ম'ল

ম'ল (ইংৰাজী: mole) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত (SI) কোনো বস্তুত থকা পদাৰ্থৰ পৰিমানৰ আধাৰ একক। সংজ্ঞামতে, যিমান পৰিমানৰ ৰাসায়নিক পদাৰ্থত, ১২ মান আনৱিক ভৰ বিশিষ্ট ১২ গ্ৰাম কাৰ্বন-১২ত (১২C, কাৰ্বনৰ আইছ'টপ) থকা প্ৰাথমিক কণিকা, যেনে, পৰমাণু, অণু, আয়ন, ইলেক্ট্ৰ'ন, অথবা ফ'টনৰ সম সংখ্যক কণিকা থাকে, সেই পৰিমানকে এক ম'ল বোলা হয়। এই সংখ্যাটোক এভ'গেড্ৰ' ধ্ৰুৱক হিচাপে প্ৰকাশ কৰা হয়, ইয়াৰ মান প্ৰায় mol−১, ই ৬০২ হাজাৰ নিযুত নিযুত নিযুততকৈ অলপ বেছি। ম'লৰ আন্তৰ্জাতিক একক চিহ্ন হৈছে mol।

ম'ল
একক পদ্ধতি এছ. আই. আধাৰ একক
কিহৰ একক পদাৰ্থৰ পৰিমান
সংকেত mol 

ৰসায়ন বিজ্ঞানত ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু উৎপাদকৰ পৰিমান প্ৰকাশ কৰিবলৈ ম'লৰ বহুল ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, 2 H2 + O2 → 2 H2O, এই বিক্ৰিয়াত ২ ম'ল ডাইহাইড্ৰ'জেন (H2) আৰু ১ ম'ল ডায়'ক্সিজেন (O2)ৰ বিক্ৰিয়াৰ ফলত ২ ম'ল পানী (H2O)ৰ উৎপাদন হৈছে। কোনো পদাৰ্থৰ নমুনাত থকা পৰমাণু, আয়ন নাইবা অন্য প্ৰাথমিক কণিকাৰ সংখ্যা বুজাবলৈও ম'ল ব্যৱহাৰ কৰা হয়। সাধাৰণতে কোনো দ্ৰৱৰ ঘনত্ব তাৰ ম'লাৰিটিৰ দ্বাৰা প্ৰকাশ কৰা হয়। ম'লাৰিটি হৈছে প্ৰতি লিটাৰ দ্ৰৱত দ্ৰৱিভূত হোৱা দ্ৰাব্যৰ ম'লৰ সংখ্যা।

প্ৰতি ম'ল পদাৰ্থত থকা অনুৰ সংখ্যাক এভ'গেড্ৰ' ধ্ৰুৱক বোলে, আৰু ইয়াক এনেদৰে সংজ্ঞাবদ্ধ কৰা হয় যে গ্ৰামত প্ৰকাশ কৰা কোনো পদাৰ্থৰ এক ম'ল, পদাৰ্থটোৰ মান তুলনামূলক আনৱিক ভৰৰ সৈতে সমান। উদাহৰণ স্বৰূপে, প্ৰাকৃতিক পানীৰ মান তুলনামূলক আনৱিক ভৰ হৈছে প্ৰায় ১৮.০১৫, সেই হিচাপে এক ম'ল পানীৰ ভৰ হ'ব প্ৰায় ১৮.০১৫ গ্ৰাম।

এই ধাৰণাৰ ভিত্তিতেই পূৰ্ৱতে গ্ৰাম-অণু পদাংশ ব্যৱহাৰ কৰা হৈছিল। সেইদৰে গ্ৰাম-পৰমাণু পদাংশও ব্যৱহাৰ কৰা হয়। গ্ৰাম-পৰামাণু হৈছে সেই পৰিমানৰ পদাৰ্থ, যি পৰিমানত এভ'গেড্ৰ' সংখ্যাৰ সমান পৰমাণু একক অথবা যুগ্মভাৱে থাকে। উদাহৰণ স্বৰূপে ১ ম'ল MgBr2ৰ ভৰ ১ গ্ৰাম-অণু MgBr2 কিন্তু ৩ গ্ৰাম-পৰমাণু MgBr2

এককৰ সন্মানাৰ্থে কিছুসংখ্যক ৰসায়নবিদে ২৩ অক্টোবৰৰ দিনটো ম'ল দিৱস হিচাপে উদ্‌যাপন কৰে, আনহাতে অন্য কিছুসংখ্যকে ৬ ফেব্ৰুৱাৰী আৰু ২ জুনত পালন কৰে।

তথ্য সংগ্ৰহ

Tags:

অণুআন্তৰ্জাতিক একক পদ্ধতিইংৰাজী ভাষাইলেক্ট্ৰ'নকাৰ্বনকাৰ্বন-১২পৰমাণু

🔥 Trending searches on Wiki অসমীয়া:

কমলাবাৰী সত্ৰযুক্তিঅখণ্ড সংখ্যাসোণোৱাল কছাৰীক্ষনাৰীসুঁৱৰিমুখমৈথুনঅসম সাহিত্য সভাসাঁথৰকাৰেংঘৰবৃশ্চিক (ৰাশি)শ্ৰী শ্ৰী বটদ্ৰৱা থানদিনপঞ্জীস্বাধীনতা দিৱস (ভাৰত)অসমীয়া জাতিগোৱালপৰীয়া লোকগীতচৰাইতেজলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনপৃথিৱীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনানাস্তিকতাসৰস্বতী পূজানীল প্ৰজাপতিব্ৰজাৱলী ভাষাকানাই বৰশী বোৱা শিলালিপিকামাখ্যা মন্দিৰজোনবিৰি (অলংকাৰ)মল্লিকা ফুলজল প্ৰদূষণমাধৱদেৱঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাতোলনি বিয়াজল সংৰক্ষণভাৰতীয় নাগৰিকত্ব আইনকঠনা ফুলসংগীতৰাতি বিহুলক্ষ্মীধৰ শৰ্মাশিক্ষামিচিং জনগোষ্ঠীৰ সাজপাৰগুৱাহাটী (লোকসভা সমষ্টি)কলিকতাবিহুৰ খাদ্যপূবেৰুণ (চলচ্চিত্ৰ)ইনষ্টাগ্ৰামচিত্ৰাঙ্কনকনকলতা বৰুৱাযোৰহাট জিলাঅশোকাষ্টমীঅসমীয়া ভাষাৰ শব্দসম্ভাৰআজান পীৰগঙ্গা নদীআৰ্যভট্টবিজ্ঞানউমানন্দনৰেন্দ্ৰ মোদীচন্দ্ৰযান-৩ৰঘুনাথ চৌধাৰীশ্ৰী সূৰ্য পাহাৰউগ্ৰতাৰা দেৱালয়লখিমপুৰ (লোকসভা সমষ্টি)বগীবিল দলংসাহিত্যইয়াত এখন অৰণ্য আছিলৰেখাচ্যু-পাত-ফাঅসমত দেখা পোৱা সাপবোৰকৃষ্ণচূড়ামূলা গাভৰুশিৱসাগৰতাৰক চন্দ্ৰ গোস্বামী🡆 More