চীন ,চৰকাৰী ভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে আছে মঙ্গোলিয়া; উত্তৰ পূবে ৰাছিয়া আৰু উত্তৰে কোৰিয়া; পূবে চীন সাগৰ; দক্ষিণে ভিয়েটনাম, লাওছ, ম্যানমাৰ, ভাৰত, ভূটান, নেপাল; দক্ষিণ পশ্চিম দিশে পাকিস্তান; পশ্চিমে আফগানিস্তান, তাজিকিস্তান, কিৰ্গিজিস্তান আৰু কাজাকিস্তান। এই ১৪খন দেশৰ উপৰিও চীনৰ পূবত পীত সাগৰৰ ওচৰত দক্ষিণ কোৰিয়া আৰু জাপান আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে ফিলিপাইন।
গণপ্ৰজাতন্ত্ৰী চীন | ||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত "March of the Volunteers" 义勇军进行曲 Yìyǒngjūn Jìnxíngqǔ | ||||||
Area controlled by the People's Republic of China shown in dark green; claimed but uncontrolled regions shown in light green. | ||||||
Note: Although Taipei is shown as one of the cities of the PRC, China does not hold actual sovereignty over Taiwan and its capital Taipei. | ||||||
ৰাজধানী | বেইজিং 39°55′N 116°23′E / 39.917°N 116.383°E | |||||
বৃহত্তম নগৰ | ছাংহাই | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | মান্য চীনা ভাষা | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ |
| |||||
Official written language | Vernacular Chinese | |||||
Official script | Simplified Chinese | |||||
জনগোষ্ঠীসমূহ |
| |||||
জাতীয়তাসূচক বিশেষণ | চীনা | |||||
চৰকাৰ | Single-party socialist state | |||||
- | President | ছি জিনপিং | ||||
- | Premier | Li Keqiang | ||||
- | Congress Chairman | Zhang Dejiang | ||||
- | Conference Chairman | Yu Zhengsheng | ||||
Formation | ||||||
- | Unification of China under the Qin Dynasty | 221 BCE | ||||
- | Republic established | 1 January 1912 | ||||
- | People's Republic proclaimed | 1 October 1949 | ||||
মাটিকালি | ||||||
- | মুঠ | ৯৫,৯৬,৯৬১ বৰ্গ কিমি (3rd/4th) ৩৭,০৫,৪০৭ বৰ্গ মাইল | ||||
- | জলভাগ (%) | ০.২৮%'"`UNIQ--ref-০০০০০০০D-QINU`"' | ||||
জনসংখ্যা | ||||||
- | 2012 আনুমানিক | ১,৩৫,০৬,৯৫,০০০'"`UNIQ--ref-০০০০০০০E-QINU`"' (১st) | ||||
- | ২০১০ লোকপিয়ল | ১,৩৩,৯৭,২৪,৮৫২'"`UNIQ--ref-০০০০০০০F-QINU`"' (১st) | ||||
জিডিপি (পিপিপি) | 2014 আনুমানিক | |||||
- | মুঠ | $14.625 trillion (2nd) | ||||
- | জনমুৰি | $10,695 (88th) | ||||
জিডিপি (নামমাত্ৰ) | 2014 আনুমানিক | |||||
- | মুঠ | $10.028 trillion (2nd) | ||||
- | জনমুৰি | $7,333 (82nd) | ||||
জিনি সহগ? (2012) | 47.4 | |||||
মানৱ উন্নয়ন সূচক (2013) | 0.719 (91st) | |||||
মুদ্ৰা | Renminbi (yuan)(¥) (CNY ) | |||||
সময় অঞ্চল | China Standard Time (ইউটিচি+8) | |||||
তাৰিখ বিন্যাস |
| |||||
গাড়ী চলোৱা হয় | right | |||||
ইণ্টাৰনেট টিএলডি |
| |||||
কলিং ক'ড | ++86 |
চীনাসকলে তেওঁলোকৰ দেশক চুংকুও নামেৰে মাতে, যাৰ অৰ্থ "মধ্যদেশ" বা "মধ্যৱৰ্তী ৰাজ্য"। "চীন" নামটো বিদেশীসকলে দিয়া; এইটো সম্ভৱত খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ চীন ৰাজবংশৰ নামৰ বিকৃত ৰূপ। চীনৰ স্বীকৃত নামটো হ'ল 'পিপুলচ্ ৰিপাব্লিক অৱ চাইনা' (People's Republic of China)।
চীনত বিশ্বৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে বাস কৰে। সেইসকলৰ ৯০% ৰো অধিক হ’ল চৈনিক হান জাতিৰ লোক। হান জাতি বাদেও চীনত আৰু ৫৫টা সংখ্যালঘু জাতিয়ে বাস কৰে। তাৰ মাজত আছে তিব্বতি, মঙ্গোল, উইঘুৰ, ছুয়াং, মিয়াও আদি অনেক সৰু সৰু জাতি। হান জাতিৰ লোকসকলৰ মাজত অঞ্চলভেদে ভাষাগত পাৰ্থক্য দেখা যায়। যদিও শিক্ষাব্যৱস্থা্ত আৰু গণমাধ্যমত পুতোংহুয়া নামেৰ এটা সাধাৰণ ভাষা ব্যৱহাৰ কৰা হয়, আঞ্চলিক কথিত ভাষাসমূহৰ বেছিভাগেই পৰস্পৰৰ বোধগম্য নহয়। তেনেক্ষেত্ৰত চিত্ৰলিপিভিত্তিক লিখন পদ্ধতি ব্যৱহাৰ কৰি লিখা চীনা উপভাষাই একক ভাবে লেখা দেখা যায়; ফল ক্ৰমে সমূহ চীনত যোগাযোগ সহজ হৈছে।
চীন হৈছে পৃথিৱীৰ ২য় বৃহৎ অৰ্থনীতি (১মত আমেৰিকা যুক্তৰাষ্ট্ৰ)। চীন এখন 'চিংগ্ল্ পাৰ্টী ষ্টেট, অৰ্থাৎ চীনত মাত্ৰ এটা পাৰ্টীৰ ৰাজত্ব, সেই পাৰ্টীটো হ'ল- 'কমিউনিষ্ট পাৰ্টী অৱ চাইনা'।
খ্ৰীষ্টপূৰ্ব ১৭-১১ শতিকাত ৰাজত্ব কৰা 'চাং'সকল প্ৰথম চীনা ৰাজবংশ। তেওঁলোকৰ দিনতেই আধুনিক চীনা লিপিৰ প্ৰথম পোনপটীয়া পূৰ্বজ "অ'ৰেক্ল্ ব'ন্ লিপি" প্ৰচলিত হৈছিল। চাং সকলৰ পিছত আহিল 'ঝৌ'সকল। তেওঁলোকে খ্ৰীষ্টপূৰ্ব ১২-৫ম শতিকালৈ ৰাজ কৰে। তেওঁলোকৰ হাতৰ পৰা শক্তি বিভিন্ন আঞ্চলিক ৰাজ্যলৈ গ'ল। তেওঁলোকে ৩০০ বছৰীয়া "বসন্ত আৰু শৰৎ"ৰ যুগ যুদ্ধ কৰি পাৰ কৰিলে। "ৱাৰিং ষ্টেত্স" বা "যুদ্ধ কৰা ৰাজ্য সমোহ"ৰ যুগ(খ্ৰীষ্টপূৰ্ব ৫-৩ শতিকা) অহালৈকে চীনত ৭খন শক্তিশালী ৰাজ্য সৃষ্টি হ'ল।
যুদ্ধ কৰা ৰাজ্য সমোহৰ যুগৰ পিছত শ্বিং ৰাজবংশ শক্তিলৈ আহে। শ্বিং শ্বি হুৱাঙে নিজক চীনৰ প্ৰথম সম্ৰাট ঘোষণা কৰে।
103°E / 35°N 103°E
This article uses material from the Wikipedia অসমীয়া article চীন, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.