ড'ৰেমন: এনিমেটেড ছিৰীজ

ড'ৰেমন (জাপানী: ドラえもん, ইংৰাজী: Doraemon) হৈছে ফুজিক' এফ ফুজিঅ'ৰ দ্বাৰা লিখিত আৰু সচিত্ৰ এক মাংগা ছিৰীজ। পিছত ইয়াক এনিমেছন ধাৰাবাহিকলৈ ৰূপান্তৰ কৰা হ'ল। এইটো ড'ৰেমন নামৰ ৰ'ব'টিক মেকুৰী এটাৰ কাহিনী যি ন'বিতা ন'বী নামৰ স্কুলীয়া ল'ৰা এজনৰ সহায় কৰিবলৈ ২২ শতিকাৰ পৰা ২১ শতিকালৈ সময় যাত্ৰা কৰি আহে।

প্লট

ড'ৰেমন ২২শ শতাব্দীৰ কাণ নথকা মেকুৰী ৰ'ব'ট। ন'বিটা ন'বিক সহায় কৰাৰ বাবে ড'ৰেমনক ভৱিষ্যতৰ পৰা পঠিওৱা হয়। ড'ৰেমন ন'বিটাৰ পৰিয়ালৰ অংশ। ন'বিটাৰ পৰিয়াল জাপানৰ ৰাজধানী টকিঅ'ত বসবাস কৰে। ন'বিটা এলেহুৱা ল'ৰা আৰু সি পঢ়া-শুনা আৰু খেলাধূলাত বৰ দুৰ্বল কিন্তু বৰ সহজ-সৰল। সি আনক সহায় কৰি ভাল পায়। সেয়ে তাৰ বান্ধৱী “শ্বিজুকা মিনাম'ট'”ই তাক পছন্দ কৰে। ন'বিটাও পছন্দ কৰে। শ্বিজুকা ন'বিটাৰ লগত একে শ্ৰেণীত পঢ়ে। শ্বিজুকা ভদ্ৰ ছোৱালী। ভৱিষ্যতে ন'বিটাৰ লগত “জিয়ান”ৰ সৰু ভনী “জাইক'”ৰ বিয়া হোৱাৰ কথা থাকিলেও ড'ৰেমনে ন'বিটাৰ ভৱিষ্যৎ সলনি কৰি দিয়ে। সেয়ে ভৱিষ্যতে ন'বিটাৰ লগত শ্বিজুকাৰ বিয়া হয়। গৌডা টাকেশ্বি (জিয়ান) ন'বিটাৰ সহপাঠী। জিয়ান খুবই খঙাল আৰু শক্তিশালী। জিয়ানে বেছিভাগ সময় ন'বিটাৰ লগত যুঁজি ভাল পায়। কিন্তু কেতিয়াবা কেতিয়াবা সি ন'বিটাক বিপদৰ পৰা ৰক্ষাও কৰে। জিয়ান গান গাবলৈ ভাল পায় কিন্তু তাৰ সুৰ বৰ বেয়া। জিয়ানে তাৰ সৰু ভনীক বহুত মৰম কৰে সেয়ে সি তাৰ ভনীক আনন্দিত কৰাৰ বাবে সকলো কৰে। “ছুনিঅ' হুনেকাৱা” বহুত ধনী পৰিয়ালৰ ল'ৰা হোৱাৰ বাবে সি খুবেই অহংকাৰ বোধ কৰে। সি বেছিভাগ সময় জিয়ানক ভালৰি লগাই জিয়ানৰ প্ৰশংসা কৰে। ছুনিঅ'ই ন'বিটাক জোকাই ফুৰে আৰু জিয়ানৰ লগত মিলি ন'বিটাৰ লগত যুঁজি থাকে।

প্ৰধান চৰিত্ৰসমূহ

ড'ৰেমনৰ চৰিত্ৰসমূহৰ তালিকা

  • ড'ৰেমন: এটা নীলা ৰঙৰ কাণ নথকা মেকুৰী ৰ'ব'ট। আৰম্ভণিত ইয়াৰ ৰং হালধীয়া আছিল কিন্তু ইয়াৰ কাণ দুখন নিগনিয়ে কুটি পেলায় আৰু ইয়াৰ ফলত তাৰ ৰং সলনি হৈ নীলা হৈ যায়। আৰু এই কাৰণেই ই নিগনি দেখি ভয় কৰে। ই ড'ৰা ইয়াকি বা ড'ৰা কেক খায় ভাল পায়। ইয়াৰ পেটত এটা 4D পকেট লাগি থাকে য'ত বেম্বু ক'প্টাৰ, এনীহুৱেৰ ড'ৰ, স্মল লাইটৰ দৰে বহুতো সা-সঁজুলি আছে।
  • ন'বটা ন'বি: এজন স্কুলীয়া ল'ৰা। ই বৰ এলেহুৱা আৰু শুই ভাল পায়। ই পঢ়া-শুনা আৰু খেলাধূলাত বৰ দুৰ্বল সেয়েহে ইয়াক প্ৰায়েই ইয়াৰ বন্ধুসকলে জোকায়। কিন্তু ই বৰ সহজ-সৰল ল'ৰা আৰু আনক সদায় সহায় কৰে।
  • শ্বিজুকা মিনাম'ট': ন'বিটাৰ এজনী ভাল বন্ধু। এইৰ স্বভাৱ আৰু আচৰণ বৰ ভাল। ন'বিটাই এইক পছন্দ কৰে আৰু ভৱিষ্যতে দুয়োৰে বিয়া হয়।
  • টাকেশ্বি "জিয়ান" গৌডা: ন'বিটাৰ এজন বন্ধু। ইয়াৰ পৰিয়ালৰ এখন গেলামালৰ দোকান আছে। ই শক্তিশালী হোৱাৰ বাবেই ন'বিটাৰ লগতে আন লগৰ সমনীয়াক দম দেখুৱাই খেলনা আৰু কমিক বুক কাঢ়ি লয়। ই গান গায় বৰ ভাল পায় কিন্তু ইয়াৰ সুৰ বৰ বেয়া। মাজে মাজে ই ইয়াৰ সকলো বন্ধুক মাতি আনি গান শুনায়। ইয়াৰ গান কোনেও ভাল নাপায় যদিও ভয়তে শুনে।
  • ছুনিঅ' হুনেকাৱা: ন'বিটাৰ আন এজন বন্ধু। ই ধনী ঘৰৰ ল'ৰা হোৱাৰ বাবে বৰ অহংকাৰী। ই আনক নিজৰ দামী বস্তু দেখুৱাই ফুৰে। ই বৰ চতুৰ আৰু স্বাৰ্থপৰ। ই আৰু জিয়ানে মিলি ন'বটাক বৰ আমনি কৰে।

নামৰ উৎপত্তি

অসমীয়াত “ড'ৰেমন” বানানটো জাপানী বানান “ড'ৰাএমন” (ドラえもん)-ৰ ইংৰাজী উচ্চাৰণৰ প্ৰতিলেপন। সেয়ে অসমীয়াত আচল বানান “ড'ৰাএমন” নিলিখি “ড'ৰেমন” লিখা হয়।

“ড'ৰা” শব্দটি লোৱা হৈছে “ড'ৰা নেক'‌” (জাপানী: どら猫)-ৰ পৰা। “নেক'” শব্দৰ অৰ্থ মেকুৰী। “এমন” (衛門、右衛門) হৈছে “গোইমন”ৰ নিচিনা পুৰুষ প্ৰদত্ত নামৰ এটি প্ৰাচীন উপাদান। জাপানীত (ドラえもん) নামটি কাতাকানা (ドラ) আৰু হিৰাগানা (えもん)-ৰ শৈল্পিক মিশ্ৰণ।

হিন্দী সংস্কৰণ

২০০৫ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে হাংগামা টিভিত ড'ৰেমনৰ ভাৰতীয় সংস্কৰণ হিন্দী ভাষাত প্ৰথম সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত হাংগামাৰ ভগ্নী চেনেল ডিজনী চেনেল ইণ্ডিয়াত সম্প্ৰচাৰ আৰম্ভ কৰা হয়। ডিজনি চেনেলত ২০১০ চনৰ ১৯ নৱেম্বৰৰ পৰা সম্প্ৰচাৰ আৰম্ভ কৰা হয়। সেই পৰ্ববিলাক আছিল পুৰণি। যিবোৰ আগতে হাংগামা টিভিত সম্প্ৰচাৰ কৰা হৈছিল। ২০১৮ চনৰ এপ্ৰিলৰ পৰা হাংগামা টিভিত ড'ৰেমনৰ সম্প্ৰচাৰ বন্ধ কৰা হ'ল। বৰ্তমান অকল ডিজনি চেনেল ইণ্ডিয়াত ড'ৰেমনৰ ১৯৭৯ আৰু ২০০৫ চনৰ এনিমে সম্প্ৰচাৰ কৰা হয়। যদিও দুয়োটা চেনেলতেই ড'ৰেমনৰ চলচ্চিত্ৰসমূহ সম্প্ৰচাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ড'ৰেমন প্লটড'ৰেমন প্ৰধান চৰিত্ৰসমূহড'ৰেমন নামৰ উৎপত্তিড'ৰেমন হিন্দী সংস্কৰণড'ৰেমন তথ্য সংগ্ৰহড'ৰেমনইংৰাজী ভাষাএনিমেছনজাপানী ভাষামেকুৰী

🔥 Trending searches on Wiki অসমীয়া:

গৌতম বুদ্ধশিক্ষাবিৰিঞ্চি কুমাৰ বৰুৱাহনুমানঅসমীয়া পুৰণি সাহিত্যগুৰু আসনস্বৰাজশৰাইঘাট অভিধানসতী সাধনীপাটকাইৰ ইপাৰে মোৰ দেশবিজ্ঞাপনবড়ো চুক্তি ২০২০হীৰেন গোহাঁইমৌখিক পৰম্পৰাঋকবেদহিমা দাসবায়ু প্ৰদূষণআনন্দৰাম বৰুৱাব্লগলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভঠেলিছক্ৰেটিছযৌন সংগমপ্ৰাকৃতিক পৰিৱেশমণিকৰ্ণেশ্বৰ দেৱালয়ইংৰাজী ভাষানীলমণি ফুকন (কনিষ্ঠ)সংগীতনাগৰিকত্বপুৰুষোত্তম দাসমঘাই ওজাডিমাছা জনগোষ্ঠীমুদ্ৰাস্ফীতিগায়ত্ৰীভাৰতৰ ৰাষ্ট্ৰপতিকদমভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচেৰা-বিহুঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসমীয়া খাদ্যাভ্যাসভাৰতীয় চলচ্চিত্ৰঅসমীয়া ভাষাভূগোলভাষাবিজ্ঞানভক্তি প্ৰদীপচন্দ্ৰকান্ত অভিধানশিৱসাগৰসৌৰভ কুমাৰ চলিহাবিহুৰ সাজ-পোচাক আৰু অলংকাৰবিশ্ব বাণিজ্য সংস্থাআহোম জনগোষ্ঠীগোলকীয় উষ্ণতা বৃদ্ধিচৈয়দ আব্দুল মালিকভাৰতৰ সংৰক্ষণ ব্যৱস্থানন্-বাইনেৰীব্ৰহ্মপুত্ৰ উপত্যকাবাল্য বিবাহনলবাৰী নগৰমিচিং জনগোষ্ঠীৰ সাজপাৰসৌৰজগতঅসমীয়া কবিতাঅসমৰ পৰম্পৰাগত সাজ-পাৰলোকসভাৰ অধ্যক্ষখোলবড়ো ভাষামৌখিক লোকসাহিত্য২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনমোহনদাস কৰমচান্দ গান্ধীচৰাইদেউ জিলাপাঠ পৰিকল্পনাযতীন্দ্ৰ নাথ দুৱৰাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাএহাত ডাবামহাভাৰত🡆 More