শ্বাহৰুখ খান: ভাৰতীয় অভিনেতা আৰু প্ৰযোজক

শ্বাহৰুখ খান (ইংৰাজী: Shahrukh Khan; জন্ম ২ নৱেম্বৰ ১৯৬৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে (SRK) নামেৰেও জনা যায়। জনসাধাৰণৰ মাজত বলিউডৰ বাদশ্বাহ, কিং অৱ্ বলিউড আৰু কিং খান বুলি পৰিচিত শ্বাহৰুখে ইতিমধ্যে ৮০ খনতকৈও অধিক বলিউড চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ভালেমান বঁটা-বাহনেৰেও সন্মানিত হৈছে। ইয়াৰ ভিতৰত ১৪ টাকৈ ফিল্মফেয়াৰ বঁটাও আছে। সমগ্ৰ এছিয়া মহাদেশতে খানৰ বহুসংখ্যক অনুৰাগী আছে। তদুপৰি বিশ্বৰ মানচিত্ৰত ভাৰতীয়ৰ পৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰতো খানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অনুৰাগীৰ সংখ্যা আৰু উপাৰ্জনৰ দিশৰ পৰা শ্বাহৰুখক বিশ্বৰ সবাতোকৈ সফল অভিনেতাসকলৰ এজন বুলি ধৰা হয়। চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান, আৰু ফ্ৰান্স চৰকাৰে অৰ্ডাৰ দে' আৰ্টছ্ এ'ট্ দে'ছ্লেটাৰ্ছ্ আৰু লিজিয়ন ডি'অনাৰ প্ৰদানেৰে সন্মান যাঁচিছিল।

শ্বাহৰুখ খান
Shahrukh Khan is seen looking away from the camera
হিয়ুণ্ডাইৰ এটা কাৰ্য্যক্ৰমত অংশ ল'বৰ সময়ত খান (২০১৮)
জন্ম ২ নৱেম্বৰ, ১৯৬৫ (৫৮ বছৰ)
নতুন দিল্লী, ভাৰত
বাসগৃহ মুম্বাই, ভাৰতবৰ্ষ
শিক্ষা হংসৰাজ কলেজ, দিল্লী বিশ্ববিদ্যালয়
পেচা অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু দূৰদৰ্শন অনুষ্ঠান বিজড়িত লোক
সক্ৰিয় হৈ থকা সময় ১৯৮৮–বৰ্তমানলৈ
দাম্পত্যসঙ্গী গৌৰী খান (১৯৯১-বৰ্তমানলৈ)
সন্তান
স্বাক্ষৰ
শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী

১৯৮০ৰ দশকৰ শেষৰফালে বহুকেইখন দূৰদৰ্শন ধাৰাবাহিকত অংশ লৈ খানে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৯২ চনত দিৱানা চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ বলিউডত ভূমুকি মাৰে। কেৰিয়াৰৰ প্ৰথমভাগৰ দৰ (১৯৯৩), বাজীগৰ (১৯৯৩) আৰু অঞ্জাম (১৯৯৪) চলচ্চিত্ৰকেইখনত তেওঁ খলনায়কৰ ভূমিকা লৈছিল। ইয়াৰ পিছতে দিলৱালে দুলহানিয়া লে' জায়েংগে' (১৯৯৫), দিল ট' পাগল হে' (১৯৯৭), কুছ্ কুছ্ হোতা হে' (১৯৯৮), মহব্বতে' (২০০০) আৰু কভি খুশ্বি কভি গম (২০০১) আদি ৰোমাণ্টিক চলচ্চিত্ৰসমূহত অভিনয় কৰাৰ লগে লগে তেওঁ প্ৰসিদ্ধি লাভ কৰে। এজন সুৰাপায়ী ৰূপে দেৱদাসত কৰা অভিনয় (২০০২), স্বদেশত নাছা বিজ্ঞানী এজনৰ অভিনয় (২০০৪), চক দে'! ইণ্ডিয়াত হকি প্ৰশিক্ষকৰ অভিনয় (২০০৭) আৰু মাই নে'ম ইজ্ খানত (২০১০) এচপাৰজাৰ চিণ্ড্ৰমত আক্ৰান্ত ৰোগী এজনৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ দ্বাৰা উচ্চপ্ৰশংসিত হয়। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰসমূহৰ ভিতৰত ৰোমাণ্টিক কমেডি চেন্নাই এ'ক্সপ্ৰেছ (২০১৩), কমেডি চলচ্চিত্ৰ হেপ্পী নিউ ইয়েৰ (২০১৪), একশ্বন চলচ্চিত্ৰ দিলৱালে (২০১৫), আৰু অপৰাধমূলক কাহিনীৰ চিত্ৰ ৰেইজৰ (২০১৭) নাম ল'ব পাৰি। তেওঁৰ বহু চলচ্চিত্ৰত ভাৰতীয় জাতীয় সত্তাক বিষয়বস্তু হিচাপে লোৱাৰ লগতে প্ৰৱাসী সমাজৰ সৈতে সম্পৰ্কও দাঙি ধৰা হয়। লিংগ, বৰ্ণবাদ, সামাজিক আৰু ধৰ্মীয় বৈষম্য আৰু এইসম্পৰ্কীয় সমস্যাসমূহো তেওঁৰ চলচ্চিত্ৰসমূহৰ অন্যতম বিষয়বস্তু।

শ্বাহৰুখ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ইয়াৰ উপবিভাগসমূহৰ যুটীয়া অধ্যক্ষ। ভাৰতীয় প্ৰিমিয়াৰ লিগৰ ক্ৰিকেট দল কলকাতা নাইট ৰাইডাৰ্ছৰো মালিকীস্বত্ব যুটীয়াভাৱে তেওঁৰ অধীনত আছে। তেওঁ প্ৰায়েই দূৰদৰ্শন আৰু মঞ্চ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভালেমান ব্ৰে'ণ্ড আৰু উদ্যোগী কাম-কাজৰ সৈতে চুক্তিৱদ্ধ হোৱা বাবে বহসময়ত সংবাদ মাধ্যমে তেওঁক "ব্ৰে'ণ্ড এছ আৰ কে" বুলিও অভিহিত কৰে। খানে স্বাস্থ্যসেৱা, দুৰ্যোগৰ সময়ত সাহায্য প্ৰদান আদিৰ জৰিয়তে দেশপ্ৰেমমূলক কাম-কাজো কৰিছে। শিশুৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কে মাত মাতি অহা বাবে ২০১১ চনত ইউনেস্ক'ৱে তেওঁক পিৰামিড কন মাৰ্নি এৱাৰ্ড প্ৰদান কৰিছিল। মহিলা আৰু শিশুৰ অধিকাৰ বৃদ্ধিত নেতৃত্ব লোৱা বাবে ২০১৮ চনত তেওঁ ৱৰ্ল্ড ইক'ন'মিক ফৰামৰ পৰা ক্ৰিষ্টেল এৱাৰ্ডো পাইছিল। ভাৰতীয় সংস্কৃতিৰ সবাতোকৈ প্ৰভাৱশীল লোকৰ তালিকাত তেওঁৰ নাম নিয়মীয়াকৈ দেখা যায়। আনকি ২০০৮ চনত নিউজৱিক আলোচনীখনে তেওঁক বিশ্বৰ সবাতোকৈ শক্তিশালী ৫০ জন লোকৰ এজন বুলিও কৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
পত্নী গৌৰী খানৰ সৈতে শ্বাহ ৰুখ, ২০১২ চন

১৯৬৫ চনৰ ২ নৱেম্বৰত নতুন দিল্লীৰ এটা মুছলিম পৰিয়ালত শ্বাহৰুখ খানৰ জন্ম হৈছিল। জীৱনৰ প্ৰথম পাঁচটা বছৰ শ্বাহৰুখে মাংগালোৰত কটাইছিল। তেওঁৰ মামাকৰ ফালৰ ককা ইফটিকাৰ আহমেদে ১৯৬০ৰ দশকত ইয়াৰ বন্দৰতে মুখ্য অভিযন্তাৰূপে কাম কৰিছিল। খানে কোৱা মতে, তেওঁৰ পিতৃৰ ফালৰ ককা জান মহম্মদ আছিল আফগানিস্তানৰ পৰা অহা এজন পাশ্বতুন সম্প্ৰদায়ৰ লোক। খানৰ পিতৃ মিৰ তাজ মহম্মদ খান ব্ৰিটিছ ইণ্ডিয়াৰ পেছোৱাৰৰ (এতিয়া পাকিস্তানৰ অন্তৰ্গত) এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ২০১০ চনত ওলোৱা সংবাদ অনুসৰি খানৰ পৈতৃক পৰিয়ালটো এতিয়াও পেছোৱাৰৰ কিছা খাৱানি বাজাৰ অঞ্চলৰ ছাহ ৱালি কাটালত বাস কৰে। পিতৃ মিৰ আছিল খান আব্দুল গফৰ খানৰ অনুগামী আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যভুক্ত হৈছিল। দেশৰ বিভাজনৰ পিছতে ১৯৪৮ চনত তেওঁ নতুন দিল্লীলৈ আহে। মাতৃ লতিফ ফাটিমা এজন শীৰ্ষ চৰকাৰী অভিযন্তাৰ জীয়ৰী আছিল। তেওঁৰ পিতৃ-মাতৃ ১৯৫৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। খানে টুইটাৰত নিজকে "আধা হাইদৰাবাদী (মাতৃ), আধা পাঠান (পিতৃ), আৰু কিছুপৰিমাণে কাশ্মিৰী (আইতা)" বুলি বৰ্ণনা দিছে। পেছোৱাৰত থকা তেওঁৰ পিতৃৰ ফালৰ সম্পৰ্কীয়ই দাবী কৰা অনুসৰি তেওঁলোকৰ পৰিয়ালটো পাছটুনৰ নহয়, তেওঁলোক কাশ্মীৰৰ হিণ্ডকোৱান মূলৰহে। তেওঁলোকে ককাকৰ আদিপুৰুষ আফগানিস্তানৰ আছিল বুলিও মানি লোৱা নাই।

দিল্লীৰ সমীপৱৰ্তী ৰাজেন্দ্ৰ নগৰত শ্বাহৰুখ ডাঙৰ-দীঘল হয়। তেওঁৰ পিতৃয়ে পৰিয়ালটো চলাবৰ বাবে এখন ৰেষ্টুৰে'ণ্ট চলোৱাকে ধৰি কেইবাটাও ব্যৱসায়িক পথ অৱলম্বন কৰিছিল। মধ্যবিত্ত শ্ৰেণীৰ জীৱন কটোৱা তেওঁলোকৰ পৰিয়ালটো এটা ভাড়াঘৰত থাকিছিল। খানে কেন্দ্ৰীয় দিল্লী অঞ্চলৰ চে'ণ্ট কলম্বিয়াছ স্কুললৈ গৈছিল। তাত তেওঁ হকি, ফুটবল আদি খেলবোৰৰ লগতে পঢ়া-শুনাতো পাৰদৰ্শিতা দেখুৱাইছিল। ফলস্বৰূপে তেওঁ স্কুলখনৰ পৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান "স্বৰ্ড অৱ্ অনাৰ" লাভ কৰিছিল। প্ৰথমে শ্বাহৰুখে এগৰাকী খেলুৱৈ হোৱাৰে ইচ্ছা পুহি ৰাখিছিল, কিন্তু এবাৰ কান্ধত আঘাত পোৱাৰ পিছত তেওঁৰ খেলা-ধূলাৰ পথ বন্ধ হ'ল। সেইবাবে তেওঁ ডেকা কালত মঞ্চনাটত অভিনয় কৰিবলৈ লয়। বিশেষকৈ তেওঁৰ প্ৰিয় বলিউড অভিনেতা দিলীপ কুমাৰ, অমিতাভ বচ্ছনৰ উপৰি মমতাজৰ অবিকল ভাও ধৰাৰ বাবে তেওঁ দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল। খানৰ শৈশৱ কালৰ বান্ধৱী আৰু অভিনয়ৰ সংগীৰ মাজত অমৃতা সিঙো আছিল, যিয়ে পিছলৈ এগৰাকী বলিউডৰ অভিনেত্ৰী হ'লগৈ। শ্বাহৰুখে অৰ্থনীতি বিজ্ঞানত স্নাতক শিক্ষা (১৯৮৫-১৯৮৮) লাভৰ বাবে হংসৰাজ কলেজত নামভৰ্তি কৰিছিল যদিও তেতিয়া অধিকাংশ সময় দিল্লীৰ "থিয়েটাৰ একশ্বন গ্ৰুপ"তে (TAG) কটায়। তাত তেওঁ থিয়েটাৰ পৰিচালক বেৰি জনৰ অধীনত অভিনয়ৰ শিক্ষা লৈছিল। ইয়াৰ পিছত তেওঁ গণশিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়লৈ আহে। কিন্তু অভিনয়ৰ কেৰিয়াৰত অধিক গুৰুত্ব দিয়াত তেওঁ এই শিক্ষাও আধাতে সামৰে। বলিউডত সোমোৱাৰ প্ৰাৰম্ভিক কালছোৱাত তেওঁ দিল্লীৰ নেশ্বনেল স্কুল অৱ্ ড্ৰামাত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল। ১৯৮১ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ পিতৃৰ মৃত্যু হয়। ইয়াৰ দহ বছৰ পিছত ১৯৯১ চনত তেওঁৰ মাতৃৰো মধুমেহ ৰোগৰ বাবে মৃত্যু হয়। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰ ভগ্নী শ্বেহনাজ লালাৰুখ (১৯৬০-) মানসিকভাৱে ভাঙি পৰিছিল। ফলত শ্বাহৰুখেই তেতিয়াৰ পৰা বায়েকৰ যত্ন লোৱাৰ দায়িত্ব লয়। শ্বেহনাজে এতিয়াও ভাতৃ আৰু তেওঁৰ পৰিয়ালৰ লগত মুম্বাইৰ বাসগৃহত থাকে।

জন্মতে তেওঁৰ নামটো শ্বাহৰুখ খান (Shahrukh Khan) ৰখা হৈছিল যদিও তেওঁ নিজে নিজৰ নামটো শ্বাহ ৰুখ খান (Shah Rukh Khan) বুলি লিখিবলৈহে পছন্দ কৰে। অৱশ্যে সৰ্বসাধাৰণ লোক আৰু অনুৰাগীয়ে তেওঁক বুজাবলৈ চমুকৈ এছ. আৰ. কে. (SRK) সংক্ষিপ্তৰূপটোও বহুলভাৱে ব্যৱহাৰ কৰে। তেওঁ গৌৰী ছিব্বাৰ নামৰ পঞ্জাবী হিন্দু ছোৱালী এজনীক বিয়া কৰাইছিল। ছয়-বছৰীয়া ক'ৰ্টশ্বিপৰ পিছত ১৯৯১ চনৰ ২৫ অক্টোবৰত সম্পূৰ্ণ হিন্দু পৰম্পৰাৰে তেওঁলোকৰ বিয়াখন অনুষ্ঠিত হৈছিল। বিয়াৰ পিছত তেওঁলোকৰ আৰ্য়ন (জন্ম ১৯৯৭) নামৰ পুত্ৰ আৰু ছুহানা (জন্ম ২০০০) নামৰ এজনী কন্যা সন্তান জন্ম পাইছিল। ২০১৩ চনত ভেৰোণীয়া মাতৃৰ জৰিয়তে তেওঁলোকৰ তৃতীয়টো সন্তান আব্ৰামৰ জন্ম হয়। খানে কোৱা মতে তেওঁ ইছলাম ধৰ্মত গভীৰ বিশ্বাস ৰাখে, কিন্তু তেওঁৰ পত্নীৰ ধৰ্মকো শ্ৰদ্ধা কৰে। তেওঁলোকৰ সন্তানেও দুয়োটা ধৰ্মকে মানি চলে, ঘৰত তেওঁলোকৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তিৰ লগত একেশাৰীতে কোৰানো ৰখা হয়।

অভিনয় কেৰিয়াৰ

১৯৮৮-১৯৯২: দূৰদৰ্শন আৰু চলচ্চিত্ৰজগতত ভূমুকি

খানে প্ৰথম অভিনয় কৰিছিল লেখ টেণ্ডনৰ দূৰদৰ্শন ধাৰাবাহিক দিল দৰিয়াত। এইখনৰ শ্বুটিং ১৯৮৮ চনতে আৰম্ভ হৈছিল যদিও পৰৱৰ্তী কামখিনি লেহেমীয়া হোৱাত ১৯৮৯ চনৰ ধাৰাবাহিক 'ফৌজি'ৰ যোগেৰেহে তেওঁ দূৰদৰ্শনৰ পৰ্দাত প্ৰথম ভূমুকি মাৰে। এই ধাৰাবাহিকখনত তেওঁ সেনা বাহিনীৰ প্ৰশিক্ষণ লোৱা কালৰ এটা বাস্তৱিক চৰিত্ৰৰ ভূমিকা লৈছিল। এই চৰিত্ৰটোৰ নাম আছিল অভিমন্যু ৰায়। ইয়াৰ পিছতে তেওঁ আজিজ মিৰ্জাৰ দূৰদৰ্শন ধাৰাবাহিক চাৰ্কাছ (১৯৮৯-৯০) আৰু মানি কৌলৰ চুটি ধাৰাবাহিক ইডিয়টত (১৯৯১) অংশ লোৱাৰ সুযোগ পায়। খানে উমীড (১৯৮৯), ৱাগলে কি দুনিয়া (১৯৮৮-৯০) আৰু ইংৰাজী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক In Which Annie Gives It Those Ones (১৯৮৯) তো গৌণ চৰিত্ৰৰূপে কম সময়ৰ বাবে ভূমিকা লৈছিল। এই ধাৰাবাহিকসমূহত অভিনয় প্ৰতিভা দেখি বহু সমালোচকে তেওঁৰ অভিনয় শৈলী আৰু মুখৰ ভংগিমাক দিলীপ কুমাৰৰ সৈতে তুলনা কৰিছিল। কিন্তু খানে তেতিয়াও নিজকে বৰ দক্ষ অভিনেতা বুলি ভবা নাছিল আৰু চলচ্চিত্ৰত অভিনয়ৰ বাবে যোগ্য হৈ উঠা নাই গণ্য কৰিছিল।

খানে পিছলৈ মন সলনি কৰে আৰু ১৯৯১ চনৰ এপ্ৰিলত পোনপ্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আহে। তেওঁ মাকৰ মৃত্যুৰ দুখ আঁতৰাবলৈ এই ক্ষেত্ৰখনলৈ অহা বুলি জনাইছিল। বলিউডত এটা সম্পূৰ্ণ কেৰিয়াৰ গঢ়িবলৈ তেওঁ দিল্লীৰ পৰা মুম্বাইলৈ আহিল আৰু কম সময়ৰ ভিতৰতে চাৰিখন চলচ্চিত্ৰৰ সৈতে চুক্তিৱদ্ধ হয়। তেওঁ প্ৰথম অভিনয়ৰ বাবে আমন্ত্ৰণ পাইছিল হেমা মালিনীয়ে পৰিচালনা কৰা প্ৰথমখন ছবি "দিল আশ্বিয়ানা হ্যায়"ত। তেওঁ জুনৰ ভিতৰত চিত্ৰগ্ৰহণত ভাগো লৈছিল। চলচ্চিত্ৰ হিচাপে তেওঁ প্ৰথম ভূমুকি মাৰে ১৯৯২ চনৰ জুনত মুক্তি পোৱা চলচ্চিত্ৰ দিৱানাত।

১৯৯৩-১৯৯৪: খলনায়ক

১৯৯৩ চনত মুক্তি পোৱা চলচ্চিত্ৰসমূহৰ ভিতৰত তেওঁ দুখন চলচ্চিত্ৰত লোৱা খলনায়কৰ ভূমিকাৰ বাবে প্ৰশংসা বিশেষভাৱে বুটলিবলৈ সক্ষম হয়। বক্স অফিচতো সফলতা লাভ কৰা ইয়াৰে 'ডৰ' চিত্ৰখনত তেওঁ এজন প্ৰেমিক আৰু 'বাজীগৰ'ত এজন হত্যাকাৰীৰ অভিনয় কৰিছিল।

১৯৯৫-১৯৯৮: ৰোমাণ্টিক নায়ক

শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
"দিলৱালে দুলহানিয়া লে' জায়েংগে"ৰ নীৰৱচ্ছিন্ন প্ৰদৰ্শনীৰ ১০০০ সপ্তাহ পূৰ্তি পালনৰ সময়ত নায়িকা কাজলৰ সৈতে শ্বাহৰুখ, ২০১৪ চনত

১৯৯৯-২০০৩: কেৰিয়াৰৰ প্ৰত্যাহ্বান

শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
"দেৱদাস" চলচ্চিত্ৰখনৰ ভিডিঅ' উন্মোচনৰ সময়ত অভিনেত্ৰী ঐশ্বৰ্যৰ সৈতে (২০০২ চন)

২০০৪-২০০৯: পুনৰুত্থান

শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
"ডন" চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰৰ সময়ত প্ৰিয়ংকা চোপ্ৰাৰ সৈতে শ্বাহৰুখ (২০০৬ চন)

২০১০-২০১৪: "মাই নেম ইজ খান" আৰু একশ্বন-ব্যংগ চিত্ৰ

শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
"মাই নেম ইজ খান"ৰ এটা অনুষ্ঠানত অংশ ল'বৰ সময়ত পৰিচালক কৰন জোহৰ আৰু অভিনেত্ৰী কাজলৰ সৈতে খান (২০১০ চন)
শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
"চেন্নাই এক্সপ্ৰেছ"ৰ এটা অনুষ্ঠানত খান (২০১৩ চন)

right|thumb|Vijay with SRK thumb|Vijay with SRK

২০১৫-বৰ্তমানলৈ: কেৰিয়াৰৰ উত্থান-পতন

ইয়াৰ পিছত তেওঁ কাজল, বৰুণ ধাৱান আৰু কৃতি চেননৰ সৈতে ৰোহিত সেট্টিৰ ব্যংগছবি দিলৱালেত অভিনয় কৰে (২০১৫)। চলচ্চিত্ৰখনে ₹৩.৭ বিলিয়ন (US$৫১ মিলিয়ন) উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল যদিও কাহিনীটোৱে ভাল ৰিভিউ নাপালে। ২০১৬ চনত তেওঁ মনিশ শৰ্মাৰ ৰোমাঞ্চকৰ কাহিনীৰ ছবি ফেন ত অভিনয় কৰে। ইয়াত তেওঁ এজন ছুপাৰষ্টাৰ আৰু তেওঁৰ অনুৰাগীৰূপে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখনে দৰ্শকৰ পৰা বৰ ভাল সঁহাৰি নাপালে। সেই বছৰৰে পিছৰভাগত গৌৰী ছিণ্ডে'ৰ ডিয়েৰ জিন্দেগীত এজন চিনেমাট'গ্ৰাফাৰৰ (আলিয়া ভাটে অভিনয় কৰা) পৰামৰ্শদাতা ৰূপে অভিনয় কৰে।

২০১৭ চনত মুক্তি পোৱা ৰাহুল ধোলাকিয়াৰ অপৰাধমূলক চলচ্চিত্ৰ ৰেইজত তেওঁ এজন খলনায়কৰূপে পৰিচিত মানুহৰ চৰিত্ৰ ৰূপায়ণ কৰে। মানুহজনে ১৯৮০ৰ দশকত গুজৰাটত চোৰাং মদৰ বেপাৰ কৰি পিছলৈ ডকাইতৰ দলত সোমাইছিল। বাণিজ্যিকভাৱে এই চলচ্চিত্ৰখনে মধ্যমীয়া সাফল্য লাভ কৰিছিল। বিশ্বজুৰি ৰেইজৰ সৰ্বমুঠ উপাৰ্জন আছিল প্ৰায় ₹৩.০৮ বিলিয়ন (US$৪৩ মিলিয়ন) । ইমটিয়াজ আলীৰ জব হেৰি মে'ট ছেজালত এজন ভ্ৰমণ সাৰথিৰ (travel guide) অভিনয়েৰে তেওঁক পুনৰ ৰোমাণ্টিক চৰিত্ৰলৈ ঘূৰি আহিল। ভ্ৰমণ সাৰথিৰূপে তেওঁ এগৰাকী পৰ্য্যটকৰ (অনুষ্কা শৰ্মা) প্ৰেমত পৰিছিল। এই চলচ্চিত্ৰখন বাণিজ্যিকভাৱে ব্যৰ্থ হ'ল। পৰৱৰ্তী সময়ত শ্বাহৰুখে অনুষ্কা শৰ্মা আৰু কেটৰিণা কাইফৰ সৈতে যুটি বান্ধি আনন্দ এল. ৰাইৰ ব্যংগ আৰু কাহিনীসমৃদ্ধ চিত্ৰ জিৰ'ত অভিনয় কৰিলে (২০১৮)। ইয়াত তেওঁ ত্ৰিকোণীয় প্ৰেমত বান্ধ খোৱা বৌৱা সিং নামৰ এজন বাওনাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। চলচ্চিত্ৰখনে সমালোচকৰ পৰা মিশ্ৰিত সহাঁৰি লাভ কৰিছিল যদিও খানৰ অভিনয়ক প্ৰশংসা কৰা হৈছিল। হিন্দুস্তান টাইমছ্ কাকতত ৰাজ সেনে খানৰ অভিনয় সম্পৰ্কে লিখিছিল- "দুৰ্দান্ত প্ৰদৰ্শন আৰু অফুৰন্ত উদ্যমৰ সমাহাৰ"। ফাৰ্ষ্টপোষ্টৰ আনা এম. এম. ভে'টিকাডে তেওঁক বৌৱা সিঙৰ চৰিত্ৰটোত "সাংঘাতিকধৰণে খাপ খাইছে" বুলি মন্তব্য কৰিছিল আৰু কৈছিল যে খানৰ "স্বাভাৱিক উদ্যমী, হাস্যমধুৰ আৰু আকৰ্ষণী ব্যক্তিত্ব" চৰিত্ৰটো ফুটাই তোলাত কামত আহিছে। অৱশ্যে উপাৰ্জনৰ দিশৰ পৰা এইখন চলচ্চিত্ৰয়েও বিশেষ সাফল্য লাভ কৰিব নোৱাৰিলে।

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰসমূহৰ তালিকা

Title Year Credited as Role Director(s) Notes Ref.
দিৱানা 1992 অভিনেতা ৰাজা চাহাই Raj Kanwar Filmfare Award for Best Male Debut
চমতকাৰ 1992 অভিনেতা সুন্দৰ শ্ৰীবাস্তৱ Rajiv Mehra
দিল আস্না হ্যে 1992 অভিনেতা কৰন সিঙ Hema Malini
ৰাজু বন গয়া জেণ্টলমেন 1992 অভিনেতা ৰাজ মাথোৰ Aziz Mirza
মায়া মেমচা'ব 1993 অভিনেতা ললীত কুমাৰ Ketan Mehta
পেহলা নচা 1993 অভিনেতা Himself Ashutosh Gowariker Cameo appearance
কিং আংকল 1993 অভিনেতা অনিল বঞ্চল Rakesh Roshan
বাজীগৰ 1993 অভিনেতা বিকী মালহোত্ৰা

(অজয় শৰ্মা)

Abbas-Mustan Filmfare Award for Best Actor
ড'ৰ 1993 অভিনেতা ৰাহুল মেহৰা Yash Chopra Nominated—Filmfare Award for Best Performance in a Negative Role
কভি হাঁ কভি না 1994 অভিনেতা সুনীল Kundan Shah Filmfare Critics Award for Best Actor
Nominated—Filmfare Award for Best Actor


আঞ্জাম 1994 অভিনেতা বিজয় অগ্নিহোত্ৰী Rahul Rawail Filmfare Award for Best Performance in a Negative Role
কৰন অৰ্জুন 1995 অভিনেতা Arjun Singh / Vijay Rakesh Roshan
জামানা দিৱানা 1995 অভিনেতা Rahul Singh Ramesh Sippy
গুড্ডু 1995 অভিনেতা Guddu Bahadur Abrar Alvi
অ' দাৰ্লিং! য়ে হে ইণ্ডিয়া! 1995 অভিনেতা Hero Ketan Mehta
ডিলৱালে দুলহনীয়া লে জায়েংগে 1995 অভিনেতা ৰাজ মালহোত্ৰা Aditya Chopra Filmfare Award for Best Actor
ৰাম জানে 1995 অভিনেতা Ram Jaane Rajiv Mehra
ত্ৰিমুৰ্তী 1995 অভিনেতা Romi Singh Mukul S. Anand
ইংলিছ বাবু দেশী মেম 1996 অভিনেতা Gopal Mayur / Hari Mayur /
Vikram Mayur
Praveen Nischol
চাহত 1996 অভিনেতা Roop Rathore Mahesh Bhatt
আৰ্মি 1996 অভিনেতা Major Arjun Singh Ram Shetty
Dushman Duniya Ka 1996 অভিনেতা Badru Mehmood Ali Special appearance
Gudgudee 1997 অভিনেতা Unknown Basu Chatterjee Special appearance
কয়লা 1997 অভিনেতা Shankar Rakesh Roshan
য়েচ ব'চ 1997 অভিনেতা Rahul Joshi Aziz Mirza Nominated—Filmfare Award for Best Actor
পৰদেশ 1997 অভিনেতা Arjun Sagar Subhash Ghai
ডিল ট' পাগল হে 1997 অভিনেতা ৰাহুল Yash Chopra Filmfare Award for Best Actor
ডুপ্লিকেট 1998 অভিনেতা Bablu Chaudhry / Manu Dada Mahesh Bhatt Nominated—Filmfare Award for Best Performance in a Negative Role
Achanak 1998 অভিনেতা Himself Naresh Malhotra Cameo appearance
ডিল চে.. 1998 অভিনেতা Amarkant Verma Mani Ratnam
কুচ্ কুচ্ হোতা হ্যে 1998 অভিনেতা, action director ৰাহুল খান্না Karan Johar Filmfare Award for Best Actor
বাদশ্বাহ 1999 Actor, playback singer ৰাজ (বাদশ্বাহ) Abbas-Mustan Nominated—Filmfare Award for Best Performance in a Comic Role
ফিৰ ভি ডিল হে হিন্দুস্তানী 2000 অভিনেতা, প্ৰযোজক Ajay Bakshi Aziz Mirza
হে ৰাম 2000 অভিনেতা Amjad Khan Kamal Haasan Bilingual film in Tamil and Hindi
জোচ 2000 অভিনেতা, playback singer Max "Maxy" Dias Mansoor Khan
Har Dil Jo Pyar Karega 2000 অভিনেতা ৰাহুল Raj Kanwar Special appearance
মহাব্বতে 2000 অভিনেতা ৰাজ আৰয়ান মালহোত্ৰা Aditya Chopra Filmfare Critics Award for Best Actor
Nominated—Filmfare Award for Best Actor

Gaja Gamini 2000 অভিনেতা Himself M. F. Husain Special appearance
One 2 Ka 4 2001 অভিনেতা অৰুন বৰ্মা Shashilal K. Nair
অশোকা 2001 অভিনেতা, প্ৰযোজক Ashoka Maurya (Pawan) Santosh Sivan Nominated—Filmfare Award for Best Film
কভি খুচি কভি গ'ম 2001 অভিনেতা ৰাহুল ৰাইচণ্ড Karan Johar Nominated—Filmfare Award for Best Actor
Hum Tumhare Hain Sanam 2002 অভিনেতা গোপাল K. S. Adhiyaman
দেৱদাস 2002 অভিনেতা দেৱদাস মুখাৰ্জী Sanjay Leela Bhansali Filmfare Award for Best Actor
Shakti: The Power 2002 অভিনেতা Jai Singh Pasupuleti Krishna Vamsi
Saathiya 2002 অভিনেতা Yeshwant Rao Shaad Ali Special appearance
চলতে চলতে 2003 অভিনেতা, প্ৰযোজক ৰাজ মাথোৰ Aziz Mirza
ক'ল হ' না হ' 2003 অভিনেতা অমন মাথোৰ Nikhil Advani Nominated—Filmfare Award for Best Actor
Yeh Lamhe Judaai Ke 2004 অভিনেতা Dushant Birendra Nath Tiwari
মে হু না 2004 অভিনেতা, প্ৰযোজক ৰাম প্ৰসাদ শৰ্মা Farah Khan Nominated—Filmfare Award for Best Film
Nominated—Filmfare Award for Best Actor

বীৰ - জাৰা 2004 অভিনেতা বীৰ প্ৰতাপ সিঙ Yash Chopra Nominated—Filmfare Award for Best Actor
স্বদেশ 2004 অভিনেতা মোহন ভাৰ্গৱ Ashutosh Gowariker Filmfare Award for Best Actor
Kuchh Meetha Ho Jaye 2005 অভিনেতা Himself Samar Khan Special appearance
Kaal 2005 অভিনেতা, প্ৰযোজক Unknown Soham Shah Special appearance in song "Kaal Dhamaal"
Silsiilay 2005 অভিনেতা Sutradhar Khalid Mohamed Special appearance
Paheli 2005 অভিনেতা, প্ৰযোজক Kishanlal / The Ghost Amol Palekar
Alag 2006 অভিনেতা Unknown Ashu Trikha Cameo appearance in song "Sabse Alag"
Kabhi Alvida Naa Kehna 2006 অভিনেতা, action director দেৱ সৰন Karan Johar Nominated—Filmfare Award for Best Actor
ড'ন - দ্যা চেচ বিগিন 2006 অভিনেতা, playback singer ড'ন / বিজয় Farhan Akhtar Nominated—Filmfare Award for Best Actor
I See You 2006 অভিনেতা Unknown Vivek Agrawal Cameo appearance in song "Subah Subah"
চক্ দে! ইণ্ডিয়া 2007 অভিনেতা কবীৰ খান Shimit Amin Filmfare Award for Best Actor
Heyy Babyy 2007 অভিনেতা ৰাজ মালহোত্ৰা Sajid Khan Special appearance
ওঁম শান্তী ওঁম 2007 অভিনেতা, action director ওম কাপোৰ /
ওম প্ৰকাশ মাখিজা
Farah Khan Nominated—Filmfare Award for Best Actor
Shaurya 2008 Narrator Samar Khan
Krazzy 4 2008 অভিনেতা Unknown Jaideep Sen Special appearance in song "Break Free"
Bhoothnath 2008 অভিনেতা আদিত্য শৰ্মা Vivek Sharma Special appearance
Kismat Konnection 2008 Narrator Aziz Mirza
ৰব নে বনা দি জডী 2008 অভিনেতা Surinder Sahni (Raj Kapoor) Aditya Chopra Nominated—Filmfare Award for Best Actor
Luck by Chance 2009 অভিনেতা Himself Zoya Akhtar Special appearance
Billu 2009 অভিনেতা Sahir Khan Priyadarshan
Dulha Mil Gaya 2010 অভিনেতা Pawan Raj Gandhi Mudassar Aziz Special appearance
মাই নেম ইজ খান 2010 অভিনেতা Rizwan Khan Karan Johar Filmfare Award for Best Actor

Shahrukh Bola "Khoobsurat Hai Tu" 2010 অভিনেতা Himself Makarand Deshpande Cameo appearance
Always Kabhi Kabhi 2011 অভিনেতা Unknown Roshan Abbas Special appearance in song "Antenna"
Love Breakups Zindagi 2011 অভিনেতা Himself Sahil Sangha Cameo appearance
ৰা. ৱান 2011 অভিনেতা G.One / Shekhar Subramanium Anubhav Sinha
ড'ন ২ 2011 অভিনেতা, প্ৰযোজক,
playback singer
ড'ন Farhan Akhtar Nominated—Filmfare Award for Best Film
Nominated—Filmfare Award for Best Actor

Student of the Year 2012 প্ৰযোজক প্ৰযোজ্য নহয় Karan Johar
জ'ব টক জান 2012 অভিনেতা, playback singer Samar Anand Yash Chopra Nominated—Filmfare Award for Best Actor
Bombay Talkies 2013 অভিনেতা Himself Various Special appearance in song "Apna Bombay Talkies"
চেন্নাই এক্সপ্ৰেচ 2013 অভিনেতা Rahul Y.Y Mithaiwala Rohit Shetty Nominated—Filmfare Award for Best Actor
Bhoothnath Returns 2014 অভিনেতা আদিত্য শৰ্মা Nitesh Tiwari Cameo appearance
হেপ্পী নিউ ইয়েৰ 2014 অভিনেতা চন্দ্ৰমোহন শৰ্মা (চাৰ্লী) Farah Khan
ডিলৱালে 2015 অভিনেতা Raj "Kaali" Randhir Bakshi Rohit Shetty Nominated—Filmfare Award for Best Actor
ফেন 2016 অভিনেতা Aryan Khanna /
Gaurav Chandna
Maneesh Sharma Nominated—Filmfare Award for Best Actor
Tutak Tutak Tutiya 2016 Voiceover in trailer A. L. Vijay
Ae Dil Hai Mushkil 2016 অভিনেতা Tahir Taliyar Khan Karan Johar Special appearance
ডিয়েৰ জিণ্ডগী 2016 অভিনেতা Jehangir "Jug" Khan Gauri Shinde
ৰইচ 2017 অভিনেতা ৰইচ আলম Rahul Dholakia Nominated—Filmfare Award for Best Actor
Tubelight 2017 অভিনেতা Gogo Pasha Kabir Khan Cameo appearance
Jab Harry Met Sejal 2017 অভিনেতা Harinder "Harry" Singh Nehra Imtiaz Ali
জিৰ' 2018 অভিনেতা বাউৱা সিঙ Anand L. Rai

তথ্যচিত্ৰ

Title Year Role Director(s) Notes Ref.
Bollywood im Alpenrausch 2000 Himself Christian Frei Swiss film
Uncredited; cameo appearance
Bollywood for Beginners 2002 Himself Penelope Jagessar Chaffer British film
The Inner and Outer World of Shah Rukh Khan 2005 Himself Nasreen Munni Kabir
Bollywood  – Indiens klingendes Kino 2005 Himself Nele Münchmeyer German film
Living with a Superstar  – Shahrukh Khan 2010 Himself Samar Khan
Mughal-E-Azam – A Tribute by a son to his father 2011 Narrator Deven Munjal
Living with KKR 2014 Himself Jonathan F.

অন্যান্য কাম-কাজ

চলচ্চিত্ৰ নিৰ্মাণ আৰু দূৰদৰ্শন অনুষ্ঠানৰ পৰিচালনা

শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
৬১তম ফিল্মফেয়াৰ এৱাৰ্ডছ্ পৰিচালনাৰ সময়ত খান

ড্ৰিমজ্ আনলিমিটেডৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে শ্বাহৰুখ খানে ১৯৯৯ চনৰ পৰা ২০০৩ চনৰ ভিতৰত তিনিখন চলচ্চিত্ৰৰ সহ-প্ৰযোজনা কৰিছিল। ইয়াৰ সৈতে চুক্তি ভংগ হোৱাত তেওঁ পত্নী গৌৰীৰ সৈতে লগ হৈ কোম্পানীটোক ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট নামেৰে নতুন ৰূপ দিলে। এই নতুন সংস্থাটোৰ দ্বাৰা চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ সৈতে সহযোগিতা কৰা হয়, দৃশ্যসজ্জাৰ প্ৰভাৱসমূহ (visual effects) আৰু বিজ্ঞাপনৰ কাম-কাজ কৰা হয়। ২০১৫ চনলৈ এই কোম্পানীটোৱে কমেও নখন চলচ্চিত্ৰ নিৰ্মাণ অথবা সহ-নিৰ্মাণ কৰিছে। এই চলচ্চিত্ৰসমূহ প্ৰযোজনাৰ কৃতিত্ব সাধাৰণতে খান অথবা পত্নী গৌৰীয়ে লাভ কৰে। এই চলচ্চিত্ৰসমূহৰ কেইখনমানত তেওঁ নিজেই মুখ্য চৰিত্ৰৰ অভিনয় কৰিছে আৰু আন কেইখনমানত অতিথি শিল্পীৰূূপে ভূমুকি মাৰিছে। ২০১১ চনত নিৰ্মিত চলচ্চিত্ৰ ৰা.ৱানৰ (Ra.One) বিভিন্ন দিশ তেওঁ নিজেই তদাৰক কৰিছিল।

২০১৭ চনৰ পৰা তেওঁ টেড্ কনফাৰেন্সৰ (TED Conferences, LLC) অধীনত টেড্ টক ইণ্ডিয়া নয়ী ছোচ্ নামৰ বক্তৃতানুষ্ঠান এটা পৰিচালনাৰ দায়িত্বও লৈছে। অনুষ্ঠানটো দূৰদৰ্শন চেনেল ষ্টাৰ প্লাছৰ যোগেৰে সম্প্ৰচাৰ কৰা হৈছিল।

মঞ্চ অনুষ্ঠানত প্ৰদৰ্শন

শ্বাহৰুখক সঘনে বিভিন্ন মঞ্চ অনুষ্ঠানত ভাগ লোৱা দেখা যায়। তেওঁ অনুষ্ঠান প্ৰদৰ্শন আৰু কনচাৰ্টত অংশ ল'বলৈ ইতিমধ্যে কেবাটাও বিদেশ ভ্ৰমণো কৰিছে। ১৯৯৭ চনত তেওঁ মালয়েছিয়াত অনুষ্ঠিত আশা ভোছলেৰ "মমেণ্টছ্ ইন টাইম কনছাৰ্ট"ত অংশ লৈছিল। পিছৰটো বছৰত কৰিশ্মা কাপুৰৰ সৈতে "শ্বাহৰুখ-কৰিশ্মা: লাইভ ইন মালয়েছিয়া কনছাৰ্ট"ত অংশ ল'বলৈ তেওঁ পুনৰ মালয়েছিয়ালৈ গৈছিল। সেই একেটা বছৰতে তেওঁ জুহি চাওলা, অক্সয় কুমাৰ আৰু কাজলৰ সৈতে The Awesome Foursome শীৰ্ষক বিশ্ব ভ্ৰমণ কাৰ্য্যসূচীৰে সংযুক্ত যুক্তৰাষ্ট্ৰ, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰদৰ্শন আগবঢ়াইছিল। এই কাৰ্য্যসূচীটো পৰৱৰ্তী বছৰত মালয়েছিয়াতো কৰা হৈছিল। ২০০২ চনত মানচেষ্টাৰৰ অ'ল্ড ট্ৰে'ফ'ৰ্ড আৰু লণ্ডনৰ হাইদছ্ পাৰ্কত অনুষ্ঠিত "ফ্ৰম ইণ্ডিয়া ৱিথ লাইফ" অনুষ্ঠানটোত অমিতাভ বচ্ছন, আমীৰ খান, প্ৰীতি জিণ্টা আৰু ঐশ্বৰ্য্য ৰায়ৰ সৈতে তেৱোঁ অংশ লৈছিল। অনুষ্ঠানটোত ১০০০০০ৰো অধিক লোক উপস্থিত আছিল।

আই পি এল ক্ৰিকেট দলৰ স্বত্ব

২০০৮ চনত খানে জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ সহযোগত টুৱেণ্টি২০ ক্ৰিকেট টুৰ্নামেণ্ট ভাৰতীয় প্ৰিমিয়াৰ লীগৰ কলকাতাৰ হৈ খেলিবলগীয়া ফ্ৰেন্সাইজ দলটোৰ মালিকীস্বস্ত্ব আহৰণ কৰে। ৭৫.০৯ মিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত কিনি লোৱা এই দলটোৰ নাম কলকাতা নাইট ৰাইডাৰ্ছ্ (কে কে আৰ) ৰখা হ'ল। ৪২.১ মিলিয়ন আমেৰিকান ডলাৰ ব্ৰে'ণ্ড ভ্যে'লুৰে ২০০৯ চনৰ ভিতৰত কে.কে.আৰ. দলটো আই পি এলৰ অন্যতম চহকী দল আছিল। কিন্তু প্ৰথম তিনিটা বছৰত দলটোৰ প্ৰদৰ্শন অতি নিম্নপৰ্য্যায়ৰ আছিল। পিছত দলটোৰ প্ৰদৰ্শন পূৰ্বতকৈ ভালেখিনি উন্নত হ'ল আৰু ২০১২ চনত প্ৰথমবাৰৰ বাবে কেকেআৰে চেম্পিয়নৰ খিতাপ দখল কৰিলে। ২০১৪ চনত দলটো পুনৰবাৰ চেম্পিয়ন হ'ল।

প্ৰচাৰ মাধ্যমত খান

শ্বাহৰুখ খান: প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল, অভিনয় কেৰিয়াৰ, চলচ্চিত্ৰপঞ্জী 
Tag Heuer প্ৰেছ কনফাৰেন্সত কেৰ্ৰেৰা মনাক' জিপি ঘড়ীৰ প্ৰচাৰৰ সময়ত খান (২০১২ চন)

ভাৰতীয় সংবাদ মাধ্যমত শ্বাহৰুখ খানে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। তেওঁক প্ৰায়েই "কিং খান", "বাদশ্বাহ অৱ্ বলিউড" আৰু "কিং অৱ্ বলিউড" শিৰোনামৰে বুজোৱা হয়। প্ৰতি বছৰেই দুই তিনিখন চলচ্চিত্ৰৰে জনসাধাৰণক আমোদ দিয়া, দূৰদৰ্শন আৰু বাতৰি কাকতৰ যোগেৰে বিজ্ঞাপন দিয়া, ভাৰতৰ চহৰসমূহত ডাঙৰ ডাঙৰ পোষ্টাৰৰ ফটোত দেখা পোৱা শ্বাহ ৰুখক অনুপমা চোপ্ৰাই "চিৰ বিদ্যমান চে'লিব্ৰিটি" আখ্যা দিছে। ২০০৮ চনত নিউৱিকে তেওঁক বিশ্বৰ সবাতোকৈ প্ৰভাৱশীল ৫০ জন লোকৰ এজন বুলি কৈছিল আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ তাৰকা (World's biggest movie star) বুলি অভিহিত কৰিছিল। ২০১১ চনত লছ্ এঞ্জেলছ্ টাইমছৰ ষ্টিভেন জেইটছিকে শ্বাহৰুখ সম্পৰ্কে মন্তব্য কৰিছিল- "the biggest movie star you've never heard of...perhaps the world's biggest movie star, period"। জনপ্ৰিয়তা সম্পৰ্কে চলোৱা সমীক্ষাত পোৱা গৈছিল যে বিশ্বৰ ৩.২ বিলিয়ন মানুহে শ্বাহৰুখ খানক চিনি পায়। এই সংখ্যাটো হলিউডৰ টম ক্ৰুইজতকৈও বেছি। খান ভাৰতৰ সবাতোকৈ সম্পদশীল চে'লিব্ৰিটিৰ তালিকাতো আছে। ফ'বৰ্ছ ইণ্ডিয়াৰ "শীৰ্ষ ১০০ চে'লিব্ৰিটি"ৰ তালিকাত তেওঁ ২০১২, ২০১৩ আৰু ২০১৫ চনত শীৰ্ষস্থানত আছিল। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০০–৬০০ নিযুত আমেৰিকান ডলাৰৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে। দেশ-বিদেশৰ বহু ঠাইত খানৰ সম্পত্তি আছে। ইয়াৰ ভিতৰত লণ্ডনত GB£২০ নিযুত অৰ্থমূল্যৰ এটা এপাৰ্টমেণ্ট আৰু ডুবাইৰ পাম জুমেইৰাহত এটা প্ৰাসাদগৃহ আছে।

ভাৰতৰ সবাতোকৈ জনপ্ৰিয়, চৌখিন আৰু প্ৰভাৱশীল লোকৰ তালিকাত প্ৰায়েই শ্বাহৰুখ খানৰ নাম দেখা যায়। দ্য টাইমছ্ অৱ্ ইণ্ডিয়াৰ ৫০ জন শীৰ্ষ ভাৰতীয় আকাংক্ষিত পুৰুষৰ তালিকাত তেওঁ নিয়মিতভাৱে স্থান পাই আহিছে। ২০০৭ চনত ইষ্টাৰ্ন আই আলোচনীখনে আয়োজন কৰা ভোটদানৰ দ্বাৰা খান এছিয়াৰ সবাতোকৈ যৌন আৱেদনময়ী পুৰুষৰূপে নিৰ্বাচিত হৈছিল। ভালেমান ব্ৰে'ণ্ড আৰু উদ্যোগী কাম-কাজৰ সৈতে চুক্তিৱদ্ধ হোৱা বাবে বহসময়ত সংবাদ মাধ্যমে তেওঁক "ব্ৰে'ণ্ড এছ আৰ কে" বুলিও অভিহিত কৰে। তেওঁ বলিউডৰ সৰ্বাধিক উপাৰ্জনকাৰী লোকসকলৰ মাজৰো এজন। দূৰদৰ্শনৰ বিজ্ঞাপনত সবাতোকৈ বেছি দেখা পোৱা তাৰকাৰ তালিকাতো শ্বাহৰুখৰ নাম প্ৰথমেই আহিব। দূৰদৰ্শনৰ বিজ্ঞাপনৰ মুঠ বাজেটৰ কেতিয়াবা ছয় শতাংশ পৰ্য্যন্ত তেওঁ অংশীদাৰ হৈ পাইছে। তেওঁ চুক্তিৱদ্ধ হোৱা কেইটামান উল্লেখযোগ্য ব্ৰে'ণ্ড হৈছে- পেপছি, নকিয়া, হিয়ুণ্ডাই, ডিশ্ব টিভি, ডি'ডেকৰ, লাক্স ইত্যাদি। তেওঁৰ সম্পৰ্কে কিতাপ ৰচিত হৈছে আৰু তেওঁৰ জনপ্ৰিয়তাক ইতিমধ্যে ভালেমান তথ্যচিত্ৰতো দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত দুটা খণ্ডৰ তথ্যচিত্ৰ The Inner and Outer World of Shah Rukh Khan (২০০৫) আৰু ডিছক'ভাৰি ট্ৰে'ভেল & লিভিং চেনেলযোগে প্ৰচাৰিত দহটা খণ্ডৰ ক্ষুদ্ৰ ধাৰাবাহিক Living with a Superstar—Shah Rukh Khan (২০১০) বিশেষভাৱে উল্লেখযোগ্য। ২০০৭ চনত তেওঁৰ মমৰ মূৰ্তি এটা লণ্ডনস্থিত মাডাম টুছু সংগ্ৰহালয়ত স্থাপন কৰা হয়। ঐশ্বৰ্য্য ৰায় আৰু অমিতাভ বচ্ছনৰ পিছত এই সন্মান পোৱা তেওঁ তৃতীয়গৰাকী ভাৰতীয় চলচ্চিত্ৰ তাৰকা। পিছলৈ লছ এঞ্জলছ্, হংকং, নিউয়ৰ্ক আৰু ৱাশ্বিংটনত অৱস্থিত মাডাম টুছু সংগ্ৰহালয়তো তেওঁৰ মূৰ্তি একোটা যোগ দিয়া হয়।

বঁঁটা-বাহন

শ্বাহ ৰুখ খান বলিউডৰ জগতখনত সবাতোকৈ বেছি বঁটা-বাহনেৰে স্বীকৃত অভিনেতাসকলৰ এজন। তেওঁ ফিল্মফেয়াৰ বঁটাৰ বাবে ৩০টা মনোনয়ন লাভ কৰিছে আৰু ইয়াৰে ১৪টা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৮ বাৰ তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ স্বীকৃতিস্বৰূপে এই বঁটা লাভ কৰিছিল। এইক্ষেত্ৰত তেওঁ অভিনেতা দিলীপ কুমাৰৰ সৈতে যুটীয়াভাৱে শীৰ্ষস্থানত আছে। তেওঁ শ্ৰেষ্ঠ অভিনেতাৰূপে ফিল্মফেয়াৰ বঁটা পোৱা চলচ্চিত্ৰকেইখন হৈছে- বাজীগৰ (১৯৯৩), দিলৱালে' দুলহানিয়া লে' জায়েংগে' (১৯৯৫), দিল ট' পাগল হে' (১৯৯৭), কুছ্ কুছ্ হোতা হে' (১৯৯৮), দেৱদাস (২০০২), স্বদেশ (২০০৪), চক দে'! ইণ্ডিয়া (২০০৭) আৰু মাই নে'ম ইজ খান (২০১০)। তেওঁ এতিয়ালৈকে নেশ্বনেল ফিল্ম এৱাৰ্ড লাভ কৰা নাই যদিও ২০০৫ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ২০০৭ চনত ফ্ৰান্স চৰকাৰে শ্বাহ ৰুখক "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট দে' লেটাৰ্ছ্" (Ordre des Arts et des Lettres) সন্মান আৰু ২০১৪ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান "লিজিয়ন দিঅনাৰ" (Légion d'honneur) প্ৰদান কৰিছিল।

টোকা

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

Tags:

শ্বাহৰুখ খান প্ৰাৰম্ভিক জীৱন আৰু পৰিয়ালশ্বাহৰুখ খান অভিনয় কেৰিয়াৰশ্বাহৰুখ খান চলচ্চিত্ৰপঞ্জীশ্বাহৰুখ খান অন্যান্য কাম-কাজশ্বাহৰুখ খান প্ৰচাৰ মাধ্যমত খানশ্বাহৰুখ খান বঁঁটা-বাহনশ্বাহৰুখ খান টোকাশ্বাহৰুখ খান তথ্যসূত্ৰশ্বাহৰুখ খান গ্ৰন্থপঞ্জীশ্বাহৰুখ খান বাহ্যিক সংযোগশ্বাহৰুখ খানইংৰাজী ভাষাএছিয়াদূৰদৰ্শনপদ্মশ্ৰীফিল্মফেয়াৰফ্ৰান্স

🔥 Trending searches on Wiki অসমীয়া:

ডিমাছা জনগোষ্ঠীঅসমৰ বয়ন শিল্পসমাজনগাঁওঅসমৰ পৰম্পৰাগত সাজ-পাৰবকুল ফুলৰ দৰে (গ্ৰন্থ)শৰাইঘাটৰ যুদ্ধআত্মসহায়ক গোটশোণিতপুৰ (লোকসভা সমষ্টি)ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাৰাজহুৱা ক্ষেত্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅৰুণ শৰ্মাঅসমৰ ভূগোলবাঁহগুণাভিৰাম বৰুৱাস্বাভাৱিক সংখ্যাঈদ-উল-জুহাৰঘুনাথ চৌধাৰীফাকে জনগোষ্ঠীকলাগুগলদৰং জিলাতেজপুৰ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনপ্ৰাচীন গ্ৰীচজেং বিহুমোৰ জীৱন সোঁৱৰণগান্ধীবাদখোলযোৰহাট (লোকসভা সমষ্টি)অসমৰ জিলাসমূহযোৰহাটভাষাঅনুবাদভাৰতধানভাৰতৰ ৰাষ্ট্ৰপতিঅতুল চন্দ্ৰ হাজৰিকাসৌৰভ কুমাৰ চলিহাচি এছ এছআজান পীৰধুবুৰী (লোকসভা সমষ্টি)উদ্ভিদঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবিশ্বনাথ চাৰিআলিসাঁথৰসিংহআহোম ৰাজবংশঅসমত দেখা পোৱা মাছৰ তালিকাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাঅৰুণাচল প্ৰদেশআপেক্ষিকতাবাদ তত্ত্বঅণুবীক্ষণ যন্ত্ৰআকাশবাণী গুৱাহাটীউত্তৰ-পূব ভাৰতউমাচল শিলালিপিযৌন সংগমবড়ো ভাষাভাৰত-আৰ্য ভাষা পৰিয়ালগৌতম বুদ্ধগণতন্ত্ৰগৱেষণাহীৰেন ভট্টাচাৰ্যঢ়সৰ্পগন্ধাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখেৰাইপোলেণ্ডআহোম-মোগলৰ সংঘৰ্ষপাঠ্যক্ৰমঅসমীয়া উপন্যাসইজৰাইলভাষাবিজ্ঞান🡆 More