ইউৰো

ইউৰো (চিহ্ন: €; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন.

ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে। ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।

ইউৰো
২০১৫ চনৰ ইউৰো বেংকনোট
২০১৫ চনৰ ইউৰো বেংকনোট
ISO 4217 ক’ড EUR (num. 978)
কেন্দ্ৰীয় বেঙ্ক ইউৰোপিয়ান চেণ্ট্ৰেল বেংক
ৱেবছাইট [http://www.ecb.europa.eu www.ecb.europa.eu]
ব্যৱহাৰকাৰী
ইউৰোমণ্ডল (১৯)
মুদ্ৰা চুক্তি (৯)
  • ইউৰো আন্দৰা
  • ইউৰো মনাকো
  • ইউৰো ছান মাৰিণ'
  • ইউৰো ভেটিকান চিটি
  • সংযুক্ত যুক্তৰাজ্য এক্ৰ’টাইৰি আৰু ঢেকেলিয়া(ইংলেণ্ড)
  • ফ্ৰান্স ক্লিপাৰটন দ্বীপপুঞ্জ (ফ্ৰান্স)
  • ফ্ৰান্স ছেইণ্ট বাৰ্থেলেমি (ফ্ৰান্স)
  • ফ্ৰান্স দক্ষিণ ফ্ৰান্স আৰু এণ্টাৰ্কটিক দেশসমূহ (ফ্ৰান্স)
  • ছেইণ্ট পিয়েৰা আৰু মিকুৱেলন ছেইণ্ট পিয়েৰ এণ্ড মিকুয়েলন (ফ্ৰান্স)
একপক্ষীয় ব্যৱহাৰকাৰী (৩)
  • ইউৰো কচভ’
  • ইউৰো মণ্টেনেগ্ৰ
  • ইউৰো জিম্বাৱৱে
মুদ্ৰাস্ফীতি -০.৬% (জানুৱাৰী ২০১৫)
উৎস জানুৱাৰী ২০১৪
পদ্ধতি HICP
বিনিময় হাৰ
সংযুক্ত মুদ্ৰাসমূহ
  • Bosnia & Herz. convertible mark
  • বুলগেৰিয়ান লেভ
  • কেপ ভাৰ্ডিয়ান এচকিউদ’
  • মধ্য আফ্ৰিকান চি এফ এ ফ্ৰাঁ
  • চি এফ পি ফ্ৰাঁ
  • ক’মৰিয়ান ফ্ৰাঁ
  • দানিছ ক্ৰ’ন (±২.২৫%)
  • মৰক্কান ডিৰহাম
  • চাও টোম আৰু প্ৰিন্সিপি ডোবৰা
  • পশ্চিম অফ্ৰিকান চি এফ এ ফ্ৰাঁ
উপ একক
১⁄১০০ চেণ্ট
চিহ্ন
আন নাম একক মুদ্ৰা
ধাতব মুদ্ৰা ১ চেণ্ট, ২ চেণ্ট, ৫ চেণ্ট, ১০ চেণ্ট, ২০ চেণ্ট, ৫০ চেণ্ট, €১, €২
কাগজী মুদ্ৰা €৫, €১০, €২০, €৫০, €১০০, €২০০, €৫০০
ইউৰো
ইউৰো
ইউৰো
ইউৰো

ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে। ২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।

১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে। ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮ গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়। ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০

টোকাসমূহ

Tags:

অষ্ট্ৰিয়াইউৰোপইউৰোপিয়ান ইউনিয়নইটালীচাইপ্ৰাছজাৰ্মানীনেদাৰলেণ্ডফিনলেণ্ডফ্ৰান্সলাক্সেমবাৰ্গস্পেইন

🔥 Trending searches on Wiki অসমীয়া:

অসমঅসমীয়া ভাষা আন্দোলনদেউলশীলা কৌলগুৱাহাটী উচ্চ ন্যায়ালয়অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদপ্ৰেমচন্দধাতু আৰু অধাতুঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবৰহমথুৰিমদন কামদেৱ দেৱালয়ধেমাজিজেতুকানৰকাসুৰৰাতি বিহুডুবাইআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডএকাদশী তিথিশ্ৰী সূৰ্য পাহাৰগুণাভিৰাম বৰুৱাশিৱসাগৰৰ শিৱদৌলকনকলতা বৰুৱাহৰেকৃষ্ণ ডেকাগোৱালপৰীয়া লোকগীতশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯বাজেটহাজোমৰমৰ দেউতামাধৱ কন্দলিৰজনীকান্ত বৰদলৈডাকৰ বচনগদ্যভাৰতীয় নাগৰিকত্ব আইনশিৱগোলকীকৰণচি এছ এছআমলখিগুৱাহাটীইতিহাসভীমৰাও ৰামজী আম্বেদকাৰভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাব্ৰহ্মপুত্ৰ উপত্যকাবসন্ত ৰোগএজাৰঅষ্ট্ৰেলিয়াব্ৰজাৱলী ভাষাআইদেউ সন্দিকৈপূৰ্ণ স্বৰাজভাৰতৰ ৰাষ্ট্ৰপতিজৱাহৰলাল নেহৰুভাৰত ত্যাগ আন্দোলনলোকসভাৰ অধ্যক্ষআহোম জনগোষ্ঠীসমাজৰত্নকান্ত বৰকাকতীফুলবামুণী পাহাৰচিপাহী বিদ্ৰোহ ১৮৫৭উত্তৰ-পূব ভাৰতইয়াণ্ডাবু সন্ধিলোকসভাভাৰতীয় শিল্পকলাকদমবিশ্ব ঘৰচিৰিকা দিৱসঅন্নপ্ৰাশনডিমাছা জনগোষ্ঠীসন্ধিউদাৰনৈতিকতাবাদশিক্ষানিউটনৰ গতিৰ সূত্ৰলক্ষ্মীনন্দন বৰাফাট বিহুড়🡆 More