জানুৱাৰী

জানুৱাৰী জুলিয়ান তথা গ্ৰেগৰিয়ান পঞ্জিকাৰ প্ৰথম মাহ। ই ৩১ দিন থকা ৭টা মাহৰ অন্যতম। ১ জানুৱাৰী এই মাহৰ প্ৰথম দিন, আৰু এই দিনক নিউ য়েৰ্ছ দে '(নববৰ্ষৰ দিন) বোলা হয়। সাধাৰণতে এই মাহ পৃথিৱীৰ উত্তৰ গোলাৰ্দ্ধৰ (য'ত ই শীত কালৰ দ্বিতীয় মাহ) আতাইতকৈ ঠাণ্ডা মাহ, আৰু দক্ষিণ গোলাৰ্দ্ধৰ (য'ত ই গ্ৰীষ্ম কালৰ দ্বিতীয় মাহ) আতাইতকৈ গৰম মাহ। দক্ষিণ গোলাৰ্দ্ধৰ জানুৱাৰী বতৰৰ দিশৰ পৰা উত্তৰ গোলাৰ্দ্ধৰ জুলাই মাহৰ সৈতে একেই।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

সাধাৰণতে, জানুৱাৰী সেই বাৰতে আৰম্ভ হয়, যি বাৰত অক্টোবৰ আৰম্ভ হয়, পিচে লীপ য়েৰত ই সেই বাৰতে আৰম্ভ হয় যি বাৰত এপ্ৰিল আৰু জুলাই আৰম্ভ হয়। কোনো সাধাৰণ বছৰত, জানুৱাৰী সেই বাৰতে শেষ হয়, যি বাৰত ফেব্ৰুৱাৰী আৰু অক্টোবৰ শেষ হয়, আৰু লীপ য়েৰত, সেই বাৰত শেষ হয় যি বাৰত জুলাই শেষ হয়। প্ৰতি বছৰে, জানুৱাৰী পূৰ্বৰ বছৰৰ মে' আৰম্ভ হোৱা বাৰত আৰম্ভ হয়।

বুৰঞ্জী

জানুৱাৰী (লেটিন ভাষাত ইয়ানুৱাৰিয়াছ)ৰ নাম 'আৰম্ভণি'ৰ দেৱতা জানুছৰ নামৰ পৰা লোৱা। এই দেৱতাৰ নাম ৰ'মান বিশ্বাসত পোৱা যায়, যাৰ নাম ইয়ানুৱা, অৰ্থাৎ দুৱাৰৰ পৰা লোৱা। এই মাহক এই নাম হয়টো এই বাবেই দিয়া হ'ল যে ই বছৰৰ দুৱাৰ স্বৰূপ।

আগতে, ৰ'মান পঞ্জিকাত কেৱল ১০টা মাহ আছিলে, বা বছৰত ৩০৪ দিন। শীতকালক মাহ-বিহীন কাল আখ্যা দিয়া হৈছিলে। খ্ৰীষ্টপূৰ্ব ৭১৩ ৰজা নুমা পম্পিলাছে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ যোগ কৰাৰ কথা কোৱা হয়, যাতে বছৰটো চন্দ্ৰীয় পঞ্জিকাৰ সৈতে মিলে (৩৫৪ দিন)। যদিও মাৰ্চক বছৰৰ প্ৰথম মাহ বুলি গণ্য কৰা হৈছিল, ৪৫০ খ্ৰীষ্টপূৰ্বত নুমা অথবা ডেছেম্ভিৰ্ছে জানুৱাৰীক বছৰৰ প্ৰথম মাহৰ স্থান দিলে।

বুৰঞ্জীত এই মাহ ৰ'মান নাম ইয়ানুৱাৰিয়াছ, ছেক্সন নাম ৱুল্ফ মনাথ (কুকুৰনেছিয়া মাহ), ছাৰ্লেমেগ্নেৰ ৱিণ্টাৰ মানথ (শীত মাহ) আদি নামেৰে উল্লেখ আছে। স্লভেনেত এই মাহক পৰম্পৰাগতভাৱে প্ৰছিনেক বোলা হৈছিল, যাৰ অৰ্থ মিলেট ব্ৰেড খোজা, এই কথা প্ৰথম স্কফ্যা ল'কাত লিখা হৈছিল।

তথ্যসূত্ৰ

Tags:

গ্ৰেগৰিয়ান বৰ্ষপঞ্জীজুলাই১ জানুৱাৰী

🔥 Trending searches on Wiki অসমীয়া:

পাইক প্ৰথাগৰু বিহুঠেঙ্গাল কছাৰী জনগোষ্ঠীকলঅসমৰ চাহ জনগোষ্ঠীচুতীয়া জনগোষ্ঠীভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনআহোম ভাষাঅসমৰ কাঁহ শিল্পঅসমীয়া খাদ্যাভ্যাসঅপৰূপাকৰতল কমল কমল দল নয়নগৱেষণাআধুনিকতাবাদইংলেণ্ডউজনি অসমযোগাত্মক বিপৰীত সংখ্যাসাহিত্য অকাডেমি বঁটাসংঘাতবিষুৱ ৰেখাভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানজোনবিল মেলাবগা কাঞ্চনঅৰুণাচল প্ৰদেশশিৱসাগৰঅনাভেদী যৌনক্ৰিয়ালক্ষ্মীধৰ শৰ্মাশৰাইঘাটৰ যুদ্ধৰবীন্দ্ৰনাথ ঠাকুৰওজাপালিউপভাষালাভলীনা বৰগোহাঁইগোলকীয় উষ্ণতা বৃদ্ধিকাগজব’হাগপ্ৰকৃতিবিজ্ঞানদৰিদ্ৰতাআঙঠি পিন্ধোৱাতবলাযৌন প্ৰৱেশক্ৰিয়াজোঙাল বলহুঅসমীয়া জলপানভাৰতীয় জনতা পাৰ্টিভাৰতৰ সংবিধানঅপৰিমেয় সংখ্যাশংকৰী সংস্কৃতিকাৰ্বি আংলং জিলামাধৱদেৱঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপালি ভাষানতুন দিল্লীঅসমৰ বাঁহ-বেতৰ শিল্পসত্যনাথ বৰাসিংহভাৰতৰ প্ৰধানমন্ত্ৰীকাৰ্বি জনগোষ্ঠীপঞ্চায়তী ৰাজযজ্ঞবিষ্ণুপ্ৰসাদ ৰাভাশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাপাঠ পৰিকল্পনাটকা (বাদ্য)ভাষানৃত্যকথা কবিতানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯মহাভৈৰৱ মন্দিৰআকবৰগৌৰৱ গগৈবাগ্‌ধ্বনিগোপীনাথ বৰদলৈমৌখিক ইতিহাসচেঙেলী মাছৰাজহুৱা ক্ষেত্ৰবেটুপাতমাটিৰ হিচাপ🡆 More