ৱিকিমিডিয়া কমন্স

ৱিকিমিডিয়া কমন্স বা ৱিকিকমন্স (ইংৰাজী: Wiki Commons বা চমুকৈ Commons) নামেৰেও পৰিচিত। কমন্স এটা চিত্ৰ, শব্দ বা সংগীত আৰু অন্যান্য মাল্টিমিডিয়া ফাইলৰ এটা উন্মুক্ত ভঁৰাল। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ৱিকিপিডিয়াৰ দৰেই আৰু এটা প্ৰকল্প, কিন্তু ই ৱিকিপিডিয়াৰ লগতে আনবোৰ সহযোগী প্ৰকল্প যেনে ৱিকি বুকছ, ৱিকি চৰ্ছ, ৱিকি নিউজ আদিৰ ৱিকিপ্ৰকল্পৰ অন্তৰ্গত সকলো ভাষাৰ সম্পদ ভঁৰাল হিচাপে কাম কৰে।

ৱিকিমিডিয়া কমন্স
Wiki Commons
ৱিকিমিডিয়া কমন্সৰ প্ৰতীক soft2i
ইউ আৰ এল commons.wikimedia.org
বাণিজ্যক No
প্ৰকাৰ Media repository
পঞ্জীয়ন ঐচ্ছিক (কিন্তু ফাইল আপলোড কৰিবৰ বাবে প্ৰয়োজনীয়)
ভাষা es-us
বিষয়বস্তু অনুজ্ঞাপত্ৰ মুক্ত
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা ৱিকিমিডিয়া সম্প্ৰদায়
মুকলি ৭ ছেপ্তেম্বৰ, ২০০৪
এলেক্সা স্থান decrease 175 (September 2012)
বৰ্তমান স্থিতি সক্ৰিয়
ৱিকিমিডিয়া কমন্স
ৱিকিমিডিয়াৰ প্ৰতীক মচাইক

এই ভঁৰালত ২ কোটি ৭০ লাখতকৈও অধিক মিডিয়া ফাইল আছে। ২০১৩ চনৰ জুলাইৰ তথ্য অনুসৰি কমন্সত সেই সময়লৈকে হোৱা সম্পাদনাৰ সংখ্যা ১০০,০০০,০০০।

ইতিহাস

এই প্ৰকল্পটো ২০০৪ চনৰ মাৰ্চ মাহত এৰিক মল্লাৰ (Erik Möller) ’য়ে উত্থাপন কৰিছিল আৰু ২০০৪ চনৰ ৭ ছেপ্তেম্বৰত মুক্তিলাভ কৰিছিল। এই প্ৰকল্পটো খোলাৰ আগলৈকে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত সকলো প্ৰকল্প আৰু ভাষাত এখন চিত্ৰকে বাৰম্বাৰ আপল’ড কৰাৰ প্ৰয়োজন হৈছিল। এই প্ৰকল্প খোলাৰ পাছত এনেদৰে চাৰ্ভাৰত পৰা অতিৰিক্ত চাপসমূহ আঁতৰি যায়।


নীতিসমূহ

অধিকাংশ ৱিকিমিডিয়া প্ৰকল্প‍ই বৰ্তমানেও স্থানীয় আপল’ড প্ৰক্ৰিয়া চলাই আছে যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যানৰ অন্যান্য প্ৰকল্প বা ভাষাত ব্যৱহাৰ কৰিব নোৱাৰি। কমন্সৰ কপিৰাইট নীতি অনুসৰি, ভাল ব্যৱহাৰৰ বাবে আপল’ড কৰা সমলসমূহকো ৱিকিমিডিয়া কমন্সত অ-মুক্ত অনুজ্ঞাপত্ৰৰ (non-free licenses)ৰ অধীনত আপল’ড কৰা নিয়ম নাই, তেনেধৰণৰ আপল’ড কৰাৰ বাবে স্থানীয় ৱিকিয়েই একমাত্ৰ আধাৰ। কমন্সত আপল’ড কৰা ফাইলসমূহ মুক্ত (free content) হোৱাটো বাঞ্ছনীয়। কমন্সত ব্যৱহৃত সাধাৰণ অনুজ্ঞাপত্ৰসমূহ হৈছে জিএফডিএল (ইংৰাজী: GFDL-GNU Free Documentation License) অথবা ক্ৰিয়েটিভ কমন্সৰ (ইংৰাজী: Creative Commons) অনুজ্ঞাপত্ৰ, অন্যান্য অনুজ্ঞাপত্ৰ সমূহ হৈছে মুক্ত সমল আৰু মুক্ত ছফ্টৱেৰ (free content and free software licenses) সমন্বিতে "পাব্লিক ডমেইন" (ইংৰাজী: Public domain)।

কমন্সৰ সততে ব্যৱহৃত (default) ভাষা হৈছে ইংৰাজী, কিন্তু পঞ্জীভুক্ত সদস্যসকলে তেওঁলোকৰ পছন্দ অনুসৰি কিছুমান পৃষ্ঠা অনুবাদ কৰিব পাৰে, যেনে: নীতি নিৰ্দেশনা পৃষ্ঠা আৰু চ’ৰা। ইয়াৰ উপৰিও মিডিয়া ফাইলসমূহত নিজৰ ভাষাত ফাইলৰ বিৱৰণ দিবও পাৰে।


মানদণ্ড

ছাইটটোত উন্নত মানৰ কাম বাচি উলিয়াবৰ বাবে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়। ইয়াৰে এটা "নিৰ্বাচিত ছবি", য’ত ছবিসমূহ সেই ছাইটৰ পঞ্জীভুক্ত সদস্যসকলে ভোটদান পৰ্বযোগে চিত্ৰ বাছনি কৰিব পাৰে। এই পদ্ধতিতো নৱেম্বৰ, ২০০৪ চনৰ পৰা আৰম্ভ কৰা হয়। আন প্ৰক্ৰিয়া দুটা হ’ল "উন্নত চিত্ৰসমূহ" আৰু আনটো "অমূল্য চিত্ৰসমূহ"।

এই ছাইটে বছৰটোৰ নিৰ্বাচিত চিত্ৰ প্ৰতিযোগিতা ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নিয়মিত ভাৱে অনুষ্ঠিত কৰি আহিছে য’ত সদস্যৰ ভোটদানৰ যোগেদিয়েই চিত্ৰ নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মিডিয়াসমূহ:

  1. ২০০৬,
  2. ২০০৭,
  3. ২০০৮,
  4. ২০০৯,
  5. ২০১০ আৰু
  6. ২০১১.

কেইখনমান উল্লেখনীয় চিত্ৰ

ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ
ৱিকিমিডিয়া কমন্স 
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৬
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৬  
ৱিকিমিডিয়া কমন্স 
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৭
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৭  
ৱিকিমিডিয়া কমন্স 
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৮
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৮  
ৱিকিমিডিয়া কমন্স 
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৯
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০০৯  
ৱিকিমিডিয়া কমন্স 
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০১০
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০১০  
ৱিকিমিডিয়া কমন্স 
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০১১
ৱিকিমিডিয়া কমন্সৰ বছৰটোৰ নিৰ্বাচিত চিত্ৰ, ২০১১  

খতিয়ানসমূহ

ৱিকিমিডিয়া কমন্স 
২০০৪ চনৰ পৰা ২০১২ লৈ ৱিকিমিডিয়া কমন্সৰ বিকাশৰ গ্ৰাফ
  • নৱেম্বৰ ৩০, ২০০৬, ১ মিলিয়ন মিডিয়া ফাইল
  • অক্টোবৰ ৯, ২০০৭, ২ মিলিয়ন মিডিয়া ফাইল
  • জুলাই ১৬, ২০০৮, ৩ মিলিয়ন মিডিয়া ফাইল
  • মাৰ্চ ৪, ২০০৯, ৪ মিলিয়ন মিডিয়া ফাইল.
  • ছেপ্তেম্বৰ ২, ২০০৯, ৫ মিলিয়ন মিডিয়া ফাইল
  • জানুৱাৰী ২৭, ২০১০, ১ মিলিয়ন পঞ্জীভুক্ত সদস্য আৰু ৮ মিলিয়ন পৃষ্ঠা
  • জানুৱাৰী ৩১, ২০১০, ৬ মিলিয়ন মিডিয়া ফাইল
  • জুলাই ১৭, ২০১০, ৭ মিলিয়ন মিডিয়া ফাইল
  • জানুৱাৰী ১, ২০১১, ৮ মিলিয়ন মিডিয়া ফাইল
  • ফেব্ৰুৱাৰী ২৩, ২০১১, ৯ মিলিয়ন মিডিয়া ফাইল
  • এপ্ৰিল ১৫, ২০১১, ১০ মিলিয়ন মিডিয়া ফাইল
  • ছেপ্তেম্বৰ ২১, ২০১১, ১১ মিলিয়ন মিডিয়া ফাইল
  • জানুৱাৰী ১৩, ২০১২, ১২ মিলিয়ন মিডিয়া ফাইল
  • জুন ৪, ২০১২, ১৩ মিলিয়ন মিডিয়া ফাইল
  • ছেপ্তেম্বৰ ২৩, ২০১২, ১৪ মিলিয়ন মিডিয়া ফাইল




তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ৱিকিমিডিয়া কমন্স ইতিহাসৱিকিমিডিয়া কমন্স নীতিসমূহৱিকিমিডিয়া কমন্স মানদণ্ডৱিকিমিডিয়া কমন্স কেইখনমান উল্লেখনীয় চিত্ৰৱিকিমিডিয়া কমন্স খতিয়ানসমূহৱিকিমিডিয়া কমন্স তথ্য সংগ্ৰহৱিকিমিডিয়া কমন্স বাহ্যিক সংযোগৱিকিমিডিয়া কমন্সWikibooksWikinewsWikisourceইংৰাজী ভাষাৱিকিপিডিয়াৱিকিমিডিয়া ফাউণ্ডেশ্যন

🔥 Trending searches on Wiki অসমীয়া:

ভাওনাচৰ্যাপদকৃষ্ণবসন্ত ঋতুমোহনদাস কৰমচান্দ গান্ধীজয়সাগৰ পুখুৰীগঙ্গা নদীপালি ভাষানাটকউপনিষদহৰিদেৱঅসমৰ চলচ্চিত্ৰচুটিগল্পবিত্তীয় ব্যৱস্থাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰডিমাছা জনগোষ্ঠীঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহসত্যনাথ বৰাডি এন এব্যক্তিত্বটকা (বাদ্য)স্বাভাৱিক সংখ্যাহীৰেন গোহাঁইআলুৰংমিলিৰ হাঁহিদিহানামমৃত্যুঞ্জয়বচন (ব্যাকৰণ)ভাস্কৰাব্দজ্ঞানপীঠ বঁটাবাঁহী (আলোচনী)শকুন্তলা (চলচ্চিত্ৰ)ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ভাৰতৰ নিৰ্বাচন আয়োগভট্টদেৱৰ গদ্যশৈলীযোগাসনসিংহপাৰিজাত হৰণ নাটবেক্টেৰিয়াসীতানেপোলিয়ন বোনাপাৰ্টদৰ্শনদিনকুচিয়া মাছদ্বীপেন বৰুৱাযোৰহাটভূপেন হাজৰিকাঅশোক চক্ৰপৰিয়ালশিক্ষাৰ অধিকাৰম’বাইল ফোনপূৰবী বৰমুদৈসংস্কৃতিপদ্মনাথ গোহাঞি বৰুৱাকৃষিশকুন্তলাজল প্ৰদূষণমহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, ২০০৫কলিতা জনগোষ্ঠীভাৰতীয় ভাষাঅসমত দেখা পোৱা মাছৰ তালিকাৰামমোহন ৰায়সেউজ গৃহ প্ৰভাৱডুবাইমানস ৰাষ্ট্ৰীয় উদ্যানসত্ৰীয়া নৃত্যবলবৰাক উপত্যকাজুৰী বৰা বৰগোহাঞিমিচিং জনগোষ্ঠীৰ সাজপাৰৰম্বাছহোৱাৎছএপটিকেন্দ্ৰজিৎঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা🡆 More