ফুটবল

ফুটবল (ইংৰাজী: Football) এবিধ বহিঃক্ৰীড়া। ফুটবলৰ আন এটা নাম চ'কাৰ (soccer)। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। ফুটবলত প্ৰত্যক দলত ১১ জনকৈ আৰু তিনিজন অতিৰিক্ত খেলুৱৈ থাকে। ফুটবল নামটোৰ উৎপত্তি হৈছে ফুট আৰু বল শব্দ দুটাৰ পৰা। অৰ্থাৎ ভৰিৰে খেলা বল। এই খেলৰ আৰম্ভণি চীনত হৈছিল বুলি কোৱা যায়। এই খেলতো বিশ্বত ব্ৰিটিছে জনপ্ৰিয় বনালে। ‌‌

ফুটবল
ফুটবল
ফুটবল খেলাৰ দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা ফিফা (আন্তৰ্জাতিক ফুটবল ফেডাৰেছন)
অন্য নাম চ'কাৰ
প্ৰথমবাৰ খেলা হয় ১৯ ডিচেম্বৰ ১৮৬৩
বৈশিষ্ট্য
সংস্পৰ্শ হয়
দলৰ সদস্য ১১জন খেলুৱৈ
বৰ্গীকৰণ বহিঃ বা অন্তঃ
উপকৰণ ফুটবল

ইতিহাস

১৮৯৩ খ্ৰীষ্টাব্দত ইংলেণ্ডত ফুটবল এছʼচিয়েশ্বন (FC)ৰ জন্ম হয়। ১৮৭১ চনত পোনপ্ৰথমবাৰৰ বাবে ইংলেণ্ডত পেছাদাৰী ফুটবল খেল আৰম্ভ হয়। ১৮৮৮ চনত প্ৰথম প্ৰথম ফুটবল খেল আৰম্ভ হয়। প্ৰথম আন্তৰ্জাতিক খেল হয ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত যিখন অমীমাংসিতভাৱে শেষ হয়।

১৯০৪ চনত পৃথিৱীৰ সকলো দেশৰ ফুটবল সংস্থাৰ প্ৰতিনিধি সকলকলৈ আন্তৰ্জাতিক ফুটবল সংস্থা- ফেডাৰেচন অৱ ইণ্টাৰনেচনেল ফুটবল এছʼচিয়েচন(ফিফা) গঠিত হয়। এই সংস্থাই ১৯৩০ চনৰ পৰা এতিয়ালৈকে বিশ্বকাপ আয়োজন কৰি আহিছে। বৰ্তমান সময়লৈকে ব্ৰাজিল দেশে সৰ্বাধিক ৫ বাৰ বিশ্ব চেম্পিয়ন হৈছে।

নিয়ম সমূহ

ফুটবল 

ফুটবল খেলৰ পথাৰখন আকাৰ আয়তাকাৰ। ইয়াৰ দৈৰ্ঘ্য সৰ্বাধিক ১২০ মিটাৰৰ পৰা কমেও ৯০ মিটাৰ আৰু প্ৰস্থ সৰ্বাধিক ৯০ মিটাৰৰ পৰা ৪৫ মিটাৰ। আন্তৰ্জাতিক প্ৰতিযোগিতামূলক খেলৰ পথাৰৰ দৈৰ্ঘ্য ১০০ মিটাৰৰ পৰা ১১০ মিটাৰ আৰু পথালিকৈ ৬৪ মিটাৰৰ পৰা ৭৫ মিটাৰ হʼব লাগে।

ফুটবল খেল দুটা দলৰ মাজত হয় আৰু প্ৰতিটো দলতেই ১১ জনকৈ খেলুৱৈ থাকে। তেওঁলোকৰ মাজৰ পৰা এজন গʼলৰক্ষক হয়। অৱশ্যে খেলুৱৈসকলক সালসলনি (substitute) কৰিব পাৰি। একোটা পক্ষই সৰ্বাধিক ৬জন খেলুৱৈক মুঠ ১৫ বাৰ সালসলনি কৰিব পাৰিব।

ফুটবল খেলৰ বলটোৰ আকাৰ গোলাকাৰ। খেল আৰম্ভ হোৱাৰ সময়ত বলৰ পৰিধি ৭০ ছেণ্টিমিটাৰৰ পৰা ৭১ ছেণ্টিমিটাৰ আৰু ওজন ৩৯৬ গ্ৰাম পৰা ৪০০ গ্ৰাম হʼব লাগিব। বলৰ ভিতৰত বায়ুৰ চাপ ৬০০ ৰ পৰা ১১০০ গ্ৰাম / ছেণ্টিমিটাৰ হʼব লাগিব। ৰেফাৰীৰ অনুমতি অবিহনে খেল চলি থকা সময়ত বলটো সলনি কৰিব নোৱাৰি।

খেল পৰিচালনা কৰিবৰ বাবে চাৰিজন ৰেফাৰী থাকে। তাৰে ভিতৰত এজন খেলপথাৰত থাকি খেল খনৰ পৰিচালনা কৰে। দুজন লাইনৰ দায়িত্বত থাকে আৰু চতুৰ্থ জনে পথাৰৰ বাহিৰত থাকি খেলৰ পৰিচালনা কৰে।

এখন ফুটবল খেল সাধাৰণতে ৯০ মিনিটত সম্পূৰ্ণ হয়। এই সময়ছোৱাক ৪৫ মিনিটতকৈ দুটা ভাগত ভাগ কৰা হয়। ফুটবল খেলৰ ৪৫ আৰু ৯০ মিনিটৰ অন্তত কেই মিনিটত মান অতিৰিক্তকৈ সংলগ্ন কৰা হয়। কিছুমান বিশেষ ক্ষেত্ৰত খেলখনৰ বিজয়ী দলটোক নিশ্চিত কৰিবলৈ ৩০ মিনিট সংযোগ কৰা হয়। তথাপিও খেলখনৰ একো মীমাংসা নহʼলে অৱশেষত পেনালটি চুটআউট কৰা হয়।

তথ্য সংগ্ৰহ

১. https://assamesegk.info Archived 2022-11-07 at the Wayback Machine

Tags:

ইংৰাজী ভাষাচীনপৃথিৱী

🔥 Trending searches on Wiki অসমীয়া:

বৰপেটা সত্ৰঅসমৰ সত্ৰসমূহৰ তালিকাশব্দ (অভিধান)বিত্তীয় ব্যৱস্থাঅসমীয়া জাতিআজান পীৰযোৰহাট (লোকসভা সমষ্টি)অভিধানইবাঁকু বিচুধৰিত্ৰী দিৱসপূৰ্ণ স্বৰাজদেউৰী জনগোষ্ঠীবাংলাদেশৰ মুক্তিযুদ্ধউপভাষাভাৰতভিটামিনকানাই বৰশী বোৱা শিলালিপিইজৰাইলবিষুৱ ৰেখামানৱ ভূগোলগোৱালপাৰা জিলাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবিহুশ্ৰীনিবাস ৰামানুজনশংকৰী সংস্কৃতিযক্ষ্মাঅসমৰ পৰম্পৰাগত সাজ- পাৰপাচন তন্ত্ৰমাটিৰুবুল মাউতভাৰতীয় জনতা পাৰ্টিঅৰুণ শৰ্মাঅসমৰ সমস্যাৰত্নকান্ত বৰকাকতীআহোম-মোগলৰ সংঘৰ্ষনাৰী সবলীকৰণপিয়লি ফুকনভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানকৰতল কমল কমল দল নয়নঘড়ীপ্ৰাঞ্জল শইকীয়াশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ঢ়ইয়াত এখন অৰণ্য আছিললীলা গগৈজোনবিৰি (অলংকাৰ)ভাৰতৰ নিৰ্বাচন আয়োগমাজুলীআই সবাহবৰপেটা (লোকসভা সমষ্টি)সূৰ্যশ্ৰীমন্ত শংকৰদেৱদৌল গোবিন্দ মন্দিৰবৰুণীযোৰানামলোকবিশ্বাসচেৰা-বিহুকলাপ্ৰাকৃতিক সম্পদচুতীয়া জনগোষ্ঠীমৈৰামৰা দৌলঅসমীয়া প্ৰতিদিনকালিচৰণ ব্ৰহ্মমঙ্গলদৈ (লোকসভা সমষ্টি)হিৰণ্যকশিপুবকুলঅসমীয়া জলপানসৌৰ শক্তিবনঘোষাত্ৰিপুৰামিচিং জনগোষ্ঠীকাঠৰ জোখ মাপচকলংচৰ্যাপদলাচিত বৰফুকন🡆 More