আবি আহমেদ আলি

আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।

আবি আহমেদ আলি
ዐቢይ አህመድ አሊ
আবি আহমেদ আলি
২০১৮ চনত আবি আহমেদ
ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২ এপ্ৰিল ২০১৮
ৰাষ্ট্ৰপতি মুলাটো তিছোম
সাহলে-ৱৰ্ক জুডি
সহকাৰী ডিমেক মিকোনেন
পূৰ্বসূৰী হাইলমাৰিয়াম ডিছালজেন
ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্টৰ ৩য় অধ্যক্ষ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৭ মাৰ্চ ২০১৮
সহকাৰী ডিমেক মিকোনেন
পূৰ্বসূৰী হাইলিমাৰিয়াম ডিছালজেন
অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ নেতা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২২ ফেব্ৰুৱাৰী ২০১৮
সহকাৰী লিমা মেগাৰচা
পূৰ্বসূৰী লেমা মেগাৰচা
ইথিঅ'পিয়াৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী
কাৰ্যকাল
৬ অক্টোবৰ ২০১৫ – ১ নৱেম্বৰ ২০১৬
প্ৰধানমন্ত্ৰী হাইলিমাৰিয়াম ডিছালজেন
পূৰ্বসূৰী দিমুতো হামবিচিটু
তথ্য জাল আৰু আন্তঃজাল সুৰক্ষা প্ৰতিষ্ঠানৰ পৰিচালক
ভাৰপ্ৰাপ্ত
কাৰ্যকাল
২০০৮ – ২০১৫
পূৰ্বসূৰী টেকলিবাৰগান ৱল্ড ডিয়াৰগে
ব্যক্তিগত তথ্য
জন্ম ১৫ আগষ্ট, ১৯৭৬ (৪৭ বছৰ)
বিশাসা, জিমা অঞ্চল, ছ'চিয়েলিষ্ট ইথিঅ'পিয়া
ৰাজনৈতিক দল অৰুমু ডেম'ক্ৰেটিক পাৰ্টি
আন ৰাজনৈতিক
সম্পৰ্ক
ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট
দাম্পত্যসঙ্গী জিনাছ তায়াচিউ
সন্তান তিনিগৰাকী কন্যা আৰু এজন তুলনীয়া পুত্ৰ
শিক্ষা মাইক্ৰ'লিংক তথ্য প্ৰযুক্তি মহাবিদ্যালয় (বি.এ)
গ্ৰীনিছ বিশ্ববিদ্যালয় (এম.এ)
এশ্বলেণ্ড বিশ্ববিদ্যালয় (এম.বি.এ)
এডিছ আবাবা বিশ্ববিদ্যালয় (পিএইচডি)
পুৰস্কাৰ শান্তিৰ নোবেল বঁটা (২০১৯)
ৱেবছাইট চৰকাৰী ৱেবচাইট
সামৰিক সেৱা
আনুগত্য আবি আহমেদ আলি ইথিঅ'পিয়া
সেৱা/শাখা ইথিঅ'পিয়ান সেনা
চাকৰিৰ কাৰ্যকাল ১৯৯১-২০১০
ৰেঙ্ক আবি আহমেদ আলি লেফটেনেন্ট কৰ্ণেল
ইউনিট আৰ্মী চিগনেল কৰ্পছ
কামাণ্ড তথ্য জাল আৰু আন্তঃজাল সুৰক্ষা প্ৰতিষ্ঠান
যুদ্ধ ইথিঅ'পিয়াৰ গৃহযুদ্ধ
ৰাৱাণ্ডা গণহত্যাৰ পিছত ৰাৱাণ্ডা মিছনত যোগ
ইৰিথ্ৰীয়া-ইথিঅ'পিয়া যুদ্ধ

তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল। তদুপৰি তেওঁ ইথিঅ'পিয়াৰ সাংসদ আৰু অডিপি আৰু ইপিআৰডিএফ ৰ কাৰ্যবাহী কমিটিলৈ নিৰ্বাচিত হৈছিল।

সেনাৰ ইণ্টেলিজেন্টছৰ লগত জড়িত আবি আহমেদ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত ৰাজনীতি আৰু অৰ্থনৈতিক পুনৰগঠনত অহোপুৰুষাৰ্থ কৰিছিল। ২০১৯ চনত আবি আহমেদৰ প্ৰচেষ্টাৰ ফলতে ইৰিথ্ৰীয়াৰ সৈতে ইথিঅ'পিয়াৰ পুৰণি যুদ্ধৰ অৱসান ঘটিল। ১৯৯৮ চনত আৰম্ভ হোৱা সীমান্তৰ যুদ্ধত দুই দেশৰ প্ৰায় ৭০ হাজাৰ মানুহ নিহত হৈছিল। ২০০০ চনত সিহঁতৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হয় যদিও উত্তেজনা মুঠেও কমা নাছিল। শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা আৰু ইথিঅ'পিয়া আৰু ইৰিথ্ৰীয়াৰ দীৰ্ঘ ২০ বছৰৰ সমস্যাৰ নিবাৰণৰ বাবে তেওঁক ২০১৯ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

প্ৰাৰম্ভিক জীৱন

১৯৭৬ চনৰ ১৫ আগষ্ট তাৰিখে ইথিঅ'পিয়াৰ অৰোমিয়া অঞ্চলৰ ঐতিহাসিক কাফ্ফা প্ৰদেশৰ (বৰ্তমান জিমা অঞ্চল) বিশাসাত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আহমেদ আলি অৰুমু সম্প্ৰদায়ৰ মুছলমান লোক আছিল। তেওঁৰ চাৰিগৰাকী পত্নীৰ ভিতৰত আবিৰ মাক তিজিটা ৱল্ডে অৰ্থডক্স খ্ৰীষ্টান আমহাৰা সম্প্ৰদায়ৰ আছিল। আবি তেওঁৰ পিতৃৰ ১৩তম সন্তান আৰু মাতৃৰ ৬ষ্ঠ আৰু কণিষ্ঠ সন্তান। শৈশৱত তেওঁৰ নাম আবিয়ত অৰ্থাৎ "বিপ্লৱ" আছিল। তেওঁৰ নাম ১৯৭৪ চনত সংঘটিত ইথিঅ'পিয়াৰ ডাৰ্গ বিপ্লৱৰ পৰা লোৱা হৈছিল। আবিয়ে স্থানীয় প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক আৰু পিছলৈ আগাৰু নামৰ উপচহৰৰ এখন বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। সৰুৰে পৰা তেওঁ পঢ়াৰ প্ৰতি বেছ আগ্ৰহী আছিল।

শিক্ষা

তেওঁ ইথিঅ'পিয়ান ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীত কৰ্মৰত অৱস্থাত ২০০১ চনত ৰাজধানী এডিছ আবাবাৰ মাইক্ৰ'লিংক তথ্য প্ৰযুক্তি মহাবিদ্যালয়ত কম্পিউটাৰ অভিযান্ত্ৰিকতাৰ স্নাতক ডিগ্ৰী লাভ কৰে।

তাৰপিছত তেওঁ লণ্ডনৰ গ্ৰীনিছ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱৰ্তনশীল নেতৃত্ব বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তদুপৰি তেওঁ ২০১৩ চনত এডিছ আবাবাৰ এশ্বলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ লেডষ্টাৰ কলেজ অফ মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপৰ পৰা এমবিএ সম্পন্ন কৰে।

আবি ২০১৭ চনত এডিছ আবাবা বিশ্ববিদ্যালয়ৰ শান্তি আৰু সুৰক্ষা অধ্যয়নৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।

ব্যক্তিগত জীৱন

তেওঁ গোণ্ডাৰ "জিনাছ তায়াচিউ" নামৰ অামহাৰা মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ। তেওঁলোক দুয়ো ইথিঅ'পিয়াৰ সুৰক্ষা বাহিনীত কৰ্মৰত আছিল। তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তান আৰু বৰ্তমান এজন তুলনীয়া পুত্ৰ আছে। আবি আহমেদ এগৰাকী বহুভাষী। তেওঁ ইংৰাজী, আফান অৰুমু, আমহাৰিক আৰু টিগ্ৰীনিয়া ভাষা সলসলীয়াকৈ কব পাৰে। আবি যীশুৰ বাণী আৰু গছফেল বিশ্বাসী খ্ৰীষ্টান।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

আবি আহমেদ আলি প্ৰাৰম্ভিক জীৱনআবি আহমেদ আলি শিক্ষাআবি আহমেদ আলি ব্যক্তিগত জীৱনআবি আহমেদ আলি তথ্য উৎসআবি আহমেদ আলি বাহ্যিক সংযোগআবি আহমেদ আলি

🔥 Trending searches on Wiki অসমীয়া:

কথা-ভাগৱতশৰৎচন্দ্ৰ চট্টোপাধ্যায়আৱাহন (আলোচনী)বিশ্ব মেলেৰিয়া দিৱসঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাকাতি বিহুআয়তক্ষেত্ৰভূমি প্ৰদূষণঅসমীয়া ভাষাতুলাপাতপুঁজিবাদগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাহাড়নামদাঙৰ শিলৰ সাঁকোপালি ভাষাভাওনাবুলু ফিল্মলিংগ (জৈৱিক)জয়মতী কুঁৱৰীঁ (চন্দ্ৰবিন্দু)কামৰূপী উপভাষাদীৰ্ঘেশ্বৰী দেৱালয়দেউৰী জনগোষ্ঠীচকৰি ফেঁটী বুৰঞ্জীএলুমিনিয়ামপাইথেগাৰাছবৌদ্ধ ধৰ্মজোনবিল মেলাৰজনীকান্ত বৰদলৈৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)ডিমাছা জনগোষ্ঠীকলযৌন প্ৰৱেশক্ৰিয়াৰমন্যাসবাদআহোম-মোগলৰ সংঘৰ্ষমণিপুৰ সংঘৰ্ষ ২০২৩প্ৰজ্ঞাআত্মজীৱনীপূৰ্ণ স্বৰাজফৰাচী বিপ্লৱব্যক্তিত্বভূগোলকোণগণিতকালিদাসমৌৰ্য সাম্ৰাজ্যসংঘাতলাচিত বৰফুকনশামুকভাৰতীয় ৰেলৰাম গগৈশিশু সাহিত্যবতৰকৰতল কমল কমল দল নয়ননলবাৰী জিলাখগেন মহন্তজয় দৌলঅৰুণোদইৰতিএ পি জে আব্দুল কালামঅসম বিধানসভাকাঞ্চন (উপন্যাস)মৌখিক লোকসাহিত্যঅভিধানম'হৰ শিঙৰ পেঁপাজোৰোণব’হাগসদৌ অসম ছাত্ৰ সন্থাসন্ধিপলাশীৰ যুদ্ধসাহিত্যনীলমণি ফুকন (কনিষ্ঠ)কৰ্কট ক্ৰান্তিশোণিত কুঁৱৰীকুলি🡆 More