একাদশ বৰ্ষ| জুলাই | ২০২২ | সপ্তম (অসমীয়া ৱিকিপিডিয়াৰ বিংশ বৰ্ষপূৰ্ত্তি বিশেষ) সংখ্যা
ৱিকিপিডিয়ানৰ মনৰ কথা
(পৰিচয় পৰ্বৰ আলোচনা)
স্কেনাৰ প্ৰকল্প: অসমীয়া পুৰণি-ন, আপুৰুগীয়া গ্ৰন্থসমূহ স্কেনিং কৰিবলৈ অসমীয়া ভাষাৰ ৱিকিউৎসক এটা উচ্চ-পৰ্যায়ৰ স্কেনাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। কৰ্মশালাৰ সমল ব্যক্তি জয়ন্ত নাথৰ মতে, এই প্ৰকল্পৰ বাবে কমেও ৪০-৫০খন কিতাপ যোগাৰ কৰি ল'ব পাৰিলে আমি স্কেনাৰ এটাৰ বাবে সমূহীয়াকৈ আবেদন জনাব পাৰোঁ। এইধৰণৰ কামৰ বাবে অসমীয়া ভাষাৰ ৱিকিউৎসৰ এজন সদস্য বা স্বেচ্ছাসেৱকে দায়িত্ব ল'লে তেওঁক চিআইএছ-এটুকেৰ ফালৰ পৰা উপযুক্ত পাৰিশ্ৰমিক দিয়াটো নীতিগত কথা বুলি জয়ন্ত নাথে দোহাৰে। স্কেনাৰটো প্ৰয়োজনবিশেষে অসমৰ এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা যাব আৰু অসমীয়া ৱিকিউৎসৰ অভ্যন্তৰীণ বিচাৰ-বিবেচনামতে ইয়াৰ ব্যৱহাৰ হ'ব। এনেধৰণৰ প্ৰকল্প অন্যান্য ভাষাৰ ৱিকিউৎসত ইতিমধ্যেই আৰম্ভ হৈছে।
GLAM প্ৰকল্প: GLAM ৰ অৰ্থ হৈছে Galleries, Library, Archive and Museums)। একোটা বিশেষ অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সমল বা সংগ্ৰহিত তথ্যসমূহ বিভিন্ন কৌশলেৰে ৱিকিপিডিয়া বা ৱিকিউৎসত সংৰক্ষণ কৰাৰ এক বিশেষ প্ৰকল্প। উদাহৰণস্বৰূপে, আমি অসমৰ সংগ্ৰহালয় বা ঐতিহ্যমণ্ডিত ঠাইৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকৰ দ্বাৰা সংৰক্ষিত সমলসমূহৰ ছবি তুলি ৱিকিপিডিয়াৰ প্ৰকল্পত সংৰক্ষণ কৰিব পাৰোঁ। প্ৰকল্পটো Photo documentationৰ লেখীয়া। ইয়াৰ বাবে প্ৰয়োজনীয় কেমেৰাকে আদি কৰি সঁজুলি চিআইএছ-এ২কেয়ে যোগান ধৰিব।
গ্ৰন্থ সংগ্ৰহ: পুৰণি গ্ৰন্থৰ বাবে আমি অসমৰ প্ৰধান বিশ্ববিদ্যালয়সমূহৰ পুথিভঁৰালৰ লগত বুজাবুজিৰ চুক্তি বা যিকোনো উপযুক্ত উপায়েৰে যোগাযোগ কৰিব পাৰোঁ আৰু তেওঁলোকৰ দ্বাৰা সংগ্ৰহিত কিতাপ ৱিকিউৎসৰ বাবে আগবঢ়াবলৈ অনুৰোধ কৰিব পাৰোঁ। আমি কথা পাতিব পাৰোঁ ব্যক্তিগতভাৱে গ্ৰন্থ-সংগ্ৰহ কৰি ৰখা ব্যক্তিৰ লগত। নতুবা বিশ্ববিদ্যালয়ৰ লগত অসমীয়া ৱিকিউৎস মধ্যস্থতাকাৰী হিচাপে জড়িত হৈ চিআইএছ-এটুকেৰ লগত এইবিষয়ত পোনপটীয়াকৈ কথা পাতিব পাৰি।
ইয়াৰ উপৰি অটিআৰএছ, কপিৰাইট, কথাছবিৰ কপিৰাইট আৰু ৱিকিউৎসত কথাছবিৰ ট্ৰেন্সক্লুছন, ৱিকিপিডিয়াত নিৰপেক্ষতা, সম্পাদনা নীতি, সামাজিক মাধ্যমত ৱিকিপিডিয়াৰ সক্ৰিয়তা আদি বিষয়সমূহত থূলমূলকৈ আলোকপাত কৰা হয়।
ৱিকিউৎসৰ ভৱিষ্যত পন্থা কি কি হ'ব সেই সম্পৰ্কে পুনৰ আলোচনা কৰা হয়। সৰ্বাধিক দৰ্শন প্ৰাপ্ত কিতাপসমূহৰ মুদ্ৰণ সংশোধন শুদ্ধকৈ কৰি পৃষ্ঠা তালিকা আৰু উপপৃষ্ঠা সংযোগ কৰি সম্পূৰ্ণ কৰাৰ প্ৰথম লক্ষ্য লোৱা হয়।
অতিৰিক্তভাৱে দ্বিতীয় দিনাৰ চাহবিৰতিৰ সময়তে ৱিকিমিডিয়াৰ সক্ৰিয় সদস্য প্ৰণামিকা অধিকাৰীৰ জন্মদিন উপলক্ষে ৱিকিমিডিয়ান সকলে কেক কাটি আনন্দ-স্ফূৰ্তি কৰে। সদস্য সকলৰ মাজত মিলাপ্ৰীতিৰ বান্ধোন দৃঢ় কৰাৰ লগতে এই কৰ্মশালাখনে অসমীয়া ৱিকিউৎস প্ৰকল্পটোৰ গতিময়তাক এক অনন্য মাত্ৰা প্ৰদান কৰিব পাৰিব বুলি আশা কৰিব পাৰি।
ভাল প্ৰবন্ধ
যশৱন্ত সিনহা এজন ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ। প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ অধীনত ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা ২০০২ চনৰ জুলাই মাহলৈকে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অধীনত তেওঁ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ জুলাই মাহৰ পৰা ২০০৪ চনৰ মে' মাহলৈকে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ২১ এপ্ৰিলত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা আছিল।
This article uses material from the Wikipedia অসমীয়া article জুলাই-২০২২, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses. ®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.