সাঁচিপাত

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

সাঁচিপাত হৈছে সাঁচিগছৰ (Aquilaria agallocha) ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে। অসমৰ সাহিত্যৰ প্ৰথম চানেকিস্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত। পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলৰ তত্ত্বাৱধানত অসমৰ চুকে কোণে সিঁচৰিত হৈ থা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ'বলৈ ধৰে। এই পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগ্ৰহীত আৰু সংৰক্ষিত হৈ আছে।

সাঁচিপাত
সাঁচিপাতত লিখা পুথি

তৈয়াৰ কৰা প্ৰণালী

সাঁচিপাতৰ বাবে প্ৰথমে ১৫-১৬ বছৰ বয়সৰ সাঁচিগছ নিৰ্বাচন কৰি লোৱা হয়। এডাল পোন্ধৰ -বিশ বছৰীয়া পূৰঠ সাঁচিগছৰপৰা বহুকাল ধৰি বাকলি পাই থাকিব পাৰি। প্ৰথমে সাঁচিগছৰ বাকলিবোৰ চাৰি-পাছহাতমান ওখকৈ কাটি আনি বাকলিৰ ভিতৰৰ বগা ফালটো বাহিৰলৈ দি নুৰিয়াই বান্ধি সাদিনৰপৰা দহ বাৰদিনমানলৈ ৰ'দত শুকাবলৈ দিয়া হৈছিল। বাকলিবোৰ শুকাই পোন হোৱাৰ পাছত বাহিৰ ফালটো শিলেৰে ঘঁহি ঘঁহি নিমজ কৰি এৰাতিমান নিয়ৰত থৈ দিয়া হৈছিল। তাৰ পাছত আকৌ ঘঁহি-মাজি দুয়ো পিঠিৰ খহটা হৈ থকা অংশবোৰ মিহি কৰি তুলিছিল। তাৰপৰা দীঘলে তিনি-চাৰি বেগেতমান আৰু বহলে এক-দুই বেগেতমান জোখত এখন এখনকৈ কাটি উলিয়াইছিল। এই এখন এখনকৈ কাটি লোৱা সাঁচিপাতবোৰ বহু সময় ফটফটীয়া চেঁচা পানীত তিয়াই পিছত ৰ'দত ভালকৈ শুকুৱাই লৈ আকৌ শিলেৰে ঘঁহি ঘঁহি নিমজ কৰা হৈছিল। পিছত বটি লোৱা মাটিমাহেৰে পাতবোৰৰ ওপৰত লেও দি বা ঘঁহি ঘঁহি মিহি আৰু বগা কৰি লোৱা হৈছিল। এই বগা সাঁচিপাতবোৰ হেঙুল আৰু হাইতালৰ (দুবিধ বিহ) ৰঙেৰে বোলাই সোণবৰণীয়া কৰা হৈছিল। সেইবাবে এই পুথি পোকে কাটি নষ্ট কৰিব নোৱাৰিছিল। তদুপৰি পুথি থোৱা পেৰাও আছিল সৰল বা আগৰ কাঠৰ। মাটিমাহৰ লেও আৰু ৰং দিয়াৰ পাছত আকৌ পাতবোৰ ৰ'দত শুকুৱাই লোৱা হৈছিল। এই সাঁচিপাত বহুকাললৈ ভালে থাকে।।

মহী বা চিয়াঁহী তৈয়াৰ কৰা প্ৰণালী

কেঁচা শিলিখা, চৰুছাই, বৰা চাউলৰ ছাই, আমলখি ছাল, থেৰেজু ছাল, পাণ, কেহাৰাজ, লোৱাচুৰ, মাটিৰ চাকিৰ এঙেৰুৱা, আমছাল আৰু গৰুমুত। এইবোৰ বস্তু একেলগে গোটাই লোহাৰ কেৰাহীত সিজাই মাটিৰ চৰু এটাত নিয়ৰত থৈছিল। এনেকৈ থোৱা চৰুটোৰ বাহিৰত ঘামি ঘামি যি ৰস ওলাইছিল সেয়ে মহী।

কলম প্ৰস্তুত কৰা প্ৰণালী

সাঁচিপাত 
কাপ ঢেকীয়া

অসমত পোৱা কাপ ঢেঁকীয়া নামৰ এবিধ বনৰীয়া ঢেঁকীয়াৰ পাতৰ ঠাৰিডালক জোঙা কৰি কলম হিচাপে ব্যৱহাৰ কৰা হৈছিল। ।

তথ্যসূত্ৰ

বাহ্যিক লিংক

  1. Majuli: Where Manuscripts are Worshipped

Tags:

সাঁচিপাত তৈয়াৰ কৰা প্ৰণালীসাঁচিপাত মহী বা চিয়াঁহী তৈয়াৰ কৰা প্ৰণালীসাঁচিপাত কলম প্ৰস্তুত কৰা প্ৰণালীসাঁচিপাত তথ্যসূত্ৰসাঁচিপাত বাহ্যিক লিংকসাঁচিপাত

🔥 Trending searches on Wiki অসমীয়া:

এ পি জে আব্দুল কালামসদৌ অসম ছাত্ৰ সন্থাভাৰতৰ ইতিহাসশৰ্কৰাউমাচল শিলালিপিহেম সৰস্বতীঅযোধ্যা (পৌৰাণিক নগৰ)আলেকজেণ্ডাৰ গ্ৰাহাম বে'লবিজ্ঞানএইচ টি এম এলমহাদেশইয়াত এখন অৰণ্য আছিলমুদ্ৰাবিহুগীতঅস্বাভাৱিক মনোবিজ্ঞানঅংগৰাগ মহন্তনাৰীবাদমৌখিক ইতিহাসমাৰ্চঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকানামচিংএলবাৰ্ট আইনষ্টাইনমিয়া খলিফাপথেৰ পাঁচালীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাবাঁহী (আলোচনী)বিবাহমামণি ৰয়ছম গোস্বামীবৰাক উপত্যকাগণতন্ত্ৰফাকুৱাপাঠ পৰিকল্পনাবিনন্দ চন্দ্ৰ বৰুৱাএমিবাকৌটিল্যৰ অৰ্থশাস্ত্ৰভবেন্দ্ৰ নাথ শইকীয়াবিশ্বনাথ ঘাটশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰমাম্প্‌ছদৰং জিলাগগনাকুচিপুড়িগোপাল কৃষ্ণ গোখলেভাৰতৰ স্বাধীনতা আন্দোলননেলছন মেণ্ডেলামালতীজৈৱ বৈচিত্ৰ্যসপ্তকাণ্ড ৰামায়ণআত্মজীৱনীবাগৰুম্বাব্ৰহ্মপুত্ৰ উপত্যকাশীতল যুদ্ধএচিদ বৰষুণনীলমণি ফুকন (কনিষ্ঠ)পাচন তন্ত্ৰপুথিভঁৰালবেদভাৰতৰ ৰাষ্ট্ৰপতিব্ৰাহ্মী লিপিদেউৰী জনগোষ্ঠীআলুজীৱনীশিখ ধৰ্মশব্দ (অভিধান)সৌৰজগতৰামায়ণদীপালী বৰঠাকুৰবৰদৈচিলাকুশল কোঁৱৰছ'ভিয়েট সংঘৰাম সৰস্বতীঅসম লোকসেৱা আয়োগৰাভা জনগোষ্ঠীমৰিগাঁও জিলাক্ষবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন🡆 More