আলেকজেণ্ডাৰ: সামৰিক সেনাপতি আৰু মেচিডনৰ ৰজা

আলেকজেণ্ডাৰ বা মহান আলেকজেণ্ডাৰ (ইংৰাজী: Alexander the Great) (খ্ৰীষ্টপূৰ্ব ৩৫৬–৩২৩) ইতিহাসৰ আটাইতকৈ বিখ্যাত বীৰসকলৰ ভিতৰত অন্যতম। প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনৰ ৰজা। পিতাকৰ নাম ফিলিপ। খ্ৰীঃপূঃ ৩৩৫ চনত ফিলিপৰ মৃত্যুৰ পিছত আলেকজেণ্ডাৰ মেচিডনৰ সিংহাসনত আৰোহণ কৰে। দাৰ্শনিক এৰিষ্টটল আছিল তেওঁৰ গৃহ শিক্ষক। ২০ বছৰ বয়সতে সিংহাসনত আৰোহণ কৰি তেওঁ বিশ্ব-বিজয় অভিযানত বাহিৰ হয়। আলেকজেণ্ডাৰ বিশ্ব বিজয় অভিযানত ওলাই আহি ইজিপ্ত জয় কৰাৰ পিছত খ্ৰীঃপূঃ ৩৩২ চনত তাত নিজৰ নামেৰে এখন নতুন নগৰ আলেকজেড্ৰিয়া স্থাপন কৰে। এই নগৰখন প্ৰাচীন গ্ৰীক আৰু ইহুদী সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ হৈ উঠে। পাৰস্য আৰু আফগানিস্তান জয় কৰাৰ পিছত তেওঁ ভাৰতত প্ৰবেশ কৰি পঞ্জাব জয় কৰে। তেওঁৰ লক্ষ্য আছিল গাঙ্গেয় উপত্যকা। কিন্তু তেওঁৰ সৈন্যসকলে বিদ্ৰোহ কৰাত তেওঁ ভাৰত বিজয়ৰ অভিযান অসমাপ্ত ৰাখি স্বদেশলৈ ঘূৰি যাবলৈ বাধ্য হয়। স্বদেশ গৈ পোৱাৰ আগতে তেওঁৰ আধাবাটতে মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাইতিহাস

🔥 Trending searches on Wiki অসমীয়া:

ৱিকিপিডিয়াযৌন সংগমজুৰি দত্তচুটিগল্পমাইলছ ব্ৰনছনৰুক্মিণী দেৱী অৰুণ্ডেলমাঘ বিহুকীৰ্তন-ঘোষামৌৰ্য সাম্ৰাজ্যনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পপানীজীৱনীকালিদাসইয়াত এখন অৰণ্য আছিলফকৰা যোজনাঅনাভেদী যৌনক্ৰিয়াবিত্তীয় ব্যৱস্থাতলাতল ঘৰইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসবিবাহকৰ্কট ক্ৰান্তিৰাজনৈতিক দলভাৰতীয় ৰেলদুৰ্যোগমোগল সাম্ৰাজ্যভাৰতৰ উচ্চতম ন্যায়ালয়বিহুগীতভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমীয়া লোকসাহিত্যভাৰতত মহিলা শিক্ষালোককথামল্লিকা ফুলপিম্পৰা গুচোৱাভূপেন হাজৰিকামাম্প্‌ছসিন্ধু সভ্যতাচন্দ্ৰকুমাৰ আগৰৱালাফুটবলনৱ-বৈষ্ণৱ ধৰ্মলেটিন ভাষাভবেন্দ্ৰ নাথ শইকীয়ামিচিং জনগোষ্ঠীৰ সাজপাৰৰুক্মিণী হৰণ নাটঅতুল চন্দ্ৰ হাজৰিকাপলাশীৰ যুদ্ধপ্ৰাকৃতিক সম্পদশীতল যুদ্ধবিশ্ব গ্ৰন্থ দিৱসউপনিষদওৰাং ৰাষ্ট্ৰীয় উদ্যানঅন্নপ্ৰাশনকেশৱ মহন্তঅসম সাহিত্য সভাহৰি-হৰ যুদ্ধশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাসত্যেন্দ্ৰনাথ শৰ্মাকলিতা জনগোষ্ঠীঅসমৰ সমস্যাদৌল গোবিন্দ মন্দিৰসোণালী বান্দৰহিউৱেন-চাংঅসহযোগ আন্দোলনগুণমালাউপভাষাআনন্দৰাম বৰুৱাজাতনামচ্যু-লিক-ফাবুৰঞ্জীপায়ু সংগমহয়গ্ৰীৱ মাধৱ মন্দিৰশ্ৰী সূৰ্য পাহাৰভাৰতৰ সংবিধানঊৰুমৈথুননাটকশব্দ (অভিধান)🡆 More