এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এইচ টি এম এল (ইংৰাজী: HTML) হ’ল 'হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ' (Hyper Text Markup Language)-ৰ চমু ৰূপ। ই প্ৰগ্ৰামিং লেংগুৱেজ নহয় যদিও, তাৰ দৰেই এই মাৰ্কআপ লেংগুৱেজসমূহো, টেগসমূহৰ সহায়ত ৱেবপেজৰ তথ্যসমূহৰ বিভিন্নধৰণৰ আকৃতিৰ সাধাৰণ পৰিকাঠামোবোৰ সজোৱাত সহায় কৰে। ইয়াক চি এছ এছ আৰু জাভাস্ক্ৰীপ্টৰ সহায়ত উন্নতমানৰ ৰূপ প্ৰদান কৰিব পাৰি।
এইচ টি এম এলৰ শেহতীয়া সংস্কৰণ এইচ টি এম এল ৫-ৰ আনুষ্ঠানিক ল’গ’৷ | |
ফাইলনেইম এক্সটেনছন |
|
---|---|
Internet media type | text/html |
টাইপ ক'ড | TEXT |
বিকাশকৰ্তা | WHATWG |
প্ৰাৰম্ভিক মুকলি | ১৯৯৩ |
শেহতীয়া মুকলি | Living Standard (2021) |
ফৰমেটৰ প্ৰকাৰ | Document file format |
Container for | HTML elements |
Contained by | Web browser |
Extended from | SGML |
Extended to | XHTML |
Open format? | হয় |
ৱেবছাইট | html |
ইণ্টাৰনেটত ৱেবছাইটৰ পেজসমূহ তৈয়াৰ কৰাত ই সকলোতকৈ জনপ্ৰিয়। ইয়াৰ এক্সটেনশ্বন ফাইল .html আৰু .htm উভয়ে হ’ব পাৰে। বিভিন্ন ধৰণৰ টেগ ব্যৱহাৰ কৰি এই এইচ টি এম এলৰ সহায়ত বিভিন্ন ধৰণৰ ফৰমেট তৈয়াৰ কৰিব পাৰি। ইয়াৰ শেহতীয়া সংস্কৰণটো হ’ল- এইচ টি এম এল ৫ (HTML5) ।
১৯৮০ চনত ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী টিম বাৰ্নাৰ্ছ লী চাৰ্ণৰ (CERN) এজন ঠিকাদাৰ আছিল। পোনপ্ৰথমে চাৰ্ণ গৱেষকসকলোৰ মাজত দস্তাবেজ শ্বেয়াৰ কৰাৰ কাৰণে ENQUIRE prototyped নামৰ এটি System -ৰ প্ৰস্তাৱ দিয়ে। ১৯৮৯ চনত টিম বাৰ্নাৰ্ছ লীয়ে ব্ৰাউজাৰ তথা চাৰভাৰৰ চফ্টৱেৰ এইচ টি এম এল (HTML) -ৰ কথা উল্লেখ কৰে। এবছৰতেই চাৰ্ণৰ তথ্য চিষ্টেম ইঞ্জিনীয়াৰ Robert Cailliau -ৰ সৈতে যৌথভাৱে চাৰ্ণৰ ই প্ৰকল্পৰ বাবে অনুৰোধ কৰে, যদিও প্ৰকল্পটো আনুষ্ঠানিকভাৱে চাৰ্ণৰ দ্বাৰা গৃহীত নহয়।
সংস্কৰণ | চন |
---|---|
এইচ টি এম এল | ১৯৯১ |
এইচ টি এম এল ২.০ | ১৯৯৫ |
এইচ টি এম এল ৩.২ | ১৯৯৭ |
এইচ টি এম এল ৪.০.১ | ১৯৯৯ |
এক্স এইচ টি এম এল | ২০০০ |
এইচ টি এম এল ৫ | ২০১৪ |
সংস্কৰণ | First draft | Candidate recommendation | Recommendation |
---|---|---|---|
HTML 5.0 | 2007 | 2012 | 2014 |
HTML 5.1 | 2012 | 2015 | 2016 |
HTML 5.2 | 2015 | 2017 | 2017 |
HTML 5.3 | 2017 | প্ৰযোজ্য নহয় | প্ৰযোজ্য নহয় |
* টোকা : ইয়াৰে কেৱল আৰু
-ৰ মাজৰ অংশখিনিহে ব্ৰাউজাৰত প্ৰদৰ্শিত হ’ব (বগা অংশখিনি)।
<html> <body> <h1>হেডিং নম্বৰ ১h1> <h2>হেডিং নম্বৰ ২h2> <h3>হেডিং নম্বৰ ৩h3> <h4>হেডিং নম্বৰ ৪h4> <h5>হেডিং নম্বৰ ৫h5> <h6>হেডিং নম্বৰ ৬h6> body> html>
এইখিনি (ক্ৰমে ডাঙৰৰ পৰা সৰুলৈ) প্ৰদৰ্শিত হ’ব এনে ধৰণে। (ইয়াৰে <h1> আৰু h1>, <h2> আৰু h2>, <h3> আৰু h3>, <h4> আৰু h4>, <h5> আৰু h5>, <h6> আৰু h6> আদি প্ৰদৰ্শিত নহয়। )
হেডিং নম্বৰ ১
হেডিং নম্বৰ ২
হেডিং নম্বৰ ৩
হেডিং নম্বৰ ৪
হেডিং নম্বৰ ৫
হেডিং নম্বৰ ৬