মাৰ্ক্সবাদ

মাৰ্ক্সবাদ হৈছে এক মতাদৰ্শ তথা বিশ্লেষণৰ এক পদ্ধতি, যি ঐতিহাসিক বস্তুবাদী দৃষ্টিৰে সমাজখনৰ শ্ৰেণী সম্বন্ধ তথা সামাজিক দ্বন্দ্ববিলাকৰ বিশ্লেষণ কৰে। মাৰ্ক্সবাদৰ আৰম্ভণি ঘটিছিল ১৯ শতিকাৰ দ্বিতীয় ভাগত, জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এংগেলছৰ জৰিয়তে।

প্ৰাৰম্ভিক মাৰ্ক্সবাদ

মাৰ্ক্সবাদে প্ৰথমে ঐতিহাসিক ভৌতিকতাবাদেৰে পুঞ্জিবাদৰ উত্থান আৰু ব্যৱস্থাগত অৰ্থনৈতিক পৰিৱৰ্তনত শ্ৰেণী সংগ্ৰামৰ ভূমিকাৰ বিশ্লেষণ আৰু আলোচনা কৰিছিল। মাৰ্ক্সবাদৰ মতে পুঞ্জিবাদত শ্ৰেণী সংগ্ৰামৰ উদ্ভৱ হয় সৰ্বহাৰাই কৰা অতিকৈ উত্‌পাদনশীল যান্ত্ৰীকৃত আৰু সামাজিকৃত উত্‌পাদন আৰু সংখ্যালঘু বুৰ্জোৱাই লভা সম্পদৰ ব্যক্তিগত মালিকানা আৰু মুনাফাৰ বিৰোধৰ বাবে। উতপাদনৰ বল আৰু সম্বন্ধৰ বিৰোধৰ বৃদ্ধিৰ বাবে সংকটৰ সৃষ্টি হয়। বুৰ্জোৱাই ভিন ভিন স্তৰৰ চেতনাৰ শ্ৰমিক ব্যৱচ্ছেদক বান্ধি ৰাখিব নোৱাৰে আৰু অৱশেষত সূচনা হয় সামাজিক বিপ্লৱৰ। এই বিপ্লৱৰ ফলত সৃষ্টি হ'ব সমাজবাদী সমাজৰ- সকলোৰেপৰা সামৰ্থ্য অনুসৰি আৰু সকলোলৈ বৰঙণি অনুসৰি। উত্‌পাদনৰ প্ৰযুক্তিৰ বিকাশ সাধন হৈয়ে যাব আৰু মাৰ্ক্সৰ মতে ফল হ'ব এক সাম্যবাদী সমাজ- য'ত থাকিব সম্পদৰ ৰাজহুৱা মালিকানা আৰু উত্‌পাদৰ উভৈনদী-ই হ'ব এক মানৱীয় সমাজ, সকলোৰেপৰা সামৰ্থ্য অনুসৰি, সকলোলৈ প্ৰয়োজন অনুসৰি।

মাৰ্ক্সবাদৰ ভিন্ন ধাৰা

মাৰ্ক্সবাদ পাছলৈ ভিন্ন চিন্তাগোষ্ঠীত বিকশিত হ'ল। ভিন্ন মাৰ্ক্সবআদী চিন্তাগোষ্ঠীয়ে শাস্ত্ৰীয় মাৰ্ক্সবাদৰ ভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰে, কিছু বিষয় গৌণ জ্ঞান কৰে অথবা সম্পূৰ্ণ ৰূপে খাৰিজ কৰে। কোনো কোনো চিন্তাগোষ্ঠিত মাৰ্ক্সবাদ আৰু আন সূত্ৰৰ মিশ্ৰণ ঘটিছে। সেই বাবে ভিন্ন চিন্তাগোষ্ঠীৰ মীমাংসা সামঞ্জসয়হীনো হ'ব পাৰে। শেহতীয়াকৈ পিচে এই কথাত গুৰুত্ব আৰোপ কৰা হৈছে যে মাৰ্ক্সবাদত দ্বন্দ্ববাদী ভৌতিকতাবাদ আৰু ইতিহাসবাদ গুৰুত্বপূৰ্ণ, যিয়ে মতৰ ঐক্যসাধনত সহায় কৰিব পাৰে।

প্ৰভাৱ

মাৰ্ক্সবাদে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক আন্দোলনক প্ৰভাৱিত কৰইছে, তাৰ উপৰিও ভিন্ন শিক্ষাক্ষেত্ৰত পুৰাতত্ত্ব, নৃতত্ত্ব, গণ মাধ্যম অধ্যয়ন, , ৰাজনীতি বিজ্ঞান, নাট্য, বুৰঞ্জী, সমাজবিদ্যা, কলা বুৰঞ্জী আৰু সূত্ৰ, সংস্কৃতিবিদ্যা, শিক্ষাবিদ্যা, অৰ্থনীতি, ভূগোল, সাহিত্য সমালোচনা, সৌন্দৰ্য শাস্ত্ৰ, সমালোচনামূলক মনোবিজ্ঞান আৰু দৰ্শন অধ্যয়নত মাৰ্ক্সবাদ ব্যৱহৃত।

তথ্য সংগ্ৰহ

Tags:

মাৰ্ক্সবাদ প্ৰাৰম্ভিক মাৰ্ক্সবাদ ৰ ভিন্ন ধাৰামাৰ্ক্সবাদ প্ৰভাৱমাৰ্ক্সবাদ তথ্য সংগ্ৰহমাৰ্ক্সবাদকাৰ্ল মাৰ্ক্স

🔥 Trending searches on Wiki অসমীয়া:

ভৌতিক সংস্কৃতিজন গণ মনযোগাসনগৌতম বুদ্ধকমলাকান্ত ভট্টাচাৰ্য্যমনোমতীশ্ৰী সূৰ্য পাহাৰপৰিমেয় সংখ্যাপুৰাণবৃহস্পতি গ্ৰহফুটবলৰুবুল মাউতবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনচুতীয়া ৰাজ্যঅশোক চক্ৰটিকেন্দ্ৰজিৎদিল্লীসংযুক্ত মুক্তি বাহিনী, অসমমানচিত্ৰআলোচনীগান্ধীবাদআলি আঃয়ে লৃগাংআহোম ৰাজ্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰইজৰাইলবিহুৰ বাদ্যযন্ত্ৰভাৰতীয় শিল্পকলাযৌন সংগমমদন কামদেৱ দেৱালয়মানুহবহুভাষাবাদপানীসাহিত্য অকাডেমি বঁটানীলমণি ফুকন (কনিষ্ঠ)যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইনঅসমৰ তামোল-পাণ সংস্কৃতিবৰাক উপত্যকাকাৰেংঘৰলোকলিকতানাগৰিকত্ববচন (ব্যাকৰণ)মুগা (ৰেচম)গুৱাহাটী বিশ্ববিদ্যালয়সূৰ্যবড়ো জনগোষ্ঠীঅসমীয়া যুক্তাক্ষৰতিৱা জনগোষ্ঠীজ্বৰদীপলিনা ডেকাপতঞ্জলিছুনামিঅসমীয়া উপন্যাসপৰ্যাবৃত্ত তালিকাৰমন্যাসবাদমনোবিজ্ঞানভাৰতৰ নিৰ্বাচন আয়োগবৰাক নদীভাৰতৰ উচ্চতম ন্যায়ালয়অসমীয়া গীতি সাহিত্যভগ্নাংশ (গণিত)নাগালেণ্ডৰোমাণ্টিক কবিতাস্তন সংগমআহোম জনগোষ্ঠীব্যক্তিত্বফাকে জনগোষ্ঠীজিকিৰমহাভৈৰৱ মন্দিৰপদিনাবিষ্ণুপ্ৰসাদ ৰাভামালিতাসদৌ অসম ছাত্ৰ সন্থাসামাজিক উপভাষাশাল গছ🡆 More