নিউজিলেণ্ড

নিউজিলেণ্ড ( ইং: New Zealand, /nj ˈzlənd/) হ'ল দক্ষিণপশ্চিম প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ। দেশখন দুটা প্ৰধান দ্বীপ – উত্তৰ দ্বীপ (নৰ্থ আইলেণ্ড), বা Te Ika-a-Māui, আৰু দক্ষিণ দ্বীপ (চাউথ আইলেণ্ড), বা Te Waipounamuৰ লগতে ষ্টুৱাৰ্ট দ্বীপ আৰু অসংখ্য সৰু সৰু দ্বীপপুঞ্জৰে গঠিত। ই অষ্ট্ৰেলিয়াৰ পৰা ১৫০০ কি:মি: দক্ষিণ-পূব দিশত অৱস্থিত। নিউজিলেণ্ড ভৌগোলিকভাৱে এখন বিচ্ছিন্ন দেশ। সেইবাবে ইয়াৰ জীৱবৈচিত্ৰ্য আৰু পৰিৱেশ যথেষ্ট পৃথক। ৱেলিংটন হৈছে দেশখনৰ ৰাজধানী আৰু অকলেণ্ড বৃহত্তম চহৰ।

নিউজিলেণ্ড
Aotearoa
নিউজিলেণ্ড নিউজিলেণ্ড
ৰাষ্ট্ৰীয় সঙ্গীত
  • "God Defend New Zealand"

New Zealand-ৰ অৱস্থান
New Zealand-ৰ অৱস্থান
Realm of New Zealandত নিউজিলেণ্ডৰ অৱস্থান
ৰাজধানীৱেলিংটন
41°17′S 174°27′E / 41.283°S 174.45°E / -41.283; 174.45
বৃহত্তম নগৰ অকলেণ্ড
ৰাষ্ট্ৰভাষা (সমূহ)
  • 95.9% English
  • 4.2% Māori
  • 0.6% NZ Sign Language
জনগোষ্ঠীসমূহ (২০১৩)
  • ৭৪.০% ইউৰোপিয়ান
  • ১৪.৯% মাওৰি
  • ১১.৮% এচিয়ান
  • ৭.৪% পেছিফিক
  • ১.২% মিডল ইষ্টাৰ্ণ, দক্ষিণ আমেৰিকান, আফ্ৰিকান
  • ১.৭% অন্যান্য
চৰকাৰ Unitary parliamentary constitutional monarchy
 -  Monarch Elizabeth II
 -  Governor-General পেটচী ৰেড্ডী
 -  Prime Minister জেচিণ্ডা আৰডাৰ্ণ
Independence from the United Kingdom 
 -  Self-government 17 January 1853 
 -  Dominion 26 September 1907 
 -  Statute of Westminster Adoption Act 25 November 1947 
 -  Current constitution 13 December 1986 
মাটিকালি
 -  মুঠ ২,৬৮,০২১ বৰ্গ কিমি (৭৫তম)
১,০৩,৪৮৩ বৰ্গ মাইল 
 -  জলভাগ (%) ১.৬ (৪,২৮৮ বৰ্গ কিমি)
জনসংখ্যা
 -  জুন ২০১৪ আনুমানিক ৪৫,৩৭,০৮১'"`UNIQ--ref-০০০০০০০১-QINU`"' (১২৩তম)
 -  ২০১৩ লোকপিয়ল ৪২,৪২,০৪৮'"`UNIQ--ref-০০০০০০০২-QINU`"' 
জিডিপি (পিপিপি) ২০১৩ আনুমানিক
 -  মুঠ $১,২২.১৯৩ নিযুত 
 -  জনমুৰি $৩০,৪৯৩ 
জিডিপি (নামমাত্ৰ) ২০১৩ আনুমানিক
 -  মুঠ $১৮১.৩ নিযুত 
 -  জনমুৰি $৪০,৪৮১ 
জিনি সহগ? (১৯৯৭) ৩৬.২ 
মানৱ উন্নয়ন সূচক (২০১৩) ০.৯১০ (৭ম)
মুদ্ৰা নিউজিলেণ্ড ডলাৰ (NZD)
সময় অঞ্চল NZST (ইউটিচি+১২)
 -  গ্ৰীষ্মকালীন (ডিএছটি) NZDT (ইউটিচি+১৩)
(ছেপ্তেম্বৰৰ পৰা এপ্ৰিললৈ)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় বাঁও ফালে
ইণ্টাৰনেট টিএলডি .nz
কলিং ক'ড ++৬৪

নিউজিলেণ্ডৰ অধিকাংশ লোক ইউৰোপীয় মূলৰ আৰু স্থানীয় মাওৰি সকল বৃহত্তম সংখ্যালঘু জাতি। ইয়াৰোপৰি এচীয় মূলৰো বহুতো লোক নিউজিলেণ্ডত বসবাস কৰে। ইংৰাজী নিউজিলেণ্ডৰ সৰ্বাধিক প্ৰচলিত ভাষা।

নিউজিলেণ্ড এখন উন্নত ৰাষ্ট্ৰ। দেশখন জীৱন যাত্ৰাৰ মান, শিক্ষাৰ হাৰ, শান্তি আৰু প্ৰগতি, অৰ্থনৈতিক স্বাধীনতা, ব্যৱসায়-বাণিজ্যৰ সুযোগ, গণমাধ্যমৰ স্বাধীনতা, ৰাজনৈতিক অধিকাৰ ৰক্ষা আদি ক্ষেত্ৰত যথেষ্ট আগবঢ়া। পৃথিৱীৰ সৰ্বাধিক বাসোপযোগী চহৰ সমূ্হৰ ভিতৰত নিউজিলেণ্ডৰ সমূহ অন্যতম।

ইতিহাস

প্ৰায় ৭০০ বছৰ আগতে পলিনেচীয় বিভিন্ন জাতিয়ে নিউজিলেণ্ড আৱিষ্কাৰ কৰে আৰু ইয়াত বসতি স্থাপন কৰে। ১৬৪২ চনত প্ৰথম ইউৰোপীয় অভিযাত্ৰী এবেল তাছমানে নিউজিলেণ্ডত প্ৰৱেশ কৰে। ১৮শ শতিকাৰ শেষ ভাগত ব্ৰিটিছ অভিযাত্ৰী, নাবিক আৰু মিছনেৰীসকলৰ নিয়মিতভাৱে ইয়ালৈ আগমন ঘটে।

ভূগোল আৰু জলবায়ু

৩৪° দক্ষিণ অক্ষাংশৰ পৰা ৪৭° দক্ষিণ অক্ষাংশলৈকে অৱস্থিত এই দ্বীপপুঞ্জৰ উত্তৰে উষ্ণ নাতিশীতোষ্ণ আৰু দক্ষিণে শীত নাতিশীতোষ্ণ জলবায়ু পোৱা যায়। পূব অষ্ট্ৰেলিয় উষ্ণ সমুদ্ৰৰ সোঁত ইয়াৰ ওচৰেদি বৈ গৈছে। ঠেক দীঘলীয়া দ্বীপপুঞ্জটো বহলে ৪৪৮ কি:মি:ৰ অধিক নহয়। সমগ্ৰ দ্বীপপুঞ্জৰ মাজেৰে এশাৰী পৰ্বত বিস্তৃত হৈ আছে। পৰ্বতশাৰী উত্তৰ দ্বীপত কিছু চাপৰ আৰু দক্ষিণ দ্বীপটোত ই অতি ওখ। দক্ষিণ দ্বীপত এই পৰ্বতশাৰীৰ নাম দক্ষিণ আল্প্ছ। পৰ্বতশাৰীৰ গড় উচ্চতা প্ৰায় ২,৪৩,৮৪০ মি:। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ নাম মাউণ্ট কুক (৩,৭৬৮ মি:)।

কৃষি

নিউজিলেণ্ডৰ প্ৰধান কৃষিজাত দ্ৰব্য হৈছে ঘেঁহু। ই প্ৰধানকৈ বৃহত্তৰ কেণ্টাৰবাৰী অঞ্চলৰ সমভূমিত কৰা হয়। এই অঞ্চলৰ আন শস্যসমূহ হ'ল ওট আৰু বাৰ্লি। দক্ষিণ দ্বীপত ওটৰ খেতি কৰা হয়। উত্তৰ দ্বীপৰ অকলেণ্ডত মাকৈৰ খেতি ভাল হয়। নিউজিলেণ্ডৰ প্ৰতিটো দ্বীপতেই আঙুৰ, আপেল, নাচপতি, নেমু, সুমথিৰা আদি ফলৰ বাগান দেখিবলৈ পোৱা যায়। উত্তৰ দ্বীপৰ অকলেণ্ডত এইবোৰৰ বাগান বেছিকৈ আছে। আনহাতে দক্ষিণ দ্বীপৰ ফল-মূলৰ বাগানবোৰত আপেল, বেৰী, নাচপতি, এপ্ৰিকট্, চেৰি আদি ফলৰ খেতি কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

নিউজিলেণ্ড ইতিহাসনিউজিলেণ্ড ভূগোল আৰু জলবায়ুনিউজিলেণ্ড কৃষিনিউজিলেণ্ড তথ্য সংগ্ৰহনিউজিলেণ্ড

🔥 Trending searches on Wiki অসমীয়া:

পাচনসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাকলিকতাঅসমীয়া কবিতাঅসমীয়া ব্যাকৰণব্লগহাবুংএ পি জে আব্দুল কালামৱৰ্ল্ড ৱাইড ৱেবপিঠাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকমলাকান্ত ভট্টাচাৰ্য্যভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমৰ পুৰণি স্থাপত্যভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যকাঞ্চন (উপন্যাস)ৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)কেশৱ মহন্তভাৰতীয় শিল্পকলাপুথিভঁৰালকোষ (জীৱবিজ্ঞান)স্তন সংগমলক্ষ্মীধৰ শৰ্মাজল সংৰক্ষণইতিহাসঅংকমহিলাৰ বিৰুদ্ধে হিংসাপাইথাগোৰাছৰ উপপাদ্যভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাআহোম ৰাজ্যহুঁচৰিৰাম গগৈ২০২৩ জি-২০ নতুন দিল্লী সন্মিলনপথৰুঘাটৰ ৰণঈয়াৰুইঙ্গমনগাঁও (লোকসভা সমষ্টি)দিহানামশব্দলক্ষ্মীনন্দন বৰাকেঁচুচিলাৰায়খেৰাইশচীন তেণ্ডুলকাৰবড়ো চুক্তি ২০২০ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাৰজনীকান্ত বৰদলৈমৈদামভাৰতীয় জাতীয় কংগ্ৰেছসমবাহু ত্ৰিভুজস্বাধীনতা দিৱস (ভাৰত)ভাইটি (চলচ্চিত্ৰ)পতঞ্জলিৰ যোগসূত্ৰএশিঙীয়া গঁড়ৰাষ্ট্ৰসংঘ দিৱসমহাসাগৰবৰগীতবিশ্ব বাণিজ্য সংস্থাভাৰতৰ স্বাধীনতা আন্দোলনউপন্যাসপাচন তন্ত্ৰশকুন্তলা (চলচ্চিত্ৰ)অসমৰ সমস্যাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫স্বাভাৱিক সংখ্যাশব্দ (অভিধান)নৱ-বৈষ্ণৱ ধৰ্মনবীনচন্দ্ৰ বৰদলৈকম্পিউটাৰৰঘুনাথ দাস মহন্তভীমৰাও ৰামজী আম্বেদকাৰবিদ্যুৎব্ৰহ্মপুত্ৰ নদভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাআনন্দ চন্দ্ৰ আগৰৱালা🡆 More