত্যমহামায়া ধামগোপাল কৃষ্ণ গোখলেসৰ্বানন্দ সোণোৱালঅসমৰ তামোল-পাণ সংস্কৃতিসৰ্বেপল্লী ৰাধাকৃষ্ণণছুনামিচকলংআৰৱ সাগৰস্বামী বিবেকানন্দভগদত্তকমলাকান্ত ভট্টাচাৰ্য্যসমাজতত্ত্বঅসমৰ ধান খেতিৰ সঁজুলিসমূহনৰকাসুৰনগাঁও (লোকসভা সমষ্টি)আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবড়ো জনগোষ্ঠীৰাম সৰস্বতীবিহুৰ বাদ্যযন্ত্ৰ🡆 More