ৰাষ্ট্ৰসংঘ: আন্তঃৰাষ্ট্ৰীয় সংগঠন

ৰাষ্ট্ৰসংঘ (ইংৰাজী: United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘ (League of Nations)-ৰ স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে।

ৰাষ্ট্ৰসংঘ
ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ
ৰাষ্ট্ৰসংঘ-ৰ অৱস্থান
ৰাষ্ট্ৰসংঘ-ৰ অৱস্থান
ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক মানচিত্ৰ খনত সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে
মুখ্য কাৰ্যালয়নিউয়ৰ্ক মহানগৰ (আন্তঃৰাষ্ট্ৰীয় অঞ্চল)
আধিকাৰীক ভাষা
ধৰণ আন্তঃচৰকাৰী সংস্থা
সদস্যপদ ১৯৩খন সদস্য ৰাষ্ট্ৰ
২খন পৰ্যবেক্ষক ৰাষ্ট্ৰ
ৰাষ্ট্ৰনেতা (বৃন্দ)
 -  সচিবপ্ৰধান এণ্টনিও গুটেৰেছ
 -  উপ-সচিবপ্ৰধান আমীনা মহম্মদ
 -  সাধাৰণ সভাৰ সভাপতি মাৰিয়া ফাৰ্ণাণ্ডা এচপিন'চা
 -  অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সভাপতি মাৰিয়া চাটৰড'ভা
 -  সুৰক্ষা পৰিষদৰ সভাপতি কাকৌ হৌৱাডজা লেঅন এডম
প্ৰতিষ্ঠাকাল
 -  ৰাষ্ট্ৰসংঘৰ চুক্তিপত্ৰ স্বাক্ষৰ হয় ২৬ জুন ১৯৪৫ (৭৮ বছৰ আগত) (1945-06-26) 
 -  চুক্তিপত্ৰ কাৰ্যকৰী হয় ২৪ অক্টোবৰ ১৯৪৫ (৭৮ বছৰ আগত) (1945-10-24) 
ৱেবচাইট
www.un.org
www.un.int

ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংগ হৈছে সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু ন্যাসৰক্ষী পৰিষদ (বৰ্তমান নিষ্ক্ৰিয়)। ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), ইউনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। পৰ্তুগালৰ এণ্টনিও গুটেৰছ এই পদত ২০১৭ৰ পৰা আছে।

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক মহানগৰত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহায্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয়– আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনিছ।

স্থাপন

ৰাষ্ট্ৰসংঘ গঠনৰ পূৰ্বে দেশসমূহৰ মাজৰ সংঘাত মিলামিচা কৰিবৰ বাবে ৰেডক্ৰচ, হেগ মহাসভা আদি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠন কৰা হয়। প্ৰথম বিশ্বযুদ্ধৰ পিচতে পেৰিচত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ অৰ্থে জাতিসংঘ (League of Nations)-ৰ গঠন হয়। পিছে জাতিসংঘত উপনিৱেশসমূহত বাস কৰা জনগণৰ কোনো প্ৰতিনিধিত্ব নাছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, জাপান, জাৰ্মানীৰ দৰে বৃহৎ শক্তিয়ে যোগদান কৰা নাছিল। জাপানৰ চীন আক্ৰমণ ১৯৩৭, ইটালীৰ ইথিওপিয়া আক্ৰমণ ১৯৩৫ আৰু হিটলাৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ৰোধ কৰাত জাতিসংঘ ব্যৰ্থ হয়।

দ্বিতীয় বিশ্বযুদ্ধত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ বিভীষিকাই সকলোকে সচকিত কৰে। সেয়ে ১৯৪৫ চনত আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতি আৰু সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ আদি সমস্যা সমাধানত সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘ গঠন হয়। ১৯৪৫ চনৰ ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে সুৰক্ষা পৰিষদৰ পাঁচখন স্থায়ী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, যুক্তৰাজ্য, ফ্ৰান্স আৰু চীনৰ লগতে প্ৰায় ৫০খন ৰাষ্ট্ৰৰ স্বাক্ষৰেৰে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয়।

সংগঠন

ৰাষ্ট্ৰসংঘৰ প্ৰধান ৬টা অংগ হৈছে: সাধাৰণ পৰিষদ (UN General Assembly), নিৰাপত্তা পৰিষদ (UN Security Council), অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (UN Economic and Social Council), সচিবালয় (UN Secretariat), আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় (International Court of Justice) আৰু ন্যাসৰক্ষী পৰিষদ (UN Trusteeship Council, বৰ্তমান নিষ্ক্ৰিয়)।

সচিবপ্ৰধান

ৰাষ্ট্ৰসংঘৰ মূল পদবী হ'ল সচিবপ্ৰধান। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান হৈছে পৰ্তুগালৰ এণ্টনিও গুটেৰছ। বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ পদবীত অধিষ্ঠিত লোকসকল হৈছে:

নং নাম দেশ কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ সমাপ্ত
ট্ৰিগৱা লী ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  নৰৱে ২ ফেব্ৰুৱাৰী ১৯৪৬ (1946-02-02) ১০ নৱেম্বৰ ১৯৬২ (1962-11-10)
ডগ হেমাৰহোল্ড ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ছুইডেন ১০ এপ্ৰিল ১৯৫৩ (1953-04-10) ১৮ ছেপ্টেম্বৰ ১৯৬১ (1961-09-18)
ইউ থাণ্ট ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  বাৰ্মা ৩০ নৱেম্বৰ ১৯৬১ (1961-11-30) ৩১ ডিচেম্বৰ ১৯৭১ (1971-12-31)
কাৰ্ট ৱাল্ডহেইম ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  অষ্ট্ৰিয়া ১ জানুৱাৰী ১৯৭২ (1972-01-01) ৩১ ডিচেম্বৰ ১৯৮১ (1981-12-31)
হাভিয়েৰ পেৰেজ দে কুইয়াৰ ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  পেৰু ১ জানুৱাৰী ১৯৮২ (1982-01-01) ৩১ ডিচেম্বৰ ১৯৯১ (1991-12-31)
বুত্ৰোচ বুত্ৰোচ-ঘালি ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ইজিপ্ত ১ জানুৱাৰী ১৯৯২ (1992-01-01) ৩১ ডিচেম্বৰ ১৯৯৬ (1996-12-31)
কফি আন্নান ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ঘানা ১ জানুৱাৰী ১৯৯৭ (1997-01-01) ৩১ ডিচেম্বৰ ২০০৬ (2006-12-31)
বান কি মুন ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  দক্ষিণ কোৰিয়া ১ জানুৱাৰী ২০০৭ (2007-01-01) ৩১ ডিচেম্বৰ ২০১৬ (2016-12-31)
এণ্টনিও গুটেৰেছ ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  পৰ্তুগাল ১ জানুৱাৰী ২০১৭ (2017-01-01) বৰ্তমানলৈ

বিশেষ অভিকৰণসমূহ

ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবিলাকৰ উপৰি ভালেকেইটা এজেন্সি বা অভিকৰণ আছে যাৰ সহায়ত বিভিন্ন ক্ষেত্ৰত কাম-কাজ চলোৱা হয়। এনে বিশেষ অভিকৰণসমূহ হৈছে:

নং চমু নাম নাম মুখ্য কাৰ্যালয় স্থাপন
FAO খাদ্য আৰু কৃষি সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ৰোম, ইটালী ১৯৪৫
IAEA আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ভিয়েনা, অষ্ট্ৰিয়া ১৯৫৭
ICAO আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  মণ্টৰিয়েল, কানাডা ১৯৪৭
IFAD আন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন নিধি ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ৰোম, ইটালী ১৯৭৭
ILO আন্তঃৰাষ্ট্ৰীয় শ্ৰম পৰিষদ ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  জেনেভা, ছুইজাৰলেণ্ড ১৯৪৬ (১৯১৯)
IMO আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  লণ্ডন, যুক্তৰাজ্য ১৯৪৮
IMF আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৪৫ (১৯৪৪)
ITU আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংগঠন ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  জেনেভা, ছুইজাৰলেণ্ড ১৯৪৭ (১৮৬৫)
UNESCO ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  পেৰিচ, ফ্ৰান্স ১৯৪৬
১০ UNIDO ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ভিয়েনা, অষ্ট্ৰিয়া ১৯৬৭
১১ UNWTO বিশ্ব পৰ্যটন সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  মাদ্ৰিদ, স্পেইন ১৯৭৪
১২ UPU বিশ্ব ডাক সংগঠন ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  বাৰ্ণ, ছুইজাৰলেণ্ড ১৯৪৭ (১৮৭৪)
১৩ WBG বিশ্ব বেংক গোট ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৪৫ (১৯৪৪)
১৪ WFP বিশ্ব খাদ্য কাৰ্যসূচী ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  ৰোম, ইটালী ১৯৬৩
১৫ WHO বিশ্ব স্বাস্থ্য সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  জেনেভা, ছুইজাৰলেণ্ড ১৯৪৮
১৬ WIPO বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  জেনেভা, ছুইজাৰলেণ্ড ১৯৭৪
১৭ WMO বিশ্ব জলবায়ু সংস্থা ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  জেনেভা, ছুইজাৰলেণ্ড ১৯৫০ (১৮৭৩)
১৮ UNICEF ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধি
(পূৰ্বতে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশুৰ বাবে থকা জৰুৰী নিধি)
ৰাষ্ট্ৰসংঘ: স্থাপন, সংগঠন, তথ্য সংগ্ৰহ  নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৪৬

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

    প্ৰতিষ্ঠনিক ৱেবছাইটসমূহ

Tags:

ৰাষ্ট্ৰসংঘ স্থাপনৰাষ্ট্ৰসংঘ সংগঠনৰাষ্ট্ৰসংঘ তথ্য সংগ্ৰহৰাষ্ট্ৰসংঘ বাহ্যিক সংযোগৰাষ্ট্ৰসংঘইংৰাজী ভাষাজাতিসংঘদ্বিতীয় বিশ্বযুদ্ধ

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনমিৰি জীয়ৰীশব্দ (অভিধান)আয়ুৰ্বেদপৰা আমলখিভাৰতহাজোগদ্যবিয়া নামঅসমৰ পৰম্পৰাগত সাজ- পাৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাজৱাহৰলাল নেহৰুঅসমীয়া ভাষা আন্দোলনসাহিত্য সমালোচনালক্ষ্মীনন্দন বৰাঅসমৰ জিলাসমূহনাৰীফ্ৰান্সৰবীন্দ্ৰনাথ ঠাকুৰৰামধেনুসুঁৱৰিপ্লেটোমোৰ জীৱন সোঁৱৰণভাৰত-আৰ্য ভাষা পৰিয়ালমহেন্দ্ৰ সিং ধোনিসূত্ৰধাৰ নৃত্যকামৰূপ জিলাধূমকেতুৰঘুনাথ চৌধাৰীমহা মৃত্যুঞ্জয় মন্দিৰপৰিসংখ্যাপৰ্যটনসাঁথৰস্বামী বিবেকানন্দসত্ৰীয়া নৃত্যটি এছ ইলিয়টজীৱনৰ বাটতঅসম সাহিত্য সভালোকসভাবহুভাষাবাদপাইথাগোৰাছৰ উপপাদ্যঢোলউৎপাদন (অৰ্থনীতি)পৰ্যাবৃত্ত তালিকাভূপেন্দ্ৰ সংগীতঅসম উপত্যকা সাহিত্য বঁটাঅসমৰ লোকগীতপ্ৰথম বিশ্বযুদ্ধঅসমীয়া পুৰণি সাহিত্যঅৰুণোদইলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমহাভৈৰৱ মন্দিৰঅৰুণাচল প্ৰদেশঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমীয়া সংস্কৃতি আৰু মুছলমানসকলফলৰ তালিকাবুৰঞ্জীপোৱামক্কাৰংঘৰয়চাইবাৰ নাৰীবাদত্ৰিভুজৰাজনৈতিক দলআন্তৰ্জাতিক নাৰী দিৱসআমেৰিকা যুক্তৰাষ্ট্ৰধ্বনিবিজ্ঞানলোকাচাৰআইৰিন পাৰ্লবিক্ৰিকেটআবুল কালাম আজাদহাঁপানিসংস্কৃত সাহিত্যঅ'ৰা (অপেশ্বৰী)🡆 More