সুমেৰু

সুমেৰু বা উত্তৰ মেৰু (ইংৰাজী: North Pole) পৃথিৱীৰ সকলোতকৈ উত্তৰত অৱস্থিত বিন্দু (৯০° অক্ষাংশ)। ইয়াক ভৌগোলিক উত্তৰ মেৰু নামেৰেও জনা যায়। সুমেৰুৰ বিপৰীতে পৃথিৱীৰ দক্ষিণতম প্ৰান্ত কুমেৰু বা দক্ষিণ মেৰু অৱস্থিত। বৈজ্ঞানিক সংজ্ঞা অনুসৰি পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ যি বিন্দুত ইয়াৰ ঘূৰ্ণন অক্ষ পৃষ্ঠতলৰ সৈতে মিলিত হয় তাকে উত্তৰ মেৰু বোলা হয়।

সুমেৰু
সুমেৰু আৰু আশপাশে থকা দেশসমূহ

অন্যহাতে সুমেৰু অঞ্চল বা আৰ্কটিক (ইংৰাজী: Arctic) পৃথিৱীৰ উত্তৰৰ অঞ্চলটিৰ নাম। ই সুমেৰুৰ আশপাশে থকা অঞ্চলসমূহেৰে গঠিত। ইংৰাজী আৰ্কটিক নামটি আহিছে গ্ৰীক শব্দ arktos-ৰ পৰা যাৰ অৰ্থ "ভালুক"। আকাশৰ উত্তৰ-পূৰ্ব কোণত দেখা পোৱা এটি তাৰকামণ্ডলৰ আকৃতি ভালুকৰ দৰে হোৱা বাবে এই নাম দিয়া হয়। বহু সময়ত সুমেৰু অঞ্চলৰ সীমা হিচাপে সুমেৰু বৃত্তক নিৰ্ধাৰণ কৰা হয়, যি বিষুৱ ৰেখাৰ পৰা ৬৬ ডিগ্ৰী ৩০ মিনিট উত্তৰে কল্পিত এডাল গাণিতিক ৰেখা। এই ৰেখাৰ উত্তৰৰ সকলো স্থানত বছৰৰ অন্তত এটা এনে সময় আহে যেতিয়া ২৪ ঘণ্টাৰ ভিতৰত সূৰ্য এবাৰো অস্ত নাযায়, একেদৰে ২৪ ঘণ্টাৰ ভিতৰত সূৰ্য এবাৰো উদিত নহয়। অৱশ্যে ইয়াৰ কোনো ভৌগোলিক চিহ্ন নাই, অৰ্থাৎ এই ৰেখা অতিক্ৰম কৰাৰ সময়ত কোনো তাৎক্ষণিক ভৌগোলিক পৰিৱৰ্তন লক্ষ্য কৰা নহয়।

ভৌগোলিক অৱস্থান

কোনো সুস্পষ্ট বিভাজন চিহ্ন নাথাকিলেও সুমেৰু অঞ্চল আন্দাজ কৰাৰ এটা সহজ উপায় আছে। যদি অনিয়মিত আৰু বক্ৰ ৰেখা ডালৰ পৰা একেবাৰে উত্তৰত অৱস্থিত গাছবোৰক চিহ্নিত কৰিব পৰা যায় তাৰ পৰা উত্তৰৰ সমগ্ৰ অঞ্চলকেই সুমেৰু অঞ্চলৰ অন্তৰ্ভুক্ত কৰা যায়, কিয়নো সুমেৰু অঞ্চলৰ পৰিৱেশ কোনো বৃক্ষ ধাৰণ কৰিবলৈ সক্ষম নহয়। বৃক্ষৰেখাৰ উত্তৰে অৱস্থিত স্থান বোৰৰ মাজত আছে গ্ৰীণলেণ্ড; নৰৱেৰ Svalbard আৰু অন্যান্য মেৰুদ্বীপ; চাইবেৰীয়া, আলাস্কা আৰু কানাডা; লাব্ৰাডৰ উপকূল; আইচ লেণ্ডৰ উত্তৰাংশ আৰু ইউৰোপৰ আৰ্কটিক উপকূলৰ কিছু অংশ। উত্তৰ মেৰু তথা সুমেৰু কোনো ভূমি নহয়, বৰং বৰফাচ্ছাদিত সমুদ্ৰৰ ওপৰত অৱস্থিত, যাক আৰ্কটিক মহাসাগৰ বা উত্তৰ মহাসাগৰ বোলা হয়। বছৰৰ অধিকাংশ সময় এই মহাসাগৰৰ অংশবিশেষ সামুদ্ৰিক বৰফে ঢাকা খাই থাকে। এই বৰফৰ আৱৰণ গলা আৰু পুনৰ গোট মৰাৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰ মহাসাগৰৰ পৃষ্ঠীয় উষ্ণতা (surface temperature) আৰু লুণীয়া গুণ (লৱণত্ব) (salinity) ৰ ঋতু অনুযায়ী তাৰতম্য ঘটে। ৰাজনৈতিক ও সামাজিকভাবে আঠটা সুমেৰু আঞ্চলিক ৰাষ্ট্ৰ (কানাডা, ৰাছিয়া, ডেনমাৰ্ক, নৰৱে, আমেৰিকা যুক্তৰাষ্ট্ৰ, চুইডেন, ফিনলেণ্ড আৰু আইচলেণ্ড) এই উত্তৰৰ স্থানসমূহকেই সুমেৰু অঞ্চলৰ ভিতৰত ধৰা হয়, যদিও বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ইয়াৰে বহু অংশই সুমেৰু বৃত্তৰ দক্ষিণে।

পৰিৱেশ আৰু বতৰ

সুমেৰু অঞ্চলত সাধাৰণত শীত আৰু গ্ৰীষ্মকালৰ তাপমাত্ৰা আৰু পৰিৱেশৰ মাজত এক বিশাল পাৰ্থক্য দেখা যায়। অঞ্চলটিৰ উত্তৰাংশ গোটেই বছৰ বৰফাচ্ছাদিত থাকে, আৰু দক্ষিণাংশত ঘাঁহ,বা গুল্মজাতীয় গছ দেখা যায়। গ্ৰীষ্মকাল সংক্ষিপ্ত হ'লেও তেতিয়া সূৰ্যই দীৰ্ঘসময়লৈ পোহৰ আৰু তাপ দিব পাৰে।

তথ্যসূত্ৰ

0°W / 90°N 0°W / 90; -0

Tags:

ইংৰাজী ভাষাকুমেৰু

🔥 Trending searches on Wiki অসমীয়া:

চলচ্চিত্ৰভাতফুলগুৰি ধেৱাজন গণ মনঁ (চন্দ্ৰবিন্দু)সাঁচিপাতপৰ্যটনমৃদুলা বৰুৱাঅসমৰ শাক-পাচলিৰ তালিকাচ'জুনতগৰবৈচাগুহেমচন্দ্ৰ বৰুৱাখ্ৰীষ্টান ধৰ্মবৰপেটালীলা গগৈদীপলিনা ডেকাউভচৰ প্ৰাণীৰাজহুৱা ক্ষেত্ৰঅসমীয়া লোক-সংস্কৃতিত পূজা-পাতলঅলিম্পিকআমৰলি টোপজোনবিৰি (অলংকাৰ)সমাজৰাতি বিহু২০২২ ফিফা বিশ্বকাপযোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাৰাসোৎসৱকৈৱৰ্ত জনগোষ্ঠীঢ়কামাখ্যা দেৱীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাযৌন সংগমগুপ্ত সাম্ৰাজ্যশিশু সাহিত্যভাৰতৰ শিক্ষাঅসমত হাতী চিকাৰ আৰু হাতী পোহ মনোৱাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলশ্ৰীমন্ত শংকৰদেৱভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যফেইচবুকমেকুৰীৰামমোহন ৰায়ডাকৰ বচনএৰিষ্ট'টলপৰ্যাবৃত্ত তালিকাসত্ৰীয়া নৃত্যবাইখো পূজাগণৰাজ্য দিৱস (ভাৰত)লিমাৰিক (কবিতা)ভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনঅতুল চন্দ্ৰ হাজৰিকাবৌদ্ধ ধৰ্মচিংফৌ জনগোষ্ঠীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমানৱ শৰীৰথমাছ আলভা এডিচনবিল গেট্‌ছঅভিধানকাৰেংঘৰশিৱসাগৰ জিলাবেদঅসম আন্দোলনমুহাম্মাদভাৰতৰ নিৰ্বাচন আয়োগউইলিয়াম শ্বেইকছপীয়েৰৱিকিমিডিয়া ফাউণ্ডেশ্যনভাৰতৰ শাস্ত্ৰীয় নৃত্যশোণিতপুৰ জিলাবিজ্ঞাপনলাচিত বৰফুকনজল সংৰক্ষণৰামকৃষ্ণ পৰমহংস🡆 More