যৌন অভিমুখিতা

যৌন অভিমুখিতা (ইংৰাজী: Sexual orientation) হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। অকামিতা হ'ল এনে এক প্ৰকাৰৰ যৌন অভিমুখিতা য'ত কোনো ব্যক্তিয়ে যৌন আকৰ্ষণ অনুভৱ নকৰে। মানৱ যৌন অভ্যাস, লিংগ পৰিচয় আৰু লিংগ আকৰ্ষণ আদি শব্দসমূহ যৌন অভিমুখীতাৰ লগত জড়িত যি মনোবৈজ্ঞানিকভাৱে এগৰাকী মানুহৰ যৌন চৰিত্ৰক গঠন কৰে।

ভাগ সমূহ

যৌন অভিমুখীতা মূলতঃ পাঁচটা ভাগত বিভক্ত। সেয়া হল :- সমলৈঙ্গিকতা , বিপৰীতকামিতা, অকামিতা, সৰ্বকামিতা আৰু উভকামিতা। বিজ্ঞানীসকলৰ মতে যৌন অভিমুখিতা মস্তিষ্কৰ হাইপ'থেলেমাছৰ ভিন্নতাৰ বাবে হয়। পুৰুষৰ ক্ষেত্ৰত যদি মনচেক্সুৱেল কোষ সমূহ নাৰীসুলভ হয় তেন্তে তেওঁ গে' হব আৰু যদি মনচেক্সুৱেল কোষ সমূহ পুৰুষত্বসুলভ তেন্তে তেওঁ বিপৰীতকামী হ'ব। নাৰীৰ ক্ষেত্ৰত যদি মনচেক্সুৱেল কোষ সমূহ পুৰুষত্বসুলভ তেন্তে তেওঁ লেছবিয়ান হব অন্যহাতে যদি মনচেক্সুৱেল কোষ সমূহ নাৰীসুলভ হয় তেন্তে বিপৰীতকামী হ'ব।

সমলৈঙ্গিকতা (Homosexuality)

সমলৈঙ্গিকতা (Homosexuality) মানে হল একে লিংগৰ প্ৰতি প্ৰেম, যৌন আৰু অন্য আবেগজনিত আকৰ্ষণ অনুভৱ কৰা। যি একে লিংগৰ সম্বন্ধ আৰু একে লিংগৰ বিবাহক প্ৰতিনিধিত্ব কৰে। পুৰুষ সমকামী সকলক গে' আৰু মহিলা সমকামী সকলক লেছবিয়ান বুলি কোৱা হয়। সমলৈঙ্গিকতা এক প্ৰকাৰৰ প্ৰাকৃতিক ব্যৱহাৰ যি মানুহৰ লগতে অন্য জীৱৰ মাজতো দেখা যায়।

লেছবিয়ান (lesbian)

লেছবিয়ান হ’ল সমলৈঙ্গিকতা ৰ এটা ভাগ যত একে লিংগৰ নাৰীয়ে অইন নাৰীৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।

গে'(Gay)

গে' হ’ল সমলৈঙ্গিকতা ৰ এটা ভাগ যত একে লিংগৰ পুৰুষে অইন পুৰুষৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।

বিপৰীতকামিতা (Heterosexuality)

বিপৰীতকামিতা (Heterosexuality) মানে হল বিপৰীত লিংগৰ প্ৰতি প্ৰেম, যৌন আৰু আবেগিক আকৰ্ষণ অনুভৱ কৰা। সমাজত এই প্ৰকাৰৰ যৌন অভিমুখিতা অধিক সংখ্যাত থকাৰ বাবে সাধাৰণতে সামাজিক, ধাৰ্মিক ভাবে অধিক স্বীকৃত।

সৰ্বকামিতা (Pansexuality)

সৰ্বকামিতা (Pansexuality)ত কোনো ব্যক্তিয়ে সকলোৰে প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে। ই যিকোনো লিংগ বা ধৰণৰ হব পাৰে। এজন সৰ্বকামি ব্যক্তিয়ে পুৰুষ, নাৰী, ট্ৰান্স সকলোৰে প্ৰতি আকৰ্ষণ থাকে।

অকামিতা (Asexuality)

কোনো ব্যক্তিয়ে যিকোনো লিংগৰ ব্যক্তিৰ প্ৰতি যদি আংশিক বা সম্পূৰ্ণ ভাবে যৌন আকৰ্ষণ অনুভৱ নকৰে তাক অকামিতা (Asexuality) বোলে। কোনো ব্যক্তিয়ে অকামি হৈয়ো আবেগিক আকৰ্ষণ থাকিব পাৰে। অকামিতা কোনো ধৰণৰ ব্ৰহ্মচাৰী ব্ৰত নহয় যত জোৰ প্ৰয়োগ কৰি নিজৰ যৌন তথা প্ৰেমজনীত আবেগক দবাই ৰখা হয়।

উভকামিতা (Bisexuality)

বাইচেক্সুৱেল হ’ল দুবিধ লিংগৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰা পুৰুষ বা মহিলা। বাইচেক্সুৱেলসমূহে কেতিয়াবা কোনোবা এটা লিংগৰ প্ৰতি অধিক আৰু আনটোৰ প্ৰতি তুলনামূলকভাৱে কম আকৰ্ষণ থকা হ’ব পাৰে।

লগতে চাওক

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

Tags:

যৌন অভিমুখিতা ভাগ সমূহযৌন অভিমুখিতা লগতে চাওকযৌন অভিমুখিতা তথ্য সংগ্ৰহযৌন অভিমুখিতা উৎস প্ৰসংগযৌন অভিমুখিতাঅকামিতাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নৱ-বৈষ্ণৱ ধৰ্মমাজুলীআনন্দৰাম ঢেকিয়াল ফুকনঅসমৰ পৰম্পৰাগত সাজ-পাৰবৃত্তমণিকৰ্ণেশ্বৰ দেৱালয়চৈয়দ আব্দুল মালিকদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাডিব্ৰুগড় (লোকসভা সমষ্টি)সংস্কৃত সাহিত্যঅসমত দেখা চৰাইবোৰঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাঅসমীয়া ব্যাকৰণটকা (বাদ্য)অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাইউক্লিডডাকৰ বচনমানস ৰাষ্ট্ৰীয় উদ্যানঅসম চিকিৎসা মহাবিদ্যালয়লক্ষ্মীনাথ বেজবৰুৱাশব্দকমলাবাৰী সত্ৰবৰ্ষা উচগাওকাৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহকছাৰী ৰাজ্যৰাভা জনগোষ্ঠীসপ্তকাণ্ড ৰামায়ণমামণি ৰয়ছম গোস্বামীভাৰতীয় ৰিজাৰ্ভ বেংকমুদ্ৰা বজাৰজোনবিল মেলালোকচিকিৎসালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅশোকৰ অনুশাসনজয়সাগৰ পুখুৰীনৱকান্ত বৰুৱাপুৰাণজৱাহৰলাল নেহৰুআইৰিন পাৰ্লবিগ্ৰেগৰিয়ান বৰ্ষপঞ্জীগণতন্ত্ৰভেকুলীমানৰ অসম আক্ৰমণঅসম আন্দোলনযোৰানামচন্দ্ৰগুপ্ত মৌৰ্যমহিম বৰাঅসমৰ কাঁহ শিল্পমোৱামৰীয়া বিদ্ৰোহজয়মতী (২০০৬ চলচ্চিত্ৰ)বৰপেটা জিলামেক্সিকোনগাজৰী-খনিকৰগাঁৱৰ শিলালিপিফণী শৰ্মাগোলাঘাট জিলাবনলতা সেন (কবিতা)বুৰঞ্জীবিহুগীত২০২২শিৱসাগৰ জিলাচি এছ এছঅংকীয়া নাটমায়ামৰা সত্ৰঅসমৰ ইতিহাসভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাশিক্ষালোকাচাৰদীৰ্ঘেশ্বৰী দেৱালয়ভাৰতৰ শাস্ত্ৰীয় নৃত্যনাৰী আৰু ধূম্ৰপানখাজুৰাহোনৰনাৰায়ণহেম বৰুৱাআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘউপভাষা🡆 More