ছ'ভিয়েট সংঘ

ছ'ভিয়েট সংঘ (ৰুছ ভাষাত: Сове́тский Сою́з, ছ'ভেতস্কিয়্‌ ছ'য়ুজ, আইপিএ: ), আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স (ৰুছ ভাষাত: Сою́з Сове́тских Социалисти́ческих Респу́блик, ছ'য়ুজ ছ'ভেটস্কিখ ছৎচিয়েলিষ্টিছেস্কিখ ৰেস্প'ব্লিক, আইপিএ:    , ছুটিকৈ ইউএছএছআৰ (ৰুছ ভাষাত: CCCP, এছএছআৰ) ১৯২২ৰপৰা ১৯৯১লৈ য়ুৰেছিয়া মহাদেশত বৰ্ত্তি থকা এখন সমাজবাদী দেশ। ই আছিল কেইবাখনো ৰাষ্ট্ৰীয় ছ'ভিয়েট গণৰাজ্যৰ সংঘ। এ ছ'ভিয়েট সংঘ এখন এক-দলীয় দেশ আছিল, আৰু ৰাজধানী মস্কোস্থিত পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা শাসিত আছিল।

ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স
Союз Советских Социалистических Республик
Soyuz Sovetskikh Sotsialisticheskikh Respublik
1922–1991
ছ'ভিয়েট সংঘ ছ'ভিয়েট সংঘ
Flag State Emblem
Motto
Пролетарии всех стран, соединяйтесь!
(Translit.: Proletarii vsekh stran, soyedinyaytes'! )
English: Workers of the world, unite!
(literally: Proletarians of all countries, unite! ) অসমীয়া: সকলো দেশৰ শ্ৰমিক এক হওক
Anthem
"দ্য ইণ্টাৰ্ণেচনেইল"
(1922–1944)

"ছ'ভিয়েট সংঘৰ ৰাজ্য সংগীত"
(1944–1991)
ছ'ভিয়েট সংঘ
Location of ছ'ভিয়েট সংঘ/ ছ'ভিয়েট ইউনিয়ন/ ইউ এছ এছ আৰ
The Soviet Union after World War II, not including aligned countries.
ৰাজধানী মস্কো
ভাষা(সমূহ) ৰুছ
ধৰ্ম None (state atheism) (see text)
চৰকাৰ Federal Marxist–Leninist one-party socialist state (until 1990)
Federal semi-presidential republic (after 1990)
General Secretary
 - 1922–1952 জ'চেফ ষ্টেলিন (first)
 - 1991 ভ্লেডিমিৰ ইভাস্ক' (last)
Head of state
 - 1922–1938 Mikhail Kalinin (first)
 - 1988–1991 Mikhail Gorbachev (last)
Head of government
 - 1922–1924 ভ্লেডিমিৰ লেনিন (first)
 - 1991 ইভান চিলায়েভ (last)
Legislature উচ্চতম চ'ভিয়েট
 - Upper house সংঘৰ ছ'ভিয়েট
 - Lower house জাতিৰ ছ'ভিয়েট
কাল আন্তৰ্যুদ্ধ কাল / দ্বিতীয় বিশ্বযুদ্ধ / শীতল যুদ্ধ
 - গঠন চুক্তি ৩০ ডিচেম্বৰ 1922
 - সংবিধান গৃহীত ৯ অক্টোবৰ ১৯৭৭
 - সংঘ ভংগ ২৬ ডিচেম্বৰ 1991
Area
 - 1991 2,24,02,200 km2 (86,49,538 sq mi)
Population
 - 1991 est. 29,30,47,571 
     Density 13.1 /km2  (33.9 /sq mi)
Currency ছ'ভিয়েট ৰুবল (руб) (SUR)
Internet TLD .su1
Calling code +7
Preceded by
Succeeded by
ছ'ভিয়েট সংঘ Russian SFSR
ছ'ভিয়েট সংঘ Transcaucasian SFSR
ছ'ভিয়েট সংঘ Ukrainian SSR
ছ'ভিয়েট সংঘ Byelorussian SSR
ছ'ভিয়েট সংঘ Bukharan People's Soviet Republic
ছ'ভিয়েট সংঘ Khorezm People's Soviet Republic
ছ'ভিয়েট সংঘ Estonia
ছ'ভিয়েট সংঘ Latvia
ছ'ভিয়েট সংঘ Lithuania
Russia ছ'ভিয়েট সংঘ
Ukraine ছ'ভিয়েট সংঘ
Belarus ছ'ভিয়েট সংঘ
Armenia ছ'ভিয়েট সংঘ
Azerbaijan ছ'ভিয়েট সংঘ
Estonia ছ'ভিয়েট সংঘ
Georgia ছ'ভিয়েট সংঘ
Kazakhstan ছ'ভিয়েট সংঘ
Kyrgyzstan ছ'ভিয়েট সংঘ
Latvia ছ'ভিয়েট সংঘ
Lithuania ছ'ভিয়েট সংঘ
Moldova ছ'ভিয়েট সংঘ
Tajikistan ছ'ভিয়েট সংঘ
Turkmenistan ছ'ভিয়েট সংঘ
Uzbekistan ছ'ভিয়েট সংঘ
বৰ্তমানৰ অৱস্থিতি ছ'ভিয়েট সংঘ ৰাছিয়া
ছ'ভিয়েট সংঘ ইউক্ৰেইন
ছ'ভিয়েট সংঘ বেলাৰুছ
ছ'ভিয়েট সংঘ আবখাজিয়া3
ছ'ভিয়েট সংঘ আৰ্মেনিয়া
ছ'ভিয়েট সংঘ আজেৰবাইজান
ছ'ভিয়েট সংঘ চীন (parts disputed)
ছ'ভিয়েট সংঘ এষ্ট’নিয়া
ছ'ভিয়েট সংঘ জৰ্জিয়া
ছ'ভিয়েট সংঘ কাজাখাস্তান
[[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান


ছ'ভিয়েট সংঘ লাটভিয়া
ছ'ভিয়েট সংঘ লিথুৱানিয়া
ছ'ভিয়েট সংঘ মলডভা
ছ'ভিয়েট সংঘ মংগোলিয়া
ছ'ভিয়েট সংঘ নাগ’ৰ্নো-কাৰাবাখ গণৰাজ্য3
ছ'ভিয়েট সংঘ দক্ষিণ অচ্ছেটিয়া3
ছ'ভিয়েট সংঘ তাজিকিস্তান
ছ'ভিয়েট সংঘ ট্ৰেন্সনিষ্ট্ৰিয়া3
ছ'ভিয়েট সংঘ তুৰ্কমেনিস্তান
ছ'ভিয়েট সংঘ উজবেকিস্তান

Notes
  1. ^ Assigned on 19 September 1990, existing onwards.
  2. ^ Constituent republics had right to declare their own official languages
  3. ^ States with limited recognition.

For details on the succession of states see below.

Warning: Value specified for "continent" does not comply

গঠন আৰু প্ৰাৰম্ভিক বছৰ কেইটা

ছ'ভিয়েট সংঘৰ সৃষ্টিৰ আঁৰত আছিল ১৯১৭ চনৰ অক্টোবৰ মাহৰ ৰুছ বিপ্লৱ, যেতিয়া ব্লাডিমিৰ লেনিন নেতৃত্বাধীন ব'লছেৱিক পাৰ্টিয়ে উত্তৰ-জাৰকালীন অস্থায়ী চৰকাৰৰ হাতৰ পৰা ক্ষমতা কুক্ষিগত কৰিলে। বিপ্লৱৰ কিছুদিন পাছতে দেশত এক গৃহযুদ্ধৰ সৃষ্টি হ’ল। অক্টোবৰ বিপ্লৱৰ সমৰ্থক আৰু বিৰোধীসকল ক্ৰমে 'লালবাহিনী' আৰু 'শ্বেতবাহিনী'ৰ ৰূপত সংগঠিত হ’ল। ১৯২২ পৰ্যন্ত লেনিন নেতৃত্বাধীন ব'লছেৱিকসকল গৃহযুদ্ধত বিজয়ী হ'ল আৰু ৰাছিয়া, ট্ৰেন্সককেচিয়া, য়ুক্ৰেন তথা বেলাৰুছিয়াৰ ছোভিয়েট গণৰাজ্যসমূহ সামৰি সমাজবাদী ছ'ভিয়েট সংঘৰ স্থাপনা কৰা হ'ল। পাৰ্টিৰ নামো এইবাৰ ব'লছেৱিক পাৰ্টিৰ সলনি কমিউনিষ্ট পাৰ্টি কৰা হ’ল। ১৯২৪ত লেনিনৰ মৃত্যুৰ পাছত কিছু বছৰ ধৰি আভ্যন্তৰীন ক্ষমতা যুদ্ধ চলিল আৰু ১৯২০ৰ দশকৰ মাজভাগ পৰ্যন্ত যোছেফ স্তালিন  ক্ষমতালৈ আহিল। ট্ৰটস্কি, কামেনেৱ, জিন'ৱিয়েৱ, বুখাৰিন প্ৰভৃতি লেনিনৰ আন অনুগামীসকলক পৰাস্ত কৰি স্তালিনে সকলো ৰাজনৈতিক ক্ষমতা নিজৰ মাজত কেন্দ্ৰীভূত কৰিলে। তেও এক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত কমাণ্ড অৰ্থনীতিৰো সূচনা কৰিলে। কৃষকসকলক বিভিন্ন সমষ্টিৰ ৰূপত সংগঠিত কৰা হ’ল আৰু সমষ্টিবিলাকৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ সাব্যস্ত কৰা হ’ল। কৃষকৰ অতিৰিক্ত খাদ্যশস্য আন্তৰ্জাতিক বজাৰত বিক্ৰী কৰি স্তালিনে দেশখনত এক ব্যাপক তথা তীব্ৰবেগী ঔদ্যোগীকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰিলে। ইয়েই পাছলৈ ছ'ভিয়েট সংঘক এক বিশ্বশক্তি হিচাপে পৰিগণিত কৰাত সহায় কৰিলে। এই সমগ্ৰ সময়ছোৱাত বিভিন্ন বিৰোধী শক্তিসমূহৰ দমনো অব্যাহত থাকিল। বিশেষকৈ ১৯৩৬-৩৮ সময়ছোৱাত শত্ৰু দেশৰ এজেণ্ট বুলি সন্দেহ কৰি দেশৰ অগণন সামৰিক নেতা, কমিউনিষ্ট পাৰ্টিৰ আন আন সদস্য তথা সাধাৰণ লোকক গ্ৰেপ্তাৰ কৰি শ্ৰম শিৱিৰলৈ নিক্ষেপ কৰা হ’ল তথা বহুতকে মৃত্যুদণ্ডও বিহা হ’ল।

দ্বিতীয় বিশ্বযুদ্ধ আৰু শীতল যুদ্ধৰ আৰম্ভণি

দ্বিতীয় বিশ্ব যুদ্ধৰ ঠিক কিছু সময় পূৰ্বে ছ'ভিয়েট সংঘই নাজী জাৰ্মানীৰ সৈতে অনা-আক্ৰমণ চুক্তি স্বাক্ষৰ কৰিলে। দুয়োখন দেশে ১৯৩৯ত  প'লেণ্ড দখল কৰিলে। জুন ১৯৪১ত 'অপাৰেছন বাৰ্বাৰুছা'ৰ অধীনত জাৰ্মানসকলে ছ'ভিয়েট সংঘ আক্ৰমণ কৰিলে। যুদ্ধৰ প্ৰথম পৰ্যায়ত ছ'ভিয়েট সংঘৰ বৃহত ক্ষতি হ'ল, কিন্তু লাহে লাহে লালসেনাই নাজীবাহিনীক প্ৰত্যাহবান জনাবলৈ ধৰিলে। স্তালিনগ্ৰাডৰ যুদ্ধত লালসেনাই জাৰ্মানসেনাক সম্পূৰ্ণভাৱে পৰাস্ত কৰিলে। অৱশেষত ১৯৪৫ত ছ'ভিয়েট সংঘই বাৰ্লিন দখল কৰিলে। লাল সেনাই দখল কৰা অঞ্চল সমূহ পাছলৈ ইষ্টাৰ্ণ ব্লকৰ ছেটেলাইট ৰাজ্যলৈ পৰিণত হ'ল। ১৯৪৭ মানৰে পৰা শীতল যুদ্ধৰ আৰম্ভণি ঘটিল। ছ'ভিয়েট সংঘৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেচন বা চমুকৈ 'নাটো' গঠন কৰিলে ১৯৪৯ত।

স্তালিনৰ মৃত্যুৰ পাছত

১৯৫৩ত স্তালিনৰ মৃত্যুৰ পাছত নতুন ৰাষ্ট্ৰনেতা খ্ৰুচ্ছেৱৰ নেতৃত্বত উদাৰীকৰণৰ এক প্ৰচেষ্টা দেখা পোৱা গ'ল, যাক 'ডি-স্তালিনাইজেচন' আৰু 'খ্ৰুচেভছ প্ৰচেষ্টা' বোলা হয়। দেশৰ দ্ৰুত বিকাশ ঘটিল, কেইবা নিযুত কৃষকক ঔদ্যোগীকৃত নগৰলৈ স্থানান্তৰিত কৰা হ'ল। মহাকাশ দৌৰত এক আগতীয়া অগ্ৰগতি লভি ছ'ভিয়েট সংঘই প্ৰথম উপগ্ৰহ স্থাপন কৰিলে, মহাকাশত  প্ৰথম মানুহ প্ৰেৰণ কৰিলে। ১৯৭০ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰে সম্পৰ্ক কিছু ভাললৈ আহিছিল যদিও ১৯৭৯ত আফগানিস্তানত সেনা প্ৰেৰণ কৰাত সম্পৰ্ক পুনৰ বেয়া হ'ল। যুদ্ধত অৰ্থনৈতিক সম্পদৰ ক্ষতি হৈছিল আৰু আমেৰিকাই মুজাহিদীন যুঁজাৰুসকলক সহায় কৰাৰ পাছত ই অধিক বৃদ্ধি পালে।

সংঘ ভংগ

১৯৮০ৰ দশকৰ মাজ ভাগত অন্তিম ছ'ভিয়েট নেতা মিখাইল গৰ্বাছেৱে অৰ্থনীতিক অধিক সংস্কাৰ কৰিব বিচাৰিলে নিজৰ গ্লাচন'ষ্ট আৰু পেৰেষ্ট্ৰইকাৰ জৰিয়তে। উদ্দেশ্য আছিল অৰ্থনৈতিক অনগ্ৰসৰতাৰ অৱসান ঘটোৱা। তেওৰ কাৰ্যকালতে শীতল যুদ্ধৰো অৱসান ঘটিল আৰু পূব ইউৰোপৰ ছেটেলাইট দেশসমূহত কমিউনিষ্ট চৰকাৰসমূহে ক্ষমতা হেৰুৱালে। ইউএছএছআৰৰ ভিতৰতো কেইবাটাও জাতীয়তাবাদী আৰু বিচ্ছিন্নতাবাদী আন্দোলন গঢ় লৈ উঠিল। কেন্দ্ৰীয় প্ৰশাসনে বেল্টিক গণৰাজ্যবিলাক, আৰ্মেনিয়া, জৰ্জিয়া আৰু মলড'ভাৰ দ্বাৰা অসমৰ্থিত এক ৰেফাৰেণ্ডাম অনুষ্ঠিত কৰিলে, য'ত প্ৰায়সংখ্যক অংশগ্ৰহণকাৰী নাগৰিকে সংঘক এক পুনৰ্নৱীকৃত ফেডাৰেচন হিচাপে ৰখাৰ পক্ষত মতদান কৰিলে। আগষ্ট ১৯৯১ত কমিউনিষ্ট পাৰ্টিৰ ৰক্ষণশীল অংশটোৱে এক অভ্যুত্থানৰ চেষ্টা কৰিলে। ৰাছিয়ান ৰাষ্ট্ৰপতি বৰিছ য়েল্টচিনৰ প্ৰচেষ্টাত ই বিফল হ'ল আৰু কমিউনিষ্ট পাৰ্টি নিষিদ্ধ ঘোষিত হ'ল। ২৫ ডিচেম্বৰ ১৯৯১ত গৰ্বাচেৱে পদত্যাগ কৰিলে আৰু ছ'ভিয়েট সংঘ ভংগ হোৱাৰ পাছত ১২খন গঠনকাৰী গণৰাজ্য আইন হ'ল। ৰাছিয়ান ফেডাৰেচনে (পূৰ্বতে ৰাছিয়ান এছএছআৰ)  ছ'ভিয়েট সংঘৰ উত্তৰাধিকাৰ আৰু দায়িত্ব গ্ৰহণ কৰি ছ'ভিয়েট সংঘৰ মুখ্য আইনী উত্তৰসূৰী হিচাপে পৰিগণিত হ'ল।

তথ্যসূত্ৰ

Tags:

ছ'ভিয়েট সংঘ গঠন আৰু প্ৰাৰম্ভিক বছৰ কেইটাছ'ভিয়েট সংঘ দ্বিতীয় বিশ্বযুদ্ধ আৰু শীতল যুদ্ধৰ আৰম্ভণিছ'ভিয়েট সংঘ স্তালিনৰ মৃত্যুৰ পাছতছ'ভিয়েট সংঘ সংঘ ভংগছ'ভিয়েট সংঘ তথ্যসূত্ৰছ'ভিয়েট সংঘ

🔥 Trending searches on Wiki অসমীয়া:

স্বাস্থ্যআৱাহন (আলোচনী)ৰামধেনুঅসমৰ ৰাজ্যিক প্ৰতীকসমূহহস্তমৈথুনম’বাইল ফোনঅগ্ন্যাশয়পৰ্যাবৃত্ত তালিকাঅসমীয়া গদ্য-সাহিত্যৰ গতি-পথকুকুৰা যুঁজআইনামচাইবাৰ নাৰীবাদশিৱসাগৰৰ শিৱদৌলএচিদ বৰষুণভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানহাড়অসমীয়া শিশু আলোচনীসমূহৰ তালিকাডালিমীনগাজৰী-খনিকৰগাঁৱৰ শিলালিপিশব্দ প্ৰদূষণভাৰতৰ ইতিহাসমোৰো এটা সপোন আছেস্তনমাঘ বিহুফ্ৰান্সঅসম বিধানসভাবাংলাদেশভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰাজহুৱা ক্ষেত্ৰয়ুৰি গেগেৰিনবিজ্ঞাপনসাঁচিপাতচ'তজয়মতী (২০০৬ চলচ্চিত্ৰ)কীৰ্তন-ঘোষাভটা-গুটিসংস্কৃতিশ্ৰীকৃষ্ণকীৰ্তনপুৰন্দৰ সিংহৰাজ্যসভাঢ়যোগাসনতৎসমগণেশ গগৈৰজনীকান্ত বৰদলৈৰাভা জনগোষ্ঠীনৱকান্ত বৰুৱাহেমকোষমোৰ জীৱন সোঁৱৰণৰামমোহন ৰায়ৰছী টনা খেলঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তভাষাবিজ্ঞানশব্দ (অভিধান)অসমীয়া গীতি সাহিত্যশিৱসাগৰ জিলাকোষ (জীৱবিজ্ঞান)চ'জুনগৌতম বুদ্ধইছলামভূমিকম্পকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅনন্ত কন্দলিধ্বনিবিজ্ঞানকুঁহিয়াৰগণেশদ্বিতীয় বিশ্বযুদ্ধডিম্পু বৰুৱাকম্পিউটাৰউৎপাদন (অৰ্থনীতি)অসমৰ মাছ ধৰা সঁজুলিতামজাৰাতিব্বতইজৰাইলৰ নাৰীআনিছ উজ্ জামানপ্ৰব্ৰজন🡆 More